আইন আৰু ন্যায় মন্ত্ৰালয়

ন্যায়াধীশ সুধাংশু ধুলিয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

प्रविष्टि तिथि: 07 JAN 2021 7:13PM by PIB Guwahati

ভাৰতৰ সংবিধানৰ ২১৭ নং দফাৰ অনুবিধি (১)ৰদ্বাৰা লাভ কৰা ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলিয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই সন্দৰ্ভত ন্যায় বিভাগে আজি এখনি অধিসূচনা জাৰি কৰে।

ন্যায়াধীশ সুধাংশু ধুলিয়াই ১৯৮৬ ৰ ০৭ জুলাইত অধিবক্তা হিচাপে যোগদান কৰে আৰু এলাহাবাদ আৰু উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত চিভিল, সাংবিধানিক, সেৱা আৰু শ্ৰম বিষয়ত প্ৰেকটিছ কৰিছিল আৰু সেৱা আৰু সাংবিধানিক বিষয়ত বিশেষ হৈ উঠে। ২০০৮ ৰ ১ নৱেম্বৰত তেওঁক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।


(रिलीज़ आईडी: 1686976) आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी