উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav g20-india-2023

উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ পাঠ-গুৱাহাটীত অসম অসামৰিক বঁটা প্ৰদান অনুষ্ঠান (উদ্ধৃত)

Posted On: 13 FEB 2024 7:24PM by PIB Guwahati

আৰম্ভণিতে মই  ক’ব বিচাৰো  যে মোক  এনে এক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে  মই মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ দুয়োৰে ওচৰত কৃতজ্ঞ। সংসদৰ অধিৱেশনৰ বাবে, মই ইয়াত পূৰ্বে উপস্থিত থাকিব লগা দিনটোত থাকিব পৰা নাছিলো।

এই সন্মান আৰু বিশেষ সুবিধাৰ  বাবে মই কৃতজ্ঞ, মই সদায় এই সন্মান আৰু বিশেষ সুবিধাৰ কথা  মনত ৰাখিম। মই যোৱা এঘণ্টাৰ পৰা এই অনুষ্ঠানত যি লক্ষ্য কৰিছো  সেয়া হৈছে সামাজিক বিকাশৰ প্ৰতি সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ সৈতে কৰা এক আশ্চৰ্যকৰ কাৰ্য। ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা - অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ প্ৰদান অনুষ্ঠান প্ৰত্যক্ষ কৰি মই সঁচাকৈয়ে অভিভূত আৰু সন্মানিত অনুভৱ কৰিছো।

অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা প্ৰদান কেৱল ব্যক্তিগত সাফল্যৰ উৎসৱৰ বিষয়তে  নহয়৷ ই অসমৰ সমৃদ্ধ সংস্কৃতিৰ এক ৰামধেনু স্বৰূপ, ই অসমৰ জনসাধাৰণ  আৰু দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য অৱদানৰ কথা  প্ৰতিফলন কৰিছে।

বন্ধুসকল, মই ভাবিছিলো যোগ্য লোকসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব, কিন্তু মই কল্পনাও কৰা নাছিলো যে বিভিন্নতা ইমান গভীৰ , ইমান হৃদয়স্পৰ্শী, ইমান আবেগিক হ'ব। বঁটা লাভ  কৰা লোকসকল সঁচাকৈয়ে ইয়াৰ বাবে যোগ্য, তেওঁলোকক বিচাৰি উলিয়াই   সন্মানিত  কৰা হৈছে। ইয়াৰ বাবে চৰকাৰক অভিনন্দন।

অসমক প্ৰায়ে 'উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ' বুলি কোৱা হয়,  অসম হৈছে মনোমোহা দৃশ্য আৰু বিবিধ সংস্কৃতিৰ ৰাজ্য তথা ইয়াৰ  ইতিহাস  শতিকা জুৰি বিস্তৃত। ইয়াৰ উৰ্বৰ সমভূমি, সেউজীয়া পাহাৰ আৰু একে-বেঁকাকৈ বৈ যোৱা  নদীয়ে ইয়াক আমাৰ মহান ৰাষ্ট্ৰৰ মুকুটত এক অলংকাৰ  কৰি তুলিছে। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট লক্ষ্মী প্ৰকৃতি আৰু সংস্কৃতিৰ এই মনোমোহা আৰু উৎকৃষ্ট সঙ্গমৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত। লুক ইষ্ট - এক্ট ইষ্ট পলিচী আন্তঃগাথনি আৰু যোগাযোগৰ উন্নতিৰে  ফলপ্ৰসূ হৈ উঠিছে৷ 

 বিভিন্ন সম্প্ৰদায়ৰ সমন্বয়ত  ৰাজ্যৰ সাংস্কৃতিক মোজাইকে অসমত থকা স্বকীয়তাত ৰহন চৰাইছে৷  মই ইয়াত মোৰ নিজ চকুৰে তেনে স্বকীয়তাক প্ৰত্যক্ষ কৰিছো৷   শস্য চপোৱা উৎসৱৰ সময়ত প্ৰতিধ্বনিত হোৱা বিহু নৃত্যৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত অসম সংগীতৰ উদ্দীপনামূলক সুৰলৈকে, এই দেশৰ প্ৰতিটো দিশে  এটা কাহিনী কয় – স্থিতিস্থাপকতা, একতা আৰু সম্প্ৰীতিৰ কাহিনী। এই উল্লেখযোগ্য ভূমি-অসমত আমি বৈচিত্ৰ্যৰ মাজত একতাৰ সাৰাংশ বিচাৰি পাওঁ, এয়া এক ধাৰণা,  যি হৈছে আমাৰ মহান ৰাষ্ট্ৰৰ আধাৰশিলা।

২০১৪ চনত ঘোষণা কৰা 'এক্ট ইষ্ট' নীতিয়ে  যথেষ্ট লাভাৱান্বিত কৰিছে। চৰকাৰী পদক্ষেপ আৰু নীতিৰ বাবে, ভাৰতৰ উত্তৰ-পূব অঞ্চলটোৱে ৰাষ্ট্ৰীয় আৰু ঐতিহাসিক ক্ষেত্ৰত ইয়াৰ সঠিক স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে। শেহতীয়া বছৰবোৰত ভাৰতৰ বছৰজোৰা জি-২০ ৰাষ্ট্ৰপতিত্বকালত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই অঞ্চলটোৰ ভৱিষ্যতৰ বাবে ই এক  সবল  ইতিবাচক প্ৰভাৱ পেলাব!

 আজিৰ বঁটা, অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বিভিন্ন ক্ষেত্ৰত আগবঢ়ৱা অসামান্য অৱদানৰ স্বীকৃতিৰ প্ৰতীক। বন্ধুসকল, মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো যে বঁটা প্ৰদানৰ ক্ষেত্ৰবোৰ ইমান বৈচিত্ৰ্যময় হ'ব, এয়াও ভবা নাছিলো যে বঁটা প্ৰাপকসকল সমাজৰ বিভিন্ন স্তৰত ব্যক্তি হ’ব। সংশ্লিষ্ট ব্যক্তিসকলে   আশ্চৰ্যজনক কাম কৰিছে। আমি সাম্প্ৰতিক সময়ত লক্ষ্য কৰিছো, পদ্ম বঁটা "জনতাৰ পদ্ম"লৈ এক পৰিৱৰ্তনশীল পৰিৱৰ্তন হৈছে। আমি সেই দিনবোৰৰ কথা  জানো যেতিয়া আংশিক পৃষ্ঠপোষকতা আছিল চালিকা শক্তি, যিবোৰে পদ্ম লাভ কৰাৰ বিষয়টো নিৰ্ধাৰণ কৰিছিল। কিন্তু মই ইয়াত পুৰস্কাৰ প্ৰদানৰ  ক্ষেত্ৰত  বৃহৎ, স্বচ্ছ , প্ৰামাণিক পৰিৱৰ্তনশীল প্ৰণালী দেখিছোঁ। যিসকলে এই সম্ভৱ কৰি তুলিছে  তেওঁলোকক অভিনন্দন।

এই বছৰৰ অসম বৈভৱ অসমৰ সৰ্বোচ্চ  অসামৰিক বঁটা- ৰাজ্যখনৰ প্ৰধান অসামৰিক সন্মান, বিশিষ্ট ভাৱে যোগ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ  আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰ্বোচ্চ ন্যায়িক আসনত উপবিষ্ট হোৱা প্ৰথমজন -ন্যায়াধীশ ৰঞ্জন গগৈক উপযুক্তভাৱে এই বঁটা প্ৰদান কৰা হৈছে।

 আইন-ন্যায়ৰ ক্ষেত্ৰখনৰ  উজ্জ্বল ব্যক্তিত্ব  ৰঞ্জন গগৈয়ে  আমাৰ দেশৰ আইনী দৃশ্যপট গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে ন্যায়াধীশ গগৈয়ে  ন্যায়ৰ প্ৰতি সততা, জ্ঞান আৰু প্ৰতিশ্ৰুতিৰ সৰ্বোচ্চ মানৰ  উদাহৰণ দাঙি ধৰিছে। তেওঁৰ অৱদান কেৱল আদালত কক্ষতে সীমাবদ্ধ নহয়, তেওঁ আমাৰ দেশৰ উন্নতিতো অৰিহণা যোগাই আহিছে।

মই স্পষ্টভাৱে মনত পেলাইছো যে ২০২৩ চনৰ ৭ আগষ্টত হাউচ অৱ এল্ডাৰছত  বিশিষ্ট বঁটা প্ৰাপক ন্যায়াধীশ গগৈয়ে দিয়া ভাষণৰ কথা৷  প্ৰাক্তন মুখ্য ন্যায়াধীশ এজন বৰ্তমানৰ সংসদ সদস্য গগৈয়ে তেওঁৰ প্ৰথম ভাষণত কৈছিল,  মই উদ্ধৃতি দিছো- "মহাশয়, মই মৌলিক বৈশিষ্ট্যৰ  বিষয়ে কিবা ক'ব লাগিব... মোৰ দৃষ্টিভংগী হৈছে যে সংবিধানৰ মৌলিক গাঁথনিৰ মতবাদৰ এক বিতৰ্কিত, এক অতি বিতৰ্কিত ন্যায়িক ভিত্তি আছে।" এয়া হৈছে তেওঁৰ পাণ্ডিত্য আৰু ক্ষমতা পৃথকীকৰণৰ মতবাদৰ প্ৰতি সন্মান আৰু  শ্ৰদ্ধা।

ক্ৰীড়া ক্ষেত্ৰত  আমি এজন যুৱ আৰু গতিশীল খেলুৱৈ হিমা দাসক অসম সৌৰভ বঁটাৰে সন্মানিত কৰাৰ সৌভাগ্য লাভ কৰিছো। হিমা দাসে এথলেটিকছত তেওঁৰ অসামান্য সাফল্যৰ দ্বাৰা অসম আৰু দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ পথাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰলৈ তেওঁৰ যাত্ৰা অধ্যৱসায় আৰু সংকল্পৰ শক্তিৰে  প্ৰমাণ।

অসমৰ আত্মাই আমাক সকলোকে অনুপ্ৰাণিত কৰি থাকক আৰু এই বঁটাবোৰে অনাগত প্ৰজন্মৰ বাবে আশা আৰু উৎসাহৰ পোহৰ হিচাপে কাম কৰক। মোৰ কোনো সন্দেহ নাই যে তিনিটা বছৰ   প্ৰভাৱ সৃষ্টি কৰাৰ বাবে খুব কম সময়, তথাপি বঁটাবোৰক সম্পূৰ্ণ ভিন্ন দৃষ্টি,  সন্মান, বিশ্বাসযোগ্যতাৰ  সৈতে চোৱা হৈছে।

অমৃত কালত, ২০৪৭ চনত এক উন্নত ভাৰতৰ দৃঢ় ভেটি স্থাপন কৰা হৈছে। আমি সকলোৱে ২৬ জানুৱাৰীত কৰ্তব্য  পথত ৭৫ সংখ্যক গণৰাজ্য দিৱসত এই দৃশ্য দেখিছোঁ। সমগ্ৰ বিশ্বই এই দেশৰ মহিলা শক্তিৰ উত্থান  পৰম বিস্ময়ৰে  চাই আছিল। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ, যিটো আমি কেতিয়াও ভবা নাছিলো... এই মুহূৰ্তত দেশখনত হোৱা এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত আছিল সেয়া,  দেশৰ বাবে  আটাইতকৈ ডাঙৰ সফলতা।

মই এই কাৰ্যসূচীৰ দ্বাৰা   ইমানেই  প্ৰভাৱান্বিত  যে মই দুটা বস্তুৰ প্ৰতি আপোনালোকৰ  মনোযোগ আকৰ্ষণ কৰিব বিচাৰো। অৰ্থনৈতিক জাতীয়তাবাদ! সময় আহিছে যেতিয়া প্ৰতিজন ভাৰতীয়ই জাতীয়তাবাদৰ বিষয়ে চিন্তা কৰা উচিত। আমি বিদেশৰ পৰা কি আমদানি কৰোঁ – মমবাতি, দিয়া, চিলা, আচবাব – এইটো ফৰমাইছ  কৰিব লগীয়া কিবা নেকি? যেতিয়া আমি বিদেশৰ পৰা সামগ্ৰী আমদানি কৰোঁ, আমাৰ বৈদেশিক মুদ্ৰা বাহিৰলৈ যায়। যেতিয়া আমি আমদানি কৰোঁ, আমি আমাৰ লোকসকলৰ হাতৰ পৰা কাম কাঢ়ি লৈ গৈ থাকো। আমি আমদানি কৰোঁতে উদ্যোগীসকলক  ভোটা  কৰি গৈ আছোঁ, যদি আমি সকলোৱে সংকল্প লওঁ যে আমি মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক দিয়া নীতি  অনুসৰণ কৰিম,  অৰ্থাৎ 'স্থানীয়ৰ বিষয়ে সোচ্চাৰ হওঁক' নীতি, ই বৈপ্লৱিক পৰিৱৰ্তন আনিব।

দ্বিতীয়তে - কেঁচা সামগ্ৰী আমাৰ দেশৰ বাহিৰলৈ কিয় যায়? উদ্যোগপতিসকল... যিসকল ব্যৱসায়ী তেওঁলোকে ভাবিব লাগে। আপুনি বাহিৰলৈ কেঁচা সামগ্ৰী প্ৰেৰণ কৰি কিছু লাভ পাব পাৰে, কিন্তু যদি আপুনি কেঁচা সামগ্ৰী বাহিৰলৈ প্ৰেৰণ কৰে, তেন্তে দুটা কথা স্পষ্ট হৈ পৰে - এটা হ'ল আমি ইয়াত মূল্য যোগ কৰিব নোৱাৰো, আৰু দ্বিতীয়তে – কিন্তু বাহিৰৰ আন কোনোবাই  মূল্য যোগ কৰিব পাৰে। এয়া  হ'ব নালাগে।

সেয়েহে মই ইয়াত দিয়া  বিবৃতি  অতি প্ৰয়োজনীয়। আমাৰ অৰ্থনৈতিক শক্তিয়ে নিৰ্ধাৰণ কৰিব নেকি যে আমি প্ৰাকৃতিক সম্পদ কেনেদৰে ব্যৱহাৰ কৰোঁ? সকলোৱে হয়তো  ক'ব পাৰে  যে মই যিমান ইচ্ছা সিমান পেট্ৰ'ল ব্যৱহাৰ কৰিব পাৰো, যিমানেই নহওঁক  মই ইচ্ছামতে সেয়া কৰিব পাৰো,  কাৰণ এই বিষয়ত  মোৰ পকেটে অনুমতি দিয়ে। নহয়! আমি প্ৰাকৃতিক সম্পদৰ ট্ৰাষ্টী, আমি প্ৰাকৃতিক সম্পদবোৰ সুসমহত আৰু মিতব্যয়ীভাবে  ব্যৱহাৰ কৰিব লাগিব, আমি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগিব।

আমাৰ ৫০০০ বছৰ পুৰণি সংস্কৃতিত, আমি লাভ কৰা ঐতিহ্যত এনে পৰিস্থিতিত আমি কি কৰা উচিত শিকোৱা হৈছে। আমি পৃথিৱীক পথ দেখুৱাব লাগিব আৰু আমি বিশ্বক পথ দেখুৱাবলৈ সক্ষম,  কিয়নো দেশৰ পৰিস্থিতি এনে  হৈ পৰিছে যে যিসকলে পূৰ্বে  আমাক পৰামৰ্শ দিছিল তেওঁলোকে এতিয়া  আমাৰ মতামত বিচাৰে। পৃথিৱীৰ ডাঙৰ প্ৰতিষ্ঠানবোৰলৈ চাওঁক, আমি ক'ৰ পৰা আহিছোঁ? বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান, ৱৰ্ল্ড বেংক ইণ্টাৰনেছনেল মনিটৰি ফাণ্ড-এ আমাক কৈছিল যে আপোনালোকতো  ফ্ৰেজাইল পাঁচৰ একেবাৰে তলৰ পৰা পাঁচত আছে, আপোনালোক  পৃথিৱীৰ বাবে  এক বোজা আৰু চিন্তাৰ কাৰণ। আজি  আমি ওপৰৰ পৰা পাঁচত আছে,   দুইৰ পৰা তিনি বছৰৰ ভিতৰত  শীৰ্ষ তিনিটা স্থানত  উপনীত হ’ম।

এই অনুষ্ঠান মোৰ বাবে আৰু  অধিক কোৱাৰ উপলক্ষ নহয়। মই গভীৰভাবে অভিভূত হৈ পৰিছো৷  এক ভাল অনুভৱে মোক জোকাৰি গৈছে। এই বঁটাবোৰে যথেষ্ট বিশ্বাসযোগ্যতা সৃষ্টি কৰিব আৰু আন ৰাজ্যসমূহকো অনুপ্ৰাণিত কৰিব - পৃষ্ঠপোষকতা, বন্ধুত্ব, অনুষ্ঠান ব্যৱস্থাপনাৰ দ্বাৰা সুৰক্ষিত কৰিব পৰা এটা বঁটাত যেতিয়া কোনো বিশ্বাসযোগ্যতা নাথাকে তেতিয়া সেয়া  পুৰস্কাৰ নহয়। বঁটা প্ৰাপকসকলৰ  প্ৰত্যেকে, যিকোনো পৰিবেশত, স্থানত  এই বঁটাৰ কথা উল্লেখ কৰক, বিশ্লেষণ কৰক। সকলো বঁটা বিজয়ীক অভিনন্দন!

 

******

 

MS/JK/RC/DM



(Release ID: 2005739) Visitor Counter : 121


Read this release in: English , Urdu , Hindi