গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
04 MAR 2021 7:32PM by PIB Guwahati
২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ)ত চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যূনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷
২০২০-২১ খাৰিফ বিপণন বৰ্ষত ০৩.০৩.২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে-পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা ৬৬৯.৫৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৫৮৩.৩৪ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ১৪.৭৮% অধিক৷ চলিত বৰ্ষৰ ৬৬৯.৫৯লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৮২ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৩০.২৯%৷

চলিত বৰ্ষৰ ধান ক্ৰয়ৰ জৰিয়তে ইতিমধ্যে ৯৭.৭০ লাখ কৃষকে ১,২৬,৪১৮.৭০ কোটি টকা এছএছপি হাৰত লাভ কৰিবলৈ সক্ষম হৈছে৷


তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষ আৰু ৰবি বিপণন বৰ্ষ, ২০২১ত মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত ৮৮.২৪ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷
০৩.০৩.২০২১লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ৩,০৯,৮৩৫.০৯ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে চলিত খাৰিফ আৰু ৰবি বৰ্ষত তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১,৬৮,০৬৭গৰাকী কৃষকে ১,৬৬৮.৬১ কোটি টকা লাভ কৰিছে৷
সেইদৰে, ০৩.০৩.২০২১লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত নাৰিকল ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিকটন৷ নাৰিকল আৰু মাটি মাহৰ দাইলৰ বাবে অধিকাংশ মুখ্য উৎপাদক ৰাজ্যই এমএছপি বা ততোধিক দৰত ধন লাভ কৰিছে৷


২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ০৩.০৩.২০২১লৈকে মুঠ ৯১,৮০,৪১২ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ১৮,৯৭,০০২গৰাকী কৃষকে ২৬,৭১৬.৩১ কোটি টকা লাভ কৰিছে৷

*****
DJN/MS/DB