PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 18 JUN 2021 6:14PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

  • ভাৰতৰ সক্ৰিয় কেছলড ৭,৯৮,৬৫৬ লৈ হ্ৰাস; ৭৩ দিনৰ পাছত ৮ লাখৰ তললৈ অৱনমিত
  • যোৱা ২৪ ঘন্টাত ভাৰতত ৬২,৪৮০ টা নতুন ঘটনা লাভ
  • এতিয়ালৈকে সমগ্ৰ দেশখনত মুঠ আৰোগ্য লাভৰ ঘটনা ২,৮৫,৮০,৬৪৭ টা হৈছেহি
  • যোৱা ২৪ ঘন্টাত ৮৮,৯৭৭ ৰোগীৰ আৰোগ্য লাভ
  • একেৰাহে ৩৬ দিন ধৰি দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে
  • আৰোগ্য লাভৰ হাৰ ৯৬.০৩% লৈ বৃদ্ধি
  • সাপ্তাহিক পজিটিভিটি হাৰ ৫% ৰ নিম্ন হৈ আছে, বৰ্তমানে এই হাৰ ৩.৮০% হৈছে
  • দৈনিক পজিটিভিটি হাৰ ৩.২৪% হৈছে, যি হাৰ একেৰাহে ১১ দিন ধৰি ৫% ৰ নিম্ন হৈ আছে
  • টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে – মুঠ ৩৮.৭১ কোটি টেষ্ট সম্পন্ন
  • ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ অধীনত এতিয়ালৈকে ২৬.৮৯ কোটি পালি ভেকচিন প্ৰদান

 

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

Image

ভিড-১৯ ৰ শেহতীয়া তথ্য

 

  • ভাৰতৰ সক্ৰিয় কেছল’ড ৭,৯৮,৬৫৬ লৈ হ্ৰাস; ৭৩ দিনৰ পাছত ৮ লাখৰ তললৈ অৱনমিত
  • যোৱা ২৪ ঘন্টাত ভাৰতত ৬২,৪৮০ টা নতুন ঘটনা লাভ
  • এতিয়ালৈকে সমগ্ৰ দেশখনত মুঠ আৰোগ্য লাভৰ ঘটনা ২,৮৫,৮০,৬৪৭ টা হৈছেহি
  • যোৱা ২৪ ঘন্টাত ৮৮,৯৭৭ ৰোগীৰ আৰোগ্য লাভ
  • আৰোগ্য লাভৰ হাৰ ৯৬.০৩% লৈ বৃদ্ধি
  • সাপ্তাহিক পজিটিভিটি হাৰ ৫% ৰ নিম্ন হৈ আছে, বৰ্তমানে এই হাৰ ৩.৮০% হৈছে
  • দৈনিক পজিটিভিটি হাৰ ৩.২৪% হৈছে, যি হাৰ একেৰাহে ১১ দিন ধৰি ৫% ৰ নিম্ন হৈ আছে

 

ভিড-১৯ ৰ টিকাদানৰ শেহতীয়া তথ্য

 

এতিয়ালৈকে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ভাৰত চৰকাৰ (বিনামূলীয়া) আৰু প্ৰত্যক্ষ ৰাজ্যিক ক্ৰয় পৰ্যায়ৰ জৰিয়তে ২৭.৯০ কোটিৰো অধিক পালি ভেকচিন প্ৰেৰণ কৰা হৈছে। ইয়াৰ ভিতৰত, অপচয়কে ধৰি মুঠ ব্যৱহাৰ হৈছে ২৫,৩২,৬৫,৮২৫ পালি (আজি পুৱা ৮ বজালৈকে লাভ কৰা তথ্য অনুসৰি)। এতিয়াও ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত প্ৰদান কৰিবলৈ ২.৫৮ কোটিৰো অধিক পালি ভেকচিন মজুত আছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ ফ্ৰন্টলাইন কৰ্মীসকলৰ অৰ্থে অনুকূল ক্ৰেছ কৰ্ছ কাৰ্য্যক্ৰম ৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

  • এই পদক্ষেপৰ অধীনত ২-৩ মাহত এক লাখ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী
  • ২৬ ৰাজ্যৰ ১১১ টা কেন্দ্ৰত ৬ টা অনুকূল পাঠ্যক্ৰমৰ শুভাৰম্ভ
  • ভাইৰাছ আছে আৰু পৰিৱৰ্তনৰ সম্ভাৱনা আছে, আমি সাজু হৈ থকাটো আৱশ্যকীয়ঃ প্ৰধানমন্ত্ৰী

ইউটিউব লিংকঃ

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ ৰ ফ্ৰন্টলাইন কৰ্মীসকলৰ অৰ্থে অনুকূল ক্ৰেছ কৰ্ছ কাৰ্য্যক্ৰম ৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

অধিক বিৱৰণৰ বাবেঃ

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ত ফ্ৰন্টলাইন কৰ্মীসকলৰ মাজত মাস্ক বিতৰণ ডাঃ হৰ্ষ বৰ্ধনৰ

 

  • “ভাইৰাছটোৰ বিৰুদ্ধে মাস্ক হৈছে সহজতম, অতিশয় ক্ষমতাবান আৰু শক্তিশালী অস্ত্ৰ”
  • আমাৰ কৰ্মচাৰীসকল ক’ভিডৰপৰা সুৰক্ষিত থকাটো আমি সকলোৱে অৱশ্যেই নিশ্চিত কৰিব লাগেঃ ডাঃ হৰ্ষ বৰ্ধনে সকলো কৰ্প’ৰেট আৰু উদ্যোগপতি, সামাজিক সংগঠন, আন মন্ত্ৰালয়ৰ তেওঁৰ সতীৰ্থ আৰু ৰাজনৈতিক নেতাক এই আহ্বান জনায়
  • “২১ জুনত সৰ্বজনীন টিকাদান আৰম্ভ হোৱাৰ লগে-লগে, সকলোৱে ভেকচিন গ্ৰহণ আৰু জন আন্দোলনটোত যোগদান কৰা উচিত”

অধিক বিৱৰণৰ বাবেঃ

 

ৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তলৈ ৩২০০০ মেট্ৰিক টনৰো অধিক এলএমঅ সৰবৰাহ কৰিলে অক্সিজেন এক্সপ্ৰেছসমূহে

 

  • অক্সিজেন এক্সপ্ৰেছসমূহে দেশখনৰ দক্ষিণৰ ৰাজ্যসমূহলৈ ১৭৭০০ মেট্ৰিক টনৰো অধিক এলএমঅ’ সৰবৰাহ কৰিলে
  • ৰাষ্ট্ৰৰ সেৱাত অক্সিজেন এক্সপ্ৰেছসমূহে ৩২০০০ মেট্ৰিক টনৰো অধিক এলএমঅ’ অফল’ড কৰিলে
  • ৪৪৪ অক্সিজেন এক্সপ্ৰেছে সমগ্ৰ দেশখনতে অক্সিজেন সৰবৰাহ সম্পূৰ্ণ কৰিলে

অধিক বিৱৰণৰ বাবেঃ

 

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে মহামাৰীটোৰ সময়ছোৱাত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সন্দৰ্ভত পুস্তিকা প্ৰকাশ কৰিলে

 

শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী সন্তোষ গংৱাৰে কয় যে শ্ৰমিকসকলৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণৰ অৰ্থে চৰকাৰখন অংগীকাৰবদ্ধ। আজি ইয়াত মহামাৰীটোৰ সময়ছোৱাত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সন্দৰ্ভত পুস্তিকা উন্মোচন কৰি, তেওঁ কয়, আমাৰ লক্ষ্য হৈছে যিসমূহ লোকৰ অৰ্থে সুবিধাসমূহ প্ৰৱৰ্তন কৰা হৈছে, সেয়া যাতে তেওঁলোকে লাভ কৰে, তাক নিশ্চিত কৰা। মন্ত্ৰীজনে কয়, মহামাৰীটোৰ সময়ছোৱাত বিবৰ্ধিত পৰিস্থিতিক লৈ চৰকাৰখন সষ্টম।

অধিক বিৱৰণৰ বাবেঃ

 

চিএছআইআৰ লেবসমূহৰ নেটৱৰ্ক বৃদ্ধিৰে সমগ্ৰ ভাৰতত কভিড-১৯ ৰ চিনাক্তকৰণ অধিক সুগম কৰি তুলিবলৈ এছআইআৰ আৰু টাটা এমডিৰ সংঘবদ্ধতা

 

অধিক বিৱৰণৰ বাবেঃ

 

মিউকৰ্মিকচিছৰ চিকিৎসাৰ অৰ্থে ভাৰতত যথেষ্ঠ পৰিমাণে লিপমেল এম্ফটেৰিচিন বি ড্ৰাগ মজুত আছেঃ শ্ৰী মনসুখ মান্দাবিয়া

অধিক বিৱৰণৰ বাবেঃ

 

চাণক্যপুৰীৰ চিএছঅআই ত পেন্সন বিভাগে আয়োজন কৰা বিশেষ টিকাদান শিৱিৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্য্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

 

কেৰালাঃ কেৰালা আংশিকভাৱে খোল খাই পৰাত বৃহস্পতিবাৰে গৰিষ্ঠসংখ্যক লোক উলাই আহে। উক্ত দিনা ৰাজ্যখনত ১২,৪৬৯ টা নতুন ক’ভিড-১৯ ৰ ঘটনা লাভ কৰা যায়। ইয়াকে ধৰি সক্ৰিয় ঘটনাৰ সংখ্যা হয় ১,০৮,৫৬০ টা।

 

তামিল নাডুঃ ৬০ দিনৰ পাছত, বৃহস্পতিবাৰে তামিল নাডুৰ দৈনিক ক’ভিড-১৯ ঘটনাৰ ১০,০০০ ৰ তললৈ অৱনমিত হয়। উক্ত দিনা ৰাজ্যখনত লাভ কৰা নতুন ঘটনাৰ সংখ্যা ৯,১১৮ টা। ইয়াৰ বিপৰীতে, একে সময়তে ২১০ ক’ভিড-১৯ ত আক্ৰান্তই মৃত্যুবৰণ কৰে।

 

কৰ্ণাটকঃ কৰ্ণাটক চৰকাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা বুলেটিন অনুসৰি, ৰাজ্যখনত লাভ কৰা নতুন ঘটনাৰ সংখ্যাঃ ৫,৯৮৩ টা। মুঠ সক্ৰিয় ঘটনাঃ ১,৪৬,৭২৬ টা। নতুন ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনাঃ ১৩৮ টা।

 

অন্ধ্ৰ প্ৰদেশঃ যোৱা ২৪ ঘন্টাত অন্ধ্ৰ প্ৰদেশত ১,০২,৭১২ টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ৬১৫১ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৫৮ আক্ৰান্তৰ প্ৰাণহানি হৈছে। ইফালে, উক্ত সময়ছোৱাত ৭৭২৮ ক’ভিড আক্ৰান্তক ডিচাৰ্জ দিয়া যায়।

 

তেলেংগানাঃ তেলেংগানাত কালি ১,৪৯২ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে, ১৩ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হয়। সম্প্ৰতি ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৯,৫২১ টা।

 

মহাৰাষ্ট্ৰঃ যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ৯৮৩০ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৫৮৯০ জন ক’ভিড আক্ৰান্তক ডিচাৰ্জ দিয়া যায়। উক্ত সময়ছোৱাত ২৩৬ আক্ৰান্তই মৃত্যুবৰণ কৰে।

 

গুজৰাটঃ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে বৃহস্পতিবাৰে আহমেদাবাদৰ এছজিভিপি হলিষ্টিক হাস্পতালত লিকুইড অক্সিজেন মজুতৰ বাবে ১৩,০০০- লিটাৰ ক্ষমতাৰ টেংকৰ ই-উদ্বোধন কৰে। বৃহস্পতিবাৰে ৰাজ্যখনত ২৯৩ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭৭০ জন।

 

ৰাজস্থানঃ ৰাজস্থানত ক’ভিডৰ আৰোগ্য লাভৰ হাৰ ৯৮.৬ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ৮৯৫ জন ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰে। বৃহস্পতিবাৰে ৰাজ্যখনত লাভ কৰা নতুন ঘটনাৰ সংখ্যা হৈছে ২০৫ টা।

 

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ২১ জুন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰপৰা টিকাদান মহা অভিযানৰ আৰম্ভ হ’ব। ইয়াৰ অধীনত, ৰাজ্যখনৰ ৭০০০ টা কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্ধ লোকসকলক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰা যাব। এই সন্দৰ্ভত ৰাজ্যিক ন’ডেল সঞ্চালক ডাঃ সন্তোষ শুক্লাই কয় যে এই মহা অভিযানৰ জৰিয়তে ৫০ লাখ লোকক ভেকচিন প্ৰদান কৰা হ’ব।

 

চত্তীশগড়ঃ আজিলৈকে চত্তীশগড়ত ৭৪.৩৪ লাখ পালি ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ আৰোগ্য লাভৰ হাৰ ৯৮ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াত বৰ্তমানে সংক্ৰমণৰ হাৰ ১.২৯ শতাংশলৈ হ্ৰাস পাইছে।

 

গোৱাঃ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শ্বাৱন্তে আজি ৫,০০০ টকাৰ এককালীন সহায়ৰ কথা ঘোষণা কৰে। ক’ভিড-১৯ ৰ বাবে জীৱিকা প্ৰভাৱিত হোৱা ক্ষুদ্ৰ ব্যৱসায়ী, পৰম্পৰাগত বৃত্তিত নিয়োজিত লোক, এমজিএনৰেগাৰ শ্ৰমিক আৰু অন্যান্য স্ব-নিয়োজিত লোকসকলে এই সাহাৰ্য্য় লাভ কৰিব। মুখ্যমন্ত্ৰীজনে তদুপৰি, ক’ভিড-১৯ ত উপাৰ্জনকাৰীৰ প্ৰাণহানি হোৱা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহলৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য সম্পৰ্কীয় প্ৰ-পত্ৰ ৮ দিনৰ ভিতৰত উপায়ুক্তৰ কাৰ্য্যালয়ত উপলব্ধ হ’ব বুলি ঘোষণা কৰে।

 

অসমঃ অসমত যোৱা ২৪ ঘন্টাত ৪১ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। উক্ত দিনা সমগ্ৰ ৰাজ্যখনত ১,৫৪,২৬৪ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৩,৪৭৭ টা নতুন ঘটনা লাভ কৰা যায়। ইয়াত পজিটিভিটি হাৰ হৈছে ২.২৫ শতাংশ। কামৰূপ মহানগৰত ১৬৯ টা নতুন ঘটনা লাভ কৰা হয়।

 

মণিপুৰঃ মণিপুৰত বৃহস্পতিবাৰে ৫৮৮৪ টা নমুনা টেষ্ট কৰাৰ বিপৰীতে ৪৯৫ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে, ১৩ আক্ৰান্তই মৃত্যুবৰণ কৰে। ৰাজ্যখনত যদিও দৈনিক পজিটিভিটি হাৰ ১০ শতাংশৰ নিম্ন হৈ ৰৈছে, তথাপিও বৃহস্পতিবাৰে এই হাৰ ৮.৪১ শতাংশলৈ উৰ্ধগামী হৈ পৰে। ইয়াত ক’ভিড-১৯ ৰ ভেকচিন লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছে ৪,৮৩,৩৩৫ জন।

 

মেঘালয়ঃ মেঘালয়ত একেৰাহে দ্বিতীয় দিনৰ বাবে নতুন ক’ভিড ঘটনাই আৰোগ্য লাভৰ ঘটনাক অতিক্ৰম কৰিছে। সেই অনুসৰি, বৃহস্পতিবাৰে ৰাজ্যখনত নতুন ঘটনা ৪৭৮ টাৰ বিপৰীতে আৰোগ্য লাভ কৰে ৩২৯ আক্ৰান্তই। এটি ইতিবাচক কথা হিচাপে, ৰাজ্যখনত উক্ত দিনটোত অভিলেখসংখ্যক ১৭,২৬৫ পালি ভেকচিন প্ৰদান কৰা হয়। বৃহস্পতিবাৰে চাৰি ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাত ৰাজ্যখনত একে কাৰণতে হোৱা মৃত্যুৰ ঘটনা ৭৬২ লৈ বৃদ্ধি পালে।

 

নাগালেণ্ডঃ নাগালেণ্ডত বৃহস্পতিবাৰে ৭৬ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৫ আক্ৰান্তৰ প্ৰাণহানি হয়। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৩৬৮ টা। ৰাজ্যখনত ৩০ জুনলৈকে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত প্ৰতিদিনে বিয়লি ৪ বজাৰপৰা পুৱা ৫ বজালৈ জনসাধাৰণৰ আহ-যাহ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰখনে।

 

ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ আগৰতলা পৌৰ নিগমৰ অন্তৰ্গত এলেকা, ৯ পৌৰ পৰিষদৰ অন্তৰ্গত এলেকা আৰু ২ নগৰ পঞ্চায়তৰ অন্তৰ্গত এলেকাত ক’ৰোনা কাৰ্ফিও ২৬ জুনৰ পুৱা ৫ বজালৈ সম্প্ৰসাৰিত কৰা হৈছে। ৰাজ্যখনত এদিনতে ৫৩ হাজাৰৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে।

 

ছিকিমঃ ছিকিমত বৃহস্পতিবাৰে ৯০ টা ক’ভিড-১৯ ৰ নতুন ঘটনা লাভ কৰা হয়। ইয়াৰ ফলত ৰাজ্য়খনত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৮,৮৯৬ লৈ বৃদ্ধি পালে। একে সময়তে দুজন আক্ৰান্তৰ মৃত্যু হোৱাত ৰাজ্যখনত ক’ভিডত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ২৮৭ লৈ বৃদ্ধি পালে বুলি ৰাজ্যিক বুলেটিনত প্ৰকাশ। ৰাজ্যখনত সম্প্ৰতি সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২,৯০৭ টা। ইফালে, ১৫,৪৫২ জন লোকে আৰোগ্য লাভ কৰিছে আৰু এতিয়ালৈকে ২৫০ ৰোগীয়ে আন ৰাজ্যলৈ স্থানান্তৰিত হৈছে।

 

পঞ্জাৱঃ পঞ্জাৱত ক’ভিড পজিটিভ চিনাক্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৫৯০৫৫৬ টা। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৯৪৭৯ টা। মুঠ মৃত্যুৰ ঘটনা হৈছে ১৫৭৩৮ টা।

 

হাৰিয়ানাঃ হাৰিয়ানাত এতিয়ালৈকে লাভ কৰা ক’ভিড ঘটনাৰ মুঠ সংখ্যা হৈছে ৭৬৬৮৩৮ টা। ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনা ৩২২৭ টা। মুঠ মৃত্যুৰ ঘটনা হৈছে ৯১৪৭ টা।

 

চণ্ডীগড়ঃ চণ্ডীগড়ত মুঠ ক’ভিড ঘটনা হৈছে ৬১৩১০ টা। মুঠ সক্ৰিয় ঘটনা ৪৩২ টা। মুঠ মৃত্যুৰ ঘটনা ৮০২ টা।

 

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত মুঠ ক’ভিড ঘটনা ১৯৯৬৯৯ টা। মুঠ সক্ৰিয় ঘটনা ৩৪৩০ টা। মুঠ মৃত্যুৰ ঘটনা ৩৪০৮ টা।

 

***

MV/AS/SB



(Release ID: 1728845) Visitor Counter : 261