ৰেল মন্ত্ৰালয়

সমগ্ৰ দেশৰ ২১খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭২৮টা ৰে’লৱে ষ্টেচনত ৭৮৫খন এক ষ্টেচন এক সামগ্ৰীৰ বিপণীৰে সামৰি লোৱা হৈছে

‘ভোকেল ফৰ লোকেল’ দৃষ্টিভংগীৰ প্ৰচাৰ, স্থানীয়/থলুৱা সামগ্ৰীৰ বাবে এখন বজাৰ প্ৰদান কৰাই ইয়াৰ উদ্দেশ্য

Posted On: 12 MAY 2023 5:04PM by PIB Guwahati

ভাৰত চৰকাৰৰ ‘ভোকেল ফৰ লোকে’ দৃষ্টিভংগীক প্ৰচাৰ, স্থানীয়/থলুৱা সামগ্ৰীৰ বাবে বজাৰ প্ৰদান কৰা আৰু সমাজৰ প্ৰান্তীয় লোকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱেৰ জৰিয়তে ৰে’ল মন্ত্ৰালয়ে ‘এক ষ্টেচন এক সামগ্ৰী’ (অ’এছঅ’পি) আঁচনি আৰম্ভ কৰিছে৷ আঁচনিৰ অধীনত ৰে’ল ষ্টেচনত অ’এছঅ’পি বিপনীসমূহত থলুৱা/স্থানীয় সামগ্ৰী প্ৰদৰ্শন, বিক্ৰী আৰু অধিক দৃশ্যমান কৰিব পৰাকৈ আবণ্টন দিয়া হৈছে। ২৫.০৩.২০২২ তাৰিখৰ পৰা এই আঁচনি পৰীক্ষামুলকভাৱে আৰম্ভ কৰা হৈছিল আৰু ০১.০৫.২০২৩ তাৰিখলৈকে সমগ্ৰ দেশৰ ২১খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৭৮৫খন অ’এছঅ’পি বিপণীৰ সৈতে ৭২৮টা ষ্টেচন সামৰি লোৱা হৈছে। এই অ’এছঅ’পি বিপনীসমূহ এক ধৰণৰ কৰি তোলাৰ বাবে নেচনেল ডিজাইন ইনষ্টিটিউটৰ জৰিয়তে নক্সা প্ৰস্তুত কৰা হৈছে। ২০২২ চনৰ মাৰ্চৰ পৰা ০১.০৫.২০২৩লৈকে মুঠ প্ৰত্যক্ষ হিতাধিকাৰীৰ সংখ্যা ২৫,১০৯জন।

'এক ষ্টেচন এক সামগ্ৰী' সেই ঠাইৰ বাবে নিৰ্দিষ্ট আৰু ইয়াত থলুৱা জনজাতিৰ দ্বাৰা নিৰ্মিত শিল্পকৰ্ম, স্থানীয় শিপিনীৰ তাঁতশাল, বিশ্ববিখ্যাত কাঠ খোদিত কৰা, কাপোৰৰ ওপৰত চিকাংকৰী আৰু জাৰি-জাৰ্ডোজিৰ কামৰ দৰে হস্তশিল্প, বা মছলা চাহ, কফি আৰু অন্যান্য সংসাধিত/অৰ্ধ সংসাধিত সামগ্ৰী,  যিবোৰ অঞ্চলত থলুৱাভাৱে উৎপাদিত প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী/উৎপাদন আদি অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে উত্তৰ-পূব ভাৰতত বিবিধ অসমীয়া পিঠা, পৰম্পৰাগত ৰাজবংশী পোছাক, জাপি, স্থানীয় বস্ত্ৰ, পাটৰ সামগ্ৰী (টুপী, গামোচা, পুতলা), জম্মু আৰু কাশ্মীৰ অঞ্চলত কাশ্মীৰী গিৰ্দা, কাশ্মীৰী কাহৱা আৰু শুকান ফলমুল, দক্ষিণ ভাৰতত কাজুৰ সামগ্ৰী, মছলা, চিন্নালাপট্টি হেণ্ডলুম শাড়ীয়ে যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে, দেশৰ পশ্চিম অংশত এম্ব্ৰইডাৰী আৰু জাৰি জাৰ্দোজী, নাৰিকল হালৱা, স্থানীয়ভাৱে উৎপাদিত ফল, সংসাধিত খাদ্য, বন্ধনী বিখ্যাত।

এই শিতানত নিম্নোলিখিত সামগ্ৰীসমূহ অন্তৰ্ভূক্ত কৰা হৈছেঃ

১/ হস্তশিল্প/ শিল্পকৰ্ম

২/ বস্ত্ৰ আৰু হস্ততাঁত

৩/ পৰম্পৰাগত সাজপাৰ

৪/ স্থানীয় কৃষিজাত সামগ্ৰী (বাজৰাকে ধৰি)/সংসাধিত/অৰ্ধ সংসাধিত খাদ্য।

এই এক ষ্টেচন এক সামগ্ৰীৰ তালিকাত অন্ধ্ৰপ্ৰদেশ ৩৪টা, অসমৰ ৩৬টা, বিহাৰৰ ৫০টা, চত্তীশগড়ৰৰ ১২ টা, গুজৰাটৰ ২১টা, হাৰিয়ানাৰ ১৫টা, হিমাচলপ্ৰদেশৰ এটা, ঝাৰখণ্ডৰ ২৪টা, কৰ্ণাটকৰ ২৬টা, কেৰালাৰ ২০টা, মধ্যপ্ৰদেশৰ ৩৬টা, মহাৰাষ্ট্ৰৰ ৬২ টা, ওড়িশাৰ ৩১টা, পাঞ্জাৱৰ ১২টা, ৰাজস্থানৰ ৩৬টা, তামিলনাডুৰ ৯৫টা, তেলেংগানাৰ ১৮ টা, উত্তৰপ্ৰদেশৰ ৭৩টা, উত্তৰাখণ্ডৰ ৬টা, পশ্চিমবংগৰ ৯৮টা, জম্মু আৰু কাশ্মীৰৰ ১৫টা, চণ্ডীগড়ৰ এটা, দিল্লীৰ ৪টা আৰু পুডুচেৰী ২টা ষ্টেচনে স্থান লাভ কৰিছে৷

অসমৰ ষ্টেচনসমূহৰ সবিশেষ তলত দিয়া ধৰণৰ-

 

ৰাজ্য

মুঠ ৰে’ল ষ্টেচনৰ সংখ্যা (অ’এছঅ’পি সামগ্ৰীৰ সৈতে)

ৰে’ল ষ্টেচন

প্ৰধান সামগ্ৰী

অসম

৩৬

১. বালিপাৰা (বিভিইউ)

২. বৰপথাৰ (বিএক্সপি)

৩. বৰপেটা ৰোড

৪.বিজনী (বিজেএফ)

৫. বঙাইগাঁও (বিএনজিএন)

৬. চাপৰমুখ (চিপিকে)

৭. ডেকাৰগাঁও (ডিকেজিএন)

৮. ডিব্ৰুগড় (ডিবিআৰজি)

৯. ডিগবৈ (ডি বি ৱাই)

১০. ফৰকাটিং জংচন

১১. গহপুৰ (জিপিজেড)

১২. গোলকগঞ্জ

১৩. গুৱাহাটী (জিএইচৱাই)

১৪. হয়বৰগাঁও (এইচবিএন)

১৫. কামাখ্যা (কেৱাইকিউ)

১৬. লিডো(লিডো)

১৭. লামডিং (এলএমজি)

১৮. মাইবাং (এমবিজি)

১৯. মৈৰাবাৰী (এমবিঅ’)

২০. মান্দাৰদিছা (এমৱাইডি)

২১. মাৰ্ঘেৰিটা (এমআৰজি)

২২. নগাঁও (এনজিএএন)

২৩. নিউ হাফলং (এনএইচএলজি)

২৪. নিচাতিয়া (এনচিএ)

২৫. উত্তৰ-লখিমপুৰ (এন এল পি)

২৬. পাঠশালা (পিবিএল)

২৭. ৰঙাপৰা উত্তৰ (আৰ পি এন)

২৮. ৰঙিয়া (আৰ এন ৱাই)

২৯. শিৱসাগৰ টাউন (এছআৰটিএন)

৩০. শিলচৰ (এছচিএল)

৩১. শিমলুগুৰি

৩২. তিনিচুকীয়া (টি এছ কে)

৩৩. বিশ্বনাথ চাৰিআলি (ভিএনই)

৩৪. আমগুৰি

৩৫. মৰিয়নী

৩৬. নিউ তিনিচুকীয়া

১. বাঁহেৰে নিৰ্মিত হ্স্তশিল্প সামগ্ৰী

২. অসমীয়া বিবিধ পিঠা

৩. তাঁতশিল্প, স্থানীয় খাদ্য সামগ্ৰী

 

***



(Release ID: 1923905) Visitor Counter : 136