সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত বৃদ্ধাশ্ৰম

Posted On: 14 DEC 2022 4:47PM by PIB Guwahati

‘অটল বয়ো অভ্যুদয় যোজনা’ৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘বৃদ্ধাশ্ৰম’ স্থাপনৰ বাবে স্বেচ্ছাসেৱী সংগঠন/অনাচৰকাৰী সংস্থাসমূহক বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে। আঁচনিখনৰ সন্দৰ্ভত যুগুতোৱা বিধি-নিয়মসমূহ পৰিশিষ্ট-১ত দাঙি ধৰা হ’ল।

অসমকে ধৰি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত থকা বৃদ্ধাশ্ৰমসমূহৰ তালিকা, অনুমোদন দিয়া সাহায্যৰ পৰিমাণ তথা হিতাধিকাৰীৰ সংখ্যা আদি তথ্য পৰিশিষ্ট-২ত সন্নিৱিষ্ট কৰা হৈছে।

আঁচনিখনৰ ৰূপায়ণ সম্পৰ্কীয় যাৱতীয় নিৰীক্ষণ প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ ব্যৱস্থা যেনে ই-অনুদান পৰ্টেলত অগ্ৰগতিৰ নিয়মীয়া প্ৰতিবেদন দাখিল, প্ৰকল্প নিৰীক্ষণ গোটে কৰা ক্ষেত্ৰভিত্তিক পৰদৰ্শন, চিচিটিভি কেমেৰাৰ মাধ্যমেৰে সম্পাদন কৰা অনলাইন নিৰীক্ষণ আৰু ৰূপায়ণকাৰী অভিকৰণসমূহৰ ৱেবছাইটৰ জৰিয়তে সম্পাদন কৰা হয়।

পৰিশিষ্ট-১

বৃদ্ধাশ্ৰমসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ

  1. মাটি- বৃদ্ধাশ্ৰম স্থাপনৰ বাবে সংশ্লিষ্ট চহৰীয়া নিকায়-ৰাজ্যচৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰ্যাপ্ত জোখৰ মাটি থাকিব লাগিব। অৰ্ধ চহৰীয়া অথবা গ্ৰামাঞ্চলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বৃদ্ধাশ্ৰম স্থাপনৰ বাবে পৰ্যাপ্ত জোখৰ মাটি প্ৰদান কৰিব।
  2. বাসৰ ঠাইবৃদ্ধাশ্ৰমসমূহত আবাসীসকল থকাৰ বাবে নিম্নোল্লিখিত বিধি-নিয়ম অনুসৰি ন্যূনতম জোখৰ ঠাইৰ ব্যৱস্থা কৰিব লাগিব:

(i) প্ৰতিগৰাকী আবাসীৰ বাবে শোৱাকোঠা/ড’ৰ্মিটেৰীৰ আকাৰ ৭.৫ বৰ্গমিটাৰ

(ii) প্ৰত্যেকগৰাকী আবাসীৰ বাবে পৃথককৈ বিচনাৰ ব্যৱস্থা লাগিব

(iii) প্ৰতি দহগৰাকী আবাসীৰ বাবে এটাকৈ পৰিষ্কাৰ-পৰিচ্চন্ন শৌচাগাৰ আৰু গা-ধোৱা ঘৰৰ ব্যৱস্থা

(iv) উপৰিউক্ত সা-সুবিধাসমূহৰ লগতে ৰান্ধনীঘৰ, খোৱা-বোৱাৰ বাবে আচুতীয়া ঘৰৰ ব্যৱস্থা, অৱসৰ-বিনোদনৰ বাবে বিশেষ কোঠা, চিকিত্সাৰ বাবে বিশেষ কোঠা, আচুতীয়া বাৰন্দা আৰু কৰিডৰ আদিৰ সু-ব্যৱস্থা থাকিব লাগিব(১২ বৰ্গ মিটাৰ)।

  1. সা-সুবিধাসমূহ - এই আঁচনিৰ অধীনত পুঁজিৰ আৱণ্টন দিয়া প্ৰতিটো প্ৰতিষ্ঠানতে নিম্নোল্লিখিত সা-সুবিধাসমূহ থাকিব লাগিব:

(i) পুৰুষ-মহিলাৰ বাবে কোঠা-ডৰ্মিটেৰী সংলগ্ন আচুতীয়া আবাসিক এলেকা;

(ii) বিশুদ্ধ খোৱাপানী আৰু আনুষংগিক কাম-কাজৰ বাবে পৰ্যাপ্ত পানীৰ ব্যৱস্থা

(iii) আবাসীসকলৰ বাবে বিদ্যুত, পাংখা, হিটাৰ(প্ৰয়োজন সাপেক্ষে)আদিৰ ব্যৱস্থা);

(iv) ৰান্ধনীঘৰ-দ্ৰব্য ভাণ্ডাৰ আৰু কাৰ্যালয়গৃহ;

(v) খোৱা-বোৱাৰ বাবে কোঠা;

(vi) অৱসৰ-বিনোদনৰ সা-সুবিধা, টেলিভিশ্বন, বাতৰিকাকত আৰু পৰ্যাপ্ত সংখ্যক কিতাপ-পত্ৰৰ সংগ্ৰহ;

(vii) আবাসীকলক সক্ৰিয়-সপ্ৰতীভ কৰি ৰখাৰ বাবে বিভিন্ন কাৰ্যক্ৰমৰ ব্যৱস্থা;

(viii) প্ৰথমিক চিকিত্সা, শুশ্ৰূষাগৃহ আৰু প্ৰথমিক স্বাস্থ্যসেৱাৰ বাবে যাৱতীয় সা-সুবিধা.

(ix) বাধাহীন ৰেম্প আৰু হেণ্ডৰেইল আদিৰ লগতে প্ৰয়োজনসাপেক্ষে লিফ্টৰ ব্যৱস্থা.

  1. সঞ্চালনৰ সাধাৰণ বিধিসমূহ: এই আঁচনিৰ অধীনত পৰচালিত প্ৰকল্পসমূহে সংশ্লিষ্ট ৰূপায়ণকাৰী অভিকৰণসমূহে নিৰ্দিষ্ট কৰি দিয়া কেতবোৰ ন্যূনতম বিধি-নিয়ম পালন কৰিব লাগে। সেয়া হৈছে: চিকিত্সক, পৰিপুষ্টি, চিকিত্সা উপকৰণ, স্বাস্থ্যসেৱাৰ দিহা, অৱসৰ-বিনোদনৰ সা-সুবিধা, প্ৰতিটো প্ৰকল্পৰ বাবে নিৰ্দ্ধাৰিত সংখ্যক সেৱা তথা অন্যান্য কৰ্মীৰ ব্যৱস্থা, সুৰক্ষা দিহা, স্থানীয় বতৰৰ উপযোগী কাপোৰ-কানিৰ ব্যৱস্থা, পোহৰ আৰু বায়ু চলাচল কৰিব পৰা ফৰকাল কোঠা, সা-সামগ্ৰী ৰাখিব পৰাকৈ যাৱতীয় ব্যৱস্থা, শৌচ-প্ৰস্বাব, গা-ধোৱা আদিৰ বাবে আচুতীয়া ঘৰৰ ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্চন্নতাৰ সু-ব্যৱস্থা উপলব্ধ কৰাব লাগিব।
  1. নিৰীক্ষণ সম্পৰ্কীয় ব্যৱস্থাৱলী:-
  1. পৰ্টেলত অগ্ৰগতিৰ প্ৰতিবেদন উপলব্ধ কৰোৱাৰ দিহা

(ii) প্ৰকল্প নিৰীক্ষণ গোটৰ দ্বাৰা পৰিদৰ্শন

(iii) চিচিটিভি কেমেৰা-ৰূপায়ণকৰী সংস্থাৰ ৱেবছাইটৰ মাধ্যমেৰে কৰ্মকুশলতাৰ খটিয়ান গ্ৰহণ

  1. প্ৰকল্প প্ৰবন্ধন সমিতিৰ জৰিয়তে যুটীয়া সচিব পৰ্যায়ত মাহেকীয় আৰু পৰিচলনা সমিতি পৰ্যায়ত ছমহীয়া নিৰীক্ষণৰ ব্যৱস্থান্য;
  2. সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ মন্ত্ৰীৰ দ্বাৰা বাৰ্ষিক অগ্ৰগতিৰ নিৰীক্ষণ

(vi) নিয়মীয়া ব্যৱধানত তৃতীয় পক্ষৰ দ্বাৰা মূল্যায়ণৰ ব্যৱস্থা কৰিব পাৰে

(vi) সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয় আৰু এনআইএছডি-য়ে উচিত বিবেচনা কৰা বিধি নিয়মৰেও অতিৰিক্ত নিৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰে

আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰ দান কৰি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী  প্ৰতিমা ভৌমিকে এই তথ্য দাঙি ধৰি।

 

পৰিশিষ্ট-২

 

২০১৯-২০

২০২০-২১

২০২১-২২

ৰাজ্যৰ নাম

বৃদ্ধা

শ্ৰমৰ

সংখ্যা

পুঁজি মুকলি

হিতাধিকাৰী

বৃদ্ধা

শ্ৰমৰ

সংখ্যা

পুঁজি মুকলি

হিতাধিকাৰী

বৃদ্ধা

শ্ৰমৰ

সংখ্যা

পুঁজি মুকলি

Beneficiaries

অন্ধ্ৰ প্ৰদেশ

72

13,20,12,590

3545

71

12,25,79,652

3550

55

11,19,32,730

1550

অৰুণাচল প্ৰদেশ

2

4,50,000

75

4

70,18,177

200

 

 

 

অসম

34

5,15,86,036

1540

43

6,79,27,235

2070

27

5,48,28,402

945

বিহাৰ

1

18,90,338

50

0

0

0

0

0

0

চত্তিশগড়

1

18,25,536

50

6

99,78,663

300

3

51,66,979

125

দিল্লী

2

33,76,500

100

3

40,67,919

150

1

21,23,104

50

গোৱা

0

0

0

2

18,90,329

100

0

0

0

গুজৰাট

7

90,72,263

325

13

1,59,92,091

600

2

41,05,350

75

হাৰিয়ানা

18

2,54,69,010

875

17

2,27,31,849

800

12

1,77,01,984

300

হিমাচল প্ৰদেশ

2

20,70,338

75

1

16,88,031

50

1

18,07,309

25

ঝাৰখণ্ড

0

0

0

4

71,80,917

200

0

0

0

কৰ্ণাটক

44

8,30,16,850

2115

50

8,42,10,045

2420

30

6,46,02,705

920

কেৰালা

3

52,35,774

150

3

48,98,827

150

2

27,29,569

75

মধ্য প্ৰদেশ

9

1,42,30,200

425

15

2,00,44,182

675

8

1,31,56,848

275

মহাৰাষ্ট্ৰ

68

11,75,00,627

2995

65

8,74,15,571

2955

26

4,72,90,169

820

মণিপুৰ

35

6,80,74,823

1750

34

5,80,48,061

1700

28

4,65,19,516

775

মেঘালয়

0

0

0

2

56,90,886

100

2

66,10,575

100

মিজোৰাম

0

0

0

2

19,17,038

50

 

 

 

নাগালেণ্ড

2

36,34,876

100

1

13,90,013

50

1

10,72,154

50

ওড়িশা

92

16,44,89,444

4540

89

14,90,99,904

4450

73

13,74,40,626

2050

পুডুচেৰী

2

18,60,342

100

2

15,24,270

100

1

25,92,000

50

পঞ্জাৱ

3

42,46,306

150

0

0

0

0

0

0

ৰাজস্থান

8

58,87,493

350

19

2,98,38,244

925

9

2,13,17,872

350

তামিল নাডু

63

11,85,86,796

3120

71

11,89,63,344

3420

66

13,24,61,926

1820

তেলেংগণা

19

3,11,78,088

815

18

2,71,86,387

900

12

2,32,95,002

350

ত্ৰিপুৰা

2

27,12,320

100

1

16,53,356

50

 

 

 

উত্তৰ প্ৰদেশ

15

2,79,60,601

690

35

5,64,44,959

1520

28

5,42,73,985

920

উত্তৰাখণ্ড

2

37,80,676

100

2

27,02,075

100

1

16,07,668

25

পশ্চিম বংগ

22

4,08,93,940

1100

27

4,43,53,730

1325

15

2,41,63,875

450

সৰ্বমুঠ

528

92,10,41,767

25235

600

95,64,35,755

28910

403

77,68,00,348

12100

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

(ধনৰ পৰিমাণ টকাৰ হিচাপত)

***

MG/DKP/MPW/RK/KB


(Release ID: 1883762)
Read this release in: English , Urdu