গৃহ মন্ত্ৰালয়
উজ্জীৱিত গাঁও কাৰ্যসূচী
प्रविष्टि तिथि:
05 DEC 2023 3:17PM by PIB Guwahati
১৫-০২-২০২৩ তাৰিখে চৰকাৰে ‘উজ্জীৱিত গাঁও কাৰ্যসূচী’(ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম-ভিভিপি)ৰ অনুমোদন লাভ কৰাৰ পিছত সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভিভিপি ৰূপায়ণ সন্দৰ্ভত যথেষ্ট কাৰ্যকলাপ হাতত লোৱা হৈছে। অনুমোদনৰ লগে লগে চিনাক্ত কৰা গাঁওসমূহৰ ব্যাপক বিকাশৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ৰাজ্য/জিলা পৰ্যায়ৰ বিষয়াসকলৰ ক্ষমতা নিৰ্দ্ধাৰণৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হৈছিল। ইয়াৰ পিছত সংশ্লিষ্ট অংশীদাৰ মন্ত্ৰালয়/বিভাগ/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে কেইবালানিও বৈঠক আৰু আলোচনা অনুষ্ঠিত হৈছে।
তদুপৰি, চিনাক্ত কৰা গাঁওসমূহত জীৱন্ততা অনাৰ বাবে ১৭ গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে এতিয়ালৈকে কিছুমান গাঁও ভ্ৰমণ আৰু নিশা যাপন কৰাৰ কাম কৰিছে যাতে সেই গাঁওসমূহত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ স্থিতি আৰু গাঁওবাসীৰ উন্নয়নমূলক প্ৰয়োজনীয়তাৰ বিষয়ে পোণপতীয়াকৈ মতামত গ্ৰহণ কৰিব পৰা যায়।
আজি পৰ্যন্ত ‘ভাইব্ৰেণ্ট ভিলেজ’সমূহত মেলা, উৎসৱ, স্থানীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ, সজাগতা শিবিৰ, ক্ৰীড়া সভা, স্বাস্থ্য স্ক্ৰীণিং শিবিৰ, পশু চিকিৎসা শিবিৰ আদিকে ধৰি প্ৰায় ২৯০০ কাৰ্যকলাপ আয়োজন কৰা হৈছে। সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/ বিভাগ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলেও চিনাক্ত কৰা গাঁওসমূহ ভ্ৰমণ কৰিছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে শেহতীয়াকৈ তেওঁলোকৰ ‘ভিলেজ একশ্যন প্লেন’ (ভিএপি) প্ৰেৰণ কৰিছে য'ত গাঁওসমূহৰ ব্যাপক বিকাশৰ বাবে প্ৰয়োজনীয় কাম/প্ৰকল্পসূচী উল্লেখ কৰা হৈছে। বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ চলিত আঁচনিৰ অধীনত হাতত ল'ব পৰা কাম/প্ৰকল্পসমূহ তেওঁলোকৰ আঁচনিৰ অধীনত চিনাক্ত কৰা গাঁওবোৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। ‘ভিভিএপি’-ৰ অধীনত প্ৰক্ষেপিত কাম/প্ৰকল্পৰ অনুমোদন সাপেক্ষে ‘ভিভিপি’-ৰ অধীনত পুঁজি মুকলি কৰা হৈছে।
যোৱা পাঁচটা বছৰত (২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩) ‘সীমান্ত অঞ্চল উন্নয়ন কাৰ্যসূচী’ (বিএডিপি)ৰ অধীনত ২০০৫.১৬ কোটি টকা মুকলি কৰা হৈছে।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিকে এই তথ্য প্ৰকাশ কৰে।
*****
AY/RR/ASH/251/KB
(रिलीज़ आईडी: 1982909)
आगंतुक पटल : 67