গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চাইবাৰ অপৰাধৰ ঘটনা

Posted On: 05 DEC 2023 3:15PM by PIB Guwahati

ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচী অনুসৰি 'আৰক্ষী' আৰু 'ৰাজহুৱা শৃংখলা' ৰাজ্যৰ বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ মুখ্যতঃ তেওঁলোকৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ জৰিয়তে চাইবাৰ অপৰাধকে ধৰি অপৰাধ প্ৰতিৰোধ, চিনাক্তকৰণ, অনুসন্ধান আৰু গোচৰৰ বাবে দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক এলইএ-ৰ সক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু বিত্তীয় সহায্যৰ জৰিয়তে তেওঁলোকৰ পদক্ষেপবোৰক সহায় কৰে। এক বিস্তৃত আৰু সমন্বিত পদ্ধতিত চাইবাৰ অপৰাধ মোকাবিলা কৰাৰ প্ৰণালী শক্তিশালী কৰাৰ বাবে, কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে য'ত অন্যান্য বিষয়ৰ সৈতে নিম্নলিখিতবোৰ অন্তৰ্ভুক্ত আছেঃ

 

 

১. গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ধৰণৰ চাইবাৰ অপৰাধৰ মোকাবিলা কৰিবলৈ এক সমন্বিত আৰু ব্যাপক ৰূপত 'ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ' (আই৪চি) স্থাপন কৰিছে।

 

২. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ আইন প্ৰৱৰ্তনকৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ পৰিকাঠামো বৃদ্ধি কৰাৰ বাবে চাইবাৰ অপৰাধ হটস্পট/ বিভিন্নধৰণৰ সমস্যা থকা এলেকাসমূহৰ ওপৰত আধাৰিত কৰি আই৪চিৰ অধীনত মেৱাট, জামতাৰা, আহমেদাবাদ, হায়দৰাবাদ, চণ্ডিগড়, বিশাখাপত্তনম আৰু গুৱাহাটীৰ বাবে সাতটা যুটীয়া চাইবাৰ সমন্বয় দল (জেচিচিটি) গঠন কৰা হৈছে। ২০২৩ চনত হায়দৰাবাদ, আহমেদাবাদ, গুৱাহাটী, বিশাখাপত্তনম, লক্ষ্ণৌ, ৰাঁচী আৰু চণ্ডিগড়ত জেচিচিটিৰ বাবে সাতখন কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

 

৩. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াসকলক প্ৰাৰম্ভিক পৰ্যায়ৰ চাইবাৰ ফৰেনচিক সহায় প্ৰদান কৰাৰ বাবে নতুন দিল্লীত আই৪চিৰ অংশ হিচাপে 'ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক পৰীক্ষাগাৰ(অনুসন্ধান)' নামৰ অত্যাধুনিক পৰীক্ষাগাৰটো স্থাপন কৰা হৈছে। এতিয়ালৈকে, ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰে (অনুসন্ধান) ৰাজ্যিক এলইএ-সমূহক প্ৰায় ৮,৮৪০ টা চাইবাৰ ফৰেনচিক যেনে মোবাইল ফৰেনচিক, মেম'ৰী ফৰেনচিক, চিডিআৰ বিশ্লেষণ আদিত ইয়াৰ সেৱা প্ৰদান কৰিছে যাতে তেওঁলোকক চাইবাৰ অপৰাধ সম্পৰ্কীয় গোচৰৰ অনুসন্ধানত সহায় কৰিব পাৰি।

 

৪. মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ওপৰত বিশেষ গুৰুত্ব দি ৰাইজক সকলো ধৰণৰ চাইবাৰ অপৰাধ সম্পৰ্কীয় ঘটনাৰ প্ৰতিবেদন দিবলৈ সক্ষম কৰাৰ বাবে আই৪চিৰ অংশ হিচাপে 'ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল' (https://cybercrime.gov.in) মুকলি কৰা হৈছে। এই পৰ্টেলত প্ৰতিবেদিত চাইবাৰ অপৰাধৰ ঘটনা, সেইবোৰ এফআইআৰলৈ ৰূপান্তৰ আৰু তাৰ পিছত কৰা পদক্ষেপবোৰ আইনৰ ব্যৱস্থা অনুসৰি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে পৰিচালনা কৰে।

L.S.US.Q.N.O. 455 FOR 05.12.2023

৫. আই৪চি-ৰ অধীনত 'চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেম' বিত্তীয় প্ৰৱঞ্চনাৰ তাৎক্ষণিক প্ৰতিবেদন আৰু প্ৰৱঞ্চকসকলৰ দ্বাৰা পুঁজি আত্মসাৎ কৰা বন্ধ কৰাৰ বাবে আৰম্ভ কৰা হৈছে। এতিয়ালৈকে, ৩.৮০ লাখৰো অধিক অভিযোগত ৯৩০ কোটি টকাৰ অধিক বিত্তীয় পৰিমাণ ৰাহি কৰা হৈছে। অনলাইন চাইবাৰ অভিযোগ দাখিল কৰাত সহায় লাভ কৰিবলৈ এটা টোল-ফ্ৰী হেল্পলাইন নম্বৰ '১৯৩০' কাৰ্যকৰী কৰা হৈছে।

 

৬. চাইবাৰ অপৰাধ অনুসন্ধান, ফৰেনচিক, অভিযোজন আদিৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ ওপৰত অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে আৰক্ষী বিষয়া/ন্যায়িক বিষয়াসকলৰ ক্ষমতা বৃদ্ধিৰ বাবে আই৪চি-ৰ অধীনত 'CyTrain' পৰ্টেল নামৰ বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম (এমঅ’অ’চি) প্লেটফৰ্ম বিকশিত কৰা হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭২,৮০০ ৰো অধিক আৰক্ষী বিষয়া পঞ্জীয়ন কৰা হৈছে আৰু পৰ্টেলৰ জৰিয়তে ৫০,০০০ ৰো অধিক প্ৰমাণপত্ৰ জাৰি কৰা হৈছে।

 

৭. আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি আজিলৈকে ভাৰত চৰকাৰে ২.৪৫ লাখতকৈও অধিক চিম কাৰ্ড আৰু ৪২,০০০ আইএমইআই ব্লক কৰিছে।

 

৮. আই৪চিয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ ৫,৬০০বিষয়াক চাইবাৰ হাইজিন প্ৰশিক্ষণ প্ৰদান কৰিছে।

৯. আই৪চিয়ে ১৭,০০০ৰো অধিক এনচিচি কেডেটক চাইবাৰ হাইজিন প্ৰশিক্ষণ প্ৰদান কৰিছে।

 

১০. গৃহ মন্ত্ৰালয়ে 'মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ(চিচিপিডব্লিউচি) আঁচনিৰ অধীনত ৰাজ্য/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ ক্ষমতা বৃদ্ধি যেনে চাইবাৰ ফৰেনচিক-তথা-প্ৰশিক্ষণ পৰীক্ষাগাৰ স্থাপন, কনিষ্ঠ চাইবাৰ পৰামৰ্শদাতা নিয়োগ আৰু এলইএৰ কৰ্মচাৰী, চৰকাৰী অধিবক্তা আৰু ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণৰ বাবে ১২২.২৪কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে। এতিয়ালৈকে, ৩৩ খন ৰাজ্য/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনচিক-তথা-প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে। এতিয়ালৈকে, ২৪,৬০০ৰো অধিক এলইএ কৰ্মচাৰী, ন্যায়িক বিষয়া আৰু অভিযোজকক চাইবাৰ অপৰাধ সজাগতা, অনুসন্ধান, ফৰেনচিক আদিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

 

১১. হায়দৰাবাদত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ (প্ৰমাণ) স্থাপন কৰা হৈছে। এই পৰীক্ষাগাৰ স্থাপনে চাইবাৰ অপৰাধ সম্পৰ্কীয় প্ৰমাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ফৰেনচিক সাহায্য প্ৰদান কৰে, তথ্য প্ৰযুক্তি আইন আৰু প্ৰমাণ আইনৰ বিধান অনুসৰি প্ৰমাণ আৰু ইয়াৰ বিশ্লেষণ সংৰক্ষণ কৰে; আৰু পৰিৱৰ্তনৰ সময় হ্ৰাস কৰিছে।

 

১২. চাইবাৰ অপৰাধ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে য'ত অন্যান্য বিষয়ৰ লগতে অন্তৰ্ভুক্ত আছে; এছএমএছ, আই৪চি ছ'চিয়েল মিডিয়া একাউণ্ট অৰ্থাৎ এক্স (পূৰ্বতে টুইটাৰ) (@Cyberdost), ফেচবুক (চাইবাৰডোষ্টি৪চি), ইনষ্টাগ্ৰাম (চাইবাৰডোষ্টি৪চি), টেলিগ্ৰাম (চাইবাৰডোষ্টি৪চি), ৰেডিঅ' অভিযান, একাধিক মাধ্যমত প্ৰচাৰৰ বাবে MyGovক নিযুক্ত কৰা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগিতাত চাইবাৰ সুৰক্ষা আৰু সুৰক্ষা সজাগতা সপ্তাহ আয়োজন কৰা, কিশোৰ-কিশোৰীসকলৰ বাবে হাতপুথি প্ৰকাশ কৰা ইত্যাদি। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো জনসজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ চলাবলৈ অনুৰোধ জনোৱা হৈছে।

 

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰাই এই কথা কয়।

 

************** 

 

AY/RR/ASH/455/KG


(Release ID: 1982980)
Read this release in: English , Urdu