প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৪ ডিচেম্বৰত ডেৰাডুনত প্ৰায় ১৮,০০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব


এসময়ত প্ৰত্যন্ত বুলি গণ্য কৰা অঞ্চলসমূহৰ সৈতে যোগাযোগ বৃদ্ধি আৰু প্ৰৱেশাধিকাৰ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰে সংগতি ৰাখি এই প্ৰকল্পসমূহ

দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰে ভ্ৰমণৰ সময় ২.৫ ঘণ্টালৈ হ্ৰাস কৰিব; বন্যপ্ৰাণীৰ মুক্ত আহ-যাহৰ বাবে এছিয়াৰ সৰ্ববৃহৎ ৱাইল্ডলাইফ ইলাভেটেড কৰিডৰ থাকিব

উদ্বোধন কৰা পথ প্ৰকল্পসমূহে চাৰধামকে ধৰি অঞ্চলটোত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব আৰু পৰ্যটনক উদ্দীপনা যোগাব

দীৰ্ঘম্যাদী ভূমিস্খলন ক্ষেত্ৰত লাম্বাগড় ভূমিস্খলন প্ৰশমন প্ৰকল্পই ভ্ৰমণ মসৃণ আৰু সুৰক্ষিত কৰি তুলিব

Posted On: 01 DEC 2021 11:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৪ ডিচেম্বৰত ডেৰাডুন ভ্ৰমণ কৰিব আৰু দিনৰ ১ বজাত প্ৰায় ১৮,০০০ কোটি টকাৰ একাধিক প্ৰকল্প উদ্বোধন ও আধাৰশিলা স্থাপন কৰিব। এই ভ্ৰমণৰ এক লক্ষ্যণীয় গুৰুত্ব হ'ব পথ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰকল্পসমূহৰ ওপৰত, যিয়ে ভ্ৰমণ মসৃণ আৰু সুৰক্ষিত আৰু লগতে অঞ্চলটোত পৰ্যটনক উদ্দীপনা যোগাব। এসময়ত প্ৰত্যন্ত বুলি গণ্য কৰা অঞ্চলসমূহত যোগাযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি এয়া বাস্তৱায়িত হ’বলৈ আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে এঘাৰটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ (ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে জংচনৰপৰা ডেৰাডুনলৈ) যাক প্ৰায় ৮৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। ই দিল্লীৰপৰা ডেৰাডুনলৈ যাত্ৰাৰ সময় ছয় ঘণ্টাৰপৰা প্ৰায় ২.৫ ঘণ্টালৈ লক্ষ্যণীয়ভাৱে হ্ৰাস কৰিব। হৰিদ্বাৰ, মুজাফ্ফৰনগৰ, চামলি, য়ামুনগৰ, বাগপত, মিৰাট আৰু বাৰাউটলৈ যোগাযোগৰ বাবে ইয়াত সাতটা মুখ্য ইন্টাৰচেঞ্জ থাকিব। ইয়াত বন্যপ্ৰাণীৰ মুক্ত আহ-যাহৰ বাবে এছিয়াৰ সৰ্ববৃহৎ ৱাইল্ডলাইফ ইলাভেটেড কৰিডৰ (১২ কিমি) থাকিব। লগতে, ডেৰাডুনৰ দত কালি মন্দিৰৰ সমীপস্থ ৩৪০ মিটাৰ দীঘল সুৰংগটোৱে বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ হ্ৰাসত সহায় কৰিব। তদুপৰি, পশু-বাহনৰ সংঘৰ্ষ পৰিহাৰ কৰাৰ বাবে গণেশপুৰ-ডেৰাডুন শাখাত একাধিক জন্তুৰ পাছ গঢ়ি তোলা হৈছে। দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰত ৫০০ মিটাৰ আৰু ৪০০ ৰোধিক ৱাটাৰ ৰিচাৰ্জ পইণ্টৰ ব্যৱধানত বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা থাকিব।

দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰৰপৰা হালগোৱা, চাহাৰনপুৰৰপৰা ভদ্ৰবাদ, হৰিদ্বাৰলৈ সংযোগ কৰি গ্ৰীণফিল্ড এলাইনমেন্ট প্ৰকল্প ২০০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। ই নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা আৰু একেদৰে দিল্লীৰপৰা হৰিদ্বাৰলৈ ভ্ৰমণৰ সময় হ্ৰাস কৰিব। ১৬০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে মনোহৰপুৰৰপৰা কাংৰিলৈ নিৰ্মাণ কৰিবলগীয়া হৰিদ্বাৰ ৰিং ৰোড প্ৰকল্পই বিশেষকৈ পৰ্যটনৰ ভৰপক সময়ত হৰিদ্বাৰ চহৰৰ যান-জঁটৰপৰা আৱাসীসকলক অৱকাশ প্ৰদান কৰিব আৰু লগতে কুমাওঁ অঞ্চলৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

প্ৰায় ১৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ডেৰাডুন- পাওন্টা চাহিব (হিমাচল প্ৰদেশ) পথ প্ৰকল্পই ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু দুয়োটা স্থানৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ই আন্তঃৰাজ্যিক পৰ্যটনকো উদ্দীপনা যোগাব। নাজিবাবাদ-কোটদ্বাৰ পথ বহলকৰণ প্ৰকল্পই ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু লেন্সডাউনলৈ যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

লক্ষম ঝুলাৰ কাষত গংগা নদীৰ ওপৰেৰে এখন দলঙো নিৰ্মাণ কৰা হ'ব। বিশ্বখ্যাত লক্ষ্মণ ঝুলা ১৯২৯ ত নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া লোড বহন ক্ষমতা হ্ৰাস হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে। নিৰ্মাণ কৰিবলগীয়া দলংখনত পদব্ৰজে আহ-যাহৰ বাবে এটা গ্লাছ ডেকৰ ব্যৱস্থা থাকিব আৰু লগতে লঘু ওজনৰ বাহনসমূহ পাৰ হ'বলৈ অনুমতি দিব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি ডেৰাডুনত শিশু অনুকূল চহৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাতে শিশুহঁতৰ ভ্ৰমণৰ বাবে পথবোৰ সুৰক্ষিত কৰি চহৰখন তেওঁলোকৰ বাবে অনুকূল হৈ উঠে। ৭০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে ডেৰাডুনত পানী যোগান, পথ ও নিষ্কাশন ব্যৱস্থাৰ উন্নয়ন সম্পৰ্কীয় প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ'ব।

স্মাৰ্ট আধ্যাত্মিক নগৰ বিকশিত আৰু পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনোত্ৰী ধামত আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰা হ'ব। লগতে, হৰিদ্বাৰত ৫০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত দীৰ্ঘ্যম্যাদী ভূমিস্খলনৰ সমস্যাৰ মোকাবিলাৰে ভ্ৰমণ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকল্পকে ধৰি সাতটা প্ৰকল্পও উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে লাম্বাগড়ত ভূমিস্খলন প্ৰশমন প্ৰকল্প (যি বদ্ৰীনাথ ধামৰ পথত আছে) আৰু ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাকানিধৰ, শ্ৰীনগৰ আৰু দেৱপ্ৰয়াগত দীৰ্ঘ্যম্যাদী ভূমিস্খলনৰে মোকাবিলা। দীৰ্ঘ্যম্যাদী ভূমিস্খলন ক্ষেত্ৰত লাম্বাগড় ভূমিস্খলন প্ৰশমন প্ৰকল্পত শক্তিশালী আৰ্থৱাল আৰু ৰকফল বেৰিয়াৰ নিৰ্মাণক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকল্পটোৰ অৱস্থানে ইয়াৰ কৌশলগত গুৰুত্ব অধিক বৃদ্ধি কৰিছে।

তদুপৰি চাৰধাম পথ সংযোগ প্ৰকল্পৰ অধীনত দেৱপ্ৰয়াগৰপৰা শ্ৰীকোটলৈ আৰু ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত ব্ৰহ্মপুৰীৰপৰা কোডিয়ালালৈ পথ প্ৰশস্তকৰণ প্ৰকল্প উদ্বোধন কৰা হ’ব।

১৭০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে যমুনা নদীৰ ওপৰত নিৰ্মাণ কৰা ১২০ মেগাৱাটৰ ব্যাসী জলবিদ্যুৎ প্ৰকল্পটো ডেৰাডুনৰ হিমালয় সংস্কৃতি কেন্দ্ৰৰ সৈতে উদ্বোধন কৰা হ'ব। হিমালয় সংস্কৃতি কেন্দ্ৰত এটি ৰাজ্যিক পৰ্য্যায়ৰ সংগ্ৰহালয়, ৮০০ আসনৰ কলা প্ৰেক্ষাগৃহ, পুথিভঁৰাল, আলোচনা গৃহ আদি থাকিব যিয়ে দৰ্শনাৰ্থীক সাংস্কৃতিক কাৰ্য্যকলাপ অনুসৰণত সহায় কৰাৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যক অনুৰণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি ডেৰাডুনত অত্যাধুনিক সুগন্ধি আৰু সুগন্ধি গৱেষণাগাৰ (সুগন্ধি উদ্ভিদৰ কেন্দ্ৰ) উদ্বোধন কৰিব। ইয়াত কৰা গৱেষণাই সুগন্ধি, চাবোন, চেনিটাইজাৰ, এয়াৰ ফ্ৰেচনাৰ, ধূপ কাঠি আদিকে ধৰি ভিন্ন সামগ্ৰী উৎপাদনৰ বাবে উপযোগী প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত অঞ্চলটোত সম্পৰ্কীয় উদ্যোগ স্থাপনত উদ্দীপনা যোগাব। ই উচ্চ উৎপাদনশীল উন্নত প্ৰকাৰৰ সুগন্ধি উদ্ভিদৰ বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব।

 

***

DS/AKJ/AK/SB



(Release ID: 1788860) Visitor Counter : 124