জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কাজিৰঙাত আৰম্ভ কৰা হ’ল 'স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং ছিষ্টেম'

এই উদ্যোগৰ লক্ষ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বহনক্ষম পৰ্যটন ব্যৱস্থাক উদগনি যোগোৱা

পোষ্ট কৰা হৈছে: 23 FEB 2024 5:41PM by PIB Guwahati

২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ কাজিৰঙাত   উত্তৰ-পূৰ্বাঞ্চলত  প্ৰথমবাৰৰ বাবে 'স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং ছিষ্টেম'ৰ শুভাৰম্ভ কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰ  আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ লগতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলক  সেৱা আগবঢ়াই অহা  ৰিজৰ্ট আৰু হোমষ্টেৰ স্বত্বাধিকাৰসকলৰ  উপস্থিতিত জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনী মহাজনে এই  বিশেষ পদ্ধতি  উদ্বোধন কৰে। এই ৰেটিং প্ৰণালীৰ অংশ হিচাপে পৰ্যটন খণ্ডত সুৰক্ষিত অনাময় পদ্ধতি গ্ৰহণ কৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  ভিতৰত বহনক্ষম পৰ্যটন পদ্ধতিৰ প্ৰচাৰত ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ সন্দৰ্ভতো এক মত-বিনিময়  আৰু সজাগতা বিষয়ক  কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

মত-বিনিময় অনুষ্ঠানত  জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ সচিবগৰাকীয়ে  মল-মূত্ৰৰ ব্যৱস্থাপনা, গোটা আৱৰ্জনা  আৰু বৰ্জনীয় পানীৰ ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে  মানুহৰ  মাজত সজাগতা সৃষ্টিৰ  প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। কিছু সংখ্যক  হোটেলৰ মালিকে আৱৰ্জনা নিয়ন্ত্ৰণত তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ  কৰিবলৈ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে । তেনে প্ৰশ্নৰ  উত্তৰত জিলা প্ৰশাসনে বিভিন্ন প্ৰকাৰৰ কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বাবে  বোকাখাত পৌৰ সভাৰ  অধীনত সামগ্ৰী পুনৰুদ্ধাৰ সুবিধা(মেটেৰিয়েল ৰিক’ভাৰী ফেচিলিটি)ৰ  বাবে থকা আন্তঃগাঁথনি  আৰু আৱৰ্জনা সংগ্ৰহ বাহনৰ জৰিয়তে ৰিজৰ্ট তথা হোটেলৰ পৰা কঠিন আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থাৰ  বিষয়ে সমবেত লোকসকলক অৱগত কৰে।

                                                                      

বৈঠকত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা  জল জীৱন মিছন,অসমৰ পৰিচালনা সঞ্চালক ,  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত তথা  অসমত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ মিছন সঞ্চালকো উপস্থিত থাকে; জিলা আয়ুক্ত, গোলাঘাট, জিলা আয়ুক্ত, নগাঁওৰ লগতে ৰাজ্যিক তথা  স্থানীয় জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

 'স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং ছিষ্টেম'ৰ বিষয়ে

জল শক্তি মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ২০২৩  চনৰ ১৪  ডিচেম্বৰত যুটীয়াভাৱে ' 'স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং ছিষ্টেম' আৰম্ভ কৰা হৈছিল। এই ৰেটিং প্ৰণালীৰ অধীনত হোটেল, ৰিজৰ্ট আৰু হোমষ্টেবোৰে তেওঁলোকৰ  বাবে উপলব্ধ অনাময় সম্পৰ্কীয় আন্তঃগাঁথনিৰ স্ব-মূল্যায়ন কৰিব আৰু সেইবোৰৰ ৰেটিং  স্থানীয় প্ৰশাসনৰ ওচৰত দাখিল কৰিব। জিলা প্ৰশাসনে তেতিয়া সেই তথ্যসমূহ  পৰীক্ষা কৰিব আৰু তেওঁলোকে লাভ  কৰা নম্বৰৰ ভিত্তিত  সংশ্লিষ্ট  হোটেল আৰু ৰিজৰ্টৰ মালিকসকলক ১, ৩ আৰু ৫ গ্ৰীণ লিফ ৰেটিং প্ৰদান কৰিব ।

******


(ৰিলিজ আই ডি : 2008536) অতিথি কক্ষ : 45
ত এই ৰিলিজটো পঢ়ক: English