গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অনুষ্ঠিত গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ দ্বিতীয় ‘চিন্তন শিবিৰ’ত সভাপতিত্ব কৰে

'চিন্তন শিবিৰ'ৰ উদ্দেশ্য আছিল মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "ভিজন ২০৪৭" ৰূপায়ণৰ বাবে এক কাৰ্য পৰিকল্পনা যুগুতোৱা

গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদ আৰু মৌলবাদ বিৰোধী, আভ্যন্তৰীণ সুৰক্ষা, চাইবাৰ আৰু তথ্য সুৰক্ষা, নিচাজাতীয় সামগ্ৰী, দুৰ্যোগ ব্যৱস্থাপনা আৰু বিদেশী সমস্যা সম্পৰ্কীয় বিভিন্ন প্ৰসংগত গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে

সামৰণি ভাষণত গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বত ভাৰতৰ স্থান দ্ৰুতগতিত উৰ্ধ্বগামী হৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ প্ৰথম হোৱাৰ ক্ষেত্ৰত ইয়াক একোৱেই বাধা দিব নোৱাৰে

শ্ৰী অমিত শ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে “ভিজন ২০৪৭”ৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে এক পথ-পৰিকল্পনা যুগুতোৱাৰ লগতে ইয়াক অনুসৰণ কৰা উচিত, এই ২৫ বছৰীয়া পথ-পৰিকল্পনাই ভাৰতক বিশ্বৰ ভিতৰতে প্ৰথম স্থানত উপনীত কৰোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱেই সফল হ'ব

আমি ভৱিষ্যতৰ প্ৰত্যাহ্বানবোৰৰ কথা চিন্তা কৰি আৰু সেইবোৰৰ আগতীয়া সমাধান বিচৰাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা হাতত লব লাগিব

‘ড্ৰোন’ আৰু ‘কৃত্ৰিম বু

Posted On: 19 MAY 2023 9:54PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ দ্বিতীয় 'চিন্তন শিবিৰ'ত সভাপতিত্ব কৰে। 'চিন্তন শিবিৰ'ৰ উদ্দেশ্য আছিল মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "ভিজন ২০৪৭" ৰূপায়ণৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা।

গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদ আৰু মৌলবাদ বিৰোধী, আভ্যন্তৰীণ নিৰাপত্তা, চাইবাৰ আৰু তথ্য সুৰক্ষা, নিচাজাতীয় সামগ্ৰী, দুৰ্যোগ ব্যৱস্থাপনা আৰু বিদেশী সমস্যা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। তেওঁ আত্মনিৰ্ভৰ ভাৰত, বিভিন্ন বাজেট ঘোষণা আৰু ‘এমএইচএ’ৰ গুৰুত্বপূৰ্ণ অমীমাংসিত বিষয়সমূহৰ স্থিতি পৰ্যালোচনা কৰে। বিষয়াসকলে মন্ত্ৰালয় সম্পৰ্কীয় বিভিন্ন বিষয়ত তেওঁলোকৰ পৰামৰ্শ বিনিময় কৰে।

'চিন্তন শিবিৰ'ত সামৰণি ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বত ভাৰতৰ স্থান দ্ৰুতগতিত উৰ্ধ্বগামী হৈছে আৰু বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে ইয়াক প্ৰথম হোৱাৰ পৰা একোৱেই বাধা দিব নোৱাৰে। শ্ৰী অমিত শ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে “ভিজন ২০৪৭”ৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে এক পথ-পৰিকল্পনা যুগুতোৱা উচিতৰ লগতে ইয়াক অনুসৰণ কৰা উচিত আৰু এই ২৫ বছৰীয়া পথ-পৰিকল্পনাই ভাৰতক বিশ্বৰ ভিতৰতে প্ৰথম স্থানত উপনীত কৰোৱাত নিশ্চিতভাৱেই সফল হ'ব।

শ্ৰী অমিত শ্বাহে কয় যে আমি ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ কথা চিন্তা কৰি আৰু ইহঁতৰ আগতীয়া সমাধান বিচাৰি উলিওৱাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। তেওঁ ড্ৰোন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, আৰু অপব্যৱহাৰ প্ৰতিৰোধৰ সামৰ্থ্য বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মন্ত্ৰালয়ৰ কাম-কাজৰ প্ৰশংসা কৰে আৰু “ভিজন ২০৪৭”ত নিৰ্ধাৰিত লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ বাবে বিষয়াসকলক অধিক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। শ্ৰী অমিত শ্বাহে জোৰ দি কয় যে বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে ‘এমএইচএ’ৰ সকলো কাৰ্যালয় ভৱনত যথা সম্ভৱ অধিক হাৰত সৌৰ শক্তি ব্যৱহাৰৰ ব্যৱস্থা কৰা উচিত।

*****



(Release ID: 1925855) Visitor Counter : 100


Read this release in: English , Urdu