ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

সমবায়সমূহে দেশৰ সামাজিক অৰ্থনীতিৰ এক বৃহৎ অংশ গঠন কৰে : ৭৭ সংখ্যক স্বাধীনতা দিৱসত নতুন দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

সমবায়সমূহৰ শক্তিশালীকৰণ, আধুনিকীকৰণ আৰু দেশৰ প্ৰতিটো কোণত গণতন্ত্ৰৰ বৃহত্তম এককক শক্তিশালী কৰাৰ বাবে এক সুকীয়া সহযোগিতা মন্ত্ৰালয় গঠন কৰা হৈছে

प्रविष्टि तिथि: 15 AUG 2023 12:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লালকিল্লাৰ পৰা ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে সমবায়সমূহ দেশৰ আৰ্থ-সামাজিক দিশৰ এক উল্লেখযোগ্য অংগ। তেওঁ কয় যে সমবায়সমূহৰ শক্তিশালীকৰণ, আধুনিকীকৰণ আৰু দেশৰ প্ৰতিটো কোণত গণতন্ত্ৰৰ সৰ্ববৃহৎ এককক শক্তিশালী কৰাৰ বাবে এক সুকীয়া সহযোগিতা মন্ত্ৰালয় গঠন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সহযোগিতা মন্ত্ৰালয়ে দেশত সমবায়ৰ এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিছে, য’ত দৰিদ্ৰতম লোকসকলৰো কথা শুনিব পৰা যায়, তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি আৰু তেওঁলোকে যাতে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সহযোগিতাৰ পৰা সমৃদ্ধিৰ পথ লৈছো।

*****


(रिलीज़ आईडी: 1949261) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Punjabi