যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

গুৱাহাটীত অনুষ্ঠিতব্য ৱাই-২০ বৈঠকৰ পূৰ্বে বি. বৰুৱা কলেজত মডেল ৱাই২০ সন্মিলন


জি-২০ ৰ সদস্যসকলক প্ৰতিনিধিত্ব কৰি ১০ খন মহাবিদ্যালয়ৰ এই মডেল সন্মিলনত অংশগ্ৰহণ

অসম চৰকাৰে মডেল ৱাই২০, আলোচনা চক্ৰ আদিৰ দৰে মঞ্চৰ জৰিয়তে যুৱক-যুৱতীসকলক জড়িত কৰিছে, য’ত ৱাই২০ ৰ বিষয়ভিত্তিক ক্ষেত্ৰসমূহত এক অৰ্থপূৰ্ণ আলোচনা কৰিব পৰা যাবঃ ডঃ বি. কল্যাণ চক্ৰৱৰ্তী

Posted On: 28 JAN 2023 5:31PM by PIB Guwahati

গুৱাহাটীত অনুষ্ঠিতব্য ইয়ুথ-২০ (Y20) বৈঠকৰ প্ৰাকমুহূৰ্তত এটি অংশগ্ৰহণমূলক আৰু সৰ্বাংগীন আলোচনা প্ৰক্ৰিয়াৰ পৰিবেশ সৃষ্টিৰ প্ৰয়াসৰ অংশ হিচাপে আজি ইয়া বি. বৰুৱা মহাবিদ্যালয়ত এখনি মডেল ৱাই২০ সন্মিলনৰ আয়োজন কৰা হয়। এই মডেল ৱাই২০ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে জি-২০ ৰাষ্ট্ৰসমূহ প্ৰতিনিধিত্ব কৰি বিভিন্ন  বিষয় সন্দৰ্ভত আলোচনা কৰে।

আজিৰ এই মডেল ৱাই ২০ সন্মিলনত এই বৰ্ষৰ ৱাই২০ সন্মিলনৰ এটা বিষয়বস্তু - জলবায়ু পৰিৱৰ্তন আৰু দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাস বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন ত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হয়। জি-২০ ৰ সদস্য দেশসমূহক প্ৰতিনিধিত্ব কৰিবলৈ দহখন মহাবিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে এই মডেল সন্মিলনত অংশগ্ৰহণ কৰে। এই মডেল ৱাই-২০ সন্মিলন সঞ্চালনৰ বাবে এটা মডেল ৱাই-২০ সচিবালয়য়ো গঠন কৰা হয়এই মডেল সন্মিলনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বেলতলা মহাবিদ্যালয়, বি. বৰুৱা মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, এছ.বি. দেওৰা মহাবিদ্যালয়, গুৱাহাটী কলেজ, আৰ্য বিদ্যাপীঠ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, এলচিবি মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এগৰাকী প্ৰতিনিধি হিচাপে ৰাছিয়াক প্ৰতিনিধিত্ব কৰি গুৱাহাটী কলেজৰ সুস্মিতা শৰ্মাই কয় যে এই মডেল সন্মিলনত যোগদানৰ অভিজ্ঞতাই তেওঁক জি-২০ ৰাষ্ট্ৰসমূহৰ বিষয়ে অধিক ধাৰণা দিছে আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভসেই দেশসমূহৰ মতামত জনাত সহায় কৰিছে। জাৰ্মানীৰ  প্ৰতিনিধি হিচাবে যোগদান কৰা বেলতলা মহাবিদ্যালয়ৰ অনিতা দেৱীয়ে কয় যে তেওঁৰ বাবে এয়া অনন্য সুযোগ কিয়নো ইয়াৰ জৰিয়তে তেওঁ বিশ্বৰ ঘটনা প্ৰৱাহ সম্পৰ্কে অধিক জ্ঞান লাভ কৰিছে।  

এই মডেল সন্মিলনত দৰ্শক হিচাপে উপস্থিত থাকি ভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ অংশ হোৱাৰ সুযোগ লাভৰ বাবে আনন্দ প্ৰকাশ কৰে। গুৱাহাটীৰ এলচিবি কলেজৰ অংশ কুমাৰ শৰ্মাই জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কীয় বিষয় আৰু চুক্তিসমূহৰ সন্দৰ্ভত ভিন্ন দেশৰ স্থিতি সম্পৰ্কে জানিবলৈ এই অনুষ্ঠানে তেওঁক সহায় কৰিছে বুলি কয়তেওঁ লগতে গুৱাহাটীত অনুষ্ঠিতব্য জি-২০ আৰু ৱাই২০ কাৰ্য্যসূচীক লৈ অত্যন্ত কৌতহলী হৈ উঠিছে বুলি কয়।

আগন্তুক জি২০/ৱাই২০ কাৰ্য্যসূচী সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে ব্যক্ত কৰি অসম চৰকাৰৰ প্ৰধান সচিব ডঃ বি. কল্যাণ চক্ৰৱৰ্তীয়ে কয়, "অসমৰ যুৱপ্ৰজন্মৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আমাৰ সমাজক উপকৃত কৰিব পৰাৰ অপৰিসীম সম্ভাৱনা থকাৰ কথা চিন্তা কৰি অসম চৰকাৰে তেওঁলোকক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মডেল ৱাই ২০, আলোচনা চক্ৰ আদিৰ দৰে মঞ্চৰ জৰিয়তে জড়িত কৰিছে, যত ৱাই২০ ৰ বিষয়ভিত্তিক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত এক অৰ্থপূৰ্ণ আলোচনা কৰিব পৰা যাব। ভৱিষ্যতৰ কৰ্মশক্তিৰ প্ৰয়োজনীয়তা, বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন; এটি শান্তি আৰু সুৰক্ষাৰ যুগৰ সূচনা; গণতান্ত্ৰিক শাসন ব্যৱস্থাত তেওঁলোকৰ ভূমিকা সম্পৰ্কে আলোচনা আৰু শাৰীৰিক তথা মানসিক স্বাস্থ্য উভয়কে সম্বোধন কৰি স্বাস্থ্য বাতাবৰণৰ দৰে বিষয়সমূহক কেন্দ্ৰ কৰি আলোচনা অব্যাহত ৰাখি তেওঁলোকৰ জ্ঞানভিত্তিক দক্ষতাক জগাই তোলা হৈছে বুলি তেওঁ লগতে কয়। তেওঁ কয় যে ২০২৩ ৰ ৭-৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য ৱাই২০ আৰম্ভণি বৈঠকলৈ ৰাজ্যখন সাজু হৈছে।

উল্লেখ্য যে জি২০ সন্মিলনৰ অংশ হিচাপে ২০২৩ ৰ -৮ ফেব্ৰুৱাৰী গুৱাহাটীত ৱাই২০ গ্ৰুপৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। ২০২৩ ৰ আগষ্টত অনুষ্ঠিতব্য অন্তিম ইয়ুথ-২০ সন্মিলনলৈকে সমগ্ৰ ভাৰতত পাঁচ ৱাই২০ বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া ভিন্ন বৈঠকৰ এয়া প্ৰথমখন। অসমত অনুষ্ঠিতব্য -দিনীয়া এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ ২৫০ ৰোধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াত ফিউচাৰ অ ৱৰ্ক; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস; শান্তি স্থাপন আৰু সমন্বয়; গণতন্ত্ৰত যুৱক-যুৱতী তথা স্বাস্থ্য, সুস্থতা আৰু ক্ৰীড়া- এই পাঁচটা বিষয়ত গুৰুত্ব আৰোপ কৰা হ

এই সজাগতা অভিযানৰ অংশ হিচাপে অসমৰ ৩৪ খন জিলাৰ ৫০ খনৰো অধিক বিশ্ববিদ্যালয়/মহাবিদ্যালয়ে তেওঁলোকৰ চৌহদত আলোচনা চক্ৰ, কৰ্মশালা, বিতৰ্ক আৰু পেনেল আলোচনা অনুষ্ঠিত কৰিছে।

***



(Release ID: 1894358) Visitor Counter : 148


Read this release in: English