পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ঘৰুৱা এলপিজিত হোৱা ক্ষতিৰ বাবে ৰাজহুৱা খণ্ডৰ অধীনস্ত তেল বিপণন কোম্পানী(পিএছইউ অ’এমচিএছ)সমূহক এককালীন অনুদান হিচাপে ২২,০০০ কোটি টকা অনুমোদন কেবিনেটৰ

Posted On: 12 OCT 2022 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পেট’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰস্তাৱ অনুসৰি ঘৰুৱা এলপিজিত হোৱা ক্ষতিৰ বাবে ৰাজহুৱা খণ্ডৰ অধীনস্ত তিনিটা তেল বিপণন কোম্পানী(পিএছইউ অ’এমচিএছ)ক এককালীন অনুদান হিচাপে ২২,০০০ কোটি টকা প্ৰদানত অনুমোদন জনাইছে৷ এই অনুদান ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড(আইঅ’চিএল), ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বিপিচিএল) আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচপিচিএল)ৰ মাজত বিতৰণ কৰা হ’ব।

এই অনুমোদনে পিএছইউ অ’এমচিসমূহক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰতি দায়বদ্ধতা অব্যাহত ৰখাত সহায় কৰিব, নিৰৱচ্ছিন্নভাৱে ঘৰুৱা এলপিজি যোগান নিশ্চিত কৰিব আৰু লগতে মেক ইন ইণ্ডিয়াৰ সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিব।

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী অৰ্থাৎ, আইঅ’চিএল, বিপিচিএল, এইচপিচিএলৰ দ্বাৰা গ্ৰাহকক ঘৰুৱা এলপিজি চিলিণ্ডাৰ নিয়ন্ত্ৰিত মূল্যত যোগান ধৰা হয়।

২০২০ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ জুন মাহলৈকে এলপিজিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ৩০০% বৃদ্ধি পাইছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় এলপিজিৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ পৰা গ্ৰাহকক সকাহ দিবলৈ বৰ্ধিত দাম সম্পূৰ্ণৰূপে ঘৰুৱা এলপিজিৰ গ্ৰাহকলৈ ঠেলি দিয়া নহ’ল। সেই অনুসৰি এই সময়ছোৱাত ঘৰুৱা এলপিজিৰ মূল্য মাত্ৰ ৭২% বৃদ্ধি পাইছে। ইয়াৰ ফলত এই অ’এমচিসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে।

এই লোকচান সত্ত্বেও ৰাজহুৱা খণ্ড অধীনস্ত তিনিওটা তেল বিপণন কোম্পানীয়ে দেশত এই অত্যাৱশ্যকীয় ৰন্ধন ইন্ধনৰ নিৰন্তৰ যোগান নিশ্চিত কৰিছে।

***

DS/DB



(Release ID: 1867323) Visitor Counter : 75