বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বিত্তীয় বৰ্ষ ২৪-২৫ আৰু ২৫-২৬ ৰ বাবে ৰবৰ খণ্ডলৈ আগবঢ়োৱা বিত্তীয় সাহায্য ২৩% বৃদ্ধিৰে ৭০৮.৬৯ কোটি টকা ধাৰ্য কৰা হৈছে

ৰবৰ খেতিয়কসকলৰ সৱলীকৰণৰ বাবে অহা ২টা বছৰত ২৫০ খন ‘ৰবৰ উৎপাদক সমিতি’ গঠন কৰা হ'ব

‘ৰবৰ বোৰ্ড’-য়ে ‘এপ্’, ‘ড্ৰোন’ৰ জৰিয়তে তাৎক্ষণিক সেৱা প্ৰদান কৰি ‘ডিজিটাইজেশ্যন’-ৰ প্ৰক্ৰিয়া তীব্ৰ কৰি তুলিব

‘এমএছএমই’সমূহক উত্সাহিত কৰিব পৰাকৈ উত্তৰ-পূবত তিনিটা ‘নোডেল ৰবৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান’ গঠন কৰা হ'ব

Posted On: 19 FEB 2024 5:37PM by PIB Guwahati

'প্ৰাকৃতিক ৰবৰ খণ্ডৰ বহনক্ষম আৰু সামগ্ৰিক বিকাশ'ৰ অধীনত ৰবৰ খণ্ডলৈ আগন্তুক ২টা বিত্তীয় বৰ্ষ (২০২৪-২৫ আৰু ২০২৫-২৬)ৰ বাবে বিত্তীয় সাহায্য ৫৭৬.৪১কোটি টকাৰ পৰা ২৩% বৃদ্ধি কৰি ৭০৮.৬৯ কোটি টকা কৰা হৈছে।

ৰবৰ উদ্যোগক সমৰ্থন কৰিবলৈ ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত পৰম্পৰাগত এলেকাসমূহত ৪৩.৫০ কোটি টকা ব্যয়ৰে ১২,০০০ হেক্টৰ এলেকাত ৰবৰগছ ৰোপণ কৰা হ'ব। ইয়াৰ বাবে সহায়ৰ হাৰ আগৰ ২৫,০০০ টকা প্ৰতি হেক্টৰৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ই উৎপাদনৰ বৰ্ধিত ব্যয় সামৰি লোৱাত সহায় কৰাৰ লগতে ৰবৰগছ ৰোপণৰ বাবে উৎপাদকসকলক অতিৰিক্ত উদগনি প্ৰদান কৰাত সহায় কৰিব। একে সময়তে ১৮.৭৬ কোটি টকা ব্যয়ৰে অ-পৰম্পৰাগত অঞ্চলসমূহত ৩৭৫২ হেক্টৰ এলেকা ৰবৰ খেতিৰ অধীনলৈ অনা হ'ব।

‘ৰবৰ বোৰ্ড’-য়ে প্ৰতি হেক্টৰত ৫০,০০০ টকাৰ ৰোপণ সামগ্ৰী যোগান ধৰিব। এই পুঁজি ‘উত্তৰ-পূৰ্বাঞ্চলৰ ইনৰোড প্ৰকল্প’ৰ অধীনত চলি থকা ৰবৰৰোপণৰ অতিৰিক্তভাবে আগবঢ়োৱা হ’ব। অ-পৰম্পৰাগত অঞ্চলসমূহত অনুসূচিত জাতিৰ খেতিয়কসকলৰ বাবে প্ৰতি হেক্টৰত ২,০০,০০০ টকাৰ ৰোপণ সাহায্য প্ৰদান কৰা হ'ব।

উন্নত মানৰ ৰোপণ সামগ্ৰী (নতুন প্ৰকোষ্ঠ) নিৰ্মাণৰ বাবে অ-পৰম্পৰাগত এলেকাসমূহত ‘বোৰ্ড’য়ে  পৃষ্ঠপোষকতা আগবঢ়োৱা ‘নাৰ্চাৰী’সমূহক উত্সাহিত কৰা হ'ব। এনে ধৰণৰ ২০খন ‘নাৰ্চাৰী’লৈ ২,৫০,০০০ টকাকৈ সহায্য আগবঢ়োৱা হ'ব।

চৰকাৰে উৎপাদিত ৰবৰৰ উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে কেবাটাও ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰি আছে। ইয়াৰ বাবে, ৬৭,০০০ (পৰম্পৰাগতভাৱে ৬০,০০০, অ-পৰম্পৰাগত ৫০০০ আৰু উত্তৰ-পূবত ২০০০)হেক্টৰ এলেকাত বৰষুণৰ পৰা সুৰক্ষা আৰু ২২,০০০ হেক্টৰত উদ্ভিদৰ সুৰক্ষা (স্প্ৰে) ২২,০০০ (পৰম্পৰাগতত ২০,০০০ আৰু অ-পৰম্পৰাগতত ২০০০)হেক্টৰত সহযোগিতা আগবঢ়োৱা হ'ব। অহা দুবছৰত ইয়াৰ বাবে ৩৫.৬০ কোটি টকা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

তদুপৰি, আঁচনিখনে ৰবৰ খেতিয়কসকলৰ সৱলীকৰণৰ বাবে ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলৰ মঞ্চ, যেনে  ‘ৰবৰ উৎপাদক সমিতি’ (আৰপিএছ) আদিক উত্সাহিত কৰি আহিছে। আগন্তুক দুটাবছৰত প্ৰায় ২৫০খন নতুন ‘আৰপিএছ’ গঠনৰ বাবে সহায় আগবঢ়োৱা হ'ব। সাহায্যৰ পৰিমাণ ৩০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ই কৃষক শিক্ষা, আলোচনাচক্ৰ, গোট সভা, সামৰ্থ্য বৰ্দ্ধন কাৰ্যকলাপ, ‘এক্সপোজাৰ ভিজিট’, ‘মডেল ফাৰ্ম’ আৰু অন্যান্য কাৰ্যকলাপত অংশীদাৰসকলক সামগ্ৰিকভাবে লাভান্বিত কৰাত সহায় কৰিব। অ-পৰম্পৰাগত এলেকা আৰু উত্তৰ-পূৰ্বাঞ্চলত আন ১৪৫০টা কৃষক গোট গঠনত সহায় আগবঢ়োৱা হ'ব। ‘ৰবৰ উৎপাদক সমিতি’সমূহত ৰবৰ খেতিয়কসকলক একত্ৰিত কৰিলে উৎপাদকসকলে উৎপাদিত ৰবৰৰ মূল্যৰ হাৰ উন্নত কৰাত সহায়ক হ’ব।

 

 ‘লেটেক্স সংগ্ৰহ’ আৰু ‘ডিআৰচি পৰীক্ষা সঁজুলি’ৰ বাবে ৫৫খন ‘আৰপিএছ’লৈ খনে প্ৰতি ৪০,০০০ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হ'ব। ফাৰ্ম যান্ত্ৰিকীকৰণৰ বাবে, স্প্ৰেয়াৰ/ডাষ্টাৰ ক্ৰয় কৰাৰ বাবে ‘আৰপিএছ’সমূহলৈ সহযোগিতা আগবঢ়োৱা হ'ব। ১৮০খন ‘আৰপিএছ’ক ৩০,০০০ টকালৈকে সহযোগিতা প্ৰদান কৰা হ'ব। ‘ৰবৰ শ্বীট’ৰ মান আৰু মানককৰণ নিশ্চিত কৰিবলৈ, ‘গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ’ (জিপিচি) স্থাপনক উত্সাহিত কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চল আৰু অ-পৰম্পৰাগত অঞ্চলসমূহত ১৮টা ‘জিপিচি’ নিৰ্মাণত সহায় কৰা হ'ব।

 

পৰম্পৰাগত অঞ্চলসমূহত ১০টা ‘জিপিচি’ নিৰ্মাণত সহায় কৰা হ'ব। ‘টানেল স্মোক হাউছ’ স্থাপন, চুল্লিৰ নৱীকৰণ, ‘শ্বীটিং বেটাৰী’ সলনি কৰা, জৈৱ গেছ প্ৰকল্পৰ আমূল পৰিৱৰ্তন, ‘ট্ৰলী ৰেক’ ক্ৰয়, ‘প্ৰেচাৰ ৱাছাৰ’, ‘টেট্ৰা পেন’ আৰু ‘ছ’লাৰ ড্ৰিপিং ফেচিলিটী’ৰ জৰিয়তে বৰ্তমানে থকা ‘জিপিচি’বোৰৰ আধুনিকীকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। ৭৭টা ‘জিপিচি’ (পৰম্পৰাগত এলেকাত ৫০টা, অ-পৰম্পৰাগত এলেকাত ২টা আৰু উত্তৰ-পূৰ্বাঞ্চলত ২৫)ক সহায় আগবঢ়োৱা হ'ব। অতিৰিক্ত ‘স্মোক হাউছ’ স্থাপন আৰু ‘গোট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ’ৰ বাবে আৱৰ্জনা নিষ্কাষণ  প্ৰণালী স্থাপনৰ বাবে সহযোগিতা আগবঢ়োৱা হ'ব। ৭৯টা ‘জিপিচি’ৰ বাবে সমৰ্থন প্ৰদান কৰা হ'ব (অতিৰিক্ত ‘স্মোক হাউছ’ ৩৭টা। আৰু ‘আৱৰ্জনা নিষ্কাষণ’ ৪২টা)।

 

ৰবৰ গৱেষণাৰ বাবে আগন্তুক দুবছৰৰ বাবে ২৯.০০ কোটি টকাকৈ পুঁজিৰ আৱণ্টন দিয়া হৈছে। ইয়াৰ লক্ষ্য হ'ব দেশৰ বিভিন্ন কৃষি-জলবায়ু অঞ্চলৰ বাবে উপযুক্ত ‘ৰবৰ ক্ল’ন’ বিকশিত কৰা যাতে দেশৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নতুন অঞ্চললৈ ৰবৰ খেতি সম্প্ৰসাৰিত কৰিব পৰা যায়। ইয়াত প্ৰতি বছৰে শ শ হাইব্ৰিড পুলিৰ বিকাশ, উৎপাদনশীলতা আৰু ৰোগ সহনশীলতা মূল্যাঙ্কন কৰিবলৈ জাৰ্মপ্লাজম, উদ্ভিদ প্ৰজনন আৰু বিস্তৃত বহু-অৱস্থানক্ষেত্ৰ পৰীক্ষণ আদি অন্তৰ্ভুক্ত থাকিব।

 

ৰবৰ খেতিয়কসকললৈ উন্নত সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ‘ৰবৰ বোৰ্ড’-য়ে ইয়াৰ ‘ডিজিটাইজেশ্যন’ প্ৰচেষ্টা তীব্ৰতৰ কৰিব আৰু ইয়াৰ ম'বাইল আধাৰিত ‘এপ’ৰ জৰিয়তে দ্ৰুত আৰু তাৎক্ষণিক সেৱা প্ৰদান কৰিব আৰু ‘জিঅ'-টেগিং’ আদিৰ বাবে ‘ড্ৰোন’ ব্যৱহাৰ কৰিব। ‘ৰবৰ বোৰ্ড’ৰ ‘সামগ্ৰিক ডিজিটাইজেশ্যন’ৰ বাবে ৮.৯১ কোটি টকা প্ৰদান কৰা হৈছে।

 

আগন্তুক দুবছৰত ৫.২৫ কোটি টকাৰ ব্যয়ৰে উত্তৰ-পূৰ্বাঞ্চলৰ আগৰতলা, গুৱাহাটী আৰু নাগালেণ্ডত ‘ৰাষ্ট্ৰীয় ৰবৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (এনআইআৰটি)ৰ তিনিটা ‘নোডেল কেন্দ্ৰ’ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ জৰিয়তে মুলতঃ সামগ্ৰী নিৰ্মাণ আৰু মান নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ প্ৰদান কৰি এই অঞ্চলত ‘এমএছএমই’সমূহক উত্সাহিত কৰা হ’ব। ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত সমগ্ৰ দেশত মুঠ ৭১২ টা প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৩৮০০ গৰাকী ব্যক্তিকে ধৰি ১০,৭০০ ব্যক্তিক লাভান্বিত কৰিব।

 

শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰা, বৰ্তমানে থকা ‘টেপাৰ’/শ্ৰমিকসকলকে ধৰি অধিক সংখ্যক টেপাৰ, বিশেষকৈ মহিলা ‘টেপাৰ’সকলক আকৰ্ষিত কৰাৰ বাবে কল্যাণমূলক ব্যৱস্থাবোৰ ৰূপায়ণ কৰা হয়। শৈক্ষিক বৃত্তি, মহিলা সৱলীকৰণ আঁচনি, গৃহ নিৰ্মাণৰ বাবে সহায়, গোট জীৱন বীমা তথা ‘টাৰ্মিনেল’ লাভ, ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনি আৰু পেঞ্চন আঁচনিৰ দৰে বিভিন্ন পদক্ষেপৰ বাবে আগন্তুক দুটাবছৰৰ বাবে ৭.০২ কোটি টকাৰ পুঁজি প্ৰদান কৰা হৈছে।

 

***

AD/VN/KB



(Release ID: 2007254) Visitor Counter : 57


Read this release in: Malayalam , English , Urdu , Hindi