আয়ুষ

আয়ুষ বজাৰৰ আকাৰে ১৮ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰিছে


আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এআইআইএত উদ্ভাৱন আৰু উদ্যোগশীলতাৰ অৰ্থে ইনকিউবেচন কেন্দ্ৰ উদ্বোধন কৰিলে

Posted On: 29 OCT 2021 7:24PM by PIB Guwahati
  • নতুনকৈ প্ৰকাশিত আৰআইএছ প্ৰতিবেদন অনুসৰি ২০১৪-২০ ৰ সময়ছোৱাত আয়ুষ খণ্ডৰ বিকাশৰ হাৰ ১৭%
  • এআইআইএৰ প্ৰথম ইনকিউবেচন কেন্দ্ৰ, বাল ৰক্ষা কিটৰ সৈতে ব্লাড বেংক, আৰআইএছ-এফআইটিএম জাৰ্নেল মুকলি

বৰ্ধিত বৈশ্বিক আৰু ঘৰুৱা চাহিদাৰে উৎসাহিত হৈ আৰু মন্ত্ৰালয়ৰদ্বাৰা নিয়ামক, গৱেষণা আৰু উন্নয়ন আৰু বেক-এণ্ড আন্তঃগাঁথনিৰ প্ৰতি শক্তিশালী সমৰ্থনৰে, ২০১৪-২০ ত আয়ুষৰ বজাৰৰ আকাৰ ১৭ শতাংশ বৃদ্ধি হৈ ১৮.১ বিলিয়ন আমেৰিকান ডলাৰ হৈছে বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কয়। মন্ত্ৰীজনে নতুন দিল্লীত 'আয়ুৰ-উদয়মাহ'ৰ উদ্বোধনীত ভাষণ প্ৰদান কৰি 'ভাৰতৰ আয়ুষ খণ্ডঃ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰাজি' শীৰ্ষক আৰআইএছ প্ৰতিবেদনখনি মুকলি কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় খাদ্য আৰু সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী পশুপতি পৰাশ জীয়ে ষ্টাৰ্ট-আপৰ প্ৰোৎসাহনৰ অৰ্থে আয়ুষ মন্ত্ৰালয়ৰ অধীনত ইয়াৰ প্ৰথমটো ইনকিউবেচন কেন্দ্ৰ- এআইআইএ আইচিএআইএনই- সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান- উদ্ভাৱন আৰু উদ্যোগশীলতাৰ অৰ্থে ইনকিউবেচন কেন্দ্ৰ মুকলি কৰে।

উন্নয়নশীল দেশসমূহৰ অৰ্থে গৱেষণা আৰু তথ্য প্ৰণালী (RIS) ৰ প্ৰতিবেদন অনুসৰি, মহামাৰীটোৰ বাবে ২০২০ ত অৰ্থনৈতিক ক্ৰিয়া-কলাপ হ্ৰাস হোৱা সত্বেও, উদ্যোগটো ২০২১ $২০. বিলিয়ন আৰু ২০২২ ত $২৩. বিলিয়নৰ হৈ পৰিব বুলি অনুমান কৰা হৈছে। বৈশ্বিক শ্বেয়াৰৰ ক্ষেত্ৰত, বিশ্বখনৰ তুলনাত ভাৰতে আয়ুষ বজাৰত ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু এই হাৰ বজাৰখনৰ প্ৰায় ২. শতাংশ।

একে সময়তে, সামগ্ৰিক উদ্যোগটোতকৈ ভিন্ন সামগ্ৰী শিতানত যথেষ্ট উচ্চ হাৰত বৃদ্ধি হৈছে। ২০১৪-২০২০ ত উদ্ভিদৰ ডিৰাইভেটিভসমূহত ২১ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে আৰু তাৰ পিছত নিউট্ৰেচিউটিকেল (২০.৫ শতাংশ), ফাৰ্মাচিউটিকেল (১৫.৮ শতাংশ), উদ্ভিদৰ নিৰ্যাস ১৪.৭ শতাংশ আৰু ভেষজ উদ্ভিদ (১৪.৩ শতাংশ)।

আয়ুষ ঔষধসমূহে যোৱা ডেৰ বছৰত মহামাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ছোৱাত সমগ্ৰ বিশ্বখনতে কভিড-১৯ ত আক্ৰান্ত ৰোগীসকলক ক্ষীপ্ৰভাৱে আৰোগ্য হোৱাত সহায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰিছে বুলি সোণোৱালে কয়।

নতুন ইনকিউবেচন কেন্দ্ৰ সন্দৰ্ভত উল্লেখ কৰি শ্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতা দিৱসৰ ভাষণৰ কথা উল্লেখ কৰে য'ত তেখেতে কৈছিল যে ষ্টাৰ্ট-আপসমূহ হৈছে দেশখনৰ নতুন ধৰণৰ সম্পদ সৃষ্টিকৰ্তা। "তেখেতে ভাৰতৰ ষ্টাৰ্ট-আপ আৰু ষ্টাৰ্ট-আপ বাতাবৰণটোক বিশ্বখনৰ সৰ্বশ্ৰেষ্ঠ কৰি তোলাৰ অৰ্থে চৰকাৰখনে নিৰন্তৰভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল। ই আত্মনিৰ্ভৰ ভাৰতৰ দীৰ্ঘ ম্যাদী দৃষ্টিত বৰঙণি যোগাব," সোণোৱালে কয়।

মন্ত্ৰীজনে কয় যে নতুন ধাৰণাসমূহৰ সমৃদ্ধিৰ অৰ্থে এক অনুকূল পৰিবেশ প্ৰয়োজনীয় আৰু এই কেন্দ্ৰটোৱে যুৱ উদ্যোগীসকলক তেওঁলোকৰ উদ্যোগ বিকশিতকৰণৰ পূৰ্বে নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। "মই আশা কৰো যে ষ্টাৰ্ট আপ পদক্ষেপটোৱে আয়ুষ উদ্যোগীসকলক বাণিজ্যিকভাৱে লাভজনক পণ্য আৰু সেৱা উদ্ভাৱনত সহায় কৰিব। আয়ুষ মন্ত্ৰালয়ৰ সচিব ৰাজেশ কোটেচা, এআইআইএৰ সঞ্চালক অধ্যাপক তনুজা মনোজ নেছাৰী আৰু এআইআইএৰ সমগ্ৰ টীমটোৰ নেতৃত্বত এই খাদ্য ষ্টাট আপ পদক্ষেপত ভাৰত চৰকাৰৰ আন-আন মন্ত্ৰালয়সমূহ যেনেঃ বাণিজ্য মন্ত্ৰালয়, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয় আৰু এমএছএমইৰ সৈতে আয়ুষ মন্ত্ৰালয়ৰ ঘনিষ্ঠ সম্পৰ্ক থাকিব আৰু ই এক আদৰ্শ জ্ঞান আদান-প্ৰদানৰ মঞ্চ হৈ উঠিব", শ্ৰী সোণোৱালে কয়।

মন্ত্ৰীজনে কয় যে এআইআইএয়ে ডায়েবেটিচ প্ৰটকল যুগুতৰ ক্ষেত্ৰটো কাম কৰি আছে য'ত সমগ্ৰ দেশখনৰ বিশেষজ্ঞসকলে ৰাজহুৱা স্বাস্থ্য পদক্ষেপত ডায়েবেটিচক প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ অৰ্থে বৰঙণি যোগাইছে। তেওঁ কয়, "এই প্ৰটকলটোৱে চিকিৎসক, গৱেষণক আৰু শিক্ষাবিদসকলক ডায়েবেটিক কেয়াৰৰ প্ৰয়োজনীয়তা পূৰণত আৰু এই ক্ষেত্ৰত শেহতীয়া অগ্ৰগতিৰ বিষয়ে জনাত সহায় কৰিব।"

আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাইয়ে এআইআইএৰ ব্লাড বেংক উদ্বোধন কৰি কয় যে এই ব্লাড বেংকে দিল্লী আৰু সংলগ্ন ৰাজ্যসমূহৰপৰা অহা ৰোগীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। "তেজৰ নমুনা দান কৰোতে দাতাই সুৰক্ষিত অনুভৱ কৰাটো গুৰুত্বপূৰ্ণ আৰু দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰ নিৰীক্ষণত এআইআইএত উচ্চ স্তৰৰ পৰিস্ৰাৱন ব্যৱস্থাৰে আমি সকলো ৰোগীক ৰক্ত গ্ৰহণ আৰু দান কৰাৰ আগতে তন্ন-তন্নকৈ পৰীক্ষা কৰাটো নিশ্চিত কৰিছো", তেওঁ কয়।

কেন্দ্ৰীয় খাদ্য আৰু সংসাধন উদ্যোগ মন্ত্ৰী পশুপতি পৰাশ জীয়ে এআইআইএ আইচিএআইএনই ইনকিউবেচন কেন্দ্ৰ মুকলি কৰে। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শান্তনুয়েও এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

এই কাৰ্য্যসূচীতে আৰআইএছ-এফটিআইএম জাৰ্নেলো উন্মোচন কৰা হয়। এআইআইএয়ে তদুপৰি আয়ুষ উপ খণ্ড দক্ষতা পৰিষদ (HSSC) ৰ অধীনত শিশু আৰু কোৱালিফিকেশ্যন পেকৰ অৰ্থে বাল ৰক্ষা কিট আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা স্বর্ণপ্রাশন মুকলি কৰে আৰু ২০১৮-২০২১ বৰ্ষৰ শ্ৰেষ্ঠ বিদায়ী শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰে।

আয়ুষ মন্ত্ৰালয়ে ২ নৱেম্বৰত ৬ষ্ঠ আয়ুৰ্বেদ দিৱসৰ আয়োজন কৰিছে আৰু সেইদিনা জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত বৃহৎ কাৰ্য্যসূচীকে ধৰি ইয়াৰ চাৰিওফালে এলানি ক্ৰিয়া-কলাপৰ পৰিকল্পনা কৰা হৈছে।

 

****

SK/SB



(Release ID: 1768766) Visitor Counter : 150


Read this release in: English , Hindi