প্ৰতিৰক্ষা মন্ত্ৰালয়

‘জন ভাগীদাৰী’ৰ অংশ হিচাপে নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন শ্ৰেণীৰ বিশেষ অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছে

গতিশীল গাঁৱসমূহৰ চৰপঞ্চ, শিক্ষক, নাৰ্ছ, কৃষক, মাছমৰীয়া, এফ পি অ' আদিৰ লগতে চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট, অমৃত সৰোৱৰ, জল জীৱন মিছন, পি এম কিশান, স্কিল ডেভেলাপমেণ্ট আদিৰ দৰে ধ্বজাবাহী কাৰ্যসূচীত কাম কৰা লোকসকল আমন্ত্ৰিতসকলৰ ভিতৰত আছে

Posted On: 12 AUG 2023 5:27PM by PIB Guwahati

কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা মেঘালয়ৰ হিতাধিকাৰীসকলে ২০২৩ চনৰ ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। জল জীৱন মিছন (জে জে এম), পি এম কিষাণ সন্মান নিধি যোজনা, অমৃত সৰোবৰ যোজনা, চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট আদিৰ দৰে বিভিন্ন ফ্লেগশ্বিপ কাৰ্যসূচীৰ সৈতে জড়িত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৭০০ ব্যক্তিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ শুনিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। 

সমগ্ৰ ভাৰতৰ সকলো ক্ষেত্ৰৰ লোকসকলক আমন্ত্ৰণ জনোৱাৰ আৰু উদযাপনৰ অংশ হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপটো ইয়াৰ 'জন ভাগীদাৰী'ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।

মেঘালয়ৰ তিনিজন জেজেএম হিতাধিকাৰীক নতুন দিল্লীত আই-ডে উদযাপনত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। জল জীৱন মিছনে মেঘালয়ৰ জনসাধাৰণলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। পূব খাচী পাহাৰৰ মাকৱকিনৰেউৰ শ্ৰীমতী গ্লোৰিয়া উমচং, শ্ৰী জেনেচিউইছ মাৰ্ৱেইন, আৰু মাওফ্ৰেউ ৰি ভই জিলাৰ মিছ বেবিংগমন লাপাঙে মেঘালয়ৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।


শ্ৰীমতী গ্লোৰিয়া উমচঙে কয় যে দিল্লীত স্বাধীনতা দিৱস উদযাপন চাবলৈ আমন্ত্ৰণ জনোৱাটো এটা উত্তম সুযোগ। জল জীৱন মিছনক চৰকাৰৰ এক বৈপ্লৱিক পদক্ষেপ বুলি অভিহিত কৰি শ্ৰীমতী উমচঙে কয়, "জেজেএমে জীৱন সলনি কৰিছে, বিশেষকৈ তেওঁৰ গাঁৱৰ মহিলাসকলৰ। তেওঁলোকৰ গাওঁখনে ২০২০ চনত নলৰ পানীৰ সংযোগ পাইছিল। আগতে তেওঁলোকে কুঁৱা আৰু পুখুৰীৰ পৰা পানী সংগ্ৰহ কৰিবলৈ যথেষ্ট সময় অতিবাহিত কৰিব লগা হৈছিল। কিন্তু জেজেএমৰ টেপৰ জৰিয়তে পানী পোনপটীয়াকৈ তেওঁলোকৰ ঘৰলৈ যোৱাৰ পিছত এতিয়া জীৱন সহজ হৈ পৰিছে।"

জেজেএমৰ আন এজন হিতাধিকাৰী শ্ৰী জেনেচিউইছ মাৰ্ৱেইনে দিল্লীত আই-ডে উদযাপন চাবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে তেওঁ ২০২০ চনত নলৰ পানীৰ সংযোগ পাইছিল আৰু তেতিয়াৰ পৰা তেওঁ নদীৰ পৰা খোৱা পানী অনাৰ সমস্যাৰ সন্মুখীন হোৱা নাই। তেওঁ নলৰ পানী যোগান ধৰাৰ ধাৰণা আৰু খোৱা পানী প্ৰতিটো পৰিয়ালে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে  প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। 

পেছাত এগৰাকী কৃষক ৰিভৈ জিলাৰ মাউফ্ৰেউৰ মিছ বাবিয়াংমন লাপাঙে পিআইবি শ্বিলঙৰ সৈতে হোৱা কথা-বতৰাত নতুন দিল্লীলৈ আমন্ত্ৰণ লাভ কৰাৰ বাবে উৎসাহ প্ৰকাশ কৰে। জে জে এমৰ আগৰ দিনবোৰক স্মৰণ কৰি তেওঁ কয় যে এই আঁচনিখনে তেওঁলোকৰ এটা একক উৎসৰ পৰা পানী অনাৰ কষ্ট আঁতৰাই পেলাইছে। ‘আগতে আনকি পানী সংগ্ৰহ কৰাৰ সময়ত ঘৰৰ মাজত কাজিয়াও হৈছিল। কিন্তু ২০২২ চনৰ পিছত যেতিয়া নলৰ পানী পোনপটীয়াকৈ আমাৰ ঘৰলৈ আহিছিল, তেতিয়া খোৱাপানী পোৱাৰ লগত জড়িত সকলো সমস্যাৰ অন্ত পৰে।’- আঁচনিখনৰ সফলতাৰ ওপৰত নিজৰ ব্যক্তিগত অভিজ্ঞতাক আনন্দৰে মনত পেলাই এইদৰে কয় মিছ লাপাঙে।

*****



(Release ID: 1949453) Visitor Counter : 76


Read this release in: English