তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner

‘আইএফএফআই ৫৩’-ত পোৱা যাব ‘মেক্সিকান ছালছা’ৰ সোৱাদ


সমকালীন মেক্সিকান চিনেমাৰ উদযাপন হ’ব চলচ্চিত্ৰ মহোতসৱত

উজ্জীৱিত সংস্কৃতি আৰু বহু খলপীয়া ইতিহাসৰ দেশ হিচাপেই পৰিচিত হৈ আহিছে মেক্সিকো। আজিৰ তাৰিখত চিনেমা হৈছে এইখন দেশৰ চিৰন্তন গতিশীল সাংস্কৃতিক ঐতিহ্যৰ অন্য এক সংযোজন। এলেজাণ্ড্ৰো গঞ্জালেজ, গুইলাৰ্মো ডেল তৰো, এলফন্ছো কুৱাৰণ আৰু কাৰ্লোছ ৰেগাদাৰ দৰে কিংবদন্তীসকলে বিশ্বমানৰ চিনেমা নিৰ্মাণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন শিতানত ৭ খনকৈ মেক্সিকান ছবিৰ প্ৰদৰ্শনৰে ৫৩ সংখ্যক ‘আইএফএফআই’-য়েও মেক্সিকো আৰু দেশখনৰ চিনেমাৰ উদযাপন প্ৰয়াস কৰিছে।

২০২২ চনত নিৰ্মিত মেক্সিকান ছবি ‘ৰেড শ্বুজ’-য়ে অন্য ১৪ খন ছবিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় শাখা প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এই শাখাৰ শ্ৰেষ্ঠ ছবিখনে বহু প্ৰত্যাশিত ‘গ’ল্ডেন পীকক’-‘সোণালী ময়ূৰ’ লাভ কৰিব। ছবি নিৰ্মাতা কাৰ্লোছ আইচেলমান কাইজাৰে তেওঁ ছবি ‘ৰে’ড শ্বুজ’ সন্দৰ্ভত দিয়া ব্যাখ্যা অনুসৰি এয়া আবেগিক প্ৰতিফলনৰ বাহিৰে আন একো নহয়। একাকী জীৱন কটোৱা এগৰাকী খেতিয়কে এদিন তেওঁৰ ছোৱালীজনীৰ মৃত্যুৰ বাতৰি পালে। খেতিয়ক জনে তেওঁৰ ছোৱাজনীৰ মৃতদেহটো ঘৰলৈ অনাৰ বাবে এটা অপৰিচিত আৰু এক অচিনাকী পৃথিৱীৰ মাজেৰে কৰা প্ৰয়াসৰে ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে। ইতিমধ্যে বহুকেইটা বঁটাৰে সন্মানিত হোৱা ছবিখনে ইতিমধ্যে ‘ভেনিচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত দৰ্শকৰ বিশেষ বঁটা লাভ কৰিছে।

ৰেড শ্বুজ-ৰ স্থিৰচিত্ৰ

ৰেড শ্বুজ-ৰ স্থিৰচিত্ৰ

ইফালে, প্ৰথমখন ছবিৰ নিৰ্দেশকৰ শ্ৰেষ্ঠ বঁটাৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা মেক্সিকান ছবিখন হৈছে ‘আইলেণ্ড অব লষ্ট গাৰ্ল’। ছবিখনৰ নিৰ্দেশক হৈছে এন-মেৰী স্মিট আৰু ব্ৰায়ান স্মিট। ঘটনাক্ৰমে সমুদ্ৰ-গহ্বৰত পতিত হৈ তিনিগৰাকী বাই-ভনীয়ে সমুদ্ৰৰ ভয়ংকৰ ঢৌ আৰু অতি-প্ৰাকৃতিক প্ৰাণীৰ মেৰ-পেচৰ পৰা নিজকে বচাবলৈ কৰা দুৰ্দান্ত কাহিনীৰ ৰোমাঞ্চকৰ ব্যাখ্যা হৈছে এই ছবি মূল উপজীব্য। ছবিখন ইতিমধ্যে ‘মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোত্সৱ’ আৰু ‘ফেণ্টাছীয়া ফেষ্টিভেল’ত প্ৰদৰ্শিত হৈছে।

আইলেণ্ড অব লষ্ট গাৰ্ল-ৰ স্থিৰচিত্ৰ

আইলেণ্ড অব লষ্ট গাৰ্ল-ৰ স্থিৰচিত্ৰ

‘আইএফএফআই-৫৩’ত প্ৰদৰ্শিত হ’বলগীয়া আনকেইখন মেক্সিকান ছবি হৈছে : ব্লাংকিটা, ছ’ল্ছ জাৰ্ণী, ইয়ামি, পিনোচ্ছিঅ’ আৰু হিউছেৰা।

 

‘আইএফএফআই’-ৰ  বিষয়ে

এছীয়াৰ সবোটোতকৈ অগ্ৰণী ছবি মহোত্সৱ হিচাপে ১৯৫২ চনত ‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱ’-ৰ শুভাৰম্ভণী হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজক ৰাজ্য গোৱাৰ ৰাজ্য চৰকাৰ আৰু ‘এণ্টাৰটেইনমেণ্ট ছ’চাইটী অব গোৱা’ৰ সহযোগত এই মহোত্সৱখন প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। মহোত্সৱখন সন্দৰ্ভত যাৱতীয় সকলো তথ্য www.iffigoa.org, pib.gov.in আইএফএফআই’-ৰ ‘টুইটাৰ’, ‘ফে’চবুক’ আৰু ‘ইনষ্টাগ্ৰাম’ একাউণ্টৰ লগতে ‘পিআইবি গোৱা’ৰ ‘ছ’চিয়েল মিডিয়া হেণ্ডলছ’ত উপলব্ধ কৰা হৈছে।

 

***

PIB CAST & CREW |Gautam | Nikita | IFFI 53 – 13/KB

iffi reel

(Release ID: 1875325) Visitor Counter : 186


Read this release in: Marathi , English , Urdu , Hindi