কয়লা মন্ত্ৰালয়

বৰ্ষান্তিক খতিয়ান ২০২২ : কয়লা মন্ত্ৰালয়


৭৮০নিযুত টন কয়লা উত্পাদনৰে সাফল্যৰ অভিলেখ, বাণিজ্যিক নিলামৰ জৰিয়তে এই পৰ্যন্ত সম্পন্ন কৰা হৈছে ৬৪টা কয়লাখনিৰ নিলাম

তাপবিদ্যুত প্ৰকল্পসমূহৰ লগতে অন্যান্য খণ্ডসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ কয়লাৰ যোগান সুনিশ্চিত কৰিছে কয়লা মন্ত্ৰালয়ে

কয়লা খণ্ডত উদ্ভাৱনশীল নীতি-সংস্কাৰৰ সূচনা কৰিছে

২০২২ৰ নৱেম্বৰ মাহত ১৪১টা কয়লাখনিৰ নিলাম মুকলি

‘প্ৰধানমন্ত্ৰী গতিশক্তি’ৰ অধীনত কয়লাৰ দ্ৰুত পৰিবহণৰ উদ্দেশ্যে ১৩টা ৰে’ল প্ৰকল্প

‘ক’কিং কয়লাৰ মিছন’ত গুৰুত্ব, ২০৩০ৰ ভিতৰত ১৪০ নিযুত টন উত্পাদনত মনোনিৱেশ

‘কয়লাৰ গেছীয়কৰণ প্ৰকল্প’ৰ বাবে ‘ক’ল ইণ্ডিয়া’ই সম্পাদন কৰিছে চাৰিখন বুজাবুজিৰ চুক্তি

পৰিৱেশ সুৰক্ষা আৰু অন্যান্য ‘চিএছআৰ’ উদ্যোগত বিশেষ গুৰুত্ব প্ৰদান

Posted On: 28 DEC 2022 7:25PM by PIB Guwahati

অভিলেখ পৰিমাণে কয়লা উৎপাদন কৰা আৰু ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ তাপ বিদ্যুৎ প্ৰকল্প আৰু অন্যান্য খণ্ডলৈ পৰ্যাপ্ত কয়লা যোগান নিশ্চিত কৰা, ভাৰতৰ শক্তি সুৰক্ষাক অধিক উৎসাহিত কৰাৰ বাবে উদ্ভাৱনশীল নীতি সংস্কাৰৰ প্ৰয়াস কৰাটো হৈছে ২০২২বৰ্ষত কয়লা খণ্ডৰ কেতবোৰ উল্লেখযোগ্য সাফল্য। কয়লা খনিৰ স্বচ্ছ বাণিজ্যিক নিলামৰ অধীনত এই পৰ্যন্ত ৭৮০নিযুত টন(তদৰ্থ) কয়লা উৎপাদনৰ অভিলেখ, স্বচ্ছ বাণিজ্যিক কয়লা খনি নিলাম ব্যৱস্থাৰ অধীনত ৬৪টা কয়লা খনিৰ সফল নিলাম, দেশৰ বিভিন্ন প্ৰান্তত বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত কৰা, বিএইচইএল, আইঅ'চিএল, গেইল(ভাৰত)ৰ দৰে অগ্ৰণী সংস্থাৰ সৈতে কয়লা গেছীয়কৰণ প্ৰকল্পৰ বাবে গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো বছৰটোত কয়লা মন্ত্ৰালয়ে লাভ কৰা আন কেইটামান মুখ্য সাফল্য আছিল।

সম্পদ মুদ্ৰাকৰণৰ অধীনত, মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষত নীতি আয়োগ-য়ে নিৰ্দ্ধাৰণ কৰা লক্ষ্য ৩৩৯৪ কোটি টকাৰ বিপৰীতে ৪০,১০৪.৬৪ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয়। ভূমি অধিগ্ৰহণ, নতুন প্ৰযুক্তি গ্ৰহণ, বহনক্ষম উন্নয়নত গুৰুত্ব আৰোপ কৰা,  কেৱল পৰিৱৰ্তন,  চিএছআৰ পদক্ষেপ আদি ক্ষেত্ৰত কয়লা মন্ত্ৰালয়ে ২০২২ বৰ্ষত উল্লেখযোগ্য সাফল্য সম্ভৱ কৰিছে।

সংস্কাৰ তথা নীতি: -

কয়লা সংযোগীকৰণ নীতিৰ ৰূপায়ণ

অ-নিয়ন্ত্ৰিত খণ্ডলৈ কয়লা সংযোগীকৰণ নিলামৰ নীতি: কল ইণ্ডিয়া লিমিটেড (চিআইএল)য়ে এতিয়ালৈকে পাঁচটা লিংকেজ নিলাম সম্পূৰ্ণ কৰিছে, য'ত সফল নিবিদাকাৰীসকলে প্ৰতি বছৰে মুঠ ১৩১.১৯ নিযুত টন সংযোগৰ বন্দোৱস্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

ভাৰতত স্বচ্ছভাৱে কয়লাৰ ব্যৱহাৰ আৰু আৱণ্টনৰ আঁচনি: শক্তি নীতিৰ বিভিন্ন ব্যৱস্থাৰ অধীনত ২০৯.৬১৪ নিযুত টন কয়লা সংযোগৰ বন্দোৱস্তি কৰা হৈছে/ আৱণ্টন দিয়া হৈছে।

নতুন নীতি সম্প্ৰকীয় পদক্ষেপ

i):- অ-নিয়ন্ত্ৰিত খণ্ডৰ (এনআৰএছ) কয়লা সংযোগীকৰণ নিলামৰ নীতিৰ অধীনত নতুন উপ-খণ্ড সৃষ্টি।

(ii) কয়লাৰ ই-নিলামৰ বাবে একক উইণ্ডোৰ ব্যৱস্থা।

(iii) নতুন কয়লা বিতৰণ নীতি(এনচিডিপি)ৰ সংস্কাৰ সাধন।

(iv) প্ৰতিষ্ঠানসমূহৰ কয়লাৰ গেছীয়কৰণ প্ৰকল্পৰ বাবে কয়লা সংযোগীকৰণৰ

 

ভূমি অধিগ্ৰহণ

কয়লা ধাৰণ ক্ষেত্ৰ (অধিগ্ৰহণ আৰু উন্নয়ন) অধিনিয়ম, ১৯৫৭-ৰ অধীনত অধিগ্ৰহণ কৰা ভূমিব্যৱহাৰৰ বাবে নীতি নিৰ্দেশনা:

কয়লা মন্ত্ৰালয়ে ২২ এপ্ৰিল, ২০২২ তাৰিখৰ অএম. নং ৪৩০২২/১/২০২২-এল.এ.আই.আৰ.-ৰ অধীনত অধিগ্ৰহণ কৰা ভূমিব্যৱহাৰৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে।

চলিত বৰ্ষৰ ০১-০১-২০২২ৰ পৰা ২০-১২-২০২২ তাৰিখলৈ, কল ইণ্ডিয়া লিমিটেড(চিআইএল)ৰ সহায়ক কোম্পানীবোৰৰ বাবে কয়লা ধাৰক এলেকা (অধিগ্ৰহণ আৰু উন্নয়ন) আইন, ১৯৫৭-ৰ ধাৰা ৯ (১)ৰ অধীনত মুঠ ১৪২৮.১৯১একৰ ভূমি অধিগ্ৰহণ কৰা হৈছে। কয়লা ধাৰক এলেকা (অধিগ্ৰহণ আৰু উন্নয়ন) আইন, ১৯৫৭-ৰ ধাৰা ১১(১)ৰ অধীনত মুঠ ১১৯৫.৭৮ একৰ ভূমি চিআইএল-ৰ সহায়ক কোম্পানীসমূহক দিয়া হৈছে।

 

খনিজ ৰেহাই(সংশোধিত) অধিনিয়ম, ২০২২

কয়লা মন্ত্ৰালয়ে খনিজ ৰেহাই অধিনিয়ম, ১৯৬০ (এমচিআৰ)খনৰ সংশোধন কৰি ০৭-০৯-২০২২ তাৰিখৰ জাননীৰ জৰিয়তে খনিজ ৰেহাই (সংশোধনী) অধিনিয়ম, ২০২২ বলবত্কৰণৰ ব্যৱস্থা কৰিছে।

এই সংশোধনীত অতিৰিক্ত বা কমা ৰয়েল্টীৰ সমন্বয় সাধনৰ বাবে ‘এক্সপ্ৰেছ ব্যৱস্থা’ প্ৰৱৰ্তন কৰা হৈছে। লগতে, চৰকাৰৰ বাবে বিলম্বিত ভাড়া, ৰয়েল্টী, মাচুল বা অন্যান্য পৰিমাণৰ পৰিশোধৰ ক্ষেত্ৰত শাস্তিমূলক সূদৰ হাৰ চব্বিশ শতাংশৰ (২৪%) পৰা বাৰ শতাংশ (১২%)লৈ হ্ৰাস কৰা হৈছে। আশা কৰা হৈছে যে এই ব্যৱস্থাবোৰে কয়লা খনন খণ্ডত অতি প্ৰয়োজনীয় অৰ্থনৈতিক শিথিলতা বহন কৰিব।

২০০৯ চনৰ আগতে বন্ধ কৰা খনিসমূহৰ বাবে খনি বন্ধ সম্পৰ্কীয় নিৰ্দেশনা

কয়লা মন্ত্ৰালয়ে প্ৰথম খনি বন্ধৰ নিৰ্দেশনা জাৰী কৰাৰ সময়ত অৰ্থাত্, ২০০৯ চনৰ আগতে বৃহৎ সংখ্যক খনি বন্ধ/পৰিত্যক্ত/বন্ধ কৰা হৈছিল। এই খনিবোৰ এনেভাবে বন্ধ কৰাৰ প্ৰয়োজন আছে যাতে সেইবোৰে খণ্ডটোক লাভান্বিত কৰিব পাৰে, অবৈধ খনন প্ৰতিৰোধ কৰিব পাৰে, খনন কৰা ভূমিৰ সুৰক্ষা আৰু পুনৰ নিৰ্মাণ নিশ্চিত কৰিব পাৰে। এনে প্ৰেক্ষাপটতে ২০২২চনৰ অক্টোবৰ মাহত খনি বন্ধ সম্পৰ্কীয় নিৰ্দেশনা জাৰী কৰা হৈছিল, যিয়ে ২৭ আগষ্ট ২০০৯(প্ৰথম কয়লা খনি বন্ধৰ নিৰ্দেশনা জাৰী কৰাৰ তাৰিখ)লৈকে কয়লা খনি ৰাষ্ট্ৰীয়কৰণৰ পিছত বন্ধ/পৰিত্যক্ত/বন্ধ কৰা সকলো কয়লা প্ৰতিষ্ঠানক (লিগ্নাইটসহ) নিৰ্দেশনা প্ৰদান কৰিব পাৰিব।

 

চিআইএমএছ পৰ্টেলৰ সময়সীমাত সংশোধন

চিআইএমএছ পৰ্টেলৰ কাম-কাজ আৰু অন্যান্য সম্পৰ্কিত বিষয়ত অংশীদাৰী পক্ষসমূহৰ পৰামৰ্শৰ পিছত, চিআইএমএছ পৰ্টেলত পঞ্জীয়নৰ সময়সীমাত এক সংশোধনী কৰা হৈছিল। আমদানিকৰোতাই কোনো সামগ্ৰী আমদানী কৰাৰ আগৰ ৬০দিন বা সেইবিধ সামগ্ৰী আহি পোৱাৰ পাঁচদিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব। স্বয়ংক্ৰিয়ভাবে উপলব্ধ পঞ্জীয়ন নম্বৰ ৭৫ দিনৰ বাবে বৈধ থাকিব। আমদানিকৰোতাই প্ৰৱেশ বিধেয়কত পঞ্জীয়ন নম্বৰ আৰু পঞ্জীয়নৰ ম্যাদ উকলি যোৱা তাৰিখ উল্লেখ কৰিব লাগিব যাতে সামগ্ৰীবিধ গ্ৰহণ কৰিব পৰাকৈ শুল্ক সম্পৰ্কীয় অনুমোদন পাব পৰা যায়।

 

কয়লা সম্পৰ্কীয় পৰিসংখ্যাসমূহ:-

কয়লা ভাণ্ডাৰত বৃদ্ধি

যোৱা বছৰৰ তুলনাত কয়লাৰ ভাণ্ডাৰত সম্পদৰ মুঠ বৃদ্ধি হৈছে ৯২৮৫.৪৯ নিযুত টন। জোখা/প্ৰত্যায়িত সম্পদ বৃদ্ধি হৈছে ৯৯২৬.৩৮ নিযুত টন । বিৱৰণবোৰ নিম্নলিখিত ধৰণৰ:

সামগ্ৰী

ভাণ্ডাৰৰ স্থিতি

প্ৰত্যায়িত (নিযুত টন)

সুচিত কৰা হৈছে (নিযুত টন)

অনুমানকৰা হৈছে (নিযুত টন)

মুঠ (নিযুত টন)

১ এপ্ৰিল ২০২২ত

187105.32

147252.18

27053.96

361411.46

১ এপ্ৰিল ২০২১ত

177178.94

146949.04

27997.99

352125.97

(ক-খ) ব্যৱধান

9926.38

303.14

-944.03

9285.49

Image

কয়লাৰ উত্পাদন আৰু সৰবৰাহ

  1. ২০২২ বৰ্ষ (২০২২ৰ নৱেম্বৰ পৰ্যন্ত)ত সৰ্বভাৰতীয় পৰ্যায়ত কয়লা উৎপাদন (চিআইএল, এছচিচিএল আৰু অৱৰুদ্ধ খনি) হৈছে ৭৭৯.১০৮ নিযুত টন (তদৰ্থ) আৰু কয়লা ৰখা হৈছে ৭৮১.৯৭৩ নিযুত টন (তদৰ্থ)। শক্তি খণ্ডলৈ কয়লা প্ৰেৰণ হৈছে ৬৬২.৫৬২ নিযুত টন (তদৰ্থ)। ২০২২ বৰ্ষ (নৱেম্বৰ পৰ্যন্ত), চিআইএল আৰু এছচিচিএলৰ দ্বাৰা ই-নিলাম হৈছে ৫৬.৪৫ নিযুত টন।

উত্পাদন বৃদ্ধি:

২০২১-২০২২ বিত্তীয় বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত কয়লাৰ উৎপাদন আছিল ৭৭৮.১৯ নিযুত টন। ২০২০-২০২১ বৰ্ষত এই পৰিমাণ আছিল ৭১৬.০৮৩ নিযুত টন। চলিত বিত্তীয় বৰ্ষৰ নৱেম্বৰ মাহ পৰ্যন্ত দেশত কয়লাৰ উত্পান হয় প্ৰায় ৫২৪.২ নিযুত টন। যোৱা বছৰৰ এই একেছোৱা সময়ত হোৱা প্ৰায় ৪৪৮.১ নিযুত টন কয়লাৰ বিপৰীতে এই বছৰৰ উত্পাদন বৃদ্ধিৰ হাৰ হৈছে প্ৰায় 17%।

বৃদ্ধি:

২০২২-২০২৩ বিত্তীয় বৰ্ষত (২২ নৱেম্বৰলৈকে) দেশত কয়লাৰ যোগান/প্ৰেৰণৰ পৰিমাণ আছিল ৫৫৮.২৪ নিযুত টন (তদৰ্থ)। যোৱা বছৰৰ এই একেছোৱা সময়ত হোৱা ৫২১.০৮ নিযুত টনৰ তুলনাত এই বছৰৰ বৃ্দ্ধিৰ হাৰ হৈছে প্ৰায় ৭.৩৩%। ২০২২-২০২৩ বিত্তীয় বৰ্ষত বিদ্যুৎ খণ্ডৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ, চিআইএল আৰু এছচিচিএল-এ যোৱা বছৰৰ একে সময়ছোৱা(২০২২ৰ নৱেম্বৰৰলৈকে)ত ৩৭৫.১৪৭ নিযুত টনৰ তুলনাত ৪১৪.২২১ নিযিত টন (তদৰ্থ)প্ৰেৰণ কৰিছে আৰু প্ৰায় ১০.৪% বৃদ্ধি হৈছে।

 

তৃতীয় পক্ষৰ দ্বাৰা নমুনা পৰীক্ষণৰে কয়লাৰ মান নিশ্চিত কৰণ

গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধিৰ বাবে, খনিৰ পৰা প্ৰেৰণ বিন্দুলৈ কয়লাৰ মান ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এতিয়া, চি.আই.এল.-ৰ সকলো গ্ৰাহকৰ ওচৰত স্বতন্ত্ৰ তৃতীয়-পক্ষৰ নমুনা সংস্থাৰ (টি.পি.এছ.এ.) জৰিয়তে যোগান ধৰা কয়লাৰ মূল্যাঙ্কন কৰাৰ বিকল্প আছে। গ্ৰাহকসকলক তৃতীয় পক্ষৰ সংস্থাসমূহৰ অধিক বিকল্প প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় খনি আৰু ইন্ধন গৱেষণা প্ৰতিষ্ঠান (চিআইএমএফআৰ) আৰু ভাৰতীয় গুণমান পৰিষদৰ (কিউচিআই) উপৰিও শক্তি আৰু অনা-শক্তি খণ্ডৰ বাবে মেচাৰ্ছ এছজিএছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (চিআইএলৰ দ্বাৰা) নামৰ আৰু দুটা সংস্থাক তালিকাভুক্ত কৰা হৈছে।

কিং কয়লা মিছন

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা 'আত্মনিৰ্ভৰ ভাৰত' উদ্যোগৰ অধীনত কয়লা মন্ত্ৰালয়ে গ্ৰহণ কৰা পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ সৈতে, ঘৰুৱা অসংশোধিত ক’কিং কয়লাৰ উৎপাদন ২০৩০ চনৰ ভিতৰত ১৪০ নিযুত টন হোৱাৰ সম্ভাৱনা আছে। চিআইএল-য়ে বৰ্তমানে থকা খনিসমূহৰ পৰা ২৬ নিযুত টন পৰ্যন্ত অসংশোধিত ক’কিং কয়লাৰ উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে আৰু ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ২২ নিযুত টন বৃদ্ধিৰ লক্ষ্যৰে ‘পিআৰচি’ৰ সৈতে নটা নতুন খনি চিনাক্ত কৰিছে। তদুপৰি, চিআইএল-য়ে পৰিত্যক্ত মুঠ ৩০টা খনিৰ ক’কিং কয়লা আঠটা খনি ৰাজহ ভাগ-বাটোৱাৰা কৰা এক অভিনৱ আৰ্হিৰ আধাৰত ব্যক্তিগত খণ্ডক প্ৰদান কৰিছে, যাৰ সৰ্বাধিক ‘পীক ৰেট কেপাচিটী’ হৈছে ২ নিযুত টন।

মন্ত্ৰালয়ে চাৰিটা ক’কিং কয়লা খণ্ড চিনাক্ত কৰিছে আৰু কেন্দ্ৰীয় খনি পৰিকল্পনা আৰু আৰ্হি প্ৰতিষ্ঠান (চিএমপিডিআই)য়েও অহা দুমাহৰ ভিতৰত ৪ৰ পৰা ৬টা নতুন কোকিং কয়লা খণ্ডৰ বাবে ‘জিআৰ’ চূড়ান্ত কৰিব। ঘৰুৱা অসংশোধিত ক’কিং কয়লা যোগান আৰু বৃদ্ধি কৰিবলৈ ব্যক্তিগত খণ্ডৰ বাবে নিলামৰ পৰৱৰ্তী পৰ্যায়ত এই খণ্ডবোৰ আগবঢ়োৱা হ'ব পাৰে।

 

ৰাজহৰ বুজাবুজিৰে পৰিত্যক্ত খনিৰ পুনৰ মুকলিকৰণ

পৰ্যাপ্ত খনিযোগ্য সংৰক্ষণ আৰু উপযুক্ত গভীৰতাৰ সৈতে উপযুক্ত পৰিমাণৰ অসংখ্য পৰিত্যক্ত খনি আছে, যাক আগতে কয়লা আহৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে, এই খনিবোৰ সুৰক্ষাজনিত কাৰণত বন্ধ কৰা হৈছিল আৰু মুখ্যতঃ অলাভজনক কাৰ্যকলাপৰ বাবে যি কৰ্মচাৰীসকলৰ মজুৰি প্ৰদান কৰাত বাধা সৃষ্টি কৰিছিল।

 

কয়লাৰ পৰিবহণ: -

কয়লা মন্ত্ৰালয়ে কয়লাৰ নিৰৱচ্ছিন্ন স্থানান্তৰৰ বাবে ৭১টা ফাৰ্ষ্ট মাইল কানেক্টিভিটী প্ৰকল্প গ্ৰহণ কৰিছে। ৯৫.৫ এমটিপিএ ক্ষমতাৰ আঠটা প্ৰকল্প (৬-চিআইএল আৰু ২-এছচিচিএল) আৰম্ভ কৰা হৈছে।

A picture containing sky, outdoor, track, factoryDescription automatically generated

প্ৰধানমন্ত্ৰী গতিশক্তিৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহ:-

কয়লা পৰিবহণৰ বাবে পৰিচ্ছন্ন পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে কয়লা মন্ত্ৰালয়ে ৰে'লৰে স্থানান্তৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে দেশত স্থলপথৰে কয়লাৰ সৰবৰাহৰ পৰা ক্ৰমান্বয়ে আঁতৰি যাবলৈ নতুনকৈ প্ৰচেষ্টা আৰম্ভ কৰিছে। গ্ৰীণফিল্ড কয়লা ক্ষেত্ৰলৈ নতুন ব্ৰডগজ ৰে'ল লাইনৰ পৰিকল্পিত নিৰ্মাণ, নতুন লোডিং পইণ্টলৈ ৰে'লৰ সংযোগ সম্প্ৰসাৰিত কৰা আৰু কিছুমান ক্ষেত্ৰত ৰে'ল পথৰ দ্বৈতকৰণ, ত্ৰিগুণকৰণৰে ৰে'লৰ সামৰ্থ্য বৰ্দ্ধনৰ প্ৰয়াস কৰা হৈছে।

প্ৰধানমন্ত্ৰী গতি শক্তিৰ লক্ষ্য অনুসৰি কয়লা মন্ত্ৰালয়ে বহুমুখী সংযোগ বিকাশৰ বাবে ১৩টা ৰে'ল প্ৰকল্প হাতত লৈছে আৰু প্ৰতিটো প্ৰকল্পৰ বাবে আন্তঃগাঁথনিৰ ব্যৱধানসমূহ চিনাক্ত কৰিছে। ‘হাই ইম্পেক্ট প্ৰকল্প’ৰ অধীনত ‘এনএমপি পৰ্টেল’ত চাৰিটা ৰে'ল প্ৰকল্প সফলতাৰে উপলব্ধ কৰা হৈছে যিবোৰ ঝাৰখণ্ড আৰু উৰিষ্যা ৰাজ্যত বিকশিত কৰা হ'ব আৰু ই সকলো বাণিজ্যিক খনি কৰ্মীৰ বাবে দ্ৰুত ল’জিষ্টিক আৰু বিস্তৃত সংযোগৰ সৈতে কয়লাৰ সৰবৰাহতত সহায় কৰিব।

 

২০২২ত মুকলি কৰা ৰেল প্ৰকল্পসমূহ

ভদ্ৰাচলম ৰোড-সট্টুপল্লী নতুন ব্ৰডগজ ৰেল লাইন

কয়লাৰ দ্ৰুত, সুৰক্ষিত আৰু পাৰিপাৰ্শ্বিকতা অনুকূল পৰিবহন সুলভ কৰাৰ বাবে, ৯২৭.৯৪ কোটি টকা ব্যয়ৰে ৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে'ল লাইন নিৰ্মাণ কৰা হৈছে। এইছোৱা পথে ভদ্ৰাচলম ৰোডক সাতুপল্লীৰ সৈতে সংযোগ কৰিছে। এইছোৱা পথত আছে সৰ্বৰাম, চান্দ্ৰগোণ্ডা আৰু পৰধাসৰধী পুৰম আদি ঠাই।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ নৱেম্বৰত ৰামাগুণ্ডমৰ পৰা নতুন ব্ৰডগজ ৰে'ল পথ উদ্বোধন কৰে। তেলেংগানা আৰু কয়লা পৰিবহনৰ ক্ষেত্ৰত সংযোগ বিহীন হৈ অহা অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থা সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰেই এই ব্যৱস্থা কৰা হয়।

আংগুল - বলৰাম - পুটাগাডিয়া - জাৰাপাডাৰ লগতে পুটাগাডিয়াৰ পৰা টেণ্টুলোইলৈ (৬৮ কিলোমিটাৰ)- (উৰিষ্যাৰ এমচিআৰএল ৰে’ল কৰিডৰ)

 

টৰি-শিৱপুৰ-কাঠাৌটিয়া ৰেলপথ

উত্তৰ কৰণপুৰা কয়লাক্ষেত্ৰ হৈছে ঝাৰখণ্ডৰ এক মুখ্য কয়লাক্ষেত্ৰ, যি চেণ্ট্ৰেল কলফিল্ডছ লিমিটেডৰ (চিচিএল) কমাণ্ডৰ ভিতৰত পৰে য'ত প্ৰায় ১৯ বিলিয়ন টন কয়লা সম্পদ আছে। চিচিএল-এ বিত্তীয় বৰ্ষ ২৫-ৰ ভিতৰত প্ৰায় ১৩৫ নিযুত টন উৎপাদনৰ পূৰ্বানুমান কৰিছে, যাৰ ভিতৰত প্ৰায় ৮৫ নিযুত টন উত্তৰ কৰণপুৰা কয়লাক্ষেত্ৰৰ কেইবাটাও গ্ৰীণফিল্ড/ব্ৰাউনফিল্ড কয়লা খনন প্ৰকল্পৰ যেনে আম্ৰপালি (২৫নিযুত টন), মগধ (৫১ নিযুত টন), চন্দ্ৰগুপ্ত (১৫ নিযুত টন), সংঘমিত্ৰা (২০ নিযুত টন)পৰা উৎপাদন কৰাৰ সম্ভাৱনা আছে।

কয়লা ক্ষেত্ৰৰ আৱণ্টন

খনি আৰু খনিজ (উন্নয়ণ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭

খনি আৰু খনিজ (উন্নয়ণ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ আৰু ইয়াৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীৰ অধীনত, মধ্য প্ৰদেশ, উৰিষ্যা, চত্তীশগড়, ঝাৰখণ্ড, অসম আৰু তেলেংগানাৰ ২২টা কয়লা ক্ষেত্ৰ সফলতাৰে নিলাম কৰা হৈছে।

 

কয়লাৰ বাণিজ্যিক খনন: -

কয়লাৰ আমদানি হ্ৰাস কৰাৰ লগতে ঘৰুৱা উৎপাদনৰ প্ৰসাৰ সাধনৰ বাবে ২০১৪ চনত প্ৰৱৰ্তন কৰা ‘নিলাম-আধাৰিত ব্যৱস্থা’ই ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিছিল। অৱশ্যে, ই প্ৰকল্পসমূহত ৰৈ যোৱা অৱশিষ্ট  কয়লাৰ ব্যৱহাৰতে সীমাবদ্ধ আছিল। এই খণ্ডটো ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা বাণিজ্যিক কয়লা খননৰ বাবে ২০২০ চনত মুকলি কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বাণিজ্যিক খননৰ সফল নিলাম আৰম্ভ কৰিছিল। ১৯টা কয়লা খনি আৱণ্টনৰে এই কাৰ্যক্ৰমৰ সামৰণি পৰিছিল।

 

২০২২ত সম্পাদিত নিলামৰ সাফল্য: -

  • ২০২২ৰ ৩০ মাৰ্চ তাৰিখে আৰম্ভ কৰা বাণিজ্যিক খননৰ পঞ্চমটো খেপত ১০৯টা কয়লা/লিগ্নাইট খনি নিলামৰ বাবে আগবঢ়োৱা হৈছে। ইয়াৰ সৈতে চতুৰ্থ খেপৰ দ্বিতীয়টো প্ৰয়াস আৰু তৃতীয় খেপৰ দ্বিতীয়টো প্ৰয়াসৰ যথাক্ৰমে ৪টা আৰু ৯টা কয়লা খনিও নিলামৰ বাবে আগবঢ়োৱা হৈছে। এই তিনিটা খেপৰ অধীনত ৫১ এমটিপিএ-ৰ পিআৰচি থকা মুঠ ১৭টা কয়লা খনি সফলতাৰে নিলাম কৰা হৈছে।
  • কয়লা মন্ত্ৰালয়ে ০৩ নৱেম্বৰ, ২০২২ তাৰিখে সম্পাদন কৰা বাণিজ্যিক কয়লা খনন সম্পৰ্কীয় বৃহত্তম নিলামত ১৪১টা কয়লা আৰু লিগ্নাইট খনি আগবঢ়াই দিছিল। বাণিজ্যিক নিলামৰ ষষ্ঠ খেপত ১৩৩টা কয়লা/লিগ্নাইট খনি নিলামৰ বাবে ৰখা হৈছিল। ইয়াৰ উপৰিও, পঞ্চম পৰ্যায়ৰ বাণিজ্যিক নিলামৰ দ্বিতীয় প্ৰচেষ্টাৰ অধীনত 8টা কয়লা আৰু লিগ্নাইট খনিও মুকলি কৰা হৈছিল য'ত প্ৰথম প্ৰচেষ্টাত একক নিবিদাহে লাভ কৰা হৈছিল।
  • এই পৰ্যন্ত বাণিজ্যিক খননৰ অধীনত ১৫২ এমটিপিএ পিআৰচি থকা মুঠ ৬৪টা কয়লা খনি সফলতাৰে নিলাম কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত এই খনিবোৰে ২ লাখতকৈ অধিক লোকৰ নিযুক্তিৰ সম্ভাৱনা সৃষ্টি কৰিব আৰু ২২,০০০ কোটিৰো অধিক মূলধনী বিনিয়োগ আকৰ্ষিত কৰিব।
  • ২০২২ চনত আঠটা কয়লা খনিৰ উৎপাদন ক্ষমতা ৩০.৮এমটিপিএ-লৈ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
  • যোৱা বছৰৰ ৮১ নিযুত টন উৎপাদনৰ বিপৰীতে ২০২২ চনত কয়লাৰ বাৰ্ষিক উৎপাদন ১০০ নিযুত টন হিচাপে (২২-১২-২০২২ পৰ্যন্ত) লাভ কৰিব পৰা গৈছে

 

সম্পদৰ মুদ্ৰাকৰণ

২০২১-২০২২ বিত্তীয় বৰ্ষত নীতি আয়োগৰ ৩৩৯৪ কোটি টকাৰ লক্ষ্যৰ বিপৰীতে কয়লা মন্ত্ৰালয়ে ৪০,১০৪.৬৪ কোটি টকা অৰ্জন কৰিছিল। তলত ইয়াৰ বিৱৰণ দাঙি ধৰা হল:

ক্ৰমিক নং

মুদ্ৰাকৃত সম্পদ

সম্পদৰ সাম্ভাৱ্য মূল্য  (কোটি টকা হিচাপত)

1.

কয়লা ক্ষেত্ৰ-এমঅডি (৫টা)

9592.64

2.

চিবিএম (১ প্ৰকল্প)

1512

3.

কয়লা ক্ষেত্ৰৰ নিলাম (নীতি আয়োগে নিৰ্দ্ধাৰণ কৰা ৰাশি)

29000

 

মুঠ

40104.64

 

নীতি আয়োগৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত সম্পদ মুদ্ৰাকৰণৰ স্থিতি আছিল নিম্ন লিখিত ধৰণৰ:

 

ক্ৰমিক নং

সম্পদৰ শ্ৰেণী

কোটিৰ হিচাপত ধনৰাশি

1

এমডিঅ

390

2

বিত্তীয় বৰ্য ২২ত নিলাম হোৱা আৰু বিত্তীয় বৰ্ষ ২৩ত মুদ্ৰাকৃত কয়লা ক্ষেত্ৰ

16,383.15

 

মুঠ

16,773.15

 

কয়লা মন্ত্ৰালয়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ১৯৫৪৭.৩৩ কোটি টকাৰ কেপেক্স লক্ষ্য আহৰণ কৰিছিল। এয়া হৈছে বাৰ্ষিক ‘কেপেক্স’ লক্ষ্যৰ ১০৪.২৭%। ২০২১-২২ বিত্তীয় বৰ্ষ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত আহৰণ কৰা ‘কেপেক্স’ৰ বিৱৰণ তলত দিয়া হৈছে:

₹ Crore

বিৱৰণ

চিআইএল

এনএলচিআইএল

এছচিচিএল

মুঠ

বিত্তীয়বৰ্ষ ২০২১-২২

২০২১-২২ বাবে বুজাবুজিৰ চুক্তিৰ লক্ষ্য

14685

2061

2000

18746

২০২১-২২ লাভ কৰা সাফল্য

15400.96

2541.76

1604.61

19547.33

২০২১-২২ লাভ কৰা সাফল্যৰ%

104.88%

123.33%

80.23%

104.27%

বিত্তীয়বৰ্ষ ২০২২-২৩

২০২২-২৩ বাবে বুজাবুজিৰ চুক্তিৰ লক্ষ্য

16500

2920

2,000

21,420

২০২২ৰ নৱেম্বৰলৈকে লাভ কৰা সাফল্য

9751.12

1299.01

700.45

11750.58

২০২২ৰ নৱেম্বৰলৈকে লাভ কৰা সাফল্যৰ %

59.10%

44.49%

35.02%

54.86%

 

কৰ্পোৰেট সামাজিক দায়বদ্ধতা

চিআইএলৰ দুটা সহায়ক প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় চিএছআৰ বঁটা (২০২০) লাভ কৰিছিল। ১৮ আগষ্ট ২০২২ তাৰিখে এই সন্দৰ্ভত ঘোষণা কৰা হৈছিল:

এমচিএল "ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ক্ষেত্ৰত অৱদানৰ বাবে চি.এছ.আৰ. বঁটা" শ্ৰেণীৰ অধীনত উপ-শ্ৰেণী "কৃষি আৰু গ্ৰামোন্নয়ন" বঁটা বিজয়ী

এমচিএল "ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ক্ষেত্ৰত অৱদানৰ বাবে চি.এছ.আৰ. বঁটা" শ্ৰেণীৰ অধীনত উপ-শ্ৰেণী "মহিলা আৰু শিশু বিকাশ"ত সন্মানীয় উল্লেখ

চিচিএল "ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ক্ষেত্ৰত অৱদানৰ বাবে চি.এছ.আৰ. বঁটা" শ্ৰেণীৰ অধীনত উপ-শ্ৰেণীৰ "ক্ৰীড়াৰ প্ৰচাৰ" ত বিজয়ী

    • এই সময়ছোৱাত অনুমোদিত মুখ্য প্ৰকল্পসমূহ
    •  
    • মধ্য প্ৰদেশৰ চিংৰাউলিত খনি প্ৰযুক্তি প্ৰতিষ্ঠান নিৰ্মাণ।
    •  
    • চিংৰাউলিৰ চিত্ৰাংগী খণ্ডত ১০২৫৩টা পৰিয়ালৰ ঘৰত বৈদ্যুতিকীকৰণ।
    •  
    • ঝাৰখণ্ডৰ ৰামগড়ত ৫০,০০০ শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন দিব পৰাকৈ কেন্দ্ৰীভূত পাকঘৰ স্থাপন
    •  
    • অ ৰাঁচী বিশ্ববিদ্যালয় চৌহদত 5000 বহা ৰাজ্যিক পুথিভঁৰাল নিৰ্মাণ
    •  
    • উৰিষ্যাৰ আংগুল জিলাত 'মো স্কুল অভিযান'ৰ অধীনত বিদ্যালয় ৰূপান্তৰণ কাৰ্যসূচী
    •  
    • কলকাতাত ৰোগ নিৰ্ণয় আৰু অস্ত্ৰোপচাৰৰ উন্নত সুবিধাৰ বাবে উচ্চ-স্তৰৰ নিউৰোচাৰ্জাৰী সঁজুলি 'গামা নাইফ' ক্ৰয়ৰ বাবে বিত্তীয় সহায্য
    • চি.এছ.আৰ. আৰু বহণক্ষমতা সম্পৰ্কীয় সন্মিলন ২০২২
    •  
  • চিআইএল আৰু চিচিএল-য়ে যুটীয়াভাৱে ৬ আৰু ৭ মে’ ২০২২ তাৰিখে ৰাঁচীত "চিএছআৰ আৰু বহণক্ষমতা সম্পৰ্কীয় সন্মিলন ২০২২" সফলতাৰে আয়োজন কৰিছিল। বাৰজন চিন্তাবিদে প্ৰতিপাদ্য বিষয়বস্তু সন্দৰ্ভত তেওঁলোকৰ মূল্যৱান বক্তব্য আগবঢ়ায়। এই উপলক্ষে অনুষ্ঠিত সন্মিলনখনত প্ৰায় ২৫০গৰাকী অংশগ্ৰহণকাৰী উপস্থিত আছিল য'ত প্ৰতিষ্ঠানটোৰ শীৰ্ষ পৰিচালনা আৰু জ্যেষ্ঠ বিষয়া, চিআইএলৰ সকলো পৰ্যায়ৰ চিএছআৰ কাৰ্যবাহী আৰু আইআইএমৰ দৰে প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল অন্তৰ্ভুক্ত আছিল।

 

ভিড-১৯ৰ বিৰুদ্ধে যুঁজ

চি.আই.এল.-য়ে কোভিড-১৯ মহামাৰীয়ে উদ্ভৱ কৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয়সকলে গ্ৰহণ কৰা পদক্ষেপক্ষেপসমূহ নথিভুক্ত কৰি "ক’ল ইণ্ডিয়া ইন অভাৰ চিঅভিআইডি" শীৰ্ফক এখন কফিটেবল বুক প্ৰকাশ কৰিছিল। কিতাপখন মাননীয় কয়লা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিছিল।

ল ইণ্ডিয়া লিমিটেডৰ বিত্তীয় সহযোগিতা

  • ২০২১-২২ বিত্তীয় বৰ্ষত ২৬৯ কোটি টকা কোভিড-১৯ সম্পৰ্কীয় চিএছআৰ প্ৰকল্পত ব্যয় কৰা হৈছিল। এয়া আছিল বছৰটোৰ মুঠ চি.এছ.আৰ. ব্যয়ৰ ৪৮.৬%।
  • ২০২১-২২ বিত্তীয় বৰ্ষত কোভিড-১৯ সম্পৰ্কীয় চি.এছ.আৰ. প্ৰকল্পত ২৪৪ কোটি টকা ব্যয় কৰা হৈছিল। এয়া বছৰটোৰ মুঠ চি.এছ.আৰ. ব্যয়ৰ ৪১.৮% আছিল।
  • ২০১৯-২০ বিত্তীয় বৰ্ষত পিএম-কেয়াৰ্ছ ফাণ্ডত ২২১.০৩ কোটি টকাৰ  অৰিহণা যোগোৱা হৈছিল।
  • ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ কোভিড-১৯ বিৰোধী পদক্ষেপত মুঠ ৭৩৪ কোটি টকা ব্যয়।
  • মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰ (২০ কোটি টকা), পশ্চিম বংগ (২০ কোটি টকা), ঝাৰখণ্ড (২০ কোটি টকা), মধ্য প্ৰদেশ (২০ কোটি টকা) আৰু চত্তিশগড় (১০ কোটি টকা)ক বিত্তীয় সহযোগিতা হিচাপে মুঠ ৯০ কোটি টকা প্ৰদান।

গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণ

  • এমচিএলৰ দ্বাৰা ভুৱনেশ্বৰত ১২০০খন বিচনাযুক্ত কোভিড সমৰ্পিত চিকিৎসালয় (পৰ্যায় ৩)
  • এমচিএলৰ দ্বাৰা উৰিষ্যাৰ তালচেৰত ১৫০খন বিচনাযুক্ত  কোভিড সমৰ্পিত চিকিৎসালয়
  • ছত্তিশগড়ৰ বিলাসপুৰ আৰু অম্বিকাপুৰৰ চৰকাৰী চিকিৎসালয়সমূহক এছইচিএলৰ দ্বাৰা ১০০খন বিচনাযুক্ত কোভিড সমৰ্পিত চিকিৎসালয়লৈ ৰূপান্তৰ কৰা
  • ইচিএলৰ দ্বাৰা ঝাৰখণ্ডৰ গোড্ডাৰ হাচদিহাত ২০০খন বিচনাযুক্ত কভিড চিকিৎসালয় স্থাপন
  • চিচিএলৰ দ্বাৰা ঝাৰখণ্ডৰ বোকাৰোত ১৫০খন বিচনাযুক্ত অস্থায়ী কভিড চিকিৎসালয় স্থাপন

উপকৰণ সম্পৰ্কীয় সহযোগিতা

  • এছ.ই.চি.এল.-ৰ দ্বাৰা ছত্তিশগড়ৰ বৈকুণ্ঠপুৰৰ জিলা চিকিৎসালয়ত ৬৪ শ্লাইচ চি.টি. স্কেন মেচিন সংস্থাপন
  • চত্তিশগড় চৰকাৰলৈ(এছ.ই.চি.এল.ৰ দ্বাৰা), পশ্চিম বংগ চৰকাৰ আৰু মেঘালয় চৰকাৰৰ (চি.আই.এল.-ৰ দ্বাৰা)পশ্চিম বংগ চৰকাৰ আৰু মেঘালয় চৰকাৰলৈ (চি.আই.এল.-ৰ দ্বাৰা)প্ৰতিষেধক পৰিবহনৰ বাবে শীতল শৃংখলা সঁজুলি প্ৰদান
  • চিআইএলৰ দ্বাৰা বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন স্থানত অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু পালচ অক্সিমিটাৰ প্ৰদান

 

মিছন প্ৰাণবায়ু

• চিআইএল আৰু ইয়াৰ সহায়ক কোম্পানীবোৰে মুঠ ৪৬ কোটি টকা ব্যয়েৰে ২৮খন চিকিৎসালয়ত ৩১টা অক্সিজেন প্ৰকল্প স্থাপন কৰে আৰু সন্মিলিত ভাবে প্ৰতি মিনিটত ৩৫,০০০ লিটাৰৰো অধিক উত্পাদনক্ষম প্ৰকল্প স্থাপন কৰিছে। এই প্ৰকল্পবোৰে মুঠ ৫০০০ বিচনলৈ সেৱা আগবঢ়াব।

 

সামগ্ৰীৰ সহযোগিতা

  • ৫.৫ লাখতকৈও অধিক পৰিমাণৰ ৰন্ধা খাদ্য/শুকান ৰেচনৰ পেকেট বিতৰণ কৰা হৈছে (৭১,০০০টা শ্ৰমিক বিশেষ ৰে’লত)
  • খনিৰ ওচৰৰ এলেকাবোৰত ১৯.৫৯ লাখতকৈও অধিক মুখা আৰু ৮৪,০০০ লিটাৰতকৈ অধিক হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰা হৈছে

 

আজীৱিকা সম্পৰ্কীয় সহযোগিতা

  • চিএছআৰৰ অধীনত কাৰ্যকৰী কৰা অসামৰিক নিৰ্মাণ প্ৰকল্পত খনিৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলক নিযুক্তি। ‘লকডাউন’ৰ সীমাবদ্ধতা স্বত্বেও চিআইএল আৰু সহায়ক কোম্পানীবোৰে ২০-২১ বিত্তীয় বৰ্ষত তেওঁলোকৰ বিধিগত প্ৰয়োজনীয়তাতকৈ (৪৩৪.৫১কোটি টকা) অধিক ব্যয় কৰিবলৈ সক্ষম হৈছিল (মুঠ ব্যয় ৫৫৩.৮৫ কোটি টকা)।
  • চি.এছ.আৰ. প্ৰকল্পৰ জৰিয়তে উপাৰ্জনৰ সুযোগ
  • এনচিএলৰ দ্বাৰা খাদী আৰু হস্ততাঁতৰ প্ৰশিক্ষণ লাভ কৰা মহিলাসকলে বিভিন্ন সংস্থাক মাস্ক বিক্ৰী কৰিছিল
  • এমচিএল-য়ে উৰিষ্যাৰ মহিলা আত্মসহায়ক গোটসমূহৰ পৰা ৩.১০ লাখ মাস্ক ক্ৰয় কৰিছিল যাৰ ফলত প্ৰায় ২০০গৰাকী মহিলা উপকৃত হৈছিল
  • চিআইএল-য়ে ‘লকডাউন’ত পৰ্যটন স্থলী বন্ধ হোৱাৰ ফলত জীৱিকা হেৰুওৱা পৰিৱেশ্য কলাৰ শিল্পীসকলক সহায় কৰিবলৈ "ভাৰত কে কলাধৰ্মী" প্ৰকল্পটো ৰূপায়ণ কৰিছিল

 

অন্যান্য সহযোগিতাসমূহ

  1. চি.আই.এল.-য়ে নতুন দিল্লীৰ কস্তুৰবা বালিকা বিদ্যালয়ৰ ১৫০গৰাকী দুখীয়া ছাত্ৰীক লেপটপ প্ৰদান কৰিছিল যাতে তেওঁলোকে ডিজিটেল মাধ্যমেৰে শিক্ষিত হ'ব পাৰে, কিয়নো ‘লকডাউন’ৰ সময়ত বিদ্যালয়সমূহ বন্ধ আছিল

২২-২৩ বিত্তীয়বৰ্ষত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ চিএছআৰ প্ৰকল্পসমূহ

ক্ৰমিক নং

প্ৰতিষ্ঠান

প্ৰকল্প

পুঁজি(কোটি টকা হিচাপত)

বিষয়বস্তু

1

চিএইএল

অভিযানক্ষেত্ৰত  ৭টা ৰাজহুৱা প্ৰসাধনগৃহ নিৰ্মাণ

2.10

অনাময়

2

চিএইএল

অসমৰ বানপীড়িতসকলৰ মাজত খাদ্যদ্ৰব্য বিতৰণ

0.63

পৰিপুষ্টি

দুৰ্যোগ প্ৰশমণ

3

চিএইএল

অসমৰ উচ্চাকাংক্ষী জিলা দৰং জিলাত শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উত্তৰণ সাধন

1.98

শিক্ষা

স্বাস্থ্যসেৱা

4

চিএইএল

কলকাটাৰ গুৰুত্বপূৰ্ণ স্নায়ুৰোগ চিকিত্সালয়ৰ বাবে গামা নাইফ চিকিত্সা উপকৰণ ক্ৰয়

10.00

স্বাস্থ্যসেৱা

5

চিএইএল

ৰাঁচী বিশ্ববিদ্যালয় চৌহদত ৫০০০খন আসনযুক্ত গ্ৰন্থাগাৰ নিৰ্মাণ

30.00

শিক্ষা

5

এনচিএল

মধ্য প্ৰদেশৰ সিংগ্ৰৌলিত ১০,০০০ পৰিয়ালৰ বৈদ্যুতিকীকৰণ

55.00

গ্ৰামোন্নয়ণ

6

এনচিএল

মধ্য প্ৰদেশৰ সিংগ্ৰৌলিত খনি প্ৰযুক্তি প্ৰতিষ্ঠান নিৰ্মাণ

76.55

শিক্ষা

7

এনচিএল

মধ্য প্ৰদেশৰ সিংগ্ৰৌলিত সহায়-সামগ্ৰী তথা সৰঞ্জামৰ যোগান

2.84

বিশেষভাবে সক্ষমসকলৰ কল্যাণসাধন

8

এমচিএল

ওড়িশাৰ কন্ধমলত থকা চৰকাৰী বিদ্যালয়সমূহৰ সংস্কাৰ সাধন

6.00

শিক্ষা

9

এমচিএল

ওড়িশাৰ ৬৬খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপান্তৰণ

10.00

শিক্ষা

10

এমচিএল

চন্দকাত চহৰীয়া গছপুলি ৰোপণ

5.77

পৰিৱেশ সংৰক্ষণ

11

বিচিচিএল

অভিযান ক্ষেত্ৰৰ সমীপৱৰ্তী গাঁওসমূহত পানীৰ সমস্যা সমাধানৰ বাবে আৰঅ-বেছড খোৱাপানীৰ যোগান

1.00

পানী যোগান

12

চিচিএল

গ্ৰামাঞ্চলৰ পথৰ নিৰ্মাণ /মেৰামতি

8.02

গ্ৰামোন্নয়ণ

13

চিচিএল

ঝাৰখণ্ডৰ ৰামগড়ত ৫০,০০০ শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন দিব পৰাকৈ কেন্দ্ৰীভূত পাকঘৰ স্থাপন

22.24

পৰিপুষ্টি

শিক্ষা

14

এছইচিএল

চত্তিশগড়ৰ ৰাইগড়ৰ চৰকাৰী বিদ্যালয়লৈ ১১৩টা স্মাৰ্ট ক্লাছৰ ব্যৱস্থা

4.69

শিক্ষা

15

এছইচিএল

চত্তিশগড়ৰ ৰাইগড়ৰ কাৰ্ছিয়া খণ্ডৰ ২৬ গাঁৱৰ ৪৩টা পথৰ পকীকৰণ

4.37

গ্ৰামোন্নয়ণ

 

 

 

ভৱিষ্যমুখী কাৰ্যক্ৰম :-

কয়লাৰ গেছীয়কৰণ প্ৰকল্প

দেশত স্বাচ্ছন্দ্যৰে কয়লাৰ উপলব্ধতাৰ সৈতে, ভাৰত চৰকাৰে কয়লাৰ গেছীয়কৰণক বৃহৎ পৰিসৰত উত্সাহিত কৰাৰ সিদ্ধান্ত লৈছে।  কয়লাৰ গেছীয়কৰণে একাধিক ইন্ধন, ৰাসায়নিক আৰু পেট্ৰো-ৰাসায়নিক সামগ্ৰী উৎপাদন কৰিব পাৰে। এইবোৰৰ বেছিভাগেই বৰ্তমানে আমদানি কৰি থকা হৈছে।

চাৰিটা গেছীয়কৰণ প্ৰকল্প আৰু এটা লিগ্নাইট গেছীয়কৰণ প্ৰকল্প স্থাপন কৰিবলৈ আৰু থলুৱা গেছীয়কৰণ প্ৰযুক্তিক উত্সাহিত কৰাৰ বাবে, ক’ল ইণ্ডিয়া লিমিটেডে ১২-১০-২০২২ তাৰিখে বিএইচইএল, গেইল আৰু আইঅ'চিএলৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে আৰু এনএলচিআইএল-এ ‘হাই এচ্ছ ক’ল’ ব্যৱহাৰ কৰি ইচিএল পশ্চিম বংগত ছিন্থেটিক প্ৰাকৃতিক গেছৰ সৈতে ল এচ্ছ কল ব্যৱহাৰ কৰি ইচিএল পশ্চিম বংগত এমোনিয়াম নাইট্ৰেট, আৰু যথাক্ৰমে ঝাৰখণ্ড/ছত্তীশগড়ত এছএনজি/মিথানল/ডিএমই আৰু তামিলনাডুৰ লিগ্নাইটৰ পৰা ডিএমই (ডি-মিথাইল ইথাৰ)ৰ সৈতে সংশ্লেষিত প্ৰাকৃতিক গেছ উৎপাদনৰ বাবে কয়লা মন্ত্ৰালয়ৰ অধীনত বিএইচইএলৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।  ।

কয়লা গেছীয়কৰণ প্ৰকল্পৰ তথ্য:-

 

 

চিআইএলৰ সহযোগী প্ৰতিষ্ঠান

এনএলচিআইএল

ইচিএল

ডব্লিউচিএল

এছইচিএল

এমচিএল

 

 

জোঁটবন্ধনকাৰী প্ৰতিষ্ঠান

গেইল

-

আইঅচিএল

বিএইচইএল

বিএইচইএল

সামগ্ৰী*

ছিন্থেটিক প্ৰাকৃতিক গেছ

এমনিয়াম নাইট্ৰেট

ডিএমই

এমনিয়াম নাইট্ৰেট

মিথানল

সামগ্ৰীৰ মান

633.6 Mn Nm3

0.66 MMTPA

0.72 MMTPA

পিএফআৰ সাপেক্ষে

0.396 নিযুত টন

খনি

সোণেপুৰ বাজাৰী (জি৪-জি৫)

নীলজাই খনি
(জি৯-জি১০)

মহামায়া খনি
(জি৪)

লখিমপুৰ খনি
(হাই এচ্ছ)

লিগ্নাইট

কয়লা(নিযুত টন)

1.4 MMTPA

0.8 MMTPA

1.35 MMTPA

1.3 MMTA

2.26 MMTPA লিগ্নাইট

 

কয়লাৰ হাইড্ৰোজেন মিছন

  • বিশেষজ্ঞ সমিতিয়ে কয়লাৰ পৰা হাইড্ৰজেন উত্পাদন সম্পৰ্কীয় ৰোডমেপ প্ৰস্তুত কৰিছে।
  • কয়লা মন্ত্ৰীয়ে কয়লাৰ পৰা হাইড্ৰজেন উত্পাদন সম্পৰ্কীয় ৰোডমেপৰ শুভাৰম্ভ ঘোষণা কৰে ২০২২ চনৰ মে' মাহত মুম্বাইত।
  • হাইড্ৰজেন প্ৰকল্পলৈ ৫০০ টিপিডি ডেমো স্কেল কয়লা প্ৰেৰণৰ বাবে বিএইচইএলৰ কাৰিকৰী সমৰ্থনৰ পদক্ষেপ গ্ৰহণ কৰিছে মেচাৰ্ছ ইআইএল-য়ে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এই অধ্যয়নটো থলুৱা গেছীয়কৰণ প্ৰযুক্তিৰ (মেচাৰ্ছ বিএইচইএল) সৈতে ৰূপায়ণ কৰা হ'ব।

 

কয়লাখণ্ডৰ বাবে প্ৰযুক্তি সম্পৰ্কীয় ৰোডমেপ

কয়লা মন্ত্ৰালয়ে কয়লা খণ্ডৰ বাবে গ্ৰহণ কৰিব খোজা প্ৰযুক্তি সন্দৰ্ভত ৰোডমেপ প্ৰস্তুত কৰিছে। মুম্বাইত যোৱা ০৬.০৫.২০২২ তাৰিখে এই ৰোডমেপৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে নতুন প্ৰযুক্তি ৰূপায়ণ কৰা আৰু খনিসমূহৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ উত্তৰণক সহযোগিতা আগবঢ়াব পৰা ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ কৰা। ইয়াত এক শক্তিশালী, বহু-গতিসম্পন্ন তথ্য-প্ৰযুক্তি আৰু নতুন প্ৰযুক্তিৰ দ্ৰুত প্ৰয়োগৰ অনুমতি দিব পৰা আন্তঃগাঁথনি প্ৰণালী অন্তৰ্ভুক্ত থাকিব। এনে প্ৰণালী সৃষ্টি কৰাৰ বাবে নতুন যুগৰ পৰিস্থিতিতন্ত্ৰ (যেনে ষ্টাৰ্ট-আপ, প্ৰতিষ্ঠিত বিক্ৰেতা, গৱেষণা প্ৰতিষ্ঠান আদি)ৰ প্ৰৱেশাধিকাৰৰ প্ৰয়োজন হ'ব। প্ৰযুক্তিগত পৰিৱৰ্তনৰ ফলত সংস্থাটোত এটা নতুন সংস্কৃতিয়ে গা কৰি উঠিব। গোটেই সংস্থাটোত এটা নতুন চিন্তাধাৰা গঢ়ি তোলা হ'ব। প্ৰতিষ্ঠিত উৎকৰ্ষ কেন্দ্ৰৰ সৈতে প্ৰভাৱ পেলাব পৰা আৰু কাৰ্যসূচীটো বজাই ৰাখিবলৈ এটা প্ৰযুক্তি পৰিৱৰ্তনকাৰী দল স্থাপন কৰা হ'ব। সময়মতে সমাধান আৰু বিতৰণ নিশ্চিত কৰিব পৰা এক শক্তিশালী ট্ৰেকিং আৰু পৰিৱৰ্তনকামী ব্যৱস্থাপনা প্ৰণালী স্থাপন কৰিব লাগিব। এই ৰোডমেপৰ পৰিসৰ নিম্নলিখিত ধৰণৰ

 

  • ব্যৱসায়িক প্ৰমূল্য শৃংখলাত পৰিৱৰ্তনৰ বাবে কয়লা খনিত প্ৰযুক্তি সক্ষমতা।
  • কয়লা খনিৰ কৰ্মকুলতা বৃদ্ধিৰ প্ৰদৰ্শনৰ বাবে এক ত্বৰক হিচাপে "ডিজিটেল প্ৰযুক্তি‟ৰ ব্যৱহাৰ কৰা।
  • কয়লা খণ্ডৰ প্ৰযুক্তি পৰিৱৰ্তনৰ উচ্চাকাংক্ষা নিৰ্ধাৰণ কৰা আৰু উদ্যোগ ৪.০ ডিজিটেল প্ৰযুক্তিৰ বাবে কয়লা খণ্ডত কৰ্মশক্তি প্ৰস্তুত কৰা।
  • উৎপাদনশীলতা, সুৰক্ষা আৰু স্থিৰতা বৃদ্ধি কৰাৰ অৰ্থ হৈছে পৰম্পৰাগত প্ৰযুক্তিক নতুন প্ৰযুক্তিলৈ উন্নীত কৰি পৰিৱেশৰ ক্ষতিৰ পৰিমাণ হ্ৰাস কৰা।

 


 

নতুন প্ৰযুক্তি গ্ৰহণ

নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত,  চিএমপিডিআইয়ে চিআইএলত এপ্লিকেচনবোৰৰ জৰীপ আৰু মেপিং কৰাৰ বাবে ড্ৰোনৰ ব্যৱহাৰ আৰম্ভ কৰিছে। চি.এম.পি.ডি.আই.-ৰ দুটা ‘ছাৰ্ভে গ্ৰেড ড্ৰোন’ আছে যিবোৰ ‘লিডাৰ’, ‘অপ্টিকেল’ আৰু ‘থাৰ্মাল চেন্সৰ’ৰে সজ্জিত। ইয়াক বৰ্তমান এছইচিএল, বিচিচিএল, চিচিএল আৰু এমচিএলত বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰা হৈছে। গুণগত মূল্যায়নৰ ওপৰত আধাৰিত কৰি চিএমপিডিআইৰ দ্বাৰা বাৰটা (১২) ড্ৰোন সেৱা প্ৰদানকাৰীক তালিকাভুক্ত কৰা হৈছে কিয়নো ড্ৰোন আধাৰিত কৰ্মৰ সংখ্যা অধিক আৰু চিআইএলৰ বিভিন্ন সহায়ক প্ৰতিষ্ঠানত বিয়পি আছে। চিএমপিডিআইয়ে নিয়মীয়াকৈ এই সংস্থাসমূহৰ সেৱা ব্যৱহাৰ কৰি আছে। ড্ৰোন ব্যৱহাৰ কৰি সম্পাদন কৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভিতৰত আছে উত্তৰ প্ৰদেশত বালি স্তৰ পুনৰুদ্ধাৰ সম্পৰ্কীয় অধ্যয়ন, ঝাৰিয়া কয়লাক্ষেত্ৰত অ-সুস্থিৰ স্থানসমূহৰ ভূখণ্ড মেপিং, এমঅ'ইএফৰ নিৰ্দেশ অনুসৰি চিচিএলৰ চাৰিটা প্ৰকল্পত ড্ৰোন আধাৰিত ‘ৰিয়েল টাইম ফুটেজ ভিডিঅ'গ্ৰাফী’, ‘নালকো’ৰ বাবে মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ অধ্যয়ন, উৰিষ্যাত বেদান্ত আৰু এছচিচিএল, তাপীয় সমীক্ষা ইত্যাদি।

অন্যান্য কাৰ্যক্ৰম:-

আজাদী কা অমৃত মহোত্সৱ

কয়লা মন্ত্ৰালয়ে ৭ৰ পৰা ১১ মাৰ্চ ২০২২ তাৰিখৰ পৰা কোভিড-১৯ বিধি কঠোৰ ভাবে মানি চলি আজাদী কা অমৃত মহোত্সৱ-ৰ আইকনিক সপ্তাহ উদযাপন কৰে (https://coal.gov.in/azadi-ka-amrit-mahotsav)।

আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে বিশেষ অভিযান ২.০

২০২২ চনৰ ২ অক্টোবৰৰ পৰা ২০২২ চনৰ ৩১ অক্টোবৰলৈ এই বছৰ বিশেষ অভিযান ২.০ আৰম্ভ কৰা হৈছিল। এই অভিযানৰ সময়ত, অভিযানৰ নিৰীক্ষণ আৰু ৰূপায়ণৰ বাবে মন্ত্ৰালয়/বিভাগৰ উপৰিও ফিল্ড/আউটষ্টেচন কাৰ্যালয়সমূহৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছিল।

Image

ৰক্তদান শিবিৰ:

এই সময়ছোৱাত চাৰিটা খেপত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল। এই শিবিৰসমূহত ১৫০ তকৈও অধিক দাতাই স্বেচ্ছাই ৰক্তদান কৰে।

***

 

AKN/RKP/KB



(Release ID: 1888063) Visitor Counter : 169