প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ ও টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি পৰ্য্যালোচনাৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত এখনি বিস্তৃত উচ্চ পৰ্য্যায়ৰ বৈঠক সম্পন্ন


প্ৰধানমন্ত্ৰীক নতুন উদ্বেগৰ প্ৰকাৰ 'অমিক্ৰন' ৰ লগতে ইয়াৰ বিশেষত্ব, ভিন্ন দেশত প্ৰভাৱ ও ভাৰতৰ বাবে প্ৰভাৱ সম্পৰ্কে অৱগত কৰা হয়

নতুন প্ৰকাৰৰ ক্ষেত্ৰত অতিশয় সক্ৰিয় হোৱাটো প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

অধিক ঘটনা লাভ কৰা ক্লাষ্টাৰত অধিক নিয়ন্ত্ৰণ আৰু সক্ৰিয় নিৰীক্ষণ অব্যাহত থাকিব লাগেঃ প্ৰধানমন্ত্ৰী

জনসাধাৰণ অধিক সতৰ্ক হ'ব লাগিব আৰু মাস্কিং ও সামাজিক দূৰত্বৰ দৰে সঠিক সাৱধানতা অৱলম্বন কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক উদীয়মান নতুন প্ৰমাণৰ পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক ভ্ৰমণৰ সীমাবদ্ধতা শিথিল কৰাৰ পৰিকল্পনা পুনৰীক্ষণ কৰিবলৈ কয়

দ্বিতীয় পালিৰ ক’ভাৰেজ বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্ৰথম পালি গ্ৰহণ কৰা সকলোকে সময়মতে দ্বিতীয় পালি প্ৰদান কৰাটো নিশ্চিতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাজ্যসমূহক সংবেদনশীল কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

Posted On: 27 NOV 2021 2:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ক’ভিড-১৯ ৰ বাবে জনস্বাস্থ্য প্ৰস্তুতি ও টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ প্ৰায় ২ ঘণ্টা জুৰি চলা এখনি বিস্তৃত বৈঠকত পৌৰহিত্য কৰে।

প্ৰধানমন্ত্ৰীক ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু ঘটনা সন্দৰ্ভত বৈশ্বিক প্ৰৱণতা সম্পৰ্কে অৱগত কৰা হয়। বিষয়াসকলে উল্লেখ কৰে যে মহামাৰীটো আৰম্ভ হোৱাৰেপৰা সমগ্ৰ বিশ্বখনৰ দেশসমূহে একাধিক ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি ক’ভিড-১৯ ৰ ঘটনা সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰিস্থিতি আৰু ধৰা পৰা পজিটিভিটি হাৰ সম্পৰ্কেও পৰ্য্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীক টীকাকৰণৰ অগ্ৰগতি আৰু 'হৰ ঘৰ দস্তক' অভিযানৰ অধীনত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ বিষয়ে অৱগত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ আগবঢ়াই কয় যে দ্বিতীয় পালিৰ আৱৰণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু প্ৰথম পালি লাভ কৰাসকলক সময়মতে দ্বিতীয় পালি প্ৰদান কৰাটো নিশ্চিতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাজ্যসমূহক সংবেদনশীল কৰাটো প্ৰয়োজন। প্ৰধানমন্ত্ৰীক তদুপৰি সময়ে-সময়ে দেশখনৰ চেৰ’-পজিটিভিটি আৰু জনস্বাস্থ্যৰ সঁহাৰিত ইয়াৰ প্ৰভাৱ সম্পৰ্কেও সবিশেষ অৱগত কৰা হয়।

বিষয়াসকলে প্ৰধানমন্ত্ৰীক নতুন উদ্বেগৰ প্ৰকাৰ 'অমিক্ৰন'ৰ লগতে ইয়াৰ বিশেষত্ব আৰু ভিন্ন দেশত প্ৰত্যক্ষ কৰা প্ৰভাৱ সম্পৰ্কে অৱগত কৰে। ভাৰতৰ বাবে ইয়াৰ প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে নতুন প্ৰকাৰটোৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাবুকিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ অধিক সতৰ্ক হোৱা প্ৰয়োজন আৰু মাস্কিং ও সামাজিক দূৰত্বৰ দৰে সঠিক সাৱধানতা অৱলম্বন কৰাটো আৱশ্যকীয়। প্ৰধানমন্ত্ৰীয়ে 'বিপদাশংকা' ত থকা বুলি চিনাক্ত কৰা দেশসমূহৰ ওপৰত এক নিৰ্দিষ্ট গুৰুত্ব আৰোপেৰে সকলো আন্তঃৰাষ্ট্ৰীয় আগমনক নিৰীক্ষণ, নীতি-নিৰ্দেশনা অনুসৰি তেওঁলোকৰ পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি বিষয়াসকলক উদীয়মান নতুন প্ৰমাণৰ পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক ভ্ৰমণৰ সীমাবদ্ধতা শিথিল কৰাৰ পৰিকল্পনা পুনৰীক্ষণ কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীক দেশখনত অনুক্ৰমিক প্ৰচেষ্টা আৰু দেশখনত বিয়পি থকা প্ৰকাৰসমূহৰ এক অৱলোকন আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক ভ্ৰমণকাৰী আৰু সমাজৰপৰা নিয়ম অনুসৰি জিনম অনুক্ৰমৰ নমুনা সংগ্ৰহ, আইএনএছএচিঅ’জিৰ অধীনত ইতিমধ্যে স্থাপন কৰা পৰীক্ষাগাৰৰ নেটৱৰ্ক আৰু ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ বাবে চিনাক্ত কৰা আগতীয়া সতৰ্কবাণী সংকেতৰ জৰিয়তে পৰীক্ষা কৰাৰ নিৰ্দেশনা আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে অনুক্ৰম প্ৰচেষ্টাৰাজি বৃদ্ধি আৰু ইয়াক অধিক বহল-আধাৰিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয়।

তেখেতে তদুপৰি বিষয়াসকলক ৰাজ্যিক আৰু জিলা পৰ্যায়ত সঠিক সজাগতা নিশ্চিতকৰণৰ অৰ্থে ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তেখেতে অধিক ঘটনা লাভ কৰা ক্লাষ্টাৰসমূহত তীব্ৰ নিয়ন্ত্ৰণ আৰু সক্ৰিয় নিৰীক্ষণ অব্যাহত ৰখা আৰু বৰ্তমানে অধিক ঘটনা লাভ কৰি থকা ৰাজ্যসমূহক প্ৰয়োজনীয় কাৰিকৰী সমৰ্থন আগবঢ়োৱাৰ নিৰ্দেশনা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ভাইৰাছটোৰ ভেন্টিলেটৰ আৰু এয়াৰ-ব’ৰ্ণ আচৰণ সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কয়।

বিষয়াসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে যে তেওঁলোকে নতুন ফাৰ্মাচিউটিকেল সামগ্ৰীৰ বাবে এক সুবিধাজনক পদ্ধতি অনুসৰণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক ভিন্ন ঔষধৰ পৰ্য্যাপ্ত বাফাৰ ষ্টক থকাটো নিশ্চিতকৰণৰ অৰ্থে ৰাজ্যসমূহৰে সমন্বয় সাধন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তেখেতে বিষয়াসকলক শিশু সম্পৰ্কীয় সুবিধাকে ধৰি চিকিৎসা আন্তঃগাঁথনিৰ কাম-কাজ পৰ্য্যালোচনাৰ অৰ্থে ৰাজ্যসমূহৰ সৈতে কাম কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক পিএছএ অক্সিজেন প্ৰকল্প ও ভেণ্টিলেটৰৰ সঠিক কাৰ্য্যকলাপ বৰ্তাই ৰাখিবলৈ ৰাজ্যসমূহৰে সমন্বয় স্থাপন কৰিবলৈ কয়।

বৈঠকখনিত ভাগ লয় কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা, নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি.কে. পাল, গৃহ সচিব শ্ৰী এ.কে. ভাল্লা, সচিব (MoHFW) শ্ৰী ৰাজেশ ভূষণ, সচিব (ফাৰ্মাচিউটিকেল); সচিব (জৈৱ প্ৰযুক্তি) ডাঃ ৰাজেশ গোখলে; ডিজি আইচিএমআৰ ডাঃ বলৰাম ভাৰ্গৱ; সচিব (আয়ুষ) শ্ৰী বৈদ্য ৰাজেশ কোটেচা; সচিব (নগৰ উন্নয়ন) শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ; চিইঅ’ এনএইচএ শ্ৰী আৰ.এছ. শৰ্মা; অধ্যাপক কে. বিজয় ৰাঘৱন (ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা) কে প্ৰমুখ্য কৰি আন-আন জ্যেষ্ঠ বিষয়াসকলে।

 

****

DS/SH/SB



(Release ID: 1777617) Visitor Counter : 145