পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

স্থানীয় কৃষকসকলৰ বাবে বৃহৎ সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব নুমলীগড়ৰ ২জি শোধনাগাৰেঃ পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী

জনসাধাৰণক সুলভ আৰু নিকা ৰন্ধন/বাহনৰ ইন্ধন যোগান ধৰাৰ বাবে চিটি গেছ ডিষ্ট্ৰিবিউছন নেটৱৰ্কৰ অধীনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি লোৱা হৈছেঃ পুৰী

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অৱদানৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীয়ে

Posted On: 04 DEC 2023 8:01PM by PIB Guwahati

আজি সংসদত ৰাজ্যসভাৰ সাংসদ  শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উত্থাপন কৰা  এক প্ৰশ্নৰ উত্তৰ দি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে কয়  যে অসমে দেশৰ মুঠ খাৰুৱা তেল উৎপাদনৰ প্ৰায় ১৪% আৰু  মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ প্ৰায় ১০% অৰিহণা যোগাই আহিছে।

 

অসম  ক্ষেত্ৰত   পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদন সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দি তেওঁ লগতে কয় যে ১৮৮৯ চনত ডিগবৈত খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাৰ  পিছতে ১৯০১ চনত ডিগবৈত এছিয়াৰ প্ৰথম শোধনাগাৰটো স্থাপন কৰা হৈছিল।

 

তেওঁ সদনক জনায় যে যোৱা ৪ টা বিত্তীয় বৰ্ষ , অৰ্থাৎ ২০১৯-২০ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ ৰাজ্য  চৰকাৰক পৰিশোধ কৰা মুঠ ৰয়েল্টি হৈছে- খাৰুৱা তেলৰ বাবে ৯২৯১ কোটি টকা আৰু প্ৰাকৃতিক গেছৰ বাবে ৮৫১ কোটি টকা।

 

তেওঁ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্প, উত্তৰ-পূব গেছ গ্ৰিড, পাৰাদীপ-নুমলীগড় খাৰুৱা তেল পাইপলাইন আৰু এন আৰ এল বায়ো শোধনাগাৰ আদিকে ধৰি উত্তৰ-পূব অঞ্চলৰ ৪৪,০০০ কোটি টকা মূল্যৰ প্ৰধান প্ৰকল্পসমূহৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰে।পুৰীয়ে লগতে কয় যে  নুমলীগড়ত ১৮৫ কিলোপিডি ক্ষমতাৰ ২জি শোধনাগাৰে বাঁহৰ পৰা ইথানল উৎপাদন কৰিব পাৰিব আৰু স্থানীয় কৃষকসকলৰ বাবে ই বৃহৎ সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব  ।

তেওঁ  সদনত উল্লেখ কৰা অনুসৰি  সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক চিটি গেছ ডিষ্ট্ৰিবিউছন  নেটৱৰ্কৰ অধীনত সামৰি লোৱা হৈছে । ইয়াৰ ফলত  জনসাধাৰণক সুলভ তথা নিকা  ৰন্ধন/বাহনৰ ইন্ধন যোগান ধৰিব পৰা যাব।

 

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ  মন্ত্ৰী শ্ৰী পুৰীয়ে সদনক লগতে জনায় যে চৰকাৰে বিশেষ  অৰ্থনৈতিক পৰিমণ্ডলৰ (ইইজেড) "নো গো" এলেকা প্ৰায় ৯৯% হ্ৰাস কৰিছে । ইয়াৰ  ফলত প্ৰায় ১ নিযুত বৰ্গ কিলোমিটাৰ এলেকাত এতিয়া বাধাহীন ভাবে প্ৰাকৃতিক সম্পদৰ অন্বেষণ আৰু উৎপাদন কৰিব পৰা যাব। চৰকাৰে গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহৰ ভিতৰত আছে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা, ৰুগ্ন হৈ পৰা  পুৰণি খাদবোৰৰ পুনৰুজ্জীৱিতকৰণ ইত্যাদি।আগন্তুক বছৰবোৰত উৎপাদন বৃদ্ধিৰ বাবে ৬১০০০ কোটি টকাৰ  মূলধন ব্যয় ধাৰ্য কৰিছে।

তেওঁ অন্বেষণ আৰু উৎপাদন খণ্ডত বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে লোৱা  পদক্ষেপসমূহৰ  বিষয়েও উল্লেখ কৰে ।  ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহে (যেনে এক্সনমোবিল, চেভাৰন, টোটেলএনাৰ্জিচ, শ্বেল আদি)  তৈল খণ্ডৰ  বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান  (যেনে এক্সনমোবিল, চেভাৰন, টোটালএনাৰ্জি, শ্বেল )আদিৰ সৈতে সহযোগিতাৰ চুক্তি  স্বাক্ষৰ কৰিছে বুলিও তেওঁ কয়।

 

শ্ৰী পুৰীয়ে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বেই (২০১৪ চনৰ ১.৫৩% ৰ পৰা ২০২৩ চনত ১২% লৈ) ইথানল মিশ্ৰণৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাৰ  সফলতাৰ কথাও উল্লেখ কৰে । তেওঁ লগতে কয় যে দেশখনে এতিয়া ফ্লেক্স ফুৱেল ইঞ্জিন বাহনৰ বাবে অগ্ৰসৰ হৈছে। ই ২০ (২০% ইথানল মিশ্ৰিত ইন্ধন) ইতিমধ্যে দেশৰ  ৬০০০ তকৈও অধিক খুচুৰা বিক্ৰী কেন্দ্ৰত  উপলব্ধ বুলি উল্লেখ কৰি পুৰীয়ে কয় যে ২০২৫ চনৰ ভিতৰত সমগ্ৰ দেশতে এনে ইন্ধন উপলব্ধ হ'ব।

 

তেওঁ সংকুচিত জৈৱ গেছ (চিবিজি) , সেউজ হাইড্ৰজেন আৰু ইলেক্ট্ৰিক বাহনৰ দৰে বৈকল্পিক উৎসৰ প্ৰসাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে।

 

শ্ৰী পুৰীয়ে শেহতীয়াকৈ অসমৰ শিৱসাগৰত ৪৮৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা   ছু-কা-ফা মাল্টি স্পেচিয়েলিটি (৩৫০ বিচনা) চিকিৎসালয়ৰ  প্ৰসংগ উল্লেখ কৰি  কয় যে সেই চিকিৎসালয় খনৰ ব্যয়  অ'এনজিচিয়ে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা  কাৰ্যকলাপৰ অধীনত বহন কৰিছে।  চিকিৎসালয়খনে উজনি অসম আৰু আন ৰাজ্যৰ চুবুৰীয়া জিলাসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে।   


(Release ID: 1982551) Visitor Counter : 121