উপ-ৰাষ্ট্ৰপতি সচিবালয়
সংগীত নাটক অকাডেমি অমৃত বঁটা প্ৰদান অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ পাঠ (উদ্ধৃত)
Posted On:
16 SEP 2023 3:36PM by PIB Guwahati
সকলোকে অভিনন্দন! সকলোকে নমস্কাৰ!
এনে এক শুভ সন্ধিক্ষণত এনে বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে মই বিভাগটোৰ সচিব শ্ৰী গোবিন্দ মোহন আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো। মই পশ্চিম বংগৰ ৰাজ্যপাল হৈ থাকোতেও এই দলটোক অক্লান্ত পৰিশ্ৰম কৰা দেখিছোঁ। মই পুনৰবাৰ দলটোক অভিনন্দন জনাইছো। এই কামটো কৰাটো সিমান সহজ নহয়, দলটোৱে অসাধ্য সাধন কৰিছে৷ সেয়া হৈছে মাটিৰ বাস্তৱতাৰ স্বীকৃতি, প্ৰধানমন্ত্ৰীয়ে সপোন বাস্তৱায়িত কৰাৰ বাবে অভিনন্দন!
মই আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিম, মই কেতিয়াও পাহৰিব নোৱাৰিম যে ইমান সংখ্যক পুৰোধা ব্যক্তিৰ হৃদয়ৰ পৰা, কামৰ পৰা, মনৰ পৰা, সংস্কৃতিৰ পৰা নিঃসৃত আশীৰ্বাদ... মই আজিলৈকে কেতিয়াও পোৱা নাই। এজনৰ আশীৰ্ব্বাদেই যথেষ্ট, কিন্তু ইমান বেছি লোকৰ আশীৰ্বাদ লাভ কৰিছো। যেতিয়া মই তললৈ নামি যোৱাৰ সিদ্ধান্ত লৈছিলো, মোৰ মনৰ পৰা এটা কথা ওলাই আহিছিল যে সন্ধ্যাজীয়ে সকলো ব্যৱস্থা কৰিছে। কিন্তু মই অনুভৱ কৰিছিলোঁ যে যিসকলে পিতৃৰ দৰে, মাতৃৰ দৰে আহিছে, তেওঁলোকৰ আশীৰ্ব্বাদ মই তেওঁলোকক কষ্ট নিদিয়াকৈ লোৱা উচিত।
যেতিয়া 'গৌৰী কুপ্পুস্বামী' আৰু 'মহাভাষ্যাম চিথিৰঞ্জন জী'ক প্ৰদান কৰা দুটা বঁটা , যিসকলে তেওঁলোকৰ হৈ গ্ৰহণ কৰিবলৈ আহিছিল, তেওঁলোকৰ চকুৰ উজ্জ্বলতা দেখি, আমাৰ ভাৰতে তেওঁলোকৰ প্ৰতিভাক চিনি পোৱা দেখি, অত্যন্ত সুখী হৈছো, এয়া এক ডাঙৰ সাফল্য । এক এক বৃহৎ সাফল্য । মই অত্যন্ত সুখী অনুভৱ কৰিছো।
আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ বিশেষ কথাটো আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল কাক সন্মান জনোৱা হৈছে, যিসকলক সন্মান জনোৱা হৈছে, তেওঁলোকৰ বাবেই ভাৰতৰ সংস্কৃতিয়ে সন্মান লাভ কৰিছে , ভাৰতৰ গৌৰৱ বৃদ্ধি পাইছে। চাওঁক, প্ৰতিজন সন্মানীয় মহান পুৰুষ আৰু মহান মহিলাৰ বয়স ৭৫ বছৰৰ অধিক আৰু আজিলৈকে কোনেও তেওঁলোকক চিনাক্ত কৰা নাই। এয়া কিয় হৈছিল?
এই সংস্কৃতি দেশত পদ্ম বঁটাৰে আৰম্ভ হৈছিল। কাক প্ৰথমে পদ্ম বঁটা প্ৰদান কৰা হৈছিল? তেওঁলোকক কেনেধৰণে দিয়া হৈছিল? সকলোৱে জানে ইয়াৰ প্ৰভাৱ কিমান দূৰ উপযোগী আছিল। মই মন্তব্য দিব নিবিচাৰো কিন্তু যোৱা ১০ বছৰত, যিসকলে কেতিয়াও আশা কৰা নাছিল, তেওঁলোকক পদ্ম বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াক পোৱাৰ পিছত, সমাজে কৈছিল যে এয়া সঠিক পুৰুষক, সঠিক মহিলাক দিয়া হৈছিল। আমাৰ দেশৰ ইতিহাসত কেতিয়াও পদ্ম বঁটা প্ৰদান কৰাৰ পিছত বঁটা প্ৰদানৰ ইমান বৃহৎ অনুমোদন পোৱা হোৱা নাই।একেদৰে, আপোনালোক যিসকল সমগ্ৰ দেশৰ পৰা আহিছে, কেনে সুন্দৰ পোছাক পিন্ধিছে, আমি দেখিছোঁ যে সকলোৰে স্বাস্থ্য অতি ভাল, এটা কথা আমাৰ সন্মুখত আছে যে আমি এনে এক যুগত বাস কৰিছো য'ত সকলো কথাই সম্ভৱ।
১৯৮৯ চনত, মই এজন সাংসদ হৈছিলো, কেন্দ্ৰত এজন মন্ত্ৰী হৈছিলো, যিটো মই সপোনত দেখা নাছিলো, যিটো মোৰ মনলৈ অহা নাছিল, মই আজি মাটিৰ বাস্তৱতা দেখিছোঁ। দেশৰ নেতৃত্বই সকলো অসম্ভৱ সম্ভৱ কৰি তুলিছে আৰু আজি সেই সাফল্যত এক মাইলৰ খুঁটি সৃষ্টি হৈছে। যিসকলে আমাক উত্তোলিত কৰিছিল, আমাৰ সংস্কৃতি সমৃদ্ধ কৰিছিল, আমাৰ সংস্কৃতিক বহন কৰিছিল , কিন্তু কোনেও কেতিয়াও তেওঁলোকৰ যত্ন লোৱা নাছিল। তেওঁলোক মাণিকৰ দৰে, বহু বছৰ আগতেই চিনাক্ত কৰিব লাগিছিল। এইখন এখন অদ্ভুত দেশ, কিছুমান মানুহে নিজকে শোভিত কৰে আৰু বুজি নাপায় যে তেওঁলোকে গোটেই জীৱন কিয় এয়া কৰিছে, আজিও মই বুজি নাপাওঁ যে এয়া আগতে কিয় হোৱা নাছিল, এয়া এক ডাঙৰ সাফল্য।
ত্ৰিৰংগা সম্পৰ্কে আলোচনা হৈছে, প্ৰতি খন ঘৰত ত্ৰিৰংগা উৰিছে, পৃথিৱীয়ে দেখিছে, দেশে দেখিছে, সেই ত্ৰিৰংগা এতিয়া চন্দ্ৰতো উৰিছে! সেয়া কেনেকৈ সম্ভৱ হৈছে ? মই আপোনাক দুটা উদাহৰণ দিম, ২০১৯ চনত মই পশ্চিম বংগৰ ৰাজ্যপাল আছিলো। চন্দ্ৰযান-২ৰ অৱতৰণ চন্দ্ৰত হ'ব লাগিছিল। মই অনুষ্ঠানটো কলকাতাৰ চায়েন্স চিটিত চাইছিলো। অৱতৰণৰ সময় আছিল প্ৰায় ২.০০ বজাত। মই ৫০০ স্কুলীয়া শিশু আৰু ছাত্ৰ-ছাত্ৰীক লগত ৰাখিছিলো, অৱশেষত সেই অৱতৰণ বিফল হ’ল। নিস্তব্ধতা নামি আহিল। একে সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এক বিবৃতিত কোৱা হ’ল যে আমি ৯৬% সফল, আমি পৰৱৰ্তী বাৰ সফল হ'ম।।আৰু ২০২৩ চনৰ ২৩ আগষ্টত সেই দিনটো আহিছিল, যেতিয়া আমি সফল হৈছিলোঁ। অৰ্থাৎ, মনোবল অটুট ৰখাটো হৈছে নেতৃত্বৰ কাম, সফলতা স্বয়ংক্ৰিয়ভাৱে আহিব।
মাননীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালজীয়ে কৈছে যে আমি চন্দ্ৰত যি অৰ্জন কৰিছো তাৰ কিছুমান দিশ আছে, যিবোৰ বিশ্বত প্ৰথমবাৰৰ বাবে ঘটিছে... চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা। কল্পনা কৰক আমি ক'ৰ পৰা আহিছিলো, এইটো ৬০ ৰ দশক আছিল, আমাৰ চুবুৰীয়া দেশখনে নিজৰ ভূমিৰ পৰা উপগ্ৰহ উৎক্ষেপণ কৰিছিল আৰু আমি ইয়াক আন কাৰোবাৰ ভূমিৰ পৰা উৎক্ষেপণ কৰিছিলো, আমাৰ অৱস্থা তেতিয়া তেনেই আছিল।
আজি, আমাৰ ইছৰোই ছিংগাপুৰৰ উপগ্ৰহ উৎক্ষেপণ কৰা, ইউৰোপীয় দেশৰ উপগ্ৰহ উৎক্ষেপণ কৰা আদি কামবোৰ কাৰ্যকৰীভাবে কৰিছে।সেইবোৰৰ ধনৰ সঠিক দিব আদায় দিব পাৰিছে, ই এটা সৰু কাম নহয়।
আজি আমি দেখিছোঁ যে ক্ৰীড়া জগতত আমাৰ বিজয়ৰ শিঙা বাজি আছে! আৰু মনত ৰাখিব যে সেইদিনা টকিঅ'ত আমাৰ ছোৱালীবোৰে খুব ভাল প্ৰদৰ্শন কৰিছিল। কিন্তু তেওঁলোকে জটিল মেচখনত হাৰিছিল । তেওঁৰ চকু চকুপানীৰে ভৰি পৰিছিল৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী কন্যাৰ সৈতে ফোনত কথা পাতিছিল, সকলোকে উৎসাহিত কৰিছিল। এনে পৰিস্থিতিত, মই বেদনা অনুভৱ কৰোঁ, কেতিয়াবা মই দুখ অনুভৱ কৰোঁ যে কিছুমান লোক, সংখ্যাটো অতি কম, ভাৰতৰ প্ৰগতিৰ বিষয়ে তেওঁলোকৰ মনটো কিয় দুৰ্বল? আমি ভাৰতৰ প্ৰগতি কিয় হজম কৰিব নোৱাৰো? শ্ৰীযুত মন্ত্ৰী মহোদয় এনেবোৰ কথাৰ কিছু চিকিৎসা উলিয়াওক, এইটো প্ৰয়োজনীয় , কিয়নো যেতিয়া বিশ্ব বেঙ্কৰ
অধ্যক্ষই কৈছে যে ভাৰতত ডিজিটেল উন্নয়নৰ ৬ বছৰত আমি ৫০ বছৰত যি কৰা হোৱা নাছিল সেয়া কৰিছো, আমি প্ৰশংসা কৰা উচিত, আমি শিৰ উন্নত কৰিব লাগে , আমি প্ৰশংসা কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে মোক কৃষকৰ পুত্ৰ হিচাপে পৰিচয় দিছিল।
বছৰত তিনিবাৰ কৈ ২,৫০,০০০ কোটি টকাৰ লাভালাভৰ পৰা ১১ কোটি কৃষক লাভাৱান্বিত হৈছে। পোনপটীয়াকৈ মধ্যস্থতাকাৰী অবিহনে, ধন কটা অবিহনে । মই ইয়াক আন এটা ধৰণে চাওঁ আৰু মই যি দেখিছোঁ সেয়া হ'ল দাতাৰ শক্তি হৈছে যে চৰকাৰ প্ৰযুক্তিগতভাবে শক্তিধৰ আৰু সেইবোৰৰ প্ৰাপকসকলো প্ৰযুক্তিগতভাৱে গ্ৰহণযোগ্য। এইখনেই পৰিৱৰ্তনশীল ভাৰতৰ ছবি!
ৰাষ্ট্ৰপতিয়ে কৈছে যে ভাৰতত ডিজিটেল বিকাশৰ ৬ বছৰত আমি ৫০ বছৰত যি কৰা নহয় সেয়া কৰিছো, আমি প্ৰশংসা কৰা উচিত, আমি বুকু দাঙি বঢ়াব লাগে, আমি প্ৰশংসা কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে মোক কৃষকৰ পুত্ৰ হিচাপে পৰিচয় দিছিল।
বছৰত তিনিবাৰ কৈ ২,৫০,০০০ কোটি টকাৰ লাভালাভৰ পৰা ১১ কোটি কৃষক লাভান্বিত হৈছে। পোনপটীয়াকৈ মধ্যস্থতাকাৰী অবিহনে, কটা অবিহনে, মধ্যস্থতাকাৰী অবিহনে। মই ইয়াক আন এটা ধৰণে চাওঁ আৰু মই যি দেখিছোঁ সেয়া হ'ল দাতাৰ শক্তি হৈছে যে চৰকাৰ প্ৰযুক্তিগতভাৱে সজ্জিত কিন্তু প্ৰাপ্তকৰ্তাও প্ৰযুক্তিগতভাৱে গ্ৰহণযোগ্য। এইখন পৰিৱৰ্তনশীল ভাৰতৰ ছবি!
যেতিয়া মই এগৰাকী বিদেশী পেছাদাৰী লোকৰ সৈতে কথা পাতিছিলো, মই কৈছিলো যে মই এনে এক কাৰ্যসূচীলৈ গৈ আছোঁ য'ত সন্মানিত হোৱা প্ৰতিজন ব্যক্তিৰ বয়স ৭৫ বছৰৰ অধিক, আৰু ৭৫ বছৰৰ এই দীঘলীয়া সময়ছোৱাত, তেওঁক কেতিয়াও অভিনন্দন জনোৱা হোৱা নাছিল, দেশত এনে হৈ আছে।
মই জানো তেওঁৰ উত্তৰ কি হ’ব। তেওঁ এজন ইংৰাজ মানুহ।তেওঁ ক’লে- মহামান্য, আপোনাৰ দেশত সকলো সম্ভৱ। এগৰাকী জনজাতীয় মহিলা, মহান গুণৰ অধিকাৰী মহিলা, এই দেশৰ ৰাষ্ট্ৰপতি।এয়া প্ৰথমবাৰৰ বাবে ঘটিছে।
এই সকলো বোৰ উন্নয়ন আমাৰ বাবে আচৰিত হ’বলগীয়া বিষয় নহয়, ই হৈছে আমাৰ ৫০০০ বছৰৰ সংস্কৃতি, আমাৰ ঐতিহ্য আৰু এতিয়া আমি সেই পথত অগ্ৰসৰ হৈছে। ২০৪৭ চনত, ভাৰত বিশ্বৰ শীৰ্ষত থাকিব। অৰ্জুন জী আৰু মীনাক্ষীজীয়ে মই দেখা দিনবোৰ দেখা নাই... তেওঁলোক সৌভাগ্যৱান যে তেওঁলোক ভাৰতৰ সংসদলৈ আহিছিল যেতিয়া দেশখনে নতুন ৰূপ লৈছিল। কিন্তু মই ১৯৮৯ চনত ভাৰতৰ সংসদলৈ আহিছিলো আৰু মন্ত্ৰী হৈছিলো। আমাৰ বৈদেশিক মুদ্ৰা একৰ পৰা দুই বিলিয়নৰ মাজত দোল খাই আছিল আৰু ১৫ দিনতকৈ অধিক সময় ধৰি কোনো অৰ্থনৈতিক অক্সিজেন নাছিল। উশাহ বচাবলৈ, দেশৰ সোণ বিমানত বিদেশত বন্ধকত দিব লগা হৈছিল। আজি ভাৰতত ৬০০ গুণ অধিক বৈদেশিক মুদ্ৰা আছে।
আমি সপোনতো ভবা নাছিলো যে এজন সাংসদৰ বাবে ৫০ টা গেছ সংযোগ উপলব্ধ হ’ব আৰু কাৰোবাক গেছ সংযোগ দিয়াটো আমাৰ শক্তি আছিল। আজি প্ৰতিটো ঘৰত গেছৰ সংযোগ দিয়া হৈছে, কোটি কোটি ঘৰত দিয়া হৈছে, যিসকল পৰিয়ালক ইয়াৰ প্ৰয়োজন তেওঁলোকক সেয়া দিয়া হৈছে। আগতে, কোনেও বিদেশলৈ গৈ বিদেশত গাড়ীৰ পৰা কলৰ বাকলি পেলাই দিবলৈ সাহস কৰা নাছিল, কিন্তু ভাৰতলৈ অহাৰ লগে লগে তেওঁলোকে কলৰ বাকলি, গিলাচটো বাহিৰলৈ পেলাই দিয়াটো তেওঁলোকৰ অধিকাৰ বুলি বিবেচনা কৰিছিল, এতিয়া তেনে হয়নে? নহয়।
কোৱা হয় যে এজন বিদেশী অতিথি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে আহিছিল আৰু সকলোৱে ৰে’লপথৰ কাষতে শৌচ কৰি আছিল। তেওঁ সুধিছিল যে এই লোকসকল কোন, কিন্তু কোনেও ভবা নাছিল যে সমস্যাটোৰ সমাধান কি । আমাৰ গাওঁবোৰত মুকলিত শৌচ কৰা লোক কিমান আছিল সেয়া কল্পনা কৰাটো কঠিন আছিল। কথাটো ভাবিবলৈ কঠিন আছিল, এতিয়া সেয়া দূৰ কৰিবলৈ পদক্ষেপবোৰ কাৰ্যকৰী কৰা হৈছে।
মই মোৰ চকুৰে যি দেখিছিলো তাৰ দ্বাৰা মই অভিভূত হৈছোঁ আৰু জি-২০ৰ আমাৰ সাংস্কৃতিক আভাস দেখিও স্তম্ভিত হৈ গৈছিলো!
গোটেই পৃথিৱীৰ পৰা নেতা আহিছিল , তেওঁলোকে কি দেখিছিল? তেওঁলোকে দেখিলে যে এয়া কি দৃশ্য আছিল... তিনিটা ভাগত বিভক্ত, এটা সাধাৰণ আৰম্ভণি , তাৰ পিছত মাজভাগত, তাৰ পিছত শেষত... তাত কিমানটা বাদ্যযন্ত্ৰ আছিল, প্ৰতিটো কোণৰ পৰা মানুহে আহি অংশগ্ৰহণ কৰিছে । তেওঁলোকে কল্পনাও কৰিব নোৱাৰা সেই উপলব্ধি৷ তেওঁলোকে কল্পনাও কৰিব নোৱাৰা সেই উপলব্ধি, এয়া আমাৰ দেশতে ঘটিছে।
এয়া ভাৰতৰ প্ৰগতিৰ বাবে প্ৰয়োজনীয়। দুই প্ৰকাৰৰ কূটনীতি আছে, এটা সৰল উপায়েৰে কৰা হয়, আনটোক নৰম-কূটনীতি বুলি কোৱা হয়, ইয়াৰ কিছু মাত্ৰা আছে, কিন্তু এটাত সংস্কৃতি আছে, আৰুকংস্কৃতি ইয়াৰ শীৰ্ষত আছে।
মই ৰেড্ডীজীৰ নেতৃত্বত থকা মন্ত্ৰীৰ দলটোক আৰু শ্ৰী গোবিন্দ মোহনজীৰ নেতৃত্বত থকা আমোলাসকলৰ দলটোক অভিনন্দন জনাইছো। তেওঁলোকে সৰ্বশ্ৰেষ্ঠ পৰম্পৰাৰ উদাহৰণ দিছে আৰু ইয়াক আমাৰ কূটনীতিৰ এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাবে প্ৰতিষ্ঠা কৰিছে।
মই সাংবাদিক ভাতৃসকলক অনুৰোধ কৰিম যে পৃথিৱীত খুব কম দেশ আছে, দুটা সংখ্যাত নহয়, যাৰ সংস্কৃতি ৫০০-৭০০ বছৰ পুৰণি। আমাৰ ৫০০০ বছৰ পুৰণি। সেয়েহে, আমাৰ শিল্পীসকলক সন্মান কৰা, তেওঁলোকৰ যত্ন লোৱা, তেওঁলোকক সুৰক্ষা দিয়া, তেওঁলোকক প্ৰতিপালন কৰা আৰু তেওঁলোকক এক সংগঠিত প্ৰকাৰে সহায় কৰাটো আমাৰ বাবে প্ৰয়োজনীয়। এই ক্ষেত্ৰত মোৰ ব্যক্তিগত মনোযোগ আছে, কিয়নো তিনি বছৰ ধৰি মই পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি আছিলোঁ। মোক কোৱা হৈছিল যে ভাৰত চৰকাৰৰ উদ্ভাৱনীমূলক আছে। সেই আঁচনিবোৰৰ আধাৰত সহায় আগবঢ়োৱা হৈছে।
মই সকলো বিষয়া আৰু মন্ত্ৰীক এটা নতুন চিন্তা ধাৰণ কৰিবলৈ অনুৰোধ কৰিম যে এয়া আৰম্ভ কৰিব পাৰি, কিয়নো আমি এনে এখন ভাৰতত আছোঁ য'ত সকলো সম্ভৱ, আৰু য'ত যিবোৰ সম্ভৱ নহয়... এয়াও সম্ভৱ কৰা হৈছে।
আজি মই যথেষ্ট ঋণী অনুভৱ কৰিছো, এটা ডাঙৰ ঋণ হৈছে যে মই ইমান মহান ব্যক্তিত্বৰ আশীৰ্বাদ লাভ কৰিছো। মই সম্পূৰ্ণৰূপে অনুপ্ৰাণিত, সম্পূৰ্ণৰূপে প্ৰাণৱন্ত আৰু সম্পূৰ্ণভাৱে শক্তিশালী হৈ আছোঁ। আপোনালোকৰ এজনে মোক কৈছিল যে ৭০ বছৰৰ তপস্যাৰ পিছতহে এনে এটা দিনটো দেখা পাব পাৰি , মই সপোনতো সেই কথা ভবা নাছিলো৷
আমাৰ সাংস্কৃতিক ঐতিহ্যই কয় যে ইতিহাসত এনে এক মুহূৰ্ত আহে যেতিয়া এজন ব্যক্তি উপস্থিত হয় আৰু তেওঁ নিঃস্বাৰ্থভাৱে ১৪০ কোটি লোকৰ ভাগ্যক এক নিৰ্দেশনা দিয়ে৷ আৰু নীতিটো কি? দহ বছৰ আগতে, ভাৰত আৰু আন চাৰিখন দেশ বিশ্বৰ বাবে বোজা হৈ পৰিছিল। তেওঁলোকক ফ্ৰেজাইল ফাইভ বুলি কোৱা হৈছিল, ব্ৰাজিল, তুৰস্ক, ইণ্ডোনেছিয়া, দক্ষিণ আফ্ৰিকা আৰু ভাৰত৷ আজি কোৱা হয় যে ভাৰত বিশ্বৰ পাঁচ খন বিশাল অৰ্থনীতিৰ মাজৰে এখন৷ এয়া আমাৰ সাফল্য৷ এই দশকৰ শেষৰ পিনে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনৈতিক মহাশক্তিত পৰিণত হ’ব৷ ২০৪৭ চনত আমি যেতিয়া স্বাধীনতাৰ ১০০ বৰ্ষ পালন কৰিম তেতিয়া ভাৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হৈ পৰিব৷
শেষ কৰাৰ আগতে, মই আইন মন্ত্ৰীৰ সন্মুখত ক'ব বিচাৰো, উচ্চতম ন্যায়ালয়ৰ ৰায়ত কি কোৱা হৈছিল। সংস্কৃতিকলৈ তেওঁলোকৰ প্ৰথম ৰায়টো কি আছিল ? দ্বিতীয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে তেওঁৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত অধ্যয়ন কৰি আছিল, সেই সময়ত এজন ইংৰাজ সৈনিক তেওঁৰ কোঠালৈ সোমাই আহিছিল আৰু তেওঁ খঙতে কৈছিল যে আপুনি আৰামেৰে বহি আছে আৰু আমি যুঁজি আছো। অধ্যাপকজনে নম্ৰতাৰে সুধিলে আপুনি কাৰ বাবে যুদ্ধ কৰি আছে? আপুনি কিয় যুঁজি আছে? সৈনিকজনৰ এই কথা শুনি খং বাঢ়ি গৈছিল, সৈনিকজনে কৈছিল- মই দেশৰ বাবে যুঁজি আছো। মই এই মাটি আৰু সংস্কৃতিৰ বাবে যুঁজি আছো। অধ্যাপকজনে কৈছিল আপুনি
আপুনি কিহৰ বাবে যুঁজি আছে মোক বিতংভাৱে কওঁক? অধ্যাপকগৰাকীয়ে কয়- মই ন্যায়াধীশ আনচাৰাৰ ৰায়ৰ পৰা উদ্ধৃতি দিছোঁ- "ময়োতো সংস্কৃতিৰ কাম কৰি আছো", সৈনিকজনে তেতিয়া তেওঁক অভিবাদন জনাইছিল।
যিসকলক আমি আজি সন্মান জনাইছো তেওঁলোকে ভাৰতৰ সংস্কৃতি সমৃদ্ধ কৰিছে। তেওঁলোকক প্ৰণাম জনোৱাটো আমাৰ ধৰ্ম। তেওঁলোকে কালিক জীয়াই ৰাখিছে, যিটো বহু শতাব্দী ধৰি আক্ৰমণৰ বলি হৈ আহিছিল ৷ তেওঁলোকক মোৰ অভিবাদন, তেওঁলোকক মোৰ শুভেচ্ছা। তেওঁলোক সদায় সুখী আৰু আশীৰ্বাদপ্ৰাপ্ত হৈ থাকক। মই আপোনালোক সকলোৰে প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। মনত ৰাখিব যে একোৱেই ভাৰতীয়ত্বৰ উৰ্ধত নহয়। দেশৰ স্বাৰ্থ সৰ্বাধিক। আমি এই দেশৰ গৌৰৱান্বিত নাগৰিক আৰু আমি আমাৰ ঐতিহাসিক আৰু অভূতপূৰ্ব সাফল্যৰ বাবে সদায় গৌৰৱান্বিত হ'ব লাগিব।
জয় হিন্দ!
***
(Release ID: 1958121)
Visitor Counter : 152