উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্প

Posted On: 03 AUG 2023 3:34PM by PIB Guwahati

২০১৩ চনত অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য আছিল ২৭৭১ কিলোমিটাৰ আৰু ২০২৩ চনৰ জুলাই মাহত ইয়াৰ পৰিসৰ হয়হি ৩৬৫১ কিলোমিটাৰ। ৩১.০৩.২০১৩ তাৰিখ পৰ্যন্ত অসমত ৰে’লপথৰ মুঠ দৈৰ্ঘ্য আছিল ২৪৫৯ কিমি আৰু ৩১.০৩.২০২৩ তাৰিখত ইয়াৰ দৈৰ্ঘ্য হয়হি ২৫৭১ কিলোমিটাৰ। ২০১৩ চনত আৰু ২০২৩ চনতো অসমৰ মুঠ বিমানবন্দৰৰ সংখ্যা আছিল ০৭ টা।

২০১৪-১৫ বৰ্ষৰ পৰা অসম ৰাজ্যত ঘাইপথ প্ৰকল্প আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে আৱণ্টন কৰা পুঁজিৰ বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

(কোটি টকা)

ক্ৰমিক নং

বছৰ

ঘাইপথ প্ৰকল্প

বিমান বন্দৰ উন্নয়ণ আন্তঃগাঁথনি

(নিৰ্মাণ ব্যয়)

২০১৪-১৫

৩২৬৮.৩৭

৩০.৫৫

২০১৫-১৬

৪৩৭৪.৩১

১৪.৭২

২০১৬-১৭

৪৩৩৪.৭২

০.০০

২০১৭-১৮

৪৭২৭.১৩

১১.৫০

২০১৮-১৯

৬৭৩২.৮৭

৭২.৩৫

২০১৯-২০

৫৫২৭.৮৪

১১৪.৬৯

২০২০-২১

৯৪৪২.২৩

১৬.৪৮

২০২১-২২

১১৯৯১.৮২

৫.৯৮

২০২২-২৩

১৩৩০০.৮৩

৪৩.৮৭

মুঠ

৬৩৭০০.১২

৩১০.১৪

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

০১.০৪.২০২৩ তাৰিখ পৰ্যন্ত, অসমকে ধৰি উত্তৰ-পূব অঞ্চলত সম্পূৰ্ণৰূপে/ আংশিকভাৱে পৰিকল্পনা/অনুমোদন/কাৰ্যকৰীকৰণৰ বিভিন্ন পৰ্যায়ত থকা ১৯ টা ৰে'ল আন্তঃগাঁথনি প্ৰকল্প (১৪টা নতুন ৰেলপথ আৰু ০৫টা দ্বৈতকৰণ)ৰ জৰিয়তে ৮১,৯৪১ কোটি টকা ব্যয়েৰে মুঠ ১,৯০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ  ৰে’লপথ নিৰ্মাণ কৰা হব। ইয়াৰে ৪৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ২০২৩ৰ মাৰ্চ মাহ পৰ্যন্ত ৩৭,৭১৩ কোটি টকা ব্যয় কৰা হৈছে। 

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ২০১৫ চনত আৰম্ভ হোৱা "কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উত্তৰ-পূৰ্বাঞ্চললৈ পষেকীয়া ভ্ৰমণ কাৰ্যসূচীৰ জৰিয়তে সকলো কেন্দ্ৰীয় মন্ত্ৰীৰ অঞ্চলটোলৈ কৰা ভ্ৰমণক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে জানুৱাৰী, ২০১৫ৰ পৰা জুন, ২০২৩ৰ ভিতৰত ৫৯৫ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

***


(Release ID: 1946327) Visitor Counter : 93
Read this release in: English , Urdu , Telugu