তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসম আৰু মেঘালয়লৈ সাংবাদিকৰ বাবে ‘মিডিয়া ট্যুৰ’-ৰ আয়োজন কৰিছে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, মহাৰাষ্ট্ৰ’ই

Posted On: 30 OCT 2023 2:13PM by PIB Guwahati

ভাৰত চৰকাৰৰ ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ অধীনস্থ ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’-ৰ মহাৰাষ্ট্ৰ-গোৱা কাৰ্যালয়ে আয়োজন কৰা সংবাদসেৱীসকলৰ ভ্ৰমণৰ এক অংশ হিচাপে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ এটি দলে ২৯ অক্টোবৰ, ২০২৩ৰ পৰা ৪ নৱেম্বৰ ২০২৩ তাৰিখলৈ অসম আৰু মেঘালয় ভ্ৰমণ কৰিব। অংশগ্ৰহণকাৰী সাংবাদিকসকল কালি আহি গুৱাহাটীত উপস্থিত হৈছিলহি আৰু তেওঁলোকক পৰম্পৰাগত ভাবে ৰাজ্যখনলৈ আদৰণি জনোৱা হয়।

 

                                                        

                                                              গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ‘মিডিয়া ট্যুৰ’ৰ অংশগ্ৰহণকাৰীসকল

 

অহা কেইদিনমানৰ ভিতৰত সাংবাদিকসকলে বিভিন্ন সংগঠন পৰিদৰ্শন কৰিব আৰু অসম আৰু মেঘালয়ৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলক সাক্ষাৎ কৰিব। সাংবাদিকসকলে ভ্ৰমণ কৰা বিভিন্ন সংগঠনৰ ভিতৰত আছে ‘অসম ৰাইফলছ’, ‘উত্তৰ-পূব পৰিষদ’, ‘খাচী স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ’, ‘অসম আৰক্ষী’, ‘পৰ্যটন বিভাগ’, ‘এইমছ-গুৱাহাটী’, ‘আইআইটি-গুৱাহাটী’। তেওঁলোকে অঞ্চলটোৰ সংবাদ মাধ্যমৰ সৈতেও বাৰ্তালাপ কৰিব।

                                                          

                                                                                         মেঘালয়ৰ বিখ্যাত ‘ৰুট ব্ৰীজ’ দৰ্শন

 

‘মিডিয়া ট্যুৰ’য়ে মহাৰাষ্ট্ৰৰ সাংবাদিকসকলক উত্তৰ-পূবৰ ৰাজ্য অসম আৰু মেঘালয়ত গ্ৰহণ কৰা বিভিন্ন চৰকাৰী পদক্ষেপসমূহৰ বিষয়ে তথ্য অনুধাৱন কৰাৰ সুযোগ প্ৰদান কৰিব। এই ভ্ৰমণে অঞ্চলটোৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে বিস্তৃত তথ্য সংগ্ৰহ কৰাৰ লগতে চৰ-জমিন অধ্যয়নৰো সুযোগ প্ৰদান কৰিব। এনে কথোপকথনে সাংবাদিকসকলক স্থানীয় পৰিস্থিতি, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থা আৰু চৰকাৰৰ উন্নয়নমূলক প্ৰচেষ্টাৰ প্ৰতি সংবেদনশীল কৰি তুলিব। আশা কৰা হৈছে যে এই ভ্ৰমণৰ জৰিয়তে দুয়োটা অঞ্চলৰ সংবাদ মাধ্যম আৰু চৰকাৰী বিভাগসমূহৰ মাজত এক দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তুলিব পৰা যাব আৰু পৰৱৰ্তী সময়ত বিভিন্ন প্ৰসংগত আলোচনা আৰু চিন্তাধাৰাৰ বিনিময়ৰ সুযোগ লাভ কৰিব পৰা যাব।

 

‘পিআইবি মুম্বাই’ৰ উপ-সঞ্চালক শ্ৰীমতী জয়দেৱী পূজাৰী স্বামীৰ নেতৃত্বত আৰু ‘পিআইবি গুৱাহাটী’, ‘পিআইবি শ্বিলং’ আৰু ‘ডিডিকে শ্বিলঙ’ৰ সহযোগত ‘মিডিয়া ভ্ৰমণ কাৰ্যসূচী’ অনুষ্ঠিত কৰা হৈছে। বিভিন্ন মাৰাঠী, হিন্দী আৰু ইংৰাজী ‘প্ৰিণ্ট’ আৰু ‘ইলেক্ট্ৰনিক মিডিয়া’ সংগঠনৰ প্ৰতিনিধিয়ে ‘মিডিয়া ট্যুৰ’ত অংশগ্ৰহণ কৰিছে।

 

 

****

Nikita J/CY/KB/BM


(Release ID: 1973060) Visitor Counter : 97


Read this release in: English , Marathi