তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আমি আমাৰ দেশৰ ইতিহাস পাহৰা উচিত নহয়: কামাখ্যা প্ৰসাদ তাছা
যোৰহাটৰ বাহনাত আৰম্ভ হৈছে আজাদী কা অমৃত মহোৎসৱৰ তিনিদিনীয়া আলোকচিত্ৰ প্ৰদৰ্শনী
গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনৰ দ্বাৰা আয়োজিত এই আলোকচিত্ৰ প্ৰদৰ্শনীখনত উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সেনানীসকলৰ ত্যাগৰ কাহিনী তথা এনডিএ চৰকাৰৰ বিগত আঠ বছৰৰ কৃতিত্ব প্ৰদৰ্শন কৰা হৈছে
সাংসদ কামাখ্য প্ৰসাদ তাছাই উদ্বোধন কৰে এই আলোকচিত্ৰ প্ৰদৰ্শনী
Posted On:
14 NOV 2022 4:49PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনে ১৪-১৬ নৱেম্বৰ ২০২২ তাৰিখে যোৰহাটৰ বাহনা বয়জ এইচএছ স্কুলৰ খেলপথাৰত আজাদী কা অমৃত মহোৎসৱ আৰু সেৱা, সুশাসন তথা দৰিদ্ৰ কল্যাণৰ বিগত ৮ বছৰৰ কৃতিত্বৰ এখন মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকা, শ্ৰী দামোদৰ বৰ্মন, অতিৰিক্ত উপাযুক্ত, যোৰহাট, শ্ৰী প্ৰসন্ন কুমাৰ দত্ত, বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু চিবিচিৰ উপ-সঞ্চালক শ্ৰী অৰিজিত চক্ৰৱৰ্তীয়ে আজি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ ওপৰত আয়োজিত আলোকচিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে। প্ৰদৰ্শনীখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৯ গৰাকী স্বাধীনতা সংগ্ৰামীকে ধৰি প্ৰায় ৫০ খন সৃজনীমূলক কলা প্ৰদৰ্শন কৰা হয়।
ৰাইজক সম্বোধন কৰি ৰাজ্যসভাৰ সদস্য শ্ৰী কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়ে যে এই প্ৰদৰ্শনীখন ভাৰত চৰকাৰৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ তথা ইয়াৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ গৌৰৱময় ইতিহাস উদযাপন আৰু স্মৰণৰ এক প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে প্ৰদৰ্শনীখনে দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস আৰু বিভাজনৰ পিছৰ ঘটনাসমূহৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে এই ধৰণৰ প্ৰদৰ্শনীয়ে নাগৰিকসকলৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগক স্মৰণ কৰিবলৈ উদগনি দিয়ে আৰু সেই ত্যাগৰ কথা সোঁৱৰণ কৰি যুৱ প্ৰজন্মই দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰাৰ অনুপ্ৰেৰণা লাভ কৰে। তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বৃহৎ সংখ্যাত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আৰু আমাৰ সমৃদ্ধ ইতিহাসৰ বিষয়ে জানিবলৈ আহ্বান জনায়।
শ্ৰী তাছাই বাহনাক প্ৰদৰ্শনী আয়োজনৰ স্থান হিচাপে বাছনি কৰাৰ বাবে গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনক প্ৰশংসা কৰে ৷ এই স্থানত স্বাধীনতা সংগ্ৰামী স্বৰ্গীয় লোকেশ্বৰ বৰুৱাই কেৱল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস কৰাই নহয় বৰঞ্চ ক্ষুদ্ৰ চৰাইগাঁও মৌজাক এখন স্বাধীন ৰাষ্ট্ৰ আৰু ১৯৪২ চনত নিজকে ইয়াৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰিছিল।
ৰাজ্যসভাৰ সদস্যগৰাকীয়ে দেশৰ স্বাধীনতাৰ বাবে স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগক স্মৰণ কৰিবলৈ ৰাইজক আহ্বান জনায়। শ্ৰী তাছাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক স্বাধীনতা সংগ্ৰামীসকলৰ লগতে অখ্যাত নায়কসকলক আলোকপাত কৰাৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে আৰু সদায়েই উত্তৰ-পূৰ্বাঞ্চল উন্নয়নত গুৰুত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
এনে ধৰণৰ প্ৰদৰ্শনীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰাম সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিব বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ ডেকাই ৰাইজক অৱগত কৰে যে এই প্ৰদৰ্শনীখনে আমাৰ ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বীৰত্বৰ বিষয়ে জনসাধাৰণক জানিবলৈ সহায় কৰিব।
স্বাধীনতা সংগ্ৰামী স্বৰ্গীয় লক্ষেশ্বৰ বৰুৱাৰ পুত্ৰ শ্ৰী বিমান বৰুৱাক ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছাই আজাদী কা অমৃত মহোৎসৱৰ ওপৰত আয়োজিত আলোকচিত্ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত সম্বৰ্ধনা জনায়।
গুৱাহাটীৰ চিবিচিৰ উপ-সঞ্চালক শ্ৰী অৰিজিত চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ প্ৰদান কৰে। চিবিচিৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া শ্ৰীমতী স্মিতা শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়।
প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত চিবিচি-ৰ বিষয়াসকল, শিক্ষা বিভাগ, পিআৰআই-ৰ সদস্য তথা অন্যান্য গণ্যমান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।




<><><><><><><><><>
AC/HD/MANN
(Release ID: 1875848)