খনি মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ অন্বেষণ আৰু বিকাশক সৰ্বাধিক অগ্ৰাধিকাৰ দিছেঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী


প্ৰথম সংখ্যক উত্তৰ-পূব ভূতত্ত্ব আৰু খনি মন্ত্ৰীৰ সন্মিলনত ভাষণ প্ৰদান

Posted On: 31 OCT 2022 7:01PM by PIB Guwahati

খনি মন্ত্ৰালয়ে সমগ্ৰ ভাৰতত খনন কাৰ্যকলাপক উৎসাহিত কৰিবলৈ নিৰন্তৰে প্ৰচেষ্টা চলাই আছে। সেই অনুসৰি, খনিজাত পদাৰ্থৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলত খনি অন্বেষণ কাৰ্যকলাপক অধিক উৎসাহিত কৰিবলৈ, প্ৰথম সংখ্যক "উত্তৰ-পূব ভূতত্ত্ব আৰু খনি মন্ত্ৰীৰ সন্মিলন’’ আজি নাগালেণ্ডৰ ডিমাপুৰৰ চুমুকেডিমাৰ নিয়াথু ৰিজৰ্টত অনুষ্ঠিত কৰা হয়। 

অনুষ্ঠানটোত, উত্তৰ-পূব খনি আৰু কয়লা মন্ত্ৰী সমিতিয়ে কেন্দ্ৰীয় খনি, কয়লা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ সন্মুখত তেওঁলোকৰ উদ্বেগ আৰু দাবীসমূহ উত্থাপন কৰে। একেটা বিষয়ত ভাষণ প্ৰদান কৰি শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ভাৰতৰ পৰিৱৰ্তনৰ কাৰ্যসূচীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতৰ 'এক্ট ইষ্ট পলিচী'ৰ কেন্দ্ৰবিন্দু। ভাৰতীয় ভূতাত্ত্বিক জৰীপে (জিএছআই) যোৱা পাঁচ বছৰত বিভিন্ন খনিজ সামগ্ৰীৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলত ১০৮টা প্ৰকল্প আৰু চলিত ক্ষেত্ৰ ঋতু ২০২২-২৩ত অঞ্চলটোৰ বিভিন্ন সামগ্ৰীৰ ওপৰত ২৩টা খনিজ অন্বেষণ প্ৰকল্প হাতত লৈছে। চৰকাৰে ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ন্যাসৰ (এনএমইটি) জৰিয়তে প্ৰকল্পসমূহৰ বাবে পুঁজিও যোগান ধৰিছে বুলি শ্ৰী যোশীয়ে জানিবলৈ দিয়ে। এনএমইটি-য়ে পুঁজি যোগান ধৰা নাগালেণ্ডৰ চূণশিল আৰু লৌহ আকৰিকৰ দুটা খনিজ অন্বেষণ প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে। এনএমইটি-য়ে বছৰত মুঠ অনুমোদিত অন্বেষণ প্ৰকল্পৰ ১০% পৰ্যন্ত ৰাজ্যিক ডিজিএম-ক যন্ত্ৰপাতি/ পৰীক্ষাগাৰৰ সঁজুলি/ উপকৰণ আদি ক্ৰয় কৰাৰ বাবে বিত্তীয় সহায় আগবঢ়াইছে।  নিলাম প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত কেইবাটাও সমস্যা সমাধানৰ বাবে বিভিন্ন ৰাজ্যৰ বাবে খনি মন্ত্ৰালয়ৰ দ্বাৰা এটা যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দি শ্ৰী প্ৰহ্লাদ যোশীয়ে লগতে কয় যে জিএছআই আৰু ভাৰতীয় খনি ব্যুৰ’ (আইবিএম)ৰ জৰিয়তে মন্ত্ৰালয়ে ৰাজ্যিক ভূতাত্ত্বিক আৰু অন্যান্য কৰ্মকৰ্তাসকলৰ বাবে তেওঁলোকৰ সামৰ্থ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিব পাৰে। ৰাজ্যসমূহৰ সুবিধা অনুসৰি জিএছআই-য়ে ইয়াৰ শ্বিলং কেন্দ্ৰ বা হায়দৰাবাদত জিএছআইটিআই-ত এনে কাৰ্যসূচীৰ আয়োজন কৰিব পাৰে।

অৱশ্যে, শ্ৰী প্ৰহ্লাদ যোশীয়ে উত্তৰ-পূৰ্বাঞ্চলত নিলাম প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁৰ উদ্বেগৰ কথাও উল্লেখ কৰে আৰু ৰাজ্য চৰকাৰসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত নিলাম সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয় যে সম্পদ স্থাপন আৰু এইসমূহৰ সফল নিলামে ৰাজহ বৃদ্ধি, নিযুক্তি সৃষ্টি, উদ্যোগৰ প্ৰবাহৰ জৰিয়তে অৰ্থনৈতিক সমৃদ্ধি আনিব যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন হ’ব। খণ্ডসমূহৰ সফল নিলামে অঞ্চলটোলৈ অন্যান্য বিত্তীয় উৎস বৃদ্ধি কৰাৰ অনুঘটক হিচাপেও কাম কৰিব পাৰে।

পিছত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে কয়লা আৰু তেল অন্বেষণৰ পাৰিপাৰ্শ্বিক প্ৰভাৱসমূহো যথেষ্ট মনোযোগেৰে পৰীক্ষা কৰি আছে আৰু লগতে অঞ্চলটোৰ হিতৰ বাবে সমৃদ্ধ খনিজ সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছে। খনি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী সঞ্জয় লোহিয়াই মন্তব্য প্ৰদান কৰি কয় যে মন্ত্ৰালয়ে দেশত খনিজ পদাৰ্থৰ অন্বেষণৰ গতি বৃদ্ধি কৰাৰ লগতে খনিজ খণ্ডৰ নিলামৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। জিএছআই-য়ে দেশত ৰাষ্ট্ৰীয় বেচলাইন ভূ-বিজ্ঞান তথ্য উৎপাদন কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহৰ অন্বেষণৰ ওপৰত মনোযোগ দিছে। শেহতীয়াকৈ এনএমইটি-ৰ পৰা অসমলৈ ১০ কোটি টকাতকৈও অধিক মূল্যৰ তিনিটা প্ৰকল্পৰ অনুমোদন কৰা হৈছে। তেওঁ লগতে কয় যে খনি মন্ত্ৰালয় আৰু ইয়াৰ সংস্থা জিএছআই, আইবিএম, এমইচিএল-য়ে ৰাজ্য চৰকাৰসমূহক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। উক্ত সন্মিলনে অঞ্চলটোত খনি আৰু ভূতাত্ত্বিক কাৰ্যকলাপ উন্নত কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি শ্ৰী লোহিয়াই কয় আশা ব্যক্ত কৰে ৷

***

AKN/RKP/SKS/MANN



(Release ID: 1872593) Visitor Counter : 97


Read this release in: Kannada , English , Urdu , Hindi