গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে শেহতীয়াকৈ জম্মু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আজি এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শূন্য সহনশীল নীতি অৱলম্বন কৰি থাকিব

বৈঠকত গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ ভাবুকি দূৰ কৰিবলৈ জম্মু-কাশ্মীৰৰ নিৰাপত্তা সংস্থাসমূহৰ ক্ষেত্ৰ আধিপত্য পৰিকল্পনাৰ পৰ্যালোচনা কৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে স্থানীয় চোৰাংচোৱা নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাস সম্পৰ্কীয় ঘটনা, অনুপ্ৰৱেশ আৰু আইন-শৃংখলা পৰিস্থিতিৰ উন্নতিৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা সংস্থা আৰু প্ৰশাসনৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 02 JAN 2024 8:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আজি এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা শ্ৰী অজিত ডোভাল, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, সেনা প্ৰধান, সঞ্চালক (আইবি), চিএপিএফৰ মুৰব্বী, জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু ডিজিপিয়ে নতুন দিল্লীত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে।

                                                                      

বৈঠকত শ্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদৰ ভাবুকি দূৰ কৰিবলৈ জম্মু-কাশ্মীৰৰ নিৰাপত্তা সংস্থাসমূহৰ ক্ষেত্ৰ আধিপত্য পৰিকল্পনাৰ পৰ্যালোচনা কৰে। জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ কাৰ্যকলাপ আৰু সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰি শ্ৰী শ্বাহে সন্ত্ৰাসবাদ বিৰোধী অভিযান শক্তিশালী কৰিবলৈ আৰু সন্ত্ৰাসবাদী পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ প্ৰয়োজনীয়তা পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰাপত্তা সংস্থাসমূহক স্পৰ্শকাতৰ অঞ্চলসমূহত উপযুক্ত মোতায়েনৰ বাবে পৰামৰ্শ দিয়ে। তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শূণ্য সহনশীল দৃষ্টিভংগী অৱলম্বন কৰি যাব।

                                                                      

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মোকাবিলা কৰাৰ সময়ত সকলো উপযুক্ত প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে স্থানীয় চোৰাংচোৱা নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাস সম্পৰ্কীয় ঘটনা, অনুপ্ৰৱেশ আৰু আইন-শৃংখলা পৰিস্থিতিৰ উন্নতিৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নিৰাপত্তা সংস্থা আৰু প্ৰশাসনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

 

************** 

 

RK / ASH / AKS / RR/KG


(ৰিলিজ আই ডি : 1992700) অতিথি কক্ষ : 158
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati