পোষ্ট কৰা হৈছে:
12 APR 2021 7:19PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে ‘One Health in India: Research informing biosafety, preparedness and response’ শীৰ্ষক আইচিএমআৰৰ ইণ্টাৰনেচনেল ছিম্প’ছিয়ামত অংশগ্ৰহণ কৰে৷ তাতে তেওঁ আইচিএমআৰৰ চিকিৎসা গৱেষণাৰ এক বিশেষ সংস্কৰণৰ ভাৰতীয় জাৰ্ণালো মুকলি কৰে৷


এই সন্দৰ্ভত কেন্দ্ৰী. স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বই ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে৷ সেয়ে ৰোগৰ প্ৰস্তুতিৰ বাবে ভৱিষ্যতলৈ সাজু হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিয়ে এই সত্য দাঙি ধৰিছে৷
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত দেশৰ জনসাধাৰণে কঠোৰ নিয়মানুৱৰ্তিতা তথা সংযমশীলতা প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে এই ছিম্প’ছিয়াম বিস্তৃত পৰিসৰৰ, বহুজাতিক ষ্টেকহ’ল্ডাৰৰ আলোচনাৰ স্থলী৷
উল্লেখ্য, উক্ত অনুষ্ঠানটোত দেশ বিদেশৰ চিকিৎসা জগতৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
*****
MV/MANN