গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

আগৰ বছৰৰ তুলনাত এইবেলি ‘ন্যূনতম সমৰ্থন মূল্য’ত অভিলেখ পৰিমাণৰ ১৪.৮৯% ধানৰ সংগ্ৰহ

চলিত ‘খাৰিফ বিপণন ঋতু’ত ৬৯০.৫১লাখ মেট্ৰিকটন পৰিমাণৰ ধান সংগ্ৰহ

পাঞ্জাৱে অকলেই অৰিহণা যোগাইছে ২০২.৮২লাখ মেট্ৰিক টনৰ, এই পৰিমাণ মুঠ সংগ্ৰহৰ ২৯.৩৭%

চলিত ‘খাৰিফ বিপণন ঋতু’ত ১,৩০,৩৬৮.৩৫কোটি টকা পৰিমাণৰ ‘ন্যূনতম সমৰ্থন মূল্য’ত কৰা ধানৰ সংগ্ৰহে প্ৰায় ১০০.৩২লাখ গৰাকী খেতিয়কক উপকৃত কৰিছে

৩,৪০,৬২৯.৩০ মেট্ৰিক টন মাহ আৰু তৈল বীজ সংগ্ৰহ কৰিছে চৰকাৰী সংস্থাসমূহে

২৬,৭১৯.৫১কোটি টকা মূল্যৰ ৯১,৮৬,৮০৩ ‘বেল’ কপাহৰ সংগ্ৰহে উপকৃত কৰিছে ১৮,৯৭,০০৫গৰাকী খেতিয়কক

प्रविष्टि तिथि: 18 MAR 2021 6:09PM by PIB Guwahati

বিগত বৰ্ষসমূহৰ দৰেই এইবেলিৰ খাৰিফ বিপণন ঋতু(কেএমএছ)২০২০-২১ত চৰকাৰে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)ৰ দৰত কৃষকৰ পৰা খাৰিফ ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে।

খাৰিফ বিপণন ঋতু ২০২০-২১’ৰ সময়ছোৱাত ‘এমএছপি’-ৰ আধাৰত পাঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, তেলেংগাণা, উত্তৰাখণ্ড, তামিল নাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ আৰু কেৰালা, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, চত্তিশগড়, ওড়িশা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰ, ঝাৰখণ্ড, আসম, কৰ্ণাটক, পশ্চিম বংগ আৰু ত্ৰিপুৰা আদি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধান সংগ্ৰহৰ কাম সুকলমে অব্যাহত আছে। তথ্য মতে, ১৭-০৩-২০২১ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬৯০.৫১ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই পৰিমাণ বিগত বৰ্ষৰ এই একেছোৱা সময়ৰ ৬০০.৯৯ লাখ মেট্ৰক টনৰ তুলনাত ১৪.৮৯% হাৰে অধিক আছিল। প্ৰণিধানযোগ্য যে মুঠ সংগ্ৰহ ৬৯০.৫১ লাখ মেট্ৰিক টনৰ ভিতৰত কেৱল পাঞ্জাৱেই সংগ্ৰহ কৰিছিল ২০২.৮২ লাখ মেট্ৰিক টন ধান। এই পৰিমাণ দেশৰ মুঠ সংগ্ৰহৰ ২৯.৩৭% আছিল।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0019NHN.png

খাৰিফ বিপণন ঋতু ২০২০-২১’ৰ সময়ছোৱাত ‘এমএছপি’ মূল্যত সম্পন্ন হোৱা ধানৰ সংগ্ৰহ অভিযানত ১,৩০,৩৬৮.৩৫ কোটি টকা পৰিমাণৰ ‘এমএছপি’ আদায়ৰে প্ৰায় ১০০.৩২ লাখ কৃষক উপকৃত হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0024KZ5.png https://static.pib.gov.in/WriteReadData/userfiles/image/image0033IZS.png

 

ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ‘মূল্য সমৰ্থিত আঁচনি’(পিএছএছ)ৰ অধীনত তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগাণা, গুজৰাট, হাৰিয়াণা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে ‘খাৰিফ বিপণন ঋতু’ত ১০৭.০৮ লাখ মেট্ৰিক টন মাহ আৰু তৈল বীজ ক্ৰয় অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ উপৰি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন পৰিমাণৰ শুকান নাৰিকল সংগ্ৰহৰো অনুমোদন প্ৰদান কৰা হয়। অন্যান্য ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ‘মূল্য সমৰ্থিত আঁচনি’(পিএছএছ)ৰ অধীনত মাহ, তৈল বীজ আৰু নাৰিকল সংগ্ৰহৰ বাবেও অনুমোদন প্ৰদান কৰা হ’ব।

তদুপৰি, চৰকাৰে ‘ন’ডেল এজেন্সী’সমূহৰ জৰিয়তে ১৭-০৩-২০২১ পৰ্যন্ত ৩,৪০,৬২৯.৩০ মেট্ৰিক টন পৰিমাণৰ মগু আৰু মাটিমাহ, ৰহৰ, বদামৰ গুটি আৰু ছয়াবীন ক্ৰয় কৰে। মূলতঃ তামিল নাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়াণা আৰু ৰাজস্থানৰ ১,৯১,২৪৭ গৰাকী কৃষকক উপকৃত কৰি সংগ্ৰহ কৰা এইখিনি শস্য সামগ্ৰীৰ ‘এমএছপি’ৰ পৰিমাণ আছিল ১,৮২৫.৬২ কোটি টকা।

সেইদৰে, ১৭-০৩-২০২১ পৰ্যন্ত কৰ্ণাটক আৰু তামিল নাডুৰ ৩৯৬১গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা ৫০৮৯ মেট্ৰিক টন শুকান নাৰিকলৰ ‘এমএছপি’ হ’ল ৫২.৪০ কোটি টকা। বিগত বৰ্ষৰ এই একেছোৱা সময়ত হোৱা সংগ্ৰহৰ পৰিমাণ আছিল ২৯৩ মেট্ৰিক টন। প্ৰণিধানযোগ্য যে, সৰহ সংখ্যক উত্পাদক ৰাজ্যত শুকান নাৰিকল আৰু মাটিমাহৰ দৰ ‘এমএছপি’-তকৈ অধিক দৰত নিৰ্দ্ধাৰিত হোৱা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে খাৰিফ শস্য-মাহ, তৈল বীজ আদি বজাৰলৈ অহাৰ ওপৰত ভিত্তি কৰি ফচল সংগ্ৰহৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image004V49W.png https://static.pib.gov.in/WriteReadData/userfiles/image/image005SWNF.png

 

‘এমএছপি’-ৰ ভিত্তিত দেশৰ উত্তৰ প্ৰান্তৰ পাঞ্জাৱ, হাৰিয়াণা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগাণা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু কৰ্ণাটক আদিৰ পৰা কপাহ সংগ্ৰহৰ কামো সুচাৰুৰূপে অব্যাহত আছে। ১৭-০৩-২০২১ পৰ্যন্ত ২৬,৭১৯.৫১ কোটি টকা মূল্যৰ ৯১,৮৬,৮০৩ ‘বেল’ পৰিমাণৰ কপাহৰ সংগ্ৰহ কৰা হৈছে। এই সংগ্ৰহে ১৮,৯৭,০০৫ গৰাকী কৃষকক উপকৃত কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image006UXTK.png

 

*****

 

DJN/MS/KB


(रिलीज़ आईडी: 1705973) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi