কৃষি মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        নতুন দিল্লীত বাঁহশিল্পৰ উন্নয়ণ সম্পৰ্কীয় কৰ্মশালা তথা বাঁহশিল্পৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে ‘এনবিএম’-য়ে 
                    
                    
                        বাঁহ সম্পৰ্কীয় বিভিন্ন তথ্যৰ বাবে একক ‘ৱে’বছাইট’-ৰ উন্মোচন
                    
                
                
                    Posted On:
                10 MAR 2023 8:35PM by PIB Guwahati
                
                
                
                
                
                
                ‘ৰাষ্ট্ৰীয় বাঁহ মিছন’ (এনবিএম)য়ে ১০ মাৰ্চ ২০২৩ তাৰিখে নতুন দিল্লীত বাঁহ খণ্ডৰ উন্নয়ন সম্পৰ্কীয় এখনি ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখন উদ্বোধন কৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ড০ অভিলাক্ষ লিখিয়ে। তেওঁ প্ৰমূল্য শৃংখলা শক্তিশালী কৰা, উদগণিমূলক পদক্ষেপ আৰু চৰকাৰী আঁচনিসমূহৰ অন্তিম মাইল বাস্তৱায়নৰ জৰিয়তে উৎপাদকসকলক সক্ষম কৰাৰ বাবে ৰাষ্ট্ৰীয় বাঁহ মিছনক সফল কৰি তোলাৰ বাবে মন্ত্ৰালয়টোৱে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ‘ইনভেষ্ট ইণ্ডিয়া’ক ধন্যবাদ জ্ঞাপন কৰে।
উদ্বোধনী অধিৱেশনত ম্যানমাৰৰ ৰাষ্ট্ৰদূত শ্ৰীযুত মো কিয়াও আং, ছাৰ্বিয়াৰ ৰাষ্ট্ৰদূত শ্ৰীযুত ছিনিছা পাভিক, নেপালৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নীতা পোখৰেল আৰ্যল আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যানশস্য বিভাগৰ আয়ুক্ত ড০ প্ৰভাত কুমাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অধিৱেশনত ‘বাঁহ কাৰিকৰী সমৰ্থন গোট দক্ষিণ মণ্ডল’, ‘কেৰালা বন গৱেষণা প্ৰতিষ্ঠান’ (বিটিএছজি - কেএফআৰআই)য়ে প্ৰস্তুত কৰা বাঁহৰ তথ্য সম্পৰ্কীয় ‘ৱে’বছাইট’ https://www.bambooinfo.in/default.asp টো মুকলি কৰা হয়। বাঁহৰ প্ৰজাতি, খেতি, ‘বিটিএছজি-কেএফআৰআই’ৰ কাৰ্যকলাপকে ধৰি বাঁহৰ তথ্যৰ বাবে ই হৈছে এক বিশেষ ‘ৱে’বছাই’ট, আৰু শিল্পী, গৱেষক, কৃষক, বৃক্ষৰোপণ আৰু নাৰ্চাৰীৰ সন্দৰ্ভত ‘বিটিএছজি-কেএফআৰআই’য়ে যুগুতোৱা এক তথ্যভাণ্ডাৰ। অনুষ্ঠানত ‘ফাউণ্ডেশ্যন ফৰ এমএছএমই ক্লাষ্টাৰ’ৰ দ্বাৰা ৰচনা কৰা "পৰিৱেশ-অনুকূল বাঁহৰ বিভিন্ন সামগ্ৰী আৰু ব্যৱসায়িক সুযোগ" নামৰ এখন কিতাপ আৰু ভাৰতীয় বাঁহ খণ্ডৰ পৰিসৰ প্ৰদৰ্শন কৰা ‘এনবিএম’ৰ এখন চুটি চলচ্চিত্ৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। অতিৰিক্ত আয়ুক্ত (উদ্যানশস্য) শ্ৰী নবীন কুমাৰ পাটলেই "বাঁহৰ বাবে ভাৰতৰ দৃষ্টিভংগী" শীৰ্ষক কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে ‘ইনভেষ্ট ইণ্ডিয়া’, ‘পিএইচডি চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’, সংবাদ প্ৰতিষ্ঠানক আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।
কৰ্মশালাৰ প্ৰসংগ উথ্থাপন কৰে উদ্যানশস্য বিভাগৰ আয়ুক্ত ড০ প্ৰভাত কুমাৰে। এই প্ৰসংগত তেওঁ বহনক্ষম আৰু পৰিৱেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ সন্দৰ্ভত শেহতীয়া ভাবে হোৱা সজাগতা বৃদ্ধিৰ লগতে  আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ বৃদ্ধি আৰু বহনক্ষম নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰক বাঁহশিল্পৰ বিকাশৰ ক্ষেত্ৰত মুখ্য চালক বুলি অভিহিত কৰে। আলোচনাৰ বিষয়ে অধিক বৰ্ণনা কৰিবলৈ ৫ খন কাৰিকৰী অধিৱেশন অনুষ্ঠিত কৰা হৈছিল, য'ত বাঁহ উদ্যোগৰ বিশেষজ্ঞসকলৰ উপস্থাপনৰ লগতে প্ৰতিনিধিসকলৰ সৈতে মত বিনিময়ৰ অনুষ্ঠানো অন্তৰ্ভুক্ত কৰা হৈছিল।
মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী শ্ৰী আব্দুল ছাত্তাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি এই খণ্ডৰ বিস্তৃতি আৰু বিপুল সম্ভাৱনা সম্পৰ্কে তেওঁৰ অভিমত দাঙি ধৰে। তেওঁ প্ৰদৰ্শনীখন পৰিদৰ্শন কৰাৰ লগতে শিল্পী আৰু উদ্যোগীসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয়।
প্ৰগতিশীল বাঁহ খেতিয়ক শ্ৰী পাশা পেটেলৰ মন্তব্য আৰু ‘কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়’ৰ উদ্যানশস্য বিভাগৰ আয়ুক্ত ড০ প্ৰভাত কুমাৰৰ বক্তব্যৰে কৰ্মশালাৰ সামৰণি পৰে।


 
 
 
****
SNC/PK/KB
 
                
                
                
                
                
                (Release ID: 1906020)
                Visitor Counter : 147