জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ অধ্যক্ষতাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন(গ্ৰা) সন্দৰ্ভত পূৰ্বোত্তৰ ভিত্তিক পৰ্য্যালোচনা বৈঠক

১% সংযোগেৰে আৰম্ভ কৰা অসমে এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪% অগ্ৰগতি লাভ কৰিছে।

পূৰ্বে ৬২% নাগৰিকৰ সঠিক অনাময় ব্যৱস্থা নথকাৰ বিপৰীতে এতিয়া ভাৰতৰ ১০০% লোকে সুলভ শৌচাগাৰ লাভ কৰিছে

পোষ্ট কৰা হৈছে: 06 JUL 2023 5:51PM by PIB Guwahati

উত্তৰ-পূবৰ ৰাজ্যসমূহে ‘জল জীৱন অভিযান’ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১% সংযোগেৰে আৰম্ভ কৰা অসমৰ দৰে এখন ৰাজ্যই এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪% অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীত এক সংবাদমেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে।

আজি উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰূপায়ণ কৰি থকা দুখন ধ্বজাবাহী আঁচনি জেজেএম আৰু এছবিএম (জি)ৰ অগ্ৰগতি ক্ষীপ্ৰকৰণৰ অৰ্থে পূৰ্বোত্তৰ ভিত্তিক পৰ্য্যালোচনা বৈঠকত পৌৰহিত্য কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে। এই বৈঠকত ৰাজ্যকেইখনৰ পিএইচই মন্ত্ৰী আৰু আন-আন উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। ইয়াত ডিডিডব্লিউএছৰ সচিব, এএছএণ্ডএমডি (NJJM), জেএছএণ্ডএমডি (SBM) আৰু মন্ত্ৰালয়ৰ আন-আন জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

সংবাদ মাধ্যমক অৱগত কৰি তেওঁ অসমত জল জীৱন অভিযান প্ৰকল্পৰ এই অগ্ৰগতি সম্পৰ্কে সময়ে-সময়ে বিশ্লেষণ কৰা অসমৰ মুখ্যমন্ত্ৰী আৰু ইয়াক আগুৱাই নিবলৈ ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PHED) মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাৰ শলাগ লয়। ২০২৪ত অসমে আকাংক্ষিত লক্ষ্যত উপনীত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় -- অসমৰ বাহিৰে উত্তৰ-পূবৰ সকলো ৰাজ্যই ২০২৪ৰ ২৬ জানুৱাৰীত জল জীৱন অভিযানৰ ১০০% লক্ষ্যত উপনীত হ’ব।

বৈঠকখনি সম্বোধন কৰি তেওঁ কয়, “আমি জানো যে স্বচ্ছতা আৰু খোৱাপানী জনসাধাৰণৰ ইজ অৱ লিভিং আৰু গ্ৰামীণ ভাৰতক সুদৃঢ়কৰণৰ মূল উপাদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ত লালকিল্লাত এটা সংকল্প গ্ৰহণ কৰিছিল – সেয়া আছিল আগন্তুক পাঁচ বছৰত ভাৰতক ‘মুকলিত মলত্যাগ মুক্ত’ বুলি ঘোষণা কৰা হ’ব। এই সংকল্প এতিয়া বাস্তৱায়িত হৈছে। ইয়াক এতিয়া সম্পূৰ্ণ অনাময়ৰ দিশত এটি পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এতিয়া গাঁওসমূহে গোটা আৱৰ্জনা ব্যৱস্থাপনা, জৈৱিক আৱৰ্জনা ব্যৱস্থাপনা, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে গৰুৰ গোবৰ ব্যৱস্থাপনাৰ দৰে আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা স্থাপনৰ দিশত আগবাঢ়িছে।

তেওঁ জনোৱা মতে – ২০১৯ ৰপৰা আমাৰ দেশৰ ৪০% গাঁৱে অ'ডিএফৰ মৰ্য্যাদা লাভ কৰিলে। তদুপৰি, আজি ছিকিমে ১০০% অ’ডিএফৰ মৰ্য্যাদা লাভ কৰিছে। স্বচ্ছতাৰ এনে অগ্ৰগতিৰ ফলশ্ৰুতিত গাঁৱৰ লোকসকলৰ জীৱনশৈলী নিশ্চিতভাৱে উন্নত হৈছে।

পূৰ্বে ৬২% নাগৰিকৰ সঠিক অনাময় ব্যৱস্থা নথকাৰ বিপৰীতে এতিয়া ভাৰতৰ ১০০% লোকৰ ঘৰতেই হওঁক বা সামূহিক শৌচাগাৰেই হওঁক, সুলভ শৌচাগাৰ লাভ কৰিছে। বিশুদ্ধ খোৱাপানী আৰু সুলভ পানীৰ ক্ষেত্ৰতো ভাৰতে ৬৪% অগ্ৰগতি লাভ কৰিছে বুলি তেওঁ অৱগত কৰে। 

                                                                              

এই বৈঠকত অসমৰ পিএইচই মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত খোৱাপানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনি মহাজনে মিছনৰ আভাস দাঙি ধৰে আৰু ভিন্ন ৰাজ্যত কাম-কাজৰ ৰূপায়ণৰ স্থিতি সম্পৰ্কে অৱগত কৰে। তেওঁ সকলো নিবিদা প্ৰদান, ৰূপায়ণৰ মানদণ্ড, বিত্তীয় অগ্ৰগতি, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ নীতি, গাঁও সমাজক সম্পত্তি চমজাই দিয়া, দক্ষতা বিকাশ, উৎসৰ বহনক্ষমতা আৰু এই মিছনৰ আন-আন গুৰুত্বপূৰ্ণ দিশসমূহত গুৰুত্ব আৰোপ কৰে। 

উল্লেখ্য যে অন্তিমখন পৰ্য্যালোচনা বৈঠক ২০২৩ৰ ১ মে’ত গুৱাহাটীতে অনুষ্ঠিত হৈছিল। ইয়াত ৰাজ্যসমূহৰ মন্ত্ৰীসকলে জেজেএম আৰু এছবিএমৰ অগ্ৰগতি সম্পৰ্কে চমুকৈ ব্যক্ত কৰিছিল। শ্ৰী শ্বেখাৱটে যোৱা বৈঠকৰপৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

এই পৰ্য্যালোচনা বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা সকলো ৰাজ্যৰ মন্ত্ৰী আৰু বিষয়াসকলক ধন্যবাদ জনাই কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰীজনে তেওঁলোকৰ উদ্বেগসমূহৰ লগতে কামৰ মান নিশ্চিতকৰণৰ সমান্তৰালকৈ মিছনসমূহ ৰূপায়ণৰ গতি বৃদ্ধিৰ বাবে আগবঢ়োৱা বহুমূলীয়া পৰামৰ্শৰ শলাগ লয়। ভাৰত চৰকাৰৰ ভিন্ন জীৱন পৰিৱৰ্তনকাৰী পদক্ষেপ সম্পৰ্কে উল্লেখেৰে জনসাধাৰণ বিশেষকৈ দৰিদ্ৰ আৰু প্ৰান্তীয় সমাজসমূহৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ‘কোনো বাদ পৰা নাই’ বুলি তেওঁ কয়। তেওঁ জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। শ্ৰী শ্বেখাৱটে উল্লেখ কৰে যে সমাজৰ অংশগ্ৰহণ আৰু সৱলীকৰণেই হৈছে অভিযানটোৰ মূল কথা যিয়ে ইয়াক সফলতাৰ দিশত আগুৱাই নিব। গতিকে ৰাজ্যসমূহে স্থানীয় গাঁওবাসীক এই অভিযানৰ কাম-কাজত জড়িত কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।

                                                                      

শ্ৰী শ্বেখাৱটে সকলো জ্যেষ্ঠ বিষয়াক নিয়মীয়া পৰিদৰ্শন নিশ্চিতকৰণ আৰু সংশোধনী ব্যৱস্থা গ্ৰহণেৰে কামৰ মানদণ্ডক প্ৰাধান্য দিবলৈ আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত ভাৰত চৰকাৰৰপৰা পুঁজিৰ অভাৱ নহ’ব বুলি আশ্বাস প্ৰদানেৰে ৰাজ্যসমূহে সময়সীমা অনুসৰি আৰু ক্ষীপ্ৰতাৰে ‘হৰ ঘৰ জল’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সকলো সহায় আগবঢ়াই আহিছে বুলি কয়।

৬ নং অনুসূচীৰ এলেকাত এই দুখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰাজি সম্পৰ্কে বিশেষ উল্লেখেৰে তেওঁ সকলোকে এই এলেকাসমূহত ক্ষীপ্ৰ আৰু মানসম্পন্ন ৰূপায়ণৰ আহ্বান জনায়। তেওঁ ১৫ সংখ্যক বিত্ত আয়োগৰ অধীনত ৰাজ্যসমূহে লাভ কৰা টাইড অনুদান আৰু পানী তথা অনাময় সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত পুঁজিৰ যথোপযুক্ত ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰে।

ইয়াত শ্ৰী শ্বেখাৱটে ছিকিমে অ’ডিএফ প্লাছ ৰাজ্য হিচাপে লাভ কৰা কৃতিত্বৰ বাবে ৰাজ্যখনক সম্বৰ্ধনা জনায় আৰু আন পূৰ্বোত্তৰৰ আন সকলো ৰাজ্যকে অনাময়ৰ ক্ষেত্ৰত ছিকিমৰ আৰ্হি অনুসৰণ কৰিবলৈ আহ্বান জনায়।

সামৰণিত ডিডিডব্লিউএছৰ সচিবে সকলো অংশগ্ৰহণকাৰীকে তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু উত্তৰ-পূবৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীকে টেপৰ পানীৰ যোগান নিশ্চিত কৰিবলৈ ৰাজ্যিক টীমে নতুন শক্তি আৰু উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে।


(ৰিলিজ আই ডি : 1937827) অতিথি কক্ষ : 76
ত এই ৰিলিজটো পঢ়ক: English , Nepali