পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ৪ মাৰ্চত ‘আন্তঃগাঁথনি আৰু বিনিয়োগ-পিএম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধন’ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰিব

Posted On: 03 MAR 2023 2:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ মাৰ্চ, ২০২৩ত ‘আন্তঃগাঁথনি আৰু বিনিয়োগ - পিএম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধন’ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰিব। এয়া হৈছে বাজেটৰ ঘোষণাৰাজি ৰূপায়ণৰ অৰ্থে চিন্তা-চৰ্চা কৰিবলৈ চৰকাৰে আয়োজন কৰা ১২ খন বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ এক অংশ।

কেন্দ্ৰীয় বাজেটত সাতটা অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে, যিসমূহ এটা-আনটোৰ পৰিপূৰক। এইসমূহে “অমৃত কাল”ৰ সময়ছোৱাত আমাক সপ্তৰ্ষি হিচাপে পথ প্ৰদৰ্শন কৰিব। আন্তঃগাঁথনি আৰু বিনিয়োগ হৈছে চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ খণ্ড।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MoRTH) মুখ্য মন্ত্ৰালয় হিচাপে আৰু সহ-নেতৃত্ব মন্ত্ৰালয় হিচাপে ডিপিআইআইটি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত এই ৱেবিনাৰৰ আয়োজন কৰিছে। ৱেবিনাৰখন পূৰ্ণাংগ উদ্বোধনী আৰু সামৰণি অধিবেশনৰে অনুষ্ঠিত হ’ব আৰু তিনি সমান্তৰাল ব্ৰেকআউট অধিবেশনত ভাগ কৰা থাকিব। ব্ৰেকআউট অধিবেশনত আন্তঃগাঁথনি আৰু বিনিয়োগৰে সম্পৰ্কীয় বাজেট ঘোষণা, ইয়াৰ ৰূপায়ণ আৰু সন্মুখৰ পথ সন্দৰ্ভত পৰামৰ্শসমূহ গ্ৰহণ কৰা হ’ব।

তিনি সমান্তৰাল ব্ৰেকআউট অধিবেশনৰ বিষয়সমূহ হৈছে – “মাল্টি-মডালিটিৰ জৰিয়তে লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধন আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ব্যৱধান পৰিপূৰণ”। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ পৰিচালনা কৰিব। ডিপিআইআইটিয়ে “পিএম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন” আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MoRTH) “আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগৰ সুযোগ” বিষয়টো পৰিচালনা কৰিব।

আন্তঃগাঁথনি হৈছে অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ এক অপৰিহাৰ্য্য উপাদান। ই ব্যৱসায়সমূহৰ অধিক কাৰ্য্যক্ষমতা আৰু ফলপ্ৰসূতা নিশ্চিত, নিয়োগ সৃষ্টি তথা ব্যক্তি আৰু সমাজ জীৱনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰে। আন্তঃগাঁথনিত বিনিয়োগে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অধিক প্ৰভাৱ পেলায়। চৰকাৰে যোৱা কেইবছৰমানৰপৰা সমগ্ৰ দেশতে বিশ্বমানৰ আন্তঃগাঁথনিৰ স্থাপন নিশ্চিত কৰিবলৈ অধিক বাজেট আবন্টন জনাই আহিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়নৰ অংগীকাৰৰে সংগতি ৰাখি আন্তঃগাঁথনি মন্ত্ৰালয়সমূহৰ বাজেট আবন্টন বৃদ্ধি কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপেৰে উল্লেখযোগ্য মূলধনী ব্যয় আবন্টনৰ জৰিয়তে এই দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাইছে। এই ব্যয়ৰ ভিতৰত পথ পৰিবহণ আৰু ঘাইপথ আৰু ৰেলৱে হৈছে মূল লক্ষ্য ক্ষেত্ৰ। ইয়ালৈ আবন্টন ক্ৰমে ২৫% আৰু ১৫% বৃদ্ধিৰে ২.৭ লাখ কোটি আৰু ২.৪ লাখ কোটি টকা হৈছে (চাৰ্ট চাওঁক)। আবন্টনৰ এনে যথেষ্ট বৃদ্ধিয়ে ভাৰত চৰকাৰে পূৰ্বতে ঘোষণা কৰা দীৰ্ঘম্যাদী কাৰ্য্যক্ৰম আৰু পদক্ষেপৰাজি সম্পাদনৰ ক্ষেত্ৰত নিৰন্তৰভাৱে উদ্দীপনা যোগাব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত বৈশ্বিক প্ৰতিকূলতাৰ মাজত ভাৰতৰ জিডিপি বৃদ্ধিত সহায়ক হ’ব।

এই ৱেবিনাৰত সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়সমূহৰ মন্ত্ৰী আৰু সচিবসকলকে প্ৰমুখ্য কৰি ৰাজ্য, উদ্যোগ, এছ’চিয়েচন, বিনিয়োগ গ্ৰুপ, সংস্থা আদিৰ একাধিক অংশীদাৰে অংশগ্ৰহণেৰে বাজেট ঘোষণাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ অৰ্থে পৰামৰ্শ আগবঢ়াব। ইয়াত উৎপাদক, ব্যক্তিগত অপাৰেটৰ, ৰূপায়ণকাৰী সংস্থা, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি, স্বতন্ত্ৰ বিশেষজ্ঞ আদিয়ে বক্তা হিচাপে অংশগ্ৰহণেৰে কেন্দ্ৰীয় বাজেটৰ প্ৰভাৱৰ বিভিন্ন মাত্ৰা সন্দৰ্ভত তেওঁলোকৰ চিন্তাধাৰা ব্যক্ত কৰিব আৰু ইয়াৰ কাৰ্য্যকৰীকৰণৰ উপায় সম্পৰ্কে আলোচনা কৰিব।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদানৰ সম্ভাৱনা থকা উদ্যোগপতি আৰু বিশেষজ্ঞসকল হৈছেঃ শ্ৰী ধ্ৰুৱ কোটক (এমডি, জেএম বাক্সি গ্ৰুপ), শ্ৰী আৰ দীনেশ (এমডি, টিভিএছ লজিষ্টিকছ আৰু চিআইআইৰ মনোনীত অধ্যক্ষ), শ্ৰী অশোক ছেঠী (অধ্যক্ষ, টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেড), শ্ৰী মনু ভল্লা (অধ্যক্ষ, ৱেৰহাউছিং এছ’চিয়েচন অৱ ইণ্ডিয়া), শ্ৰী অজিত গুলাবচান্দ (চিএমডি, হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানী লিমিটেড), দেবিন্দৰ সন্ধু (অধ্যক্ষ, প্ৰাইমাছ পাৰ্টনাৰ্ছ), শ্ৰী বিনায়ক পাই (এমডি, টাটা প্ৰজেক্টছ), শ্ৰী শশাংক শ্ৰীবাস্তৱ ( ইডি, মাৰুতি চুজুকি)।

ৱেবিনাৰখন ভাৰ্চুৱেল ম’ডত অনুষ্ঠিত হ’ব আৰু ইয়াত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, স্থানীয় সংস্থাৰ প্ৰতিনিধি, কাৰিকৰী প্ৰতিষ্ঠান, উদ্যোগৰ প্ৰতিনিধি, বেচৰকাৰী সংস্থা, স্বতন্ত্ৰ বিশেষজ্ঞ আদিয়ে অংশগ্ৰহণ কৰিব।

*****



(Release ID: 1903918) Visitor Counter : 106


Read this release in: Marathi , Gujarati