প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ছিকিমৰ আকস্মিক বানৰ শেহতীয়া স্থিতি: ভাৰতীয় সেনাৰ সন্ধানহীন কৰ্মী-জোৱানৰ অনুসন্ধান অব্যাহত, আৱদ্ধ পৰ্যটক আৰু অসামৰিক লোকসকললৈ সহায্য প্ৰদানৰ দিহা

प्रविष्टि तिथि: 06 OCT 2023 11:00AM by PIB Guwahati

ভাৰতীয় সেনাৰ সন্ধানহীন হৈ থকা কৰ্মী-জোৱানসকলৰ অনুসন্ধান অব্যাহত আছে। ইফালে ভাৰতীয় সেনাই উত্তৰ ছিকিমত আৱদ্ধ হৈ থকা অসামৰিক লোক আৰু পৰ্যটকসকলক খাদ্য, চিকিৎসা সাহায্য আৰু যোগাযোগৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

ভাৰতীয় সেনাৰ নিৰুদ্দিষ্ট সৈনিকসকলৰ অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে। শেহতীয়া ভাবে এই অভিযান তিস্তা বান্ধৰ সমীপবৰ্তি অঞ্চলসমূহৰ লগতে নৈখনৰ নামনি অঞ্চলত কেন্দ্ৰীভূত কৰা হৈছে। ঘটনাস্থলী চিংটামৰ ওচৰৰ বুৰ্দাঙত সেনাৰ বাহনসমূহ খান্দি উলিওৱাৰ লগতে ইয়াত থকা বয়-বস্তুসমূহ উদ্ধাৰৰ দিহা কৰা হৈছে। অনুসন্ধান অভিযানত সহায় কৰিব পৰাকৈ ‘টিএমআৰ’ (তিৰঙ্গা মাউণ্টেইন ৰেচকিউ)ৰ দল, ‘ট্ৰেকাৰ ডগ’, ‘বিশেষ ৰাডাৰ’ আদি অনা হৈছে।

ইফালে, ভাৰতীয় সেনাৰ ‘ত্ৰিশক্তি ক’ৰ্পছ’ৰ সৈন্যই লাচেন/চাটেন, লাচুং আৰু চুংথাং অঞ্চলত উপস্থিত থকা ১৪৭১ গৰাকী পৰ্যটকৰ বুজ ল'বলৈ সক্ষম হৈছে। ৬ অক্টোবৰত বতৰ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ পৰ্যটকসকলক হেলিকপ্টাৰৰ জৰিয়তে স্থানান্তৰ কৰাৰ সুযোগ ওলাব পাৰে। ৰাজ্য চৰকাৰ, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাই যুটীয়াভাৱে একেটা পৰিকল্পনাকে কৰিছে।

সকলো সংস্থাৰ দ্বাৰা ক্ষতিৰ মূল্যায়ন আৰু পথৰ পুনৰ সংযোগ স্থাপনৰ পৰিকল্পনাৰ বাবে ইতিমধ্যে জৰীপ আৰম্ভ কৰা হৈছে। যানবাহনৰ যাতায়তৰ বাবে এটা ‘লেন’ পৰিষ্কাৰ কৰাৰ লগে লগে চিংটাম আৰু বুৰ্দাঙৰ মাজৰ পথ সংযোগ পুনৰ স্থাপিত হৈছে।

                                         

****

Source: Pro Defence, Guwahati

KB


(रिलीज़ आईडी: 1964961) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English