উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ণমূলক পদক্ষেপ’(পিএম-ডিভাইন)

Posted On: 12 OCT 2022 4:45PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল(এনইআৰ)ৰ ক্ষেত্ৰত থকা উন্নয়ণী ব্যৱধান আঁতৰোৱাৰ উদ্দেশ্যে ২০২২-২৩ বিত্তীয়বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ‘পিএম-ডিভাইন’(PMDevINE) শীৰ্ষক এখন নতুন আঁচনি ঘোষণা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ণৰ বাবে যে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে তাৰ আৰু এটা নিদৰ্শন হৈছে ‘পিএম-ডিভাইন’ৰ ঘোষণা।

‘পিএম-ডিভাইন’ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণ শিতানত উপলব্ধ কৰা সামগ্ৰিক পুঁজিৰ পিচত আতিৰিক্ত ভাবে সম্পাদন কৰিব খোজা এখন আঁচনি। কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰে বৰ্তমানে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ ই বিকল্প নহ’ব।

‘পিএম-ডিভাইন’ আঁচনিৰ উদ্দেশ্যসমূহ : ক)’পিএম গতিশক্তি’ৰ সৈতে সংগতি ৰাখি পুঁজিৰ গঠন, খ)উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ বাবে প্ৰয়োজনীয় বুলি অনুভূত সামাজিক বিকাশমূলক প্ৰকল্পলৈ সহযোগিতা আগবঢ়োৱা, গ)যুৱ-প্ৰজন্মৰ লগতে মহিলাসকলৰ বাবে জীৱিকা সম্পৰ্কীয় কাৰ্যক্ৰম আৰম্ভ কৰা, ঘ)বিভিন্ন খণ্ডত থকা উন্নয়ণী ব্যৱধান আঁতৰোৱা।

যদিও, ‘পিএম-ডিভাইন’ৰ অধীনত ২০২২-২৩ৰ বাবে অনুমোদিত কেতবোৰ প্ৰকল্প বাজেটৰ অংশ, ব্যাপক আৰ্থ-সামাজিক প্ৰভাৱবিশিষ্ট অথবা সৰ্ব-সাধাৰণ জনতাৰ বাবে বহণক্ষণ কৰ্ম-সংস্থানৰ সুযোগ(যথা : সকলো প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণ, সকলো চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ব্যাপক সা-সুবিধাৰ সংযোজন আদি)থকা প্ৰকল্পৰ কথা ভৱিষ্যতে বিবেচনা কৰা হ’ব পাৰে।

যিহেতু, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ‘বুনিয়াদী ন্যূনতম সেৱা’(বেছিক মিনিমাম ছাৰ্ভিচ-বিএমএছ)ৰ সূচকাংক ৰাষ্ট্ৰীয় গড়তকৈ তলত আছে আৰু ‘নিতি আয়োগ’, ‘ইউএনডিপি’ আৰু ‘ড’নাৰ’ মন্ত্ৰালয়ে ২০২১-২২ৰ বাবে যুগুতোৱা ‘এনইআৰ ডিষ্ট্ৰিক্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট গ’ল’(এছডিজি)সূচকৰ তথ্য মতেও অঞ্চলটোৰ উন্নয়ণৰ ক্ষেত্ৰত গুৰুতৰ ব্যৱধান অব্যাহত থকাৰ কথাটো স্পষ্ট কৰা হৈছে সেয়ে এই ‘বিএমএছ’ আৰু ‘উন্নয়ণী ব্যৱধান’ আঁতৰোৱাৰ বাবেই ‘পিএম-ডিভাইন’ৰ দৰে আঁচনি গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে।

কেন্দ্ৰীয় বিত্ত সচিবৰ অধ্যক্ষতাত ২৮-০৬-২০২২ তাৰিখে অনুষ্ঠিত ‘ব্যয় সংক্ৰান্তীয় বিত্ত সমিতি’ৰ সভাত বিষয়টো বিবেচনা কৰা হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ ১০০শতাংশ অৰ্থ সাহায্যৰে আৰু ৬,৬০০কোটি টকাৰ  আবণ্টিত পুঁজিৰে ২০২২-২৩ৰ পৰা ২০২৫-২৬(পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা সময়কাল)বিত্তীয় বৰ্ষলৈ ৪বছৰৰ বাবে ‘পিএম-ডিভাইন’ আঁচনিখন ৰূপায়ণৰ পৰামৰ্শ আগবঢ়োৱা হয়।

নিৰ্দ্ধাৰিত সময়সীমাৰ পিচলৈ কামবোৰ যাতে বাকী নাথাকে সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যেই ২০২৫-২৬ৰ ভিতৰতে ‘পিএম-ডিভাইন’ আঁচনিৰ প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পূৰ্ণ কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণত গুৰুত্ব দিয়া হৈছে। ইয়াৰ অৰ্থই হৈছে ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয়বৰ্ষত ৰূপায়িত হ’ব লগা আঁচনিসমূহক প্ৰাথমিকতাৰ ভিত্তিত অনুমোদন জনোৱা হ’ব। ২০২৪-২৫ আৰু ২০২৫-২৬ৰ সময়ছোৱাতো যিহেতু, পুঁজিৰ ব্যয় অব্যাহত থাকিব, সেয়ে ‘পিএম-ডিভাইন’ৰ প্ৰকল্পসমূহৰ বাবে অনুমোদন সম্পূৰ্ণ কৰাত বিশেষ গুৰুত্ব প্ৰাদন কৰা হ’ব।

‘পিএম-ডিভাইন’-য়ে যিহেতু আন্তঃগাঁথনি নিৰ্মাণ, ঔদ্যোগীক সহযোগিতা, সামাজিক বিকাশমূলক প্ৰকল্প ৰূপায়ণ তথা যুৱ-প্ৰজন্ম আৰু মহিলাসকলৰ বাবে জীৱিকাৰ সমল সৃষ্টিৰ দৰে কৰ্ম-কাণ্ডত লিপ্ত হ’ব, সেয়ে এই আঁচনিয়ে নিয়োগ সম্ভাৱনা সৃষ্টিতো অৰিহণা যোগাব।

‘পিএম-ডিভাইন’ আঁচনিখনৰ ৰূপায়ণ ‘উত্তৰ পূব পৰিষদ’ অথবা কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ/সংস্থাসমূহৰ জৰিয়তে ‘ড’নাৰ মন্ত্ৰালয়’-য়ে কৰিব। প্ৰকল্পসমূহৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে পৰ্যাপ্ত ৰূপায়ণ আৰু তদাৰকী নিশ্চিত কৰাৰ বিশেষ ব্যৱস্থা কৰা হ’ব। নিৰ্মাণৰ সময় আৰু ব্যয়ৰ ক্ষেত্ৰত সতৰ্ক হ’ব পৰাকৈ যিমান দূৰ সম্ভৱ ‘ইঞ্জিনিয়াৰিং-পকিউৰমেণ্ট-কনষ্ট্ৰাকশ্যন’(ইপিচি)ভিত্তিক ৰূপায়ণত গুৰুত্ব দিয়া হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ বাবে ‘ড’নাৰ মন্ত্ৰালয়’ৰ অন্য আঁচনিসমূহো চলি থাকিব। ‘ড’নাৰ মন্ত্ৰালয়’ৰ অধীনত আঁচনিসমূহৰ গড় পৰিসৰ প্ৰায় ১২ কোটি টকা মাত্ৰ। ‘পিএম-ডিভাইন’-য়ে বৃহত আকাৰৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু সামাজিক উন্নয়ণমূলক প্ৰকল্পসমূহক সহয়োগিতা আগবঢ়োৱাৰ লগতে বিচ্চিন্ন প্ৰকল্পসমূহৰ পৰিৱৰ্তে ইমূৰ-সিমূৰ সামৰি উন্নয়ণী সমাধান আগবঢ়াব। ‘পিএম-ডিভাইন’ৰ অধীনত সহযোগিতা আগবঢ়োৱা প্ৰকল্পসমূহ যাতে ‘ড’নাৰ’ অথবা আন কোনো মন্ত্ৰালয়-বিভাগৰ অন্য আঁচনিৰ বিকল্প নহয় সেই কথা নিশ্চিত কৰা হ’ব।

 

***

 

MG/RNM/DP/RK/KB



(Release ID: 1867564) Visitor Counter : 99


Read this release in: English , Urdu , Hindi , Manipuri