তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

২৮০খন চলচ্চিত্ৰ, ৭৯খন দেশ, ৯ দিন, কোনো হীনডেঢ়ি নাই!

Posted On: 17 NOV 2022 7:53PM by PIB Guwahati

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ইফ্ফিৰ ৫৩তম সংস্কৰণ, ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়াম, তলেগাও, গোৱাত জাকজমকীয়া উদ্বোধনী সমাৰোহৰ বাবে সাজু। মহোৎসৱৰ এই সংস্কৰণে চলচ্চিত্ৰ প্ৰতিনিধিসকলৰ বাবে ২৮০খন চলচ্চিত্ৰৰ এটা সমাহাৰ সাজু কৰিছে, যি তেওঁলোকক ৭৯খন দেশৰ লোকৰ জীৱন, আকাংক্ষা আৰু সংঘৰ্ষত নিজক বিলীন কৰিবলৈ আমন্ত্ৰণ কৰিছে। পূৰ্ণোদ্যমে চলা মহোৎসৱৰ প্ৰস্তুতিৰ মাজত, মহোৎসৱ নিৰ্দেশক আৰু প্ৰবন্ধ নিৰ্দেশক, এনএফডিচি ৰৱিন্দৰ ভাকৰ; চিআইঅ', ইএছজি স্বেতিকা সচান; মহানিৰ্দেশক, পিআইবি, মণিদীপ মুখাৰ্জী; আৰু উপ মহানিৰ্দেশক, পিআইবি, প্ৰজ্ঞা পালীৱাল গৌড়ে আজি পাণাজিৰ ওল্ড জিএমচি বিল্ডিঙত কাৰ্টেইন-ৰেইজাৰ- বা ক'ব পাৰি, কাৰ্টেইন-ফ্লায়াৰ-সংবাদ মেল সম্বোধন কৰে।

 

আহকচোন, হাইলাইটৰ ওপৰত চকু ফুৰাওঁ:

মহোৎসৱৰ শুভাৰম্ভ ডাইটৰ বাৰ্ণাৰৰ দ্বাৰা নিৰ্দেশিত অষ্ট্ৰিয়াৰ ফিল্ম, আল্মা এণ্ড অস্কাৰৰ প্ৰদৰ্শনেৰে হ'ব। আৰম্ভণিৰ ফিল্মৰ বাবে ৰেড কাৰ্পেট দিনৰ ২ বজাত আয়নাক্স-আই, পাণাজিত আৰম্ভ হ'ব। ইয়াৰ পাছত ফিল্ম প্ৰদৰ্শন কৰা হ'ব।

মহোৎসৱৰ সমাপ্তি পোলিছ ফিল্ম কৰজিস্তোফ জানুছিজ পাৰফেক্ট নাম্বাৰৰ প্ৰদৰ্শনেৰে হ'ব। সামৰণিৰ ফিল্মৰ বাবে ৰেড কাৰ্পেট ২৮ নৱেম্বৰত দিনৰ ২ বজাত আয়নাক্স-আই, পাণাজিত আৰম্ভ হ'ব। ইয়াৰ পাছত ফিল্ম প্ৰদৰ্শন কৰা হ'ব।

মাৰ্চিডীজ ব্ৰায়ছ মৰ্গানৰ দ্বাৰা জাৰ্মানী, কানাডা আৰু আমেৰিকাত স্থাপিত ২০২২ৰ ফিল্ম ফিক্সেচন মিড-ফেষ্ট ফিল্ম হ'ব।

'ইণ্ডিয়ান পেনোৰামা'ত ভাৰতৰ ২৫খন ফিচাৰ ফিল্ম আৰু ১৯খন অ-ফিচাৰ ফিল্ম দেখুওৱা হ'ব, আৰু ১৮৩খন ফিল্ম ইণ্টাৰনেচনেল প্ৰগ্ৰেমিঙৰ অংশ হ'ব।

৫২তম দাদা চাহেব ফাল্কে পুৰস্কাৰেৰে সন্মানিত আশা পাৰেখৰ বাবে মহোৎসৱৰ সময়ত এটা বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব, য'ত তিনিখন ফিল্ম- তীসৰী মঞ্জিল, দো বদন আৰু পতংগৰ স্ক্ৰীণিং কৰা হ'ব।

মণিপুৰী চিনেমাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মণিপুৰ ষ্টেট ফিল্মছ ফিল্ম ডেভেলপমেন্ট ছচাইটিৰ দ্বাৰা ক্যুৰেট কৰা পাঁচখন ফিচাৰ ফিল্ম আৰু পাঁচখন অ-ফিচাৰ ফিল্মৰ বিশেষভাৱে প্ৰস্তুত কৰা পেকেজ ইণ্ডিয়ান পেনোৰামাৰ অধীনত প্ৰদৰ্শন কৰা হ'ব।

পূৰ্বোত্তৰ ভাৰতৰ ফিল্মক উৎসাহিত কৰাৰ এটা পদক্ষেপ হিচাপে, মণিপুৰী চিনেমাৰ স্বৰ্ণ জয়ন্তী ৫খন ফিচাৰ আৰু ৫খন অ-ফিচাৰ ফিল্মৰ জৰিয়তে পালন কৰা হ'ব।

মহোৎসৱৰ সময়ত সৰ্বশ্ৰেষ্ঠ বিদেশী ভাষা শ্ৰেণীত অস্কাৰত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ পান নলিনৰ চেলো শ্বো-দ্য লাষ্ট ফিল্ম শ্বো আৰু মধুৰ ভাণ্ডাৰকৰৰ ইণ্ডিয়া লকডাউনৰ বিশেষ স্ক্ৰীণিং হ'ব।

এনএফডিচিৰ দ্বাৰা 'ইণ্ডিয়ান ৰিষ্টোৰ্ড ক্লাছিক্স' খণ্ডত ভাৰতীয় ৰাষ্ট্ৰীয় ফিল্ম অভিলেখাগাৰৰ ফিল্ম প্ৰদৰ্শন কৰা হ'ব। ইয়াত সোহৰাব মোদীৰ ১৯৫৭ৰ কষ্টিউম ড্ৰামা নৌশেৰৱানে আদিল, ৰমেশ মহেশ্বৰীৰ ১৯৬৯ৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতা পঞ্জাৱী ফিল্ম নানক নাম জহাজ হে, কে বিশ্বনাথৰ ১৯৮০ৰ তেলুগূ মিউজিকেল ড্ৰামা শংকৰাভৰণম আৰু সত্যজিত ৰায়ৰ দুখন ক্লাছিক্স, ১৯৭৭ৰ পিৰিয়ড ড্ৰামা শতৰঞ্জ কে খিলাড়ী আৰু ১৯৮৯ৰ সামাজিক ফিল্ম গণশত্ৰুৰ প্ৰদৰ্শন অন্তৰ্ভুক্ত আছে।

সত্যজিত ৰায় লাইফটাইম এচিভমেণ্ট এৱাৰ্ড স্পেনিছ ফিল্ম নিৰ্দেশক কাৰ্লোছ ছৌৰাক প্ৰদান কৰা হ'ব। এই বিখ্যাত ফিল্ম নিৰ্মাতাৰ হৈ তেওঁৰ কন্যা আন্না ছৌৰাই উদ্বোধনী সমাৰোহত এই পুৰস্কাৰ গ্ৰহণ কৰিব। মহোৎসৱত তেওঁৰ কৃতিৰ ৰেট্ৰোস্পেক্টিভ প্ৰদৰ্শন কৰা হ'ব।

'স্পটলাইট' দেশ ফ্ৰান্স আৰু কাণ্ট্ৰী ফোকাছ পেকেজৰ অধীনত ৮খন ফিল্ম দেখুওৱা হ'ব।

'ফিল্ম বজাৰ'ত বিভিন্ন খণ্ডত কিছুমান উন্নত ফিল্ম আৰু ফিল্ম নিৰ্মাতাক প্ৰদৰ্শন কৰা হ'ব। ইফ্ফিত প্ৰথমবাৰ মাৰ্শে ডু কানৰ দৰে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰৰ আৰ্হিত পেভিলিয়ন হ'ব। এই বছৰ মুঠ ৪২টা পেভিলিয়ন হ'ব। ইয়াত বিভিন্ন ৰাজ্য চৰকাৰ, অংশগ্ৰহণকাৰী দেশ, উদ্যোগৰ সৈতে জড়িত লোক আৰু মন্ত্ৰালয়ৰ মিডিয়া সংস্থাৰ ফিল্ম কাৰ্যালয় থাকিব। এয়াও প্ৰথমবাৰ হ'ব, যি সময়ত অনেক ৰিষ্টোৰ্ড ক্লাছিক্স 'দ্য ভিউইং ৰুম'ত উপলব্ধ হ'ব, য'ত যিকোনো লোকে এই ফিল্মবিলাকৰ অধিকাৰ ক্ৰয় কৰিব পাৰিব আৰু বিশ্বৰ ফিল্ম সমাৰোহত সিবিলাকৰ ব্যৱহাৰ কৰিব পাৰিব।

মহোৎসৱৰ নিৰ্দেশকে কৈছে যে 'বুকছ টু বক্স অফিচ' নামৰ এখন নতুন কিতাপ অনুকূল কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে। এই পদক্ষেপ কিতাপত ছপা হোৱা ভাল কাহিনী আৰু কিতাপ অনুকূলিত কৰি বনাব পৰা ভাল ফিল্মৰ মাজৰ ব্যৱধান নোহোৱা কৰাৰ পদক্ষেপ হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াত অন-স্ক্ৰীণ সামগ্ৰীত পৰিৱৰ্তিত কৰিব পৰা কিতাপৰ অধিকাৰ বিক্ৰী কৰিবৰ বাবে কিছুমান উন্নত প্ৰকাশক উপস্থিত থকাৰ আশা আছে।

গাঁৱৰ মানুহলৈকে গৈ পোৱাটো নিশ্চিত কৰাৰ পদক্ষেপ হিচাপে সমগ্ৰ গোৱাত কাৰভান লগোৱা হ'ব আৰু ফিল্মৰ স্ক্ৰীণিঙ কৰা হ'ব।

অপেন এয়াৰ বীচ স্ক্ৰীণিঙো কৰা হ'ব।

'হোমেজ' খণ্ডত পোন্ধৰখন ভাৰতীয় আৰু পাঁচখন আন্তঃৰাষ্ট্ৰীয় ফিল্ম প্ৰদৰ্শন কৰা হ'ব।

বিশেষ আকৰ্ষণত ২৬ নবেম্বৰত শিগমোৎসৱ (বসন্ত মহোৎসৱ) আৰু ২৭ নবেম্বৰ, ২০২২ত গোৱা কাৰ্নিভেল অন্তৰ্ভুক্ত হ'ব।

চিবিচিৰ ফালৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ থীমৰ ওপৰত প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব।

এফটিআইআই অটিজমত আক্ৰান্ত ব্যক্তিৰ বাবে স্মাৰ্ট ফোন ফিল্ম মেকিং আৰু হুইল চেয়াৰ ব্যৱহাৰ কৰা লোকৰ বাবে এক্টিং ক'ৰ্ছৰ সঞ্চালন কৰা হ'ব।

এই সময়ছোৱাত হিন্দী ফিল্মৰ কেইবাটাও প্ৰিমিয়াৰ হ'ব, য'ত তেওঁলোকৰ কলাকাৰে চিনেমাৰ সমৰ্থন আৰু উৎসাহ যোগাবলৈ উপস্থিত থাকিব। ইয়াত পৰেশ ৰাৱালৰ দ্য ষ্টোৰীটেলাৰ, অজয় দেৱগন আৰু তব্বুৰ দৃশ্যম 2, বৰুণ ধৱন আৰু কৃতি সেননৰ ভেড়িয়া আৰু য়ামী গৌতমৰ লাষ্ট অন্তৰ্ভুক্ত আছে। অনাগত তেলুগু ফিল্ম ৰেমো, দীপ্তি নৱল আৰু কল্কি কোচলিনৰ গোল্ডফিছ আৰু ৰণদীপ হুড্ডা আৰু ইলিয়ানা ডিক্ৰুজৰ তেৰা ক্যা হোগা লাভলীৰো ইফ্ফিত প্ৰিমিয়াৰ হ'ব। ইয়াৰ লগতে ৱধান্ধী, খাকী আৰু ফৌদা ছিজন 4ৰ দৰে অ'টিটি শ্বোৰ এপিছোড প্ৰদৰ্শন কৰা হ'ব।

মহোৎসৱৰ নিৰ্দেশকে জানিবলৈ দিছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পদক্ষেপ '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো'ৰ দ্বিতীয় সংস্কৰণ এক অন্য আকৰ্ষণ হ'ব। স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰতীক হিচাপে অনেক ফিল্ম নিৰ্মাতাক সন্মানিত কৰা হ'ব।

মহোৎসৱৰ নিৰ্দেশকে মিডিয়াক কৈছে যে ১১৮জন আন্তঃৰাষ্ট্ৰীয় ফিল্মী প্ৰসিদ্ধ লোকে মহোৎসৱত উপস্থিত থকাৰ সন্মতি দিছে, য'ত কাৰজিস্তোফ জানুসী, লৱ ডিয়াজ, নাদৱ লাপিড, জিনকো গোটোহ, মেহদী হাছান, জন লয়ড ক্ৰুঞ্জ, জেনেছিছ ৰোড্ৰিগজ, মাৰ্ক ওছবোৰ্ণ, জিয়োন ক্যু হোৱান, ডেনিয়েল গোল্ডহেবাৰ আৰু নাটালিয়া লোপেজ গেলাৰ্ডো অন্তৰ্ভুক্ত আছে। তেওঁ কয় যে ২২১জন ভাৰতীয় ফিল্মী প্ৰসিদ্ধ লোকে মহোৎসৱত উপস্থিত থকাৰ সন্মতি প্ৰদান কৰিছে, য'ত অজয় দেৱগন, সুনীল শেট্টী, বৰুণ ধৱন, কৃতি সেনন, প্ৰভুদেৱা, মনোজ বাজপেয়ী, নাৱাজুদ্দিন ছিদ্দিকি, শেখৰ কাপুৰ, ৰাণা দগ্গুবত্তী, মণিৰত্নম, এআৰ ৰহমান, পংকজ ত্ৰিপাঠী, পৰেশ ৰাৱাল, অক্ষয় খান্না, কল্কি কোচলিন, য়ামী গৌতম, দিনেশ ৱিজান, ইলিয়ানা ডিক্ৰুজ, আৰ বাল্কী, অনুপম খেৰ আৰু ভূষণ কুমাৰ অন্তৰ্ভুক্ত আছে।

উদ্বোধনী সমাৰোহ ২০ নৱেম্বৰ, ২০২২ত ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়াম, তলেগাও, গোৱাত আয়োজিত হ'ব। গালা ৰেড কাৰ্পেট উদ্বোধনী সমাৰোহ সন্ধিয়া ৪ বজাত আৰম্ভ হ'ব, ইয়াৰ পাছত উদ্বোধনী সমাৰোহ সন্ধিয়া ৫ বজাৰ পৰা নিশা ৯ বজালৈকে আয়োজিত হ'ব। মহোৎসৱৰ নিৰ্দেশকে কৈছে যে উদ্বোধনী সমাৰোহৰ সম্প্ৰচাৰৰ অধিকাৰ এজন মিডিয়া পাৰ্টনাৰক দিয়া হৈছে, আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ মনোৰঞ্জন খণ্ডক বাদ দি উদ্বোধনী সমাৰোহৰ ভিডিঅ'গ্ৰাফিক কভাৰেজ কেৱল মিডিয়া পাৰ্টনাৰৰ বাবে সংৰক্ষিত; অৱশ্যে, মনোৰঞ্জন খণ্ডসহ সমাৰোহৰ নিৰ্বাচিত ভিডিঅ' ফুটেজ সেইদিনাই মিডিয়াক উপলব্ধ কৰোৱা হ'ব। সম্পূৰ্ণ আয়োজনৰ বাবে ষ্টিল ফটোগ্ৰাফীৰ অনুমতি থাকিব। ইয়াৰ উপৰিও, মিডিয়াই ৰেড কাৰ্পেটৰ কাৰ্যকলাপো কভাৰ কৰিব পাৰিব।

এনেদৰে, সমাপন সমাৰোহ ২৮ নৱেম্বৰ, ২০২২ত ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়াম, তলেগাও, গোৱাত আয়োজন কৰা হ'ব। গালা ৰেড কাৰ্পেট সন্ধিয়া ৪.০০ বজাত আৰম্ভ হ'ব, যাৰ পাছত সন্ধিয়া ৪.৪৫ বজাৰ পৰা নিশা ৭.০০ বজালৈকে সমাপন সমাৰোহৰ আয়োজন হ'ব।

আপুনি আৰু অধিক বিৱৰণ বিচাৰে? মহোৎসৱৰ সন্দৰ্ভত পিআইবিৰ অহা (আৰু পৰৱৰ্তী) জাননি চাবলৈ ক্লিক কৰক- https://pib.gov.in/newsite/iffi53.aspx

চিইঅ', ইএছজি স্বেতিকা সচানে মিডিয়াক কয় যে গোৱা খণ্ডত ফিল্ম প্ৰতিনিধিসকলৰ সৈতে ৭খন অ-ফিচাৰ ফিল্ম প্ৰস্তুত কৰি থকা হৈছে। এই সাতখন ফিল্ম হৈছে অৰ্দো ডিছ, বিফৰ আই শ্লিপ, দ্য হোৱাইট ছাৰ্ট, ৱিণ্ড চাইমছ, দ্য হোৱাইট ড্ৰীম, গোয় স্বাতন্ত্ৰ্যচে হোমখান আৰু নিমন্যা ডিসক। মুঠ ১০টা প্ৰৱেশৰ ভিতৰত এই ফিল্মকেইখনৰ বাছনি এটা জুৰিয়ে কৰিছে, য'ত ফিল্ম নিৰ্মাতা বিনোদ গনাত্ৰা; নিৰ্মাতা, নিৰ্দেশক আৰু লেখক ইমো সিংহ; আৰু নিৰ্মাতা তথা অভিনেতা পামপল্লী সন্দীপ কুমাৰ অন্তৰ্ভুক্ত আছে।

চিইঅ'ই মহোৎসৱৰ অন্য আকৰ্ষণৰ বিষয়েও অৱগত কৰে, আপুনি ইয়াৰ বিৱৰণ ইয়াত চাব পাৰে।

উপ মহানিৰ্দেশক, পিআইবি, প্ৰজ্ঞা পালীৱাল গৌড়ে পিআইবিৰ তৰফৰ পৰা সাৰ্বজনীন সম্প্ৰচাৰ আৰু মিডিয়া সুবিধা ব্যৱস্থাৱলী সন্দৰ্ভত প্ৰস্তুত কৰা যোজনাৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে মিডিয়া প্ৰত্যায়নৰ বাবে ৫০০ৰো অধিক সাংবাদিকে আৱেদন কৰিছে আৰু প্ৰায় ৪২০খন আৱেদন প্ৰচেছ কৰা হৈছে। তেওঁ লগতে কয় যে মিডিয়া প্ৰতিনিধি কাৰ্ডৰ বিতৰণ আগতেই আৰম্ভ হৈছে। তেওঁ কয় যে পিআইবিয়ে মহোৎসৱৰ বিভিন্ন পদক্ষেপৰ বিষয়ে ফটো আৰু মাল্টিমিডিয়া প্ৰেছ বিজ্ঞপ্তি/ইফ্ফি ক্ৰণিকলছ, ইংৰাজী, হিন্দী, উৰ্দু আৰু দেশৰ অন্য আঞ্চলিক ভাষাত লৈ আহি আছে। পিআইবিয়ে মিডিয়া কনফাৰেঞ্চৰ আয়োজন কৰিব বা যাক আমি ফিল্ম নিৰ্মাতা আৰু ফিল্মী প্ৰসিদ্ধ লোক আৰু মিডিয়া আৰু মহোৎসৱৰ প্ৰতিনিধিসকলৰ মাজত ইফ্ফি টবুল টকছ বুলৈ কৈ আছো। এই সত্ৰসমূহ পিআইবি ইণ্ডিয়াৰ ইউটিউব চেনেলতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। তেওঁ কয় যে মহোৎসৱৰ সৈতে মানুহৰ সংযোগ, আন্তৰিকতা আৰু অংশগ্ৰহণত সংশোধন আনিবৰ বাবে পিআইবিয়ে সামাজিক মাধ্যম কমিউনিকেচনৰ সৈতেও ইয়াক সংযুক্ত কৰিছে; যাৰ বাবে আমি কমিউনিকেচনৰ সৃষ্টিশীল স্বৰূপ যেনে মীমছ আৰু কাষ্টম ভিডিঅ'ৰো ব্যৱহাৰ কৰি আছো। পিআইবিয়ে মহোৎসৱৰ ই-নিউজলেটাৰ ইফিলয়ডো জাৰি কৰিব, যাৰ আৰম্ভণি আমি ইফ্ফিৰ ৫২তম সংস্কৰণৰ সৈতে কৰিছিলো।

কাৰ্টেইন-ফ্লায়াৰ প্ৰেছ কনফাৰেঞ্চত কি হ'ল, আপুনি এই বিষয়ে আৰু তথ্য জানিব বিচাৰে নেকি? এই কাৰ্যক্ৰম ইয়াত চাওক:

 

***



(Release ID: 1877468) Visitor Counter : 137