উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰে যুঁজাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলে কেন্দ্ৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰিছে : ড০ জিতেন্দ্ৰ সিং

Posted On: 10 FEB 2021 4:23PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰে প্ৰভাৱশালী ভাবে যুঁজাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰিছে বুলি অভিমত ব্যক্ত কৰিছে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, ৰাজহুৱা অভিযোগ, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। লেকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰ দান কৰি আজি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সদনত তথ্য দাঙি ধৰি ড০ সিঙে উল্লেখ কৰে, ২০১৯-২০বৰ্ষত ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে’ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ১১১.৩৪ কোটি টকা মোকলাই দিছিল। ইয়াত ‘ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন’ৰ অধীনত অসমত ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰৰ বাবে আবণ্টিত ৭২.৫৩ কোটি টকাও অন্তৰ্ভুক্ত হৈ আছে। সেইদৰে ২০২০-২১ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চললৈ মোকলাই দিয়া হয় ২৬৫.৯৬কোটি টকা। ইয়াত অসমৰ ‘ক’ভিড-১৯ৰ জৰুৰীকালীন তত্পৰতা আৰু স্বাস্থ্য পদ্ধতি প্ৰস্তুতিমূলক পেকেজ’ৰ বাবদ আৱণ্টিত ১৮০.০৪ কোটি টকা অন্তৰ্ভুক্ত হৈ আছে।

তদুপৰি, ‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰালয়ে’ ‘উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ণ আঁচনি’(এনইএছআইডিএছ)ৰ অধীনত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডত ক’ভিড-১৯ ৰুধিব পৰাকৈ স্বাস্থ্য আন্তঃগাঁথনিৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা ৫টা প্ৰকল্পৰ বাবে ১৯৩.৩২ কোটি টকা অনুমোদন জনোৱাৰ লগতে ৭৭.৩৩ কোটি টকা ইতিমধ্যে মোকলাই দিছে।

আনহাতে, ২০২০-২১ বৰ্ষত ‘উত্তৰ পূব পৰিষদ’(এনইচি)য়ে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যক ক’ভিড-১৯ৰ যুঁজত সহযোগিতা আগবঢ়োৱাৰ বাবে ২৫.২৯ কোটি টকা অনুমোদন জনাইছে। সেইদৰে মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱিকা নিৰ্বাহৰ সম্ভাৱনা সৃষ্টিৰ বাবে ২৪.৯৬ কোটিৰ অনুমোদন দিছিল ‘এনইচি’-য়ে। ক’ভিড-১৯ৰ দৰে মহামাৰীৰে যুঁজিব পৰাকৈ স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে উত্তৰ –পূৰ্বাঞ্চলত আৰম্ভ হোৱা প্ৰকল্পসমূহৰ কাম কাজ বিভিন্ন পৰ্যায়ত অব্যাহত আছে। এইসমূহ প্ৰকল্পৰ পুঁজি ব্যয় সংক্ৰান্তীয় ব্যৱহাৰিক প্ৰমাণ পত্ৰ এতিয়াই পাবলগীয়া হোৱা নাই বুলিও তথ্য উল্লেখ কৰা হৈছে।

 

************

SNC/KB


(Release ID: 1697309)
Read this release in: English , Urdu , Manipuri , Telugu