সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহানগৰীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত উদ্বোধন হ’ল দিব্য কলা মেলা ২০২৩

মহানগৰত ভৱ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ল ৭ দিনীয়া দিব্য কলা মেলা

प्रविष्टि तिथि: 11 MAY 2023 9:02PM by PIB Guwahati

গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেন্টাৰত বিশেষভাৱে সক্ষম ব্যক্তি (দিব্যাংগ) সৱলীকৰণ বিভাগৰ উদ্যোগত আয়োজন কৰা সপ্তাহজোৰা দিবা কলা মেলা ২০২৩ আজি মুকলি কৰা হয়। এই উপলক্ষে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী প্ৰতিমা ভৌমিক আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰীযুত পীযূষ হাজৰিকা উপস্থিত থাকে।


আদৰণি ভাষণত বিশেষভাৱে সক্ষম ব্যক্তি (দিব্যাংগ) সবলীকৰণ বিভাগৰ উপ মহানির্দেশক শ্ৰী কিশোৰ বি ছুৱাদে জনোৱা মতে বিভাগটোৱে বিশেষভাৱে সক্ষম ব্যক্তিৰ সৈতে জড়িত বিষয়সমূহত (দিব্যাংগ) নভেল এজেন্সী হিচাপে কাম কৰে য'ত বিভিন্ন হিতাধিকাৰীৰ মাজত সমন্বয়ক প্ৰভাৱিত কৰাটোও অন্তর্ভুক্ত। তেওঁ জোৰ দি কয় যে বিভাগটোৰ লক্ষ্য হৈছে এখন সমাৱেশী সমাজ গঢ়ি তোলা য'ত দেশৰ দিব্যাংগসকলে সমান সুযোগ লাভ কৰে আৰু যাতে তেওঁলোকে উৎপাদনশীল, নিৰাপদ আৰু সম্মানজনক জীবন যাপন কৰিব পাৰে।
ভাষণত কেন্দ্ৰীয় ৰাজ্যিক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰীমতী প্ৰতিমা ভৌমিকে প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোডীক প্রশংসা কৰি কয় যে তেওঁ বিশেষভাৱে সক্ষম ব্যক্তিক বুজাবলৈ “দিব্যাংগ” শব্দটো জনপ্ৰিয় কৰি তুলিছে। অক্ষম শব্দটোৰ বিপৰীতে এই শব্দটোৱে এজন দিব্যাংগ ব্যক্তিৰ ঐশ্বৰিক ক্ষমতা থকাৰ কথাটো দৰ্শায়। তেওঁ কয় যে বর্তমান গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো দিব্যাংগ ব্যক্তিসকলৰ দক্ষতা আৰু উদ্যোগীকৰণৰ প্ৰচাৰ আৰু প্ৰদৰ্শনৰ বাবে ধাৰাবাহিকভাৱে কৰা চতুৰ্থটো অনুষ্ঠান। প্রতিমাহে বিভিন্ন চহৰত আয়োজন কৰা হ'ব এনে দিব্য কলা মেলাৰ। এই ধাৰাবাহিকতাৰ পৰৱৰ্তী দুখন মেলা ক্রমে ইন্দোৰ আৰু জয়পুৰত অনুষ্ঠিত হ'ব। ৰাজ্যত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয় স্থাপনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাকো প্রশংসা কৰে মন্ত্ৰীগৰাকীয়ে। এই মন্ত্ৰালয় প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য বুলি অসমে গৌৰৱ কৰিব পাৰে বুলিও তেখেতে কয়। লগতে সকলোকে এই ৭ দিনীয়া মেলালৈ গৈ ভাৰতৰ ১৮ খন ৰাজ্যৰ ১০০ ৰো অধিক দিব্যাং শিল্পীৰ দ্বাৰা নিৰ্মিত সামগ্ৰী জয় কৰি তেওঁলোকক উৎসাহিত কৰিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰীয় প্ৰতিবন্ধী বিত্ত আৰু উন্নয়ন নিগম (এন এইচ এফ ডি চি)ৰ আঁচনিৰ অধীনত ৪ জন ব্যক্তিক বিভিন্ন প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰা হয়। তেওঁলোক হ'ল- (১) বাক্সা জিলাৰ পংকজ তালুকদাৰ (গেলামালৰ দোকান খোলাৰ বাবে দুই লাখ টকা), (২) গুৱাহাটীৰ হিমাংশু ৰায় (ঘৰ/ ফ্লেট ক্ৰয়ৰ বাবে ছয়ত্রিশ লাখ টকা), (৩) বাক্সাৰ বনশ্রী ডেকা (বাহন ক্ৰয়ৰ বাবে পাঁচ লাখ টকা) আৰু (৪) গুৱাহাটীৰ সুনীতা দেৱী (চাহ ষ্টল খোলাৰ বাবে পঞ্চাশ হাজাৰ টকা) আন চাৰিজন বিভিন্ন বিশেষভাৱে সক্ষম লোকক হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ আদিও প্ৰদান কৰা হয়। অনুষ্ঠানত ধন্যবাদ জ্ঞাপন কৰে এন এইচ এফ ডি চিৰ মুখ্য প্ৰৱন্ধন সঞ্চালক শ্রী নবীন শ্বাহে। অনুষ্ঠানৰ সামৰণি পৰে বিভিন্ন শিল্পীৰ দ্বাৰা পৰিবেশন কৰা এক বহুৰঙী সাংস্কৃতিক অনুষ্ঠানেৰে।
জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকে ধৰি দেশৰ বিভিন্ন ৰাজ্যই অংশগ্ৰহণ কৰা সপ্তাহযোৰা মেলাখনে বিভিন্ন সামগ্রী, হস্তশিল্প, হস্ততাঁত আদিৰ কাম দৰ্শনাৰ্থীৰ বাবে এক মনোমোহা অভিজ্ঞতা উপস্থাপন কৰিব।


(रिलीज़ आईडी: 1923513) आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English