তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰসাৰ ভাৰতী দূৰদৰ্শন নিউজ গুৱাহাটীত নিউজ অপাৰেচনত চুক্তিভিত্তিক পদৰ বাবে আৱেদন আহ্বান

তালিকাভুক্ত ১০টা শিতানত ২২টা খালী পদৰ বাবে আবেদন আহ্বান

প্ৰাৰ্থীসকলে অৰ্হতা, চৰ্ত আৰু নিয়মাৱলী, যোগ্যতাৰ ওপৰত পাৰিতোষিক সম্পৰ্কীয় সবিশেষ জানিবৰ বাবে https://prasarbharati.gov.in/pbvacancies/ চাব পাৰে

প্ৰসাৰ ভাৰতীৰ ৱেবছাইটত বিজ্ঞাপন প্ৰচাৰ হোৱাৰ ১০ দিনৰ ভিতৰত অনলাইন আবেদন/প্ৰত্ৰ https://applications.prasarbharati.org ত দাখিল কৰিব লাগিব

পোষ্ট কৰা হৈছে: 28 JUL 2023 5:28PM by PIB Guwahati

দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি শাখা, প্ৰসাৰ ভাৰতী, দূৰদৰ্শন নিউজে একাধিক পূৰ্ণকালীন ঠিকাভিত্তিক পদৰ বাবে বিভিন্ন শিতানৰ ‘নিউজ অপাৰেচন’ত অভিজ্ঞ আৰু দক্ষ ব্যক্তিৰ পৰা আবেদন আহ্বান কৰিছে। এই পদসমূহ RNU, DDK গুৱাহাটীৰ বাবে মুকলি কৰি দিয়া হৈছে।

প্ৰতিটো শিতানত তলত দিয়া ধৰণে উল্লেখিত খালী পদৰ সংখ্যা উল্লেখ কৰা হৈছে -

  • এংকৰ, লগতে সংবাদদাতা -  গ্ৰেড-২ ( ২ টা) পদ
  • এংকৰ লগতে সংবাদদাতা গ্ৰেড-৩ (২ টা) পদ
  • বুলেটিন সম্পাদক (২ টা)
  • কপি এডিটৰ (২ টা)
  • সম্প্ৰচাৰ কাৰ্যবাহী (৩ টা)
  • ভিডিঅ' পোষ্ট প্ৰডাকচন এচিষ্টেণ্ট(৪ টা)
  • এছাইনমেণ্ট কোঅৰ্ডিনেটৰ (১ টা)
  • কনটেণ্ট এক্সিকিউটিভ (২ টা)
  • পেকেজিং এছিষ্টেণ্ট (২ টা)
  • ভিডিঅ'গ্ৰাফাৰ (২ টা)

অৰ্হতা, চৰ্ত আৰু নিয়ম, পাৰিতোষিক, আৰু পদৰ সবিশেষ সম্পৰ্কে বিতং তথ্য আমাৰ ৱেবছাইট https://prasarbharati.gov.in/pbvacancies/ ত উপলব্ধ যাব। ইচ্ছুক প্ৰাৰ্থীসকলক প্ৰসাৰ ভাৰতীৰ ৱেবছাইটত গৈ সম্পূৰ্ণ সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অৰ্হতা: এই চুক্তিবদ্ধ পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে প্ৰতিটো শ্ৰেণীৰ বাবে নিৰ্দিষ্ট কৰা প্ৰয়োজনীয় অৰ্হতা আৰু অভিজ্ঞতা পূৰণ কৰিব লাগিব। বিতং যোগ্যতাৰ প্ৰয়োজনীয় দিশবোৰৰ বাবে ৱেবছাইটৰ লিংক চাব পাৰিব।

আবেদন প্ৰক্ৰিয়াঃ অৰ্হতাৰ মাপকাঠী পূৰণ কৰা আৰু নিৰ্দিষ্ট চৰ্তাৱলী অনুসৰি কাম কৰিবলৈ ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে প্ৰসাৰ ভাৰতীৰ ৱেবছাইটত এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ তাৰিখৰ পৰা ১০ দিনৰ ভিতৰত প্ৰসাৰ ভাৰতী ৱেব লিংক https://applications.prasarbharati.org ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।

আবেদন দাখিল প্ৰক্ৰিয়াৰ সময়ত কোনো ধৰণৰ কাৰিকৰী অসুবিধাৰ সন্মুখীন হ’লে আবেদনকাৰীয়ে সমূখীন হোৱা ভুলৰ স্ক্ৰীণশ্বটৰ সৈতে hr.ddnews[at]gmail[dot]com ত তেওঁলোকৰ সমস্যাৰ বিষয়ে ইমেইল কৰিব পাৰিব অথবা প্ৰসাৰ ভাৰতী দূৰদৰ্শন নিউজ, আৰ এন ইউ, ডি ডি কে গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰিব।

PG


(ৰিলিজ আই ডি : 1943814) অতিথি কক্ষ : 958
ত এই ৰিলিজটো পঢ়ক: English