গৃহ মন্ত্ৰালয়

ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী

Posted On: 13 DEC 2023 4:52PM by PIB Guwahati

অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ উত্তৰ সীমান্তৱৰ্তী ১৯খন জিলাৰ ৪৬খন খণ্ডৰ নিৰ্বাচিত গাওঁসমূহৰ সাৰ্বিক উন্নয়নৰ বাবে চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৪৮০০ কোটি টকাৰ বিত্তীয় ব্যয়সহ ১৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী (ভিভিপি)ক অনুমোদন জনাইছে। 

 

এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে এই গাওঁবোৰৰ ব্যাপক বিকাশ সাধন, যাতে মানুহৰ জীৱনৰ মানদণ্ড উন্নত হয় আৰু ইয়াৰ ফলত প্ৰব্ৰজনৰ সমস্যা হ্ৰাস পায়। এই কাৰ্যসূচীত কৃষি, উদ্যানশস্য, পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্য, দক্ষতা বিকাশ আৰু উদ্যমিতাক প্ৰোত্সাহিত কৰা তথা কৃষি/উদ্যানশস্য, ঔষধি উদ্ভিদ/বনৌষধিৰ খেতি, পথ সংযোগ, গৃহ আৰু গ্ৰামীণ আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, দূৰদৰ্শন আৰু টেলিকম সংযোগ, বিত্তীয় অন্তৰ্ভুক্তি ইত্যাদিসহ জীৱিকা নিৰ্বাহৰ সুযোগ ব্যৱস্থাপনাৰ বাবে সমবায় সমিতিৰ উন্নয়নৰ জৰিয়তে জীৱিকা সৃষ্টিৰ সুযোগ সৃষ্টিৰ দৰে বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰা হৈছে। 

 

উন্নয়নৰ বাবে চিনাক্ত কৰা ক্ষেত্ৰবোৰৰ ভিতৰত এটা হৈছে বিভিন্ন পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনি বৃদ্ধি কৰা, সম্প্ৰদায় পৰিচালিত ‘হোম ষ্টে’ক প্ৰোত্সাহ যোগোৱা, স্থানীয় মেলা আৰু উৎসৱৰ আয়োজন কৰা, পৰিৱেশ-পৰ্যটন, কৃষি-পৰ্যটন, কল্যাণ, বন্যপ্ৰাণী, আধ্যাত্মিক আৰু দুঃসাহসিক পৰ্যটনক প্ৰোত্সাহিত কৰি স্থানীয় ৰন্ধন প্ৰণালী আৰু সংস্কৃতিক প্ৰোত্সাহিত কৰা ইত্যাদি।

 

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰামাণিকে এই কথা উল্লেখ কৰে।

 

*************************

RK/AY/ASH/AKS/RR//PR/1175/KG



(Release ID: 1986674) Visitor Counter : 45


Read this release in: English , Urdu , Hindi