কেবিনেট

‘সাংসদৰ স্থানীয় এলেকা উন্নয়ণ আঁচনি’(এমপিএলএডিএছ)ৰ পুনৰ ৰূপায়ণ আৰু বিস্তাৰিতকৰণৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 10 NOV 2021 3:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই সাংসদৰ স্থানীয় এলেকা উন্নয়ণ আঁচনি(এমপিএলএডিএছ)খন ২০২১-২২ বিত্তীয় বৰ্ষৰ অৱশিষ্ট কালছোৱাৰ লগতে ২০২৫-২৬বিত্তীয় বৰ্ষত সামৰণি পৰিবলগীয়া পঞ্চদশ বিত্ত আয়োগ অন্ত পৰ্যন্ত পুনৰ ৰূপায়ণ আৰু বিস্তাৰিতকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

আঁচনিখনৰ সবিশেষ:

  • এমপিএলএডিএছ-খন সম্পূৰ্ণ ৰূপে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় পুঁজিৰে ৰূপায়িত আঁচনি। সাংসদসকলে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত সাধাৰণতে নিজৰ সমষ্টিত খোৱা পানী, প্ৰথমিক শিক্ষা, জনস্বাস্থ্য, অনাময় আৰু পথঘাটৰ দৰে উন্নয়ণমূলক কাম-কাজসমূহ ৰূপায়িত কৰি দীৰ্ঘম্যাদী ৰাজহুৱা সম্পদ নিৰ্মাণত এই আঁচনিয়ে গুৰুত্ব প্ৰদান কৰে। 
  • প্ৰতিগৰাকী সাংসদে প্ৰতি বছৰে এমপিএলএডিএছ- বাবে ৫কোটি টকাকৈ লাভ কৰে। এমপিএলএডিএছ- বিধি-নিৰ্দেশনাৰ আধাৰত প্ৰকল্পৰ কাম সমাধা কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে এই পুঁজিৰ ধন দুটা কিস্তিত অৰ্থাত্ .৫কোটিকৈ প্ৰতি কিস্তি মোকলাই দিয়া হয়।
  • ভিড-১৯য়ে সৃষ্টি কৰা বিষম পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২০চনৰ ৬এপ্ৰিলত অনুষ্ঠিত কেবিনেটৰ সভাই ২০২০-২১ আৰু ২০২১-২২বিত্তীয় বৰ্ষত এই আঁচনি ৰূপায়ণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই ধন ৰাশি ভিড-১৯ৰ প্ৰবন্ধনত ব্যৱহাৰৰ বাবে বিত্তীয় মন্ত্ৰালয়ক অৰ্পণ কৰিছিল।
  • শেহতীয়া ভবে পৰিস্থিতি সলনি বলৈ লোৱাত আৰু দেশৰ অৰ্থনীতিয়ে প্ৰগতিৰে পথেৰে অগ্ৰসৰ বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কেবিনেটে ২০২১-২২ বিত্তীয় বৰ্ষৰ অৱশিষ্ট কালছোৱাৰ লগতে ২০২৫-২৬বিত্তীয় বৰ্ষত সামৰণি পৰিবলগীয়া পঞ্চদশ বিত্ত আয়োগৰ অন্ত পৰ্যন্ত পুনৰ ৰূপায়ণ আৰু বিস্তাৰিতকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। 

******

DS/SKS/KB



(Release ID: 1771907) Visitor Counter : 157