আয়ুষ

নতুন দিল্লীত আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ মেক্সিকোৰ বৈদেশিক মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবোনৰ


পৰম্পৰাগত ঔষধ আৰু আয়ুষ খণ্ডত অধিক সহযোগিতা কামনা

উভয় দেশৰ যৌথ প্ৰচেষ্টাৰাজিয়ে তেওঁলোকৰ জনসাধাৰণক সহায় আৰু কল্যাণৰ এক নতুন যুগৰ সূচনা কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল

Posted On: 30 MAR 2022 9:46PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলমাৰ্গ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত মেক্সিকোৰ বৈদেশিক মন্ত্ৰী শ্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবোনক সাক্ষাৎ কৰে। মেক্সিকোৰ বৈদেশিক মন্ত্ৰীজনে এটা প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰে যিয়ে পৰম্পৰাগত ঔষধ আৰু আয়ুষ প্ৰণালীৰ ক্ষেত্ৰত সহযোগিতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অভিমত আগবঢ়াই শতিকা পুৰণি ভাৰত আৰু মেক্সিকোৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ভূ-জলবায়ুৰ পৰিস্থিতি, জৈৱ বৈচিত্ৰ্য, বাহ্যিক গঠন (physiognomy) আৰু মানুহ, সংস্কৃতি আৰু পাৰিবাৰিক মূল্যবোধৰ ক্ষেত্ৰত উভয় দেশৰ মাজত আকৰ্ষণীয় সাদৃশ্য আছে।

"আয়ুষ মানে জীৱন আৰু ইয়াৰ অৰ্থ হৈছে আয়ুৰ্বেদ, যোগ, ইউনানী, সিদ্ধা, চোৱা ৰিগপা আৰু হোমিঅ'পেথী। ভাৰতত আয়ুষ প্ৰণালীৰ এক শক্তিশালী আন্তঃগাঁথনি আছে আৰু আমি পৰম্পৰাগত ঔষধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ ৰণনীতিতকৈ বহু পূৰ্বেই ৫০ বছৰৰো অধিক সময় ধৰি আয়ুৰ্বেদ আৰু অন্যান্য ভাৰতীয় পৰম্পৰাগত প্ৰণালী নিয়ন্ত্ৰণ কৰি আহিছো। ৰাষ্ট্ৰসংঘই অভিযোজনা কৰা সৰ্বজনীন স্বাস্থ্য ক’ভাৰেজৰ লক্ষ্যত উপনীত হ’বলৈ আমি এই প্ৰণালীসমূহক ফলপ্ৰসূভাৱে সংহত কৰিছো। বৰ্তমান আয়ুৰ্বেদক সমগ্ৰ বিশ্বৰ ৩০ খনৰোধিক দেশত পৰম্পৰাগত ঔষধৰ প্ৰণালী হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে আৰু ইয়াৰ গ্ৰহণযোগ্যতা ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। আয়ুৰ্বেদ সামগ্ৰীৰাজি সমগ্ৰ বিশ্বৰ ১০০ খনৰোধিক দেশলৈ ৰপ্তানি কৰা হয়", কেন্দ্ৰীয় মন্ত্ৰীজনে কয়।

"মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্ব আৰু প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালীক এতিয়া বিশ্বজুৰি স্বীকৃতি প্ৰদান কৰা হৈছে। এই স্বীকৃতিৰ ফলত বিশ্ব স্বাস্থ্য সংস্থা আৰু আয়ুষ মন্ত্ৰালয়ে ২৫ মাৰ্চ, ২০২২ ত জেনেভাত গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ বৈশ্বিক কেন্দ্ৰ স্থাপনৰ বাবে এক আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰিছে। পৰম্পৰাগত ঔষধৰ বাবে ই হৈছে সৰ্ব-প্ৰথম আৰু একমাত্ৰ বৈশ্বিক কেন্দ্ৰ আৰু ই বৈশ্বিক কল্যাণৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব আৰু পৰম্পৰাগত ঔষধৰে সম্পৰ্কীয় গৱেষণা ও উন্নয়নক প্ৰোৎসাহিত কৰিব", কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধৰ ভূমিকা সন্দৰ্ভত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ক’ভিড মহামাৰীটোৰ সময়ত ভাৰতে আয়ুৰ্বেদ আৰু অন্যান্য আয়ুষ প্ৰণালীৰ বৃহৎ মাত্ৰিক মধ্যবর্তিতাৰ জৰিয়তে ক’ভিড-১৯ প্ৰশমনৰ বাবে অভূতপূৰ্ব কাম কৰিছিল। আয়ুৰ্বেদ সন্দৰ্ভত বহু-কেন্দ্ৰিক ক্লিনিকেল পৰীক্ষণকে ধৰি ১৪০ ৰোধিক গৱেষণা অধ্যয়ন উৎকৃষ্ট ফলাফলৰে সম্পন্ন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰদ্বাৰা বিকশিত আয়ুষ ৬৪ ৰ দৰে ঔষধসমূহ ক’ভিড অসুস্থতাত বহুলভাৱে ব্যৱহাৰ কৰা হৈছে আৰু ই মেক্সিকোৰ জনসাধাৰণৰ বাবেও এক আশীৰ্বাদ হিচাপে কাম কৰিব পাৰে।

"ভাৰত আৰু মেক্সিকোৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা বিবেচনা কৰি মই পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ মাজত দেশীয়- পৰ্য্যায়ৰ বুজাবুজিৰ চুক্তি (MoU) ৰ প্ৰস্তাৱ জনাব খুজিছো। উভয় দেশৰ সহযোগিতামূলক প্ৰচেষ্টাৰাজিয়ে তেওঁলোকৰ লোকসকলক সহায় আৰু কল্যাণৰ এক নতুন যুগৰ সূচনা  কৰিব পাৰে। ভাৰতে দেশখনত পৰম্পৰাগত ঔষধ সম্পৰ্কে অধ্যয়ন কৰিব খোজা শিক্ষাৰ্থীসকলক বৃত্তিও প্ৰদান কৰে। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত বুজাবুজিৰ চুক্তিয়ে উভয় দেশৰ জনসাধাৰণৰ লাভৰ বাবে জ্ঞানৰ ঐতিহ্যক আগুৱাই নিব। ভাৰতে সদায় মেক্সিকোক ইয়াৰ জনসাধাৰণক পৰম্পৰাগত ঔষধৰ প্ৰশিক্ষণ প্ৰদানত সহায় কৰিব পাৰে", কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়।

কেন্দ্ৰীয় মন্ত্ৰীজনে তদুপৰি ২০২২ ৰ ২২-২৪ এপ্ৰিলত গুজৰাটত অনুষ্ঠিতব্য আগন্তুক বৈশ্বিক আয়ুষ বিনিয়োগ ও উদ্ভাৱন সন্মিলনৰ বাবে মেক্সিকোৰ মাননীয় বৈদেশিক মন্ত্ৰীজনক আমন্ত্ৰণ জনায়।


***

SK/SB



(Release ID: 1812233) Visitor Counter : 141


Read this release in: English , Urdu , Hindi