তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বিশ্বনাথ চাৰিআলিত সেৱা, সুশাসন আৰু গৰিব কল্যাণৰ ৯ বছৰ আৰু স্বচ্ছতা হি সেৱা বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শনী আৰম্ভ
प्रविष्टि तिथि:
07 OCT 2023 7:07PM by PIB Guwahati
চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্বন (চিবিচি), গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা আজিৰে পৰা বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত দুদিনীয়া ফটো প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে সেৱা, সুশাসন আৰু গৰিব কল্যাণৰ ৯ বছৰ আৰু স্বচ্ছতা হি সেৱা।

এই প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে দেশৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু লগতে যোৱা ৯ বছৰত চৰকাৰৰ আঁচনি আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা। লগতে প্ৰদৰ্শনীখনৰ উদ্দেশ্য হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে লোকসকলক সজাগ কৰা আৰু স্বচ্ছতা হি সেৱা অভিযানৰ উদ্দেশ্য প্ৰচাৰ কৰা।
আজি প্ৰদৰ্শনীখন বিশ্বনাথ সমষ্টিৰ বিধায়ক শ্ৰী প্ৰমোদ বৰঠাকুৰে উদ্বোধন কৰে। শ্ৰী বৰঠাকুৰে তেওঁৰ ভাষণত কয় যে এই ধৰণৰ প্ৰদৰ্শনীয়ে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁ দেশৰ শ্বহীদসকলক উদযাপন আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে চিবিচিৰ উদ্যোগক প্ৰশংসা কৰে। তেওঁ আদিবাসী সম্প্ৰদায়ৰ শ্বহীদসকলৰ ত্যাগৰ কথাও স্মৰণ কৰে।

দুলাৰাম ৰাৱটিয়া, উত্তৰ অসম চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি, দিগন্ত ঘাটিৱাৰ, সম্পাদক, সুশীল কুৰ্মী, বিশিষ্ট কবি, শিৱপ্ৰসাদ মাৰাক, বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্ম কুৰ্মী, সহকাৰী বিডিঅ', বিশ্বনাথ উন্নয়ন খণ্ডৰ লগতে আজি উদ্বোধনী অধিৱেশনত অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট ব্যক্তিসকলে ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা স্মৰণ কৰে আৰু স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শক স্মৰণ আৰু অনুসৰণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

প্ৰদৰ্শনীখনত উত্তৰ-পূব ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে উৎসৰ্গিত প্ৰায় ৪০ খন ফটো পেনেলৰ লগতে সেৱা, সুশাসন আৰু গৰিব কল্যাণৰ ক্ষেত্ৰত যোৱা ৯ বছৰৰ চৰকাৰৰ সাফল্য প্ৰদৰ্শন কৰা হৈছে। অনুষ্ঠানটোত শিক্ষাৰ্থীসকলৰ মাজত কলা আৰু কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
BM/AA
(रिलीज़ आईडी: 1965576)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English