তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ চিআইএছএফ, গুৱাহাটীৰ সহযোগত চেক্টৰ ১, নুনমাটিত ৩-দিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন

“এখনি প্ৰগতিশীল ভাৰতে অপেক্ষা কৰিছে য’ত আমাৰ সাহসী মুক্তিযোদ্ধাসকলৰ ত্যাগৰ গাথাই আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে”: শ্ৰীমতী নীলিমা ৰাণী সিং, চিআইএছএফৰ ডিআইজি

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুক্তিযোদ্ধাসকল তথা সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ ৯ বছৰ বিষয়ক প্ৰদৰ্শনী

Posted On: 01 SEP 2023 4:55PM by PIB Guwahati

আমাৰ মুক্তিযোদ্ধাসকলৰ বীৰত্ব আৰু সাহসিকতাৰ গাথাৰ উপস্থাপনেৰে আজিৰেপৰা গুৱাহাটীৰ চেক্টৰ ১, নুনমাটিত এখনি প্ৰদৰ্শনী আৰম্ভ হৈছে। চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন (CBC)ৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্য্যালয়ে আজিৰেপৰা ৩ ছেপ্টেম্বৰ, ২০২৩লৈ এই তিনি-দিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনী আৰু সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF), গুৱাহাটীৰ সহযোগত আয়োজিত এই প্ৰদৰ্শনীৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰখনৰ মুক্তিযোদ্ধাসকলৰ ত্যাগৰ গাথা সম্পৰ্কে আমাৰ যুৱ-সমাজৰ মাজত সজাগতা সৃষ্টি আৰু যোৱা ৯ বছৰত চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ তথা গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে অৱগত কৰা। এই প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ মুক্তিযোদ্ধাসকল তথা সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ ৯ বছৰ বিষয়ক ৪০ ৰোধিক পেনেল প্ৰদৰ্শন কৰা হয়। 

মুখ্য অতিথি হিচাপে এই প্ৰদৰ্শনী উদ্বোধনেৰে চিআইএছএফ, গুৱাহাটীৰ ডিআইজি শ্ৰীমতী নীলিমা ৰাণী সিঙে কয়, “চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীয়ে এই প্ৰদৰ্শনীৰ আয়োজনেৰে উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলৰ বিষয়ে জনসাধাৰণক জ্ঞাতকৰণৰ প্ৰয়াস গ্ৰহণ কৰাত অভিভূত হৈছোঁ। প্ৰদৰ্শনীখনিত প্ৰদৰ্শিত পেনেলত আমি কেইবাগৰাকীও মুক্তিযোদ্ধাক দেখিছোঁ। যিসকলৰ কথা পূৰ্বে আমি জনা নাছিলোঁ। মই ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰদৰ্শনীলৈ আহি এইসকল মুক্তিযোদ্ধা তথা ৰাষ্ট্ৰৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰা সাহসিকতা সম্পৰ্কে জ্ঞাত হ’বলৈ আহ্বান জনালোঁ। মই ক’ব পাৰোঁ, এখনি নব্য, প্ৰগতিশীল ভাৰতে অপেক্ষা কৰি আছে। য’ত আমাৰ সাহসী মুক্তিযোদ্ধাসকলৰ ত্যাগৰ গাথাই আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে।”


 

ভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধনেৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জানে নামচুয়ে কয়, “আমি দেশখনৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলক স্মৰণ আৰু তেওঁলোকৰ গুণ-গান কৰিছোঁ। তেওঁলোকৰ বীৰত্ব আৰু সাহসিকতাৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছিলোঁ। এই প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ সমাজে স্বাধীনতা সংগ্ৰামৰ আমাৰ সাহসী বীৰসকলৰ সম্পৰ্কে জানিব পাৰিব বুলি আশা কৰিছোঁ।”

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণেৰে আইঅ’চিএল, গুৱাহাটীৰ মহা প্ৰবন্ধক শ্ৰী এ. কে. বিশ্বাসে কয়, “চৰকাৰে ৰূপায়ণ কৰা একাধিক আঁচনি আৰু গ্ৰহণ কৰা পদক্ষেপে এটি উন্নত জীৱন-যাপন কৰাত জনসাধাৰণক সহায় কৰিব পাৰে। মই চিবিচি, গুৱাহাটীক এই আঁচনিসমূহক গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰীয়া অঞ্চলসমূহত আলোচনাৰ বিষয়-বস্তু কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে শলাগ লৈছোঁ।”

এই উদ্বোধনী অনুষ্ঠানত চিআইএছএফ, গুৱাহাটীৰ ডেপুটি কমাণ্ডেন্ট শ্ৰী হৰিশ ভাণ্ডাৰীয়েও অংশগ্ৰহণ কৰে। ইয়াত চিবিচিৰ ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া শ্ৰীমতী হীৰামণি দাসে আদৰণি ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত চিআইএছএফ, গুৱাহাটী আৰু চিবিচি, গুৱাহাটীৰ আন-আন বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। 

এই প্ৰদৰ্শনীৰ আন এক আকৰ্ষণ হৈছে চিআইএছএফৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শনী তথা ডগ শ্ব’ আৰু আত্ম-সহায়ক গোটসমূহৰ ষ্টল। 


 

ইয়াত কেন্দ্ৰীয় বিদ্যালয়; নুনমাটি, নুনমাটি পাব্লিক স্কুল, ৰিফাইনেৰী হাইস্কুল আৰু শংকৰদেৱ বিদ্যালয়, নুনমাটিৰ ৪০০ ৰোধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে চিবিচি, গুৱাহাটীৰ বিভাগীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

এই তিনি-দিনীয়া প্ৰদৰ্শনীৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুকলি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে।

 

**************


(Release ID: 1954197) Visitor Counter : 51


Read this release in: English