গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

চলিত খাৰিফ বিপণন বৰ্ষত প্ৰায় ৬৮৫.৩৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত এমএছপি হাৰত ধান ক্ৰয়ৰ পৰিমাণ ১৩.৫১% বৃদ্ধি পাইছে

চলিত খাৰিফ বিপণন বৰ্ষত ১০০.৯২লাখ কৃষক উপকৃত হৈছে

পাঞ্জাৱে অকলেই ২০২.৮২ লাখ মেট্ৰিক টন ধান বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ২৯.৫৯%

Posted On: 22 MAR 2021 8:41PM by PIB Guwahati

২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ)ত চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যূনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷

২০২০-২১ খাৰিফ বিপণন বৰ্ষত ২১.০৩.২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে-পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা ৬৮৫.৩৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৬০৩.৭৯ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ১৩.৫১% অধিক৷ চলিত বৰ্ষৰ ৬৮৫.৩৯লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৮২ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ২৯.৫৯%৷

চলিত বৰ্ষৰ ধান ক্ৰয়ৰ জৰিয়তে ইতিমধ্যে ১০০.৯২ লাখ কৃষকে ১,২৯,৪০২.৬০ কোটি টকা এছএছপি হাৰত লাভ কৰিবলৈ সক্ষম হৈছে৷

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষ আৰু ৰবি বিপণন বৰ্ষ, ২০২১ত মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত ১০৭.০৮ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷

২১.০৩.২০২১লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ৩,৬০,২৩৮.৭৩ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে চলিত খাৰিফ আৰু ৰবি বৰ্ষত তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ২,০৭,১৮১গৰাকী কৃষকে ১,৯২৫.৬৫ কোটি টকা লাভ কৰিছে৷

সেইদৰে, ২১.০৩.২০২১লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷

২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ২১.০৩.২০২১লৈকে মুঠ ৯১,৮৬,৮০৩ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ১৮,৯৭,০০৫গৰাকী কৃষকে ২৬,৭১৬.৫১ কোটি টকা লাভ কৰিছে৷  

***********

DJN/MS/DB



(Release ID: 1706813) Visitor Counter : 101


Read this release in: English , Urdu , Hindi , Punjabi