নৌ-পৰিবহন মন্ত্ৰালয়

নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ বাবে ৪৫,০০০ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি ভাৰতৰ প্ৰথম আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ

আভ্যন্তৰীণ জলপথৰ জৰিয়তে কাৰ্গো বাণিজ্যৰ পৰিমাণ প্ৰতি বছৰে ৫০০ নিযুত টন বৃদ্ধিৰে মুঠ ৪০০% বৃদ্ধিৰ পৰিকল্পনা, জিএমআইএছত ১৫,২০০ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি

কলকাতাৰ আইডব্লিউডিচিত 'হৰিত নাউকা' নিৰ্দেশনা আৰু 'ৰিভাৰ ক্ৰুজ টুৰিজম ৰোডমেপ, ২০৪৭' মুকলি কৰে শ্ৰী সৰ্বানন্দ সোণোৱালে

আভ্যন্তৰীণ জলপথৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে জিএমআইএছত ১৫,২০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ উল্লেখনীয় সফলতা, ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫৫০ কোটি টকাৰ মুঠ লাভৰ লক্ষ্য স্থিৰ

Posted On: 08 JAN 2024 5:24PM by PIB Guwahati

দেশৰ আভ্যন্তৰীণ জলপথৰ ক্ষমতা বৃদ্ধি আৰু কাৰ্যকৰীতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাবে কলকাতাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ (আইডব্লিউডিচি) প্ৰথমখন সন্মিলনত জলপথৰ বিকাশৰ বাবে কেইবাটাও বিশেষ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেইবা খনো ৰাজ্যৰ মন্ত্ৰীৰ প্ৰতিনিধিৰ  লগতে নীতি নিৰ্ধাৰক তথা  উদ্যোগৰ নেতৃবৃন্দকে ধৰি অংশীদাৰসকল  উপস্থিত থাকে।

 

দেশত অৰ্থনৈতিক বিকাশ আৰু বাণিজ্যৰ পথ সূচল কৰাৰ  বাবে আভ্যন্তৰীণ জলপথসমূহ  সক্ষম কৰাৰ উদ্দেশ্যৰে এই বৈঠকত বিশদভাবে আলোচনা কৰা হয়।  এই বৈঠকতে দেশত নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ বাবে ৪৫,০০০ কোটি  টকা  বিনিয়োগৰ প্ৰতিশ্ৰুতিও দিয়া হয়। এই উচ্চাভিলাষী ধনৰাশিৰ ভিতৰত আনুমানিক ৩৫,০০০ কোটি টকা ক্ৰুজ জাহাজৰ বাবে আৰু আন ১০,০০০ কোটি টকা  অমৃত কালৰ অন্তিম পৰ্যায়ত  অৰ্থাৎ ২০৪৭  চনৰ ভিতৰত ক্ৰুজ টাৰ্মিনেলৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ধাৰ্য কৰা হৈছে। কাৰ্গো বাণিজ্যৰ বাবে আভ্যন্তৰীণ জলপথ বৃদ্ধি কৰিবলৈ, অক্টোবৰ ২০২৩  চনত মুম্বাইত অনুষ্ঠিত গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলনত ১৫,২০০  কোটি টকা  বিনিয়োগৰ সিদ্ধান্ত লোৱা হৈছিল। এনে বিনিয়োগে সামগ্ৰী পৰিবহনৰ হাৰ  ৪০০%-তকৈ অধিক কৰি তোলাৰ  সম্ভাৱনা আছে। আশা কৰা অনুসৰি এনে পদক্ষেপ আৰু আৱণ্টনৰ বাবে ২০৪৭  চনলৈ প্ৰতি বছৰে ৫০০ নিযুত টনলৈকে সামগ্ৰী পৰিবহনৰ  পৰিমাণ বৃদ্ধি হ’ব। শ্ৰী সোণোৱালে আজি কলকাতাত আইডব্লিউডিচিৰ উদ্বোধনী অধিৱেশনত 'হৰিত নৌকা' নিৰ্দেশনা আৰু 'ৰিভাৰ ক্ৰুজ টুৰিজম ৰোডমেপ, ২০৪৭' মুকলি কৰে।

 

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সোণোৱালে কয়, "২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত ভাৰতে লক্ষ্যণীয়ভাবে বিকাশৰ পথত ধাবিত হৈছে। এনে সময়তে আমি  নীল অৰ্থনীতি অপৰিসীম সম্ভাৱনাৰ কথাও উপলব্ধি কৰিব লাগিব। কিয়নো আমি বিশ্বৰ নীল অৰ্থনীতিত অগ্ৰণী  দেশ  হোৱাৰ দিশে আগবাঢ়িছো আৰু সেইমতে  কাম কৰি আছো। এয়া মোদীজীৰ এক দৃষ্টিভংগী। আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ  উদ্দেশ্য হৈছে আমাৰ সমৃদ্ধ, জটিল আৰু গতিশীল জলপথক পুনৰুজ্জীৱিত কৰি তোলা। পুৰণি কালৰ পৰাই জলপথ  মানৱ সভ্যতাৰ অৰ্থনৈতিক বিকাশৰ এক অন্যতম পথ হিচাবে বিবেচিত হৈ আহিছে। অৱশ্যে, সমৃদ্ধিৰ এই সম্ভাৱনাপূৰ্ণ  পথবোৰ কেইবা দশক ধৰি অৱহেলিত হৈ আছিল,  ফলত দেশৰ বহু অমূল্য সম্পদৰ অপচয় হৈছিল। এনে অপচয় ৰোধ কৰিবলৈ আমাৰ জলপথসমূহ পুনৰুজ্জীৱিত কৰাৰ অৰ্থে   আইডব্লিউডিচিয়ে এক আধুনিক দৃষ্টিভংগী, স্পষ্ট ৰণনীতি আৰু অমৃত কালৰ শেষৰ ফালে আত্মনিৰ্ভৰ  ভাৰতৰ বাবে বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে স্থিৰ কৰিছে।"

 

আইডব্লিউডিচিত অতিৰিক্ত ২৬ টা জলপথৰ  ক্ষমতা বৃদ্ধিৰে সেইবোৰ অধিক  সক্ষম কৰি তোলাৰ অৰ্থে এক ৰোডমেপ প্ৰস্তুত কৰা হৈছে, যি ৰোডমেপে ৮ টা জলপথৰ কাৰ্যকৰী শক্তি বৃদ্ধিৰ লগতে সেইবোৰক  ৰিভাৰ ক্ৰুজ পৰ্যটনৰ বাবে উপযুক্ত কৰি তুলিব। একে সময়তে নিশা যাপন কৰিব পৰা  ক্ৰুজ বৰ্তনীৰ সংখ্যা ১৭ ৰ পৰা ৮০ লৈ বৃদ্ধি কৰিব লাগিব। আভ্যন্তৰীণ জলপথৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ অংশ হিচাবে নদী ক্ৰুজ টাৰ্মিনেলৰ সংখ্যা ১৮৫  লৈ বৃদ্ধি কৰিব লাগিব, ফলত বৰ্তমান থকা  ১৫  টাৰ্মিনেলৰ শক্তিৰ পৰা ১২৩৩% বৃদ্ধি কৰিব পৰা যাব। বৰ্ধিত বৰ্তনীসমূহৰ ক্ষমতা বৃদ্ধি  কৰি নিশা যাপন কৰিব পৰা  ক্ৰুজ পৰ্যটনৰ সংখ্যা  ২০৪৭  চনৰ ভিতৰত ৫,০০০ ৰ পৰা ১.২০ লাখলৈ বৃদ্ধি কৰা হ'ব। একেদৰে, ২০৪৭ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথত নিশা যাপন কৰিব পৰাৰ সুবিধা থকা  স্থানীয় ক্ৰুজ পৰ্যটনৰ সংখ্যা  ২ লাখৰ পৰা ১৫ লাখলৈ বৃদ্ধি কৰা হ'ব।

 

বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা পৰ্যটন দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়েক আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। আইডব্লিউডিচিৰ এই বৈঠকত  বিভিন্ন ৰাজ্যৰ  মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু অন্যান্য মুখ্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰে।আইডব্লিউডিচিৰ এই বৈঠক খন  ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ আভ্যন্তৰীণ জলপথৰ বাবে থকা নোডেল এজেঞ্চী ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আয়োজন কৰে। এদিনীয়া বৈঠকখন কলকাতা ডক কমপ্লেক্সত থকা জাহাজ এম ভি গঙ্গা কুইনত অনুষ্ঠিত হয়।

 

 বৈঠকত শ্ৰী সোণোৱালে লগতে কয়, "আভ্যন্তৰীণ জলপথ হৈছে প্ৰগতিৰ ধমনী আৰু আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে (আইডব্লিউডিচি) জলপথসমূহৰ সম্ভাৱনাৰ সঠিক ব্যৱহাৰৰ বাবে  গ্ৰহণ কৰা পদক্ষেপ  গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আৰু সহযোগিতামূলক প্ৰচেষ্টাই  এনে  কৌশলগত পদক্ষেপসমূহক  সুযোগৰ সঠিক ব্যৱহাৰত সহায় কৰিব বুলি আমি আশা ৰাখিছো, যাৰ ফলত আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত বহনক্ষম উন্নয়ন আৰু বিকাশ বৃদ্ধি সম্ভৱ হৈ উঠিব। 'হৰিত নাউকা – আভ্যন্তৰীণ জাহাজৰ সেউজ পৰিৱৰ্তনৰ বাবে যুগুত কৰা নিৰ্দেশনা'ই   আমাৰ আভ্যন্তৰীণ জলপথক  এক বহনক্ষম আৰু পৰিৱেশ-অনুকূল ভৱিষ্যতৰ দিশত আগুৱাই নিব। এই ৰোডমেপে  সকলো পৰ্যটন শ্ৰেণীকে  আকৰ্ষিত কৰিব, দীঘলীয়া আৰু চমু পৰ্যটন , মনোৰঞ্জনমূলক তথা  ঐতিহ্যখণ্ডকে ধৰি বিভিন্ন ক্ৰুজ প্ৰকাৰৰ বাবে ৩০+ অতিৰিক্ত সাম্ভাব্য পথ চিনাক্ত কৰা হৈছে। এনে অতিৰিক্ত নদী পথৰ  বিকাশৰ লগতে সঠিক দিশত অগ্ৰসৰ হ’বলৈ পথৰ বিকাশ, বিপণনৰ ৰণনীতি, আন্তঃগাঁথনিৰ উন্নয়ন আৰু নেভিগেশ্বনকে ধৰি আন বিষয়তো  এক কাৰ্য পৰিকল্পনা তথা ৰোডমেপ সাজু  কৰি তোলা হৈছে। ’’

 

২০১৪ চনত লোকচানৰ গ্ৰাসত  থকা কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰটোক পুনৰ উজ্জীৱিত কৰি তোলা হৈছে  আৰু  বন্দৰটোৱে  ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫৫০ কোটিত টকাতকৈও অধিক  মুঠ উদ্ধৃত অৰ্জন কৰিছে।

 

চৰকাৰে আইডব্লিউটিৰ ভূমিকা তথা গুৰুত্ব বৃদ্ধিৰ দৃষ্টিভংগীৰে  গংগা-ভাগীৰথী-হুগলী নদী প্ৰণালীৰ (এনডব্লিউ ১) বিকাশৰ বাবে ফ্লেগশ্বিপ জল মাৰ্গ বিকাশ প্ৰকল্প (জেএমভিপি)কে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।  এই প্ৰকল্পটোৱে কাৰ্গো, ৰো-ৰো আৰু যাত্ৰীবাহী ফেৰী চলাচলৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। এই পদক্ষেপে  লগতে সৰু গাওঁবোৰক সামূহিক নাওৰ জৰিয়তে লাভাৱান্বিত কৰিছে । তদুপৰি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আন কেতবোৰ উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। যাৰ লক্ষ্য হৈছে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০-ত উল্লেখ কৰা অনুসৰি আইডব্লিউটিৰ  অংশ ২% ৰ পৰা ৫% লৈ বৃদ্ধি কৰা। এই লক্ষ্যত সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭-ৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ আইডব্লিউটি কাৰ্গোৰ পৰিমাণ ১২০  এমটিপিএ পৰা ৫০০ এমটিপিএলৈ উন্নীত কৰাৰ লক্ষ্যও  অন্তৰ্ভুক্ত কৰা হৈছে।

 

 

জলপথৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ ভিতৰত আছে বাৰাণসী, চাহিবগঞ্জ আৰু হলদিয়াত মাল্টিমোডেল টাৰ্মিনেল স্থাপন, আঞ্চলিক সংযোগ বৃদ্ধি কৰা আদি। কালুঘাট ইণ্টাৰমোডেল টাৰ্মিনেলে নিৰৱচ্ছিন্ন পৰিবহন আৰু বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধিৰ ক্ষেত্ৰত  যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ফাৰাক্কাত এটা নতুন নেভিগেশ্যনেল লক সম্পূৰ্ণ হোৱাৰ ফলত জলপথৰ নাব্যতা বৃদ্ধি হৈছে। ৬০ টাতকৈও অধিক সামূহিক জেটিৰ  নিৰ্মাণে স্থানীয় এলেকাৰ সংযোগ আৰু অভিগম্যতাৰ প্ৰতি এক প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। এই সাফল্যসমূহে জলপথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি, সংযোগৰ উন্নয়ন  আৰু স্থানীয় উন্নয়নক সামূহিকভাৱে উদগনি যোগাইছে।

                                                                     

আভ্যন্তৰীণ পানী পৰিবহনে (আইডব্লিউটি) জাহাজৰ বাবে বৈদ্যুতিক, হাইব্ৰিড, হাইড্ৰজেন আৰু ডেৰিভেটিভ (যেনে এমোনিয়া বা মিথানল) প্ৰপালচন ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক অনন্য সুযোগ প্ৰদান কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত আঠখন বৈদ্যুতিক কেটামাৰান জাহাজ অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই জাহাজবোৰ  তীৰ্থযাত্ৰাৰ সৈতে জড়িত  পৰ্যটনৰ বাবে ৰখা হৈছে। ইয়াৰে দুখন   অযোধ্যা, বাৰাণসী, মথুৰাত ৰাষ্ট্ৰীয় জলপথ-১ত   আৰু দুখন ৰাষ্ট্ৰীয় জলপথ-২ৰ গুৱাহাটীত ৰখা হৈছে। আইডব্লিউটিয়ে দেশত লসামগ্ৰী  আৰু যাত্ৰী চলাচলৰ ছবি খন সলনি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২৪  খন ৰাজ্যত ১১১  টা  ৰাষ্ট্ৰীয় জলপথৰ সৈতে ২২,০০০ কিলোমিটাৰতকৈ অধিক জলপথৰ সম্প্ৰসাৰণে আইডব্লিউটিক  জল পৰিবহনৰ এক কাৰ্যকৰী বিকল্প মাধ্যম হিচাপে পৰিগণিত কৰিছে।

সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ -এ ভাৰতৰ ৭৫০০ কিলোমিটাৰ উপকূলীয় অঞ্চলত  আভ্যন্তৰীণ জলপথৰ গুৰুত্বপূৰ্ণ নেটৱৰ্ক স্থাপন কৰিব আৰু উপকূলীয় জিলাবোৰত অন্তৰ্নিহিত প্ৰকৃত বিকাশৰ সম্ভাৱনাক উজলাই তুলিব - প্ৰত্যক্ষ খণ্ডগত সমন্বয় আৰু সামগ্ৰিক বিকাশ তথা  নিযুক্তিৰ নতুন সম্ভাৱনাৰ পথ মুকলি কৰিব। সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭-ৰ অধীনত আইডব্লিউটিৰ বিকাশৰ বাবে ৪৬ টা পদক্ষেপ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত আছে উপকূলীয় জাহাজ আৰু আভ্যন্তৰীণ জল পৰিবহনৰ  অংশ বৃদ্ধি কৰা। ইয়াৰোপৰি   মুখ্য পদক্ষেপবোৰৰ ভিতৰত আছে বন্দৰ-আধাৰিত গোট-সংযোজন কেন্দ্ৰ সৃষ্টি কৰা, উৎপাদন/চাহিদাৰ ভিত্তিত উপকূল-আধাৰিত  কেন্দ্ৰৰ ওচৰত উপকূলীয় গোট সৃষ্টি কৰা, পথ/ৰে’ল/ সূচল সংযোগৰ সম্প্ৰসাৰণ প্ৰকল্প গ্ৰহণ  কৰা আদি।



(Release ID: 1994611) Visitor Counter : 81


Read this release in: English , Urdu , Hindi , Marathi