দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

বৰ্ষান্তিক খতিয়ান ২০২২: দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়


যোৱা এটা বছৰত ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিওৱাই) ৩.০’ৰ অধীনত ৭.৩৬ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে; ১.২০ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে ‘ক’ভিড-যোদ্ধা’ৰ বাবে নিৰ্দিষ্ট দ্ৰুত পাঠ্যক্ৰম কাৰ্যক্ৰমৰ অধীনত

২০২২বৰ্ষত ১৯৫৭টা ‘দক্ষতা কেন্দ্ৰ’ত কৰা হৈছে ২.২৮ শিক্ষাৰ্থীৰ পঞ্জীয়ণ

১১৬খন চৰকাৰী ‘আইটিআ’ই-ত ‘ড্ৰোন পাঠ্যক্ৰম’ চলাবলৈ অনুমোদন দিয়া হৈছে

২০২২চনৰ ১৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু ‘আইটিআই’ পৰ্যায়ত ৮.৫ লাখৰো অধিক প্ৰশিক্ষাৰ্থী আৰু ‘ভাৰ্চুৱেল’ মাধ্যমেৰে সংযোজিত ১.১ নিযুত অংশগ্ৰহণকাৰীৰ উপস্থিতিৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় ১৪০০০ৰৰো অধিক ‘আইটিআই’-ৰ সমাৱৰ্তন অনুষ্ঠান

১০,০০০ চাকৰীজীৱি মহিলা আৰু ‘আইটিআই’-ৰ ছাত্ৰীক আত্মৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান

Posted On: 30 DEC 2022 6:40PM by PIB Guwahati
  1. প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা- উদ্যোগৰ প্ৰাসংগিক দক্ষতা প্ৰশিক্ষণ গ্ৰহণৰ বাবে বৃহৎ সংখ্যক যুৱক-যুৱতীক একত্ৰিত কৰি প্ৰশিক্ষণ প্ৰদানৰে প্ৰমাণপত্ৰ দিয়াৰ বাবে ২০১৫ চনত আৰম্ভ কৰা ‘এমএছডিই’ৰ ধ্বজাবাহী দক্ষতা বিকাশ সম্পৰ্কীয় কাৰ্যসূচী। ইয়াৰ এক ধৰণৰ পদক্ষেপ আছিল ‘আৰপিএল’’, যিয়ে ইতিমধ্যে বৰ্তী অহা দক্ষ শ্ৰেণীক প্ৰমাণপত্ৰ প্ৰদানৰে স্বীকৃতি প্ৰদান কৰিছিল।

নিম্নোল্লেখিত তিনিটা উপভাগত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে ২০২১ চনৰ ১৫ জানুৱাৰীত পিএমকেভিওৱাই ৩.০ৰ শুভাৰম্ভ কৰা হৈছিল:

 

  • বিদ্যালয়/মহাবিদ্যালয় এৰি যোৱা আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ নতুন দক্ষতাৰ বাবে হ্ৰস্বম্যাদী প্ৰশিক্ষণ (এছটিটি)
  • ইতিমধ্যে থকা দক্ষতা চিনাক্ত কৰি আগতীয়াকৈ আহৰণ কৰা দক্ষতালৈ স্বীকৃতি প্ৰদান
  • দুৰ্বল শ্ৰেণীবোৰৰ দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু হ্ৰস্বম্যাদী প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত কিছু শিথিলতাৰ অনুমতি দিয়াৰ বাবে বিশেষ প্ৰকল্প।
    • ‘ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম’ (এনএছডিচি) আৰু ‘ৰাজ্যিক দক্ষতা বিকাশ অভিযান’ (এছএছডিএম)ৰ জৰিয়তে এই কাৰ্যক্ৰম সমগ্ৰ দেশতে ৰূপায়ণ কৰা হৈছিল।
    • উদীয়মান প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই ছটা স্বাস্থ্য সেৱা খণ্ডৰ চাকৰিত নিয়োজিত প্ৰশিক্ষণৰ ‘ক’ভিড যোদ্ধা’সকলৰ বাবে অনুকূলিত দ্ৰুত পাঠ্যক্ৰম কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।
    • শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিবলৈ আৰু এনইপি ২০২০-ৰ সৈতে সংগতি ৰাখি, ‘পিএমকেভিৱাই ৩.০’-ৰ অধীনত ‘স্কিল হাব’ উদ্যোগো আৰম্ভ কৰা হৈছিল।
    • পৰিসংখ্যা অনুসৰি, সামগ্ৰিক লক্ষ্যৰ সৈতে সংগতি ৰাখি আঁচনিখনৰ অধীনত ৭.৩৬ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ/অভিমুখী কৰা হৈছে যাৰ ভিতৰত ১.২০ লাখ প্ৰাৰ্থীক কোভিড ৱৰিয়ৰ্ছ কাৰ্যসূচীৰ বাবে অনুকূলিত দ্ৰুত পাঠ্যক্ৰমত প্ৰশিক্ষণ দিয়া হৈছে।

দক্ষতা কেন্দ্ৰ: দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ে ‘শিক্ষা মন্ত্ৰালয়’ৰ (এমঅ'ই) সৈতে আলোচনা কৰি ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৩.০’ (পিএমকেভিৱাই ৩.০)ৰ অধীনত 'দক্ষতা কেন্দ্ৰ উদ্যোগ' কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। আঁচনিখনৰ লক্ষ্য হৈছে শিক্ষাক অধিক প্ৰাসংগিক কৰি তোলা আৰু উদ্যোগৰ বাবে উপযুক্ত দক্ষ কৰ্মচাৰী গঢ়ি তোলা।

দক্ষতা কেন্দ্ৰ হৈছে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ জনসংখ্যা খণ্ডক লক্ষ্য কৰি দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰাৰ বাবে চিনাক্ত কৰা ‘নোডেল দক্ষতা কেন্দ্ৰ’ (অভিমুখীকৰণ, উদ্যোগ ভ্ৰমণ, বেগ-বিহীন দিন), নৱমৰ পৰা দ্বাদশ (শিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ পথ সন্ধান দিয়া), স্কুল এৰি যোৱা আৰু শিক্ষাৰ বাহিৰত (শৈক্ষিক ঋণ, শিক্ষা আৰু শিক্ষা আৰু শিক্ষানবিশলৈ ঘূৰি অহা আৰু নিয়োগৰ বাবে যোগাযোগ)।

যোৱা এবছৰত এতিয়ালৈকে মুকলি কৰা ১৯৫৭টা দক্ষতা কেন্দ্ৰত ২.২৮ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি   কৰিছে, যিবোৰ হাব চৰকাৰী বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, জৱাহৰ নবোদয় বিদ্যালয়, আইটিআই, চিবিএছই বিদ্যালয়, প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ আদিত খোলা হৈছে।

 

  1. স্বাধীনতাৰ পূৰ্বৰে পৰা দক্ষতাৰ প্ৰশিক্ষণত এক শক্তিশালী অৱদান থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰক পুনৰ শক্তিসমৃদ্ধ কৰাৰ লগতে পুনৰাই গঢ়ি তোলা  
  • ড্ৰোন পাঠ্যক্ৰম: - ১১৬ খন চৰকাৰী আইটিআইক ড্ৰোন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে অনুমোদন দিয়া হৈছে।
    • প্ৰশিক্ষণৰ দ্বৈত প্ৰণালী: ডিএছটি চলোৱাৰ বাবে ২৭৪ খন চৰকাৰী আইটিআই-ক অনুমোদন দিয়া হৈছে
    • ৰাজ্যিক দক্ষতা বিকাশ আৰু উদ্যোগ সমিতি (এছএছডিইচি) গঠন কৰি এফিলিয়েচন প্ৰক্ৰিয়া সৰল কৰা হৈছে।
    • ২০২২ৰ ১৭ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু আইটিআই পৰ্যায়ত ১৪০০০ তকৈয়ো অধিক আইটিআইৰ ৮.৫ লাখতকৈও অধিক প্ৰশিক্ষাৰ্থীৰবাবে প্ৰথমবাৰৰ বাবে সমাৱৰ্তন অনুষ্ঠিত কৰা হৈছিল। এই সমাৱৰ্তনত প্ৰায় ১.১ নিযুত লোকে অংশগ্ৰহণ আছিল। অনুষ্ঠানত সভাপতিত্ব কৰে দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  আৰু ভাৰ্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে।
    • আইটিআই-সমূহৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ পদ্ধতি পৰম্পৰাগত শৈলী (অএমআৰ আধাৰিত)ৰ পৰা কম্পিউটাৰ আধাৰিত পৰীক্ষা (চিবিটি)লৈ  সলনি কৰা হয় যাৰ ফলত ফলাফল ঘোষণা প্ৰক্ৰিয়াত লগা সময় ১৫ দিনলৈ হ্ৰাস হয়।
    • এপিআই-ৰ জৰিয়তে এনআইঅএছ, ইগনু আৰু এপ্ৰেণ্টিছশ্বিপত প্ৰশিক্ষাৰ্থীসকলক এটা ক্লিকতে পঞ্জীয়ন কৰাৰ দিহা প্ৰদান কৰাৰ ফলত কাম-কাজৰ প্ৰক্ৰিয়া সহজ হৈ উঠে। এই ব্যৱস্থাত ৩ মাহৰো কম সময়ৰ ভিতৰতে ৩ লাখতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।
    • ২০২২-২৩ বৰ্ষৰ অধিৱেশনৰ বাবে ৭৩ টা নতুন চৰকাৰী প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিঅ'টি) সংযুক্ত কৰা হৈছিল যিয়ে চিআইটিএছৰ অধীনত ২৩২০ খনলৈ আসনৰ সংখ্যা বৃদ্ধি কৰিছিল।
    • আগৰ শিক্ষণ (আৰপিএল)লৈ স্বীকৃতি প্ৰদান আঁচনিৰ অধীনত, শিক্ষাবৰ্ষ ২০২২-২৩ৰ বাবে অনলাইন পৰ্টেলত মুঠ ৮,২৯২ গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে।
    • ২১খন এনএছটিআইক উদ্যোগী পাঠ্যক্ৰমৰ বাবে এনআইইএছবিইউডি কেন্দ্ৰ আৰু এনআইঅ'এছ আৰু ইগনু কেন্দ্ৰ হিচাপে ৩৫টা এনএছটিআই উচ্চ শিক্ষা আৰু ডিগ্ৰীৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন কৰা হৈছে।
  • এনইপি ২০২০-ৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটি অৰ্হতাসমূহ ৰাষ্ট্ৰীয় ক্ৰেডিট ফ্ৰেমৱৰ্কত সংৰেখিত কৰিবলৈ, ডিজিটিয়ে চিটিএছ পাঠ্যক্ৰমৰ বৰ্তমানৰ বাৰ্ষিক সময়খিনি ১৬০০ ঘণ্টাৰ পৰা ১,২০০ ঘণ্টালৈ (এক আৰু দুবছৰীয়া কাম-কাজৰ বাবে) আৰু বিদ্যালয় আৰু উচ্চ শিক্ষাৰ সৈতে সংগতি ৰাখি ছমাহৰ কাম-কাজৰ বাবে ৮০০ ঘণ্টাৰ পৰা ৬০০ ঘণ্টালৈ যুক্তিসঙ্গত কৰে। তদুপৰি, এতিয়া চিটিএছ পাঠ্যক্ৰমত উন্নত উদ্যোগসমূহত কাম কৰিব পৰাকৈ চাকৰিৰ প্ৰস্তুতিৰ বাবে প্ৰতি বছৰে ১৫০ ঘণ্টাৰ অন-দ্য-জব প্ৰশিক্ষণ (অজেটি)/ গোট প্ৰকল্পৰ দিহা কৰাৰ লগতে ২৪০ ঘণ্টালৈকে বৈকল্পিক পাঠ্যক্ৰমৰ(দশম/দ্বাদশ শ্ৰেণীৰ প্ৰমাণপত্ৰৰ বাবে এনআইঅএছ-ৰ জৰিয়তে পাঠ্যক্ৰম, বা, ২৪০ ঘণ্টালৈকে হ্ৰস্বম্যাদী পাঠ্যক্ৰমত যোগ দিয়ক) ব্যৱস্থা আছে ।
  • ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ (এনআইঅ'এছ) সৈতে বুজাবুজিৰ চুক্তি- ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমাণপত্ৰ (এনটিচি) থকাসকলৰ বা চিটিএছৰ অধীনত এনএছকিউএফ অনুসৰণকাৰী ব্যৱসায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলৰ বাবে এনআইঅ'সমূহৰ দ্বাৰা ক্ৰমে অষ্টম আৰু দশম উত্তীৰ্ণৰ বাবে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিবলৈ মুকলি সুবিধাৰ দিহা কৰাৰ বাবে।
  • ইগনৌৰ সৈতে বুজাবুজিচুক্তি- এমএছডিইয়ে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইগনৌ)ৰ সৈতেও বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে পৰিকল্পনাটো ধাৰণাবদ্ধ কৰা আৰু এনএছটিআই, আইটিআই, জেএছএছ আৰু পিএমকেকে আদিৰ দৰে দক্ষতাবৰ্দ্ধক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাৰ্থীসকলৰ বাবে স্নাতক ডিগ্ৰী পঞ্জীয়ন আৰু সম্পূৰ্ণ কৰাৰ পথ দেখুওৱাৰ বাবে পৰিকল্পিত পৰিকাঠামো ৰূপায়ণ প্ৰদান কৰা।
  • • স্কিল হাব ইনিচিয়েটিভ আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৩.০ৰ অধীনত ১৫,০০০ তকৈও অধিক প্ৰাৰ্থীক ষ্ট্ৰাইভ আইটিআইৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে।

 

  1. ডিজিটেল দক্ষতাৰ বিকাশ:
  • ২০১৯ৰ অক্টোবৰ মাহত আৰম্ভ কৰা ভাৰতস্কিল হৈছে দক্ষতা সম্পৰ্কীয় এক কেন্দ্ৰীয় ডিজিটেল পৰ্টেল, যিয়ে ৬টা ভাষাত এনএছকিউএফ পাঠ্যক্ৰম, পাঠ্যক্ৰম সামগ্ৰী, ভিডিঅ', প্ৰশ্নৰ ভাণ্ডাৰ আৰু আইটিআই/এনএছটিআইৰ শিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলৰ বাবে আখৰা পৰীক্ষাৰ ব্যৱস্থা কৰে। পৰ্টেলটোৱে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলক কিতাপ, অনুশীলনী কাকত, ভিডিঅ' শিক্ষণ ব্যৱস্থাত সহজে প্ৰৱেশ কৰাত সহায় কৰে, যিবোৰ ব্যৱস্থাই তেওঁলোকক শ্ৰেণীকোঠাৰ বাহিৰত বিষয়বোৰ সহজে শিকিব পৰা কৰি তোলে। ২০২২ চনৰ ১০ ডিচেম্বৰ পৰ্যন্ত পৰ্টেলটোত ব্যৱহাৰকাৰীৰ সংখ্যা হৈছেহি ৪৭.৬৬ লাখ আৰু প্ৰৱেশৰ সংখ্যা ১.৯৬ কোটিতকৈও অধিক বাৰ হোৱাৰ তথ্য উপলব্ধ হৈছে।
  • প্ৰশিক্ষাৰ্থীসকলক উদ্যোগসমূহত কাম কৰিব পৰাকৈ সাজু কৰাৰ বাবে ভাৰতস্কিল পৰ্টেলত নিয়োগযোগ্যতা দক্ষতা, আইবিএম, চিচকো, কোৱেষ্ট এলায়েন্স, মাইক্ৰছফ্ট, নাছকম, এডোব আদিৰ দৰে উদ্যোগ-অংশীদাৰ প্ৰতিষ্ঠানৰ দ্বাৰা যুগৰ সৈতে মিলা আধুনিক দক্ষতা বৰ্দ্ধনৰ বাবে অন্যান্য বিভিন্ন কাৰ্যক্ৰমৰ সংযোগ প্ৰদান কৰা হৈছে। এই ডিজিটেল কাৰ্যসূচীবোৰৰ পৰা প্ৰায় ১৭ লাখ প্ৰশিক্ষাৰ্থী উপকৃত হৈছে।
  • আজিলৈকে প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলৰ থুলমূল তথ্য: ~17 লাখ

S. No.

উদ্যোগ-অংশীদাৰ

প্ৰশিক্ষিত প্ৰশিক্ষাৰ্থী

 

 

 

1

আইবিএম ইণ্ডিয়া

11,34,684

2

চিছকো

11,666

3

কুৱেষ্ট এলায়েন্স

4,88,035

4

মাইক্ৰছফ্ট

39,222

5

ছেপ

1,110

6

এডব

24,360

মুঠ

16,99,077

  • ভাৰতস্কিলক "নাগৰিক কেন্দ্ৰিক উপস্থাপনত উৎকৃষ্টতা" শ্ৰেণীৰ অধীনত ই-গভৰ্ণেন্স আঁচনি ২০২১-২০২২ৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ অধীনত ৰূপৰ পদক প্ৰদান কৰা হৈছে। লগতে, ভাৰতস্কিলক ৰাষ্ট্ৰীয় দক্ষতা নেটৱৰ্কৰ দ্বাৰা ডিজিটেল দক্ষতাৰ বাবে প্ৰথম স্থান দক্ষতা পৰ্টেল হিচাপে গণ্য কৰা হৈছে।
  • ইস্কিলইণ্ডিয়াৰ জৰিয়তে কোভিড-১৯ৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছিল।
  • ভাৰতীয় যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিবলৈ একবিংশ শতিকাৰ দক্ষতাৰে পবুদ্ধ কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
  • ইস্কিল ইণ্ডিয়াই বিভিন্ন ৱেবিনাৰ পৰিচালনা কৰি ডিজিটেল দক্ষতা বৰ্দধক কাৰ্যক্ৰমসমূহলৈ সহযোগিতাআগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সমৰ্থন কৰিছে:
  • নতুন নিয়োগযোগ্যতা আহৰণ সম্পৰ্কীয় দক্ষতা পাঠ্যক্ৰম আৰু সমলৰ শুভাৰম্ভ

‘এমএছডিই’ৰ নিৰ্দেশনাত কোৱেষ্ট এলায়েন্স দলৰ সহযোগত সহ-বিকশিত নতুন নিয়োগযোগ্যতা সম্পৰ্কীয় দক্ষতা পাঠ্যক্ৰম শিক্ষা ৰাজ্যিক মন্ত্ৰীসকলে 'শিক্ষাপৰ্ব ২০২২'ত মুকলি কৰে। পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক তিনিটা ক্ষেত্ৰত বিশেষভাবে লাভান্বিত কৰিব: আত্ম-শিক্ষণৰ এক মানসিকতা গঢ়ি তোলা, মহামাৰী-পৰৱৰ্তী পৃথিৱীত কেৰিয়াৰ-সাজু হোৱা, আৰু নতুন কেৰিয়াৰৰ বিষয়ে সজাগতা বিকাশিত কৰা আৰু একবিংশ শতিকাৰ দক্ষতাৰে সজ্জিত হোৱা আৰু এইসমূহক এমএছডিই পৰিস্থিতিতন্ত্ৰত ব্যৱহাৰ কৰা হ'ব।

ই-বুকবোৰ ‘এনএছডিচি’ৰ ‘ইস্কিলইণ্ডিয়া প’ৰ্টেল’তো উপলব্ধ কৰা হৈছিল। ‘এনএছডিচি’ৰ ‘ই-লাৰ্ণিং মডিউল’ৰ জৰিয়তে শীঘ্ৰেই ‘ই-লাৰ্ণিং সমল’ ৰাইজৰ বাবে উপলব্ধ কৰা হ'ব।

  1. উদ্যোগ ৪.০ৰ সৈতে বজাৰ-চালিত চাহিদা-চালিত দক্ষতাৰ সংগতি সৃষ্টিৰ দিহা কৰা হৈছে।
  2. মহিলা সৱলীকৰণৰ বাবে স্কিল ইণ্ডিয়া
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী কাৰ্যসূচী 'মিছন কৰ্মযোগী'ৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ মন্ত্ৰালয়ে "মোৰ সুৰক্ষা, মোৰ দায়বদ্ধতা" শীৰ্ষক কাৰ্যসূচীৰ অধীনত মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
  • ‘এমএছডিই’য়ে ক্ৰীড়া, শাৰীৰিক শিক্ষা, ফিটনেছ আৰু লেজাৰ দক্ষতা পৰিষদৰ সৈতে এক চুক্তি সম্পাদিত কৰিছিল। ইয়াৰ অধীনত, কৰ্মৰত ১০,০০০মহিলা আৰু আইটিআই-ৰ ছাত্ৰীসকলক আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে।
  • এমএছডিইয়ে ইউএনৱমেনৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে ‘জেণ্ডাৰ চেঞ্চিটাইজেশ্যন পছ ৱৰ্কশ্বপ’-ৰ এটা ১৬ দিনীয়া ‘মডিউল’ অনুষ্ঠিত কৰিছিল।
  1. শিক্ষানবীচি প্ৰশিক্ষণত উত্সাহ প্ৰদান: দক্ষতা বিকাশৰ আটাইতকৈ বহণক্ষম প্ৰশিক্ষণৰ এটা প্ৰৰূপ
  • এমএছডিই-য়ে ‘শিক্ষানবীচি’ বা ‘এপ্ৰেণ্টিছশ্বিপ’ৰ ক্ষেত্ৰত কাম-কাজৰ পৰিৱেশ স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ বাবে পদ্ধতি আৰু প্ৰক্ৰিয়াসমূহৰ ব্যাপক সৰলীকৰণৰ বাবে সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
  • ২০২২চনৰ জুলাই মাহৰ পৰা পাইলট ডিবিটি চলি আছে। এই পৰ্যন্ত ১৫.৬ কোটি টকা মূল্যৰ ১.০৮ লাখতকৈও অধিক ডিবিটি লেনদেন সম্পাদিত হৈছে। ডিবিটি অহা বছৰৰ পৰা সমগ্ৰ দেশতে  আৰম্ভ হ'ব।
  • বিটিপি, এনএপিএছ নিৰ্দেশনা, বৈকল্পিক বাণিজ্য পাঠ্যক্ৰম যৌক্তিককৰণ, পৰীক্ষা, আৰু পৰ্টেলত গুৰুত্বপূৰ্ণ শিক্ষানৱীচি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰা হৈছিল। সেই সন্দৰ্ভত সাতখন কাৰ্যালয় জ্ঞাপনপত্ৰ জাৰি কৰা হৈছে।
  1. উদ্যমশীলতাক উত্সাহ প্ৰদান
  • ৪৮,৭০০ কাৰ্যসূচীৰ জৰিয়তে ১৪৫ খন দেশৰ ৫১৩৪ জন আন্তঃৰাষ্ট্ৰীয় প্ৰাৰ্থীকে ধৰি  ১২.৮৮ লাখ অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ ভিতৰত আছে প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে উদ্দীপনা, সহযোগিতা, আৰু উদ্যমশীলতা বিকাশ সম্পৰ্কীয় কাৰ্যসূচী।
  • ৫টা আজীৱিকা বাণিজ্য উদ্ভাৱন কেন্দ্ৰৰ জৰিয়তে ফেশ্বন ডিজাইনিং,  সৌন্দৰ্য আৰু সুস্থতা,  ম'বাইল মেৰামতি,  খাদ্য সংসাধন,  আৰু বৈদ্যুতিক আৰু গৃহ সঁজুলিৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আৰু প্ৰস্তুতি পৰ্বৰ সহযোগিতা আগবঢ়ায়।
  • প্ৰধানমন্ত্ৰী যুৱ যোজনাৰ (পিএম-যুৱ)ৰ জৰিয়তে ৯৯১ টা নতুন উদ্যোগ সৃষ্টি কৰা হৈছে, আৰু ১০৭১ টা ইতিমধ্যে থকা উদ্যোগৰ উত্তৰণ সাধন কৰা হৈছে।
  • বাৰাণসী, হৰিদ্বাৰ আৰু পান্ধৰপুৰক লৈ গঠিত পবিত্ৰ চহৰসমূহত উদ্যোগবিকাশ সম্পৰ্কীয় পাইলট প্ৰকল্প, মন্দিৰ চহৰৰ উদ্যোগী কাৰ্যকলাপসমূহ পুনৰ আৰম্ভ ককৰিব পৰাকৈ অনুপ্ৰেৰিত কৰাৰ লগতে সাম্ভৱনাপূৰ্ণ উদ্যোগীসকলক আগবঢ়াই আনি উদ্যোগী কাৰ্যকলাপত নিয়োজিত কৰাৰ ইতিমধ্যে থকা উদ্যোগসমূহলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে উদ্যোগসমূহৰ চিনাক্তকৰণ, প্ৰতিষ্ঠা আৰু ব্যৱস্থাপনা সন্দৰ্ভত পৰামৰ্শ দিয়া হয়।
  • উচ্চাকাংক্ষী আৰু বৰ্তী থকা উদ্যোগীসকলক হাত আগবঢ়াবলৈ, নিৰ্দেশনা দিবলৈ আৰু অনলাইন পৰামৰ্শ সেৱাৰ সুবিধা দানৰ বাবে অনলাইন ই-মেন্টৰিং প্লেটফৰ্ম "উদ্যমদিশা" বিকশিত কৰা হৈছে।
  • উদ্যোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু এনআইইএছবিইউডিৰ দ্বাৰা পৰিচালিত বিভিন্ন কাৰ্যসূচীৰ অধীনত হিতাধিকাৰীসকলৰ উদ্যোগী যাত্ৰা প্ৰদৰ্শনৰ দিহা কৰিবলৈ ইউটিউব চেনেল "পিএম-উদ্যমী টকছ" আৰম্ভ কৰা হৈছিল।
  • ডিজিটেল মাৰ্কেটিং আৰু মহিলা উদ্যোগবিকাশৰ ওপৰত • প্ৰকল্প আৰম্ভ কৰা হৈছে, উৰিষ্যাৰ 10 খন উচ্চাকাংক্ষী জিলাৰ 2020 গৰাকী মহিলাক সামৰি মহিলা স্ব-সহায়ক গোটৰ (ডব্লিউএছএইচজি) বাবে আৰম্ভ কৰা হৈছে যাতে তেওঁলোকে ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
  • আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যিক গ্ৰাম্য আজীৱিকা মিছন (এছআৰএলএম)ক সহযোগিতা কৰিব পৰাকৈ এমঅআৰডি-ৰ ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কাৰ্যসূচী (এছভিইপি)ৰ বাবে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা এনআইইএছবিইউডি-ক ৰাষ্ট্ৰীয় সমল সংস্থা (এনআৰঅ) হিচাপে স্বীকৃতি দিয়া হৈছে।
  • সামৰ্থ্য বৰ্দ্ধন, পৰামৰ্শ দান আৰু সহায়ৰ হাত আগবঢ়োৱাৰ জৰিয়তে কাৰাগাৰৰ বন্দীসকলৰ মাজত উদ্যোগী মনোভাৱ সৃষ্টি,  প্ৰতিপালন আৰু উত্সাহ দান কৰাৰ বাবে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ কাৰাগাৰসমূহত প্ৰকল্প হাতত লোৱা হৈছিল।
  • প্ৰশিক্ষণ সঞ্চালকালয় (ডিজিটি)ৰ পৃষ্ঠপোষকতাত চৰকাৰী আৰু ব্যক্তিগত আইটিআইসমূহৰ প্ৰশিক্ষক/প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
  • অৱসৰপ্ৰাপ্ত/সশস্ত্ৰ বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে যাতে অৱসৰৰ পিছত উপযুক্ত নিযুক্তি বিচাৰিব বা উদ্যোগ স্থাপন কৰিব পাৰে সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে,  তেওঁলোকৰ অৰ্হতা/দক্ষতা বৃদ্ধি কৰাৰ বাবে উদ্যমশীলতা বিকাশ কাৰ্যসূচী গ্ৰহণ কৰা।
  • উদ্যমশীলতা বিকাশৰ শিক্ষাত ঐক্য আৰু মানক সৃষ্টি কৰাৰ লগতে আইটিআই, পলিটেকনিক্, জেএছএছ, নিবনুৱা যুৱ আৰু মহিলাকে ধৰি প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে উদ্যমশীলতা সম্পৰ্কীয় শিক্ষাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমল বিকাশ কৰা।
  • প্ৰদৰ্শনী, মেলা আৰু হাটৰ সময়ত শিল্পীসকলক ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি কৰাৰ বাবে সামৰ্থ্য বৰ্দ্ধন আৰু পৰামৰ্শ দানৰ লগতে সহায় আগবঢ়োৱাৰ বাবে কৰ্মশালাৰ আয়োজন কৰা।.
  • জীৱিকাৰ সুযোগ প্ৰদান ৰখাৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি, তৃতীয় লিংগ আৰু আৱৰ্জনা বুটলি ফুৰাসকলকে ধৰি প্ৰব্ৰজনকাৰী, জনজাতীয়, মহিলা, প্রান্তিক জনগোষ্ঠীক লৈ বিভিন্ন লক্ষ্য গোটৰ মাজত উদ্যমশীলতাৰ বাবে উত্সাহ প্ৰদান কৰাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে।
  • এনআইইএছবিইউডিয়ে সমগ্ৰ দেশতে ইয়াৰ পদচিহ্ন বৃদ্ধি কৰিবলৈ এনএছটিআইত ২১টা সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

 

  1. জন শিক্ষণ সংস্থানৰ জৰিয়তে গ্ৰাম্য ভাৰতৰ সৱলীকৰণ(জেএছএছ)
  • জন শিক্ষণ সংস্থান (কেন্দ্ৰীয় খণ্ড আঁচনি)ৰ আঁচনিখনে গ্ৰাম্য/নগৰ/দূৰৱৰ্তী অঞ্চলৰ ১৫-৪৫ বছৰ বয়সৰ শিক্ষাৰ প্ৰাথমিক স্তৰ থকা ব্যক্তি, দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয় এৰি যোৱা হিতাধিকাৰীসকলক বেচৰকাৰী সংগঠনৰ জৰিয়তে থলূতে গৈ বৃত্তিগত দক্ষতা/প্ৰশিক্ষণ প্ৰদান কৰে।
  • জেএছএছ আঁচনিৰ অধীনত প্ৰশিক্ষণ প্ৰাপ্ত হিতাধিকাৰীৰ সংখ্যা (২০২২ৰ ১৯ ডিচেম্বৰ পৰ্যন্ত) য'ত ৮৫% মহিলা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে।

 

প্ৰসংগৰ বাবে তথ্য

হিতাধিকাৰীসকলৰ প্ৰশিক্ষণৰ বছৰ

হিতাধিকাৰীৰ সংখ্য

2021-22

4,61,996

2022-23*

1,27,671

মুঠ

28,47,624

  1. ৰাষ্ট্ৰীয় দক্ষতা সম্পৰ্কীয় অৰ্হতা ফ্ৰেমৱৰ্ক (এনএছকিউএফ):
  • ২১টা খণ্ডত ১২৫টা ‘ৰাষ্ট্ৰীয় দক্ষতা সম্পৰ্কীয় অৰ্হতা ফ্ৰেমৱৰ্ক’ (এনএছকিউএফ) সংগতি পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ফ্ৰেমৱৰ্কটো গতিশীল উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি স্থাপন কৰি কৰা হৈছে। এই ফ্ৰেমৱৰ্কত সংগতি স্থাপন আৰু অনুমোদনৰ মাপকাঠি,  প্ৰক্ৰিয়া,  টেমপ্লেট,  আৰু প্ৰক্ৰিয়াবোৰ যথেষ্ট সৰল,  মানসম্পন্ন আৰু সংশোধন কৰা হৈছে, যাতে দক্ষতা কেন্দ্ৰবোৰত বিদ্যালয়, আৰু অসংগঠিত খণ্ডকে ধৰি উদ্যোগৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা যায়।

9. আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰশিক্ষণ:

• দক্ষতা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় জোঁটবন্ধন - আন্তঃৰাষ্ট্ৰীয় কৰ্মশক্তিৰ গতিশীলতাৰ ওপৰত গুৰুত্ব দি দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত ভাৰতীয় টিভিইটিৰ বাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰা ১১ খনতকৈও অধিক দেশ অষ্ট্ৰেলিয়া, বেলাৰুছ, চীন, ডেনমাৰ্ক, ফ্ৰান্স, জাৰ্মানী, জাপান, কাটাৰ, চুইজাৰলেণ্ড, সংযুক্ত আৰৱ আমিৰীত (ইউএই), ইউনাইটেড কিংডমৰ সৈতে দক্ষতা পৰিৱেশ প্ৰণালীৰ সামঞ্জস্য, উদীয়মান টিভিইটি প্ৰণালীৰ সৈতে জ্ঞানৰ ভাগ বাটোৱাৰ কৰা আৰু সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত জি2জি আৰু বি2বি বুজাবুজি চুক্তি স্বাক্ষৰিত কৰা হয়। 

‘স্কিল ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ’ (এছ.আই.আই.চি.)ৰ ‘এমপেনেলমেণ্ট’, যিয়ে প্ৰাৰ্থীসকলক উৎস, পৰামৰ্শ, প্ৰশিক্ষণ, মূল্যাঙ্কন, প্ৰমাণপত্ৰ, নিযুক্তি, আৰু প্ৰব্ৰজনৰ সুবিধা প্ৰদানৰ জৰিয়তে বিদেশী চাহিদা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়ালৈকে দুটা কেন্দ্ৰ স্থাপন কৰা হৈছে – এটা ভুবনেশ্বৰত আৰু আনটো বাৰাণসীত

***

NB/AK/KB



(Release ID: 1891399) Visitor Counter : 180


Read this release in: English , Hindi , Tamil , Malayalam