বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

‘নিৰ্দিষ্ট ক্ষেত্ৰৰ দক্ষতা সম্পন্ন কৰ্মী’ সন্দৰ্ভত ভাৰত-জাপানৰ মাজত সহযোগিতা চুক্তি স্বাক্ষৰলৈ কেবিনেটৰ অনুমোদন

Posted On: 06 JAN 2021 12:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই নিৰ্দিষ্ট ক্ষেত্ৰৰ দক্ষতা সম্পন্ন কৰ্মী সন্দৰ্ভত ভাৰত-জাপানৰ মাজত সহযোগিতা চুক্তি স্বাক্ষৰ সম্পৰ্কীয় এক প্ৰস্তাৱলৈ  অনুমোদন জনায়।

 

বিৱৰণ:

বৰ্তমানৰ সহযোগিতা চুক্তিখনে জাপানৰ ১৪টা নিৰ্দিষ্ট ক্ষেত্ৰত কাম কৰিব পৰাকৈ সংশ্লিষ্ট ক্ষেত্ৰসমূহত কাম কৰাৰ লগতে জাপানী ভাষাৰ পৰীক্ষাত দক্ষতা প্ৰদৰ্শন কৰা ভাৰতীয় কৰ্মীক দেশখনলৈ প্ৰেৰণ কৰা আৰু দেশখনে তেওঁলোকক গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোক এক ব্যৱস্থাগত আনুষ্ঠানিকতা প্ৰদান কৰিব। এইসকল ভাৰতীয় কৰ্মচাৰীক জাপান চৰকাৰে নিৰ্দিষ্ট ক্ষেত্ৰৰ দক্ষ কৰ্মী হিচাপে এক নতুন আবাসীৰ স্বীকৃতি প্ৰদান কৰিব।    

ৰূপায়ণ কৌশল:

সহযোগিতা চুক্তিখনৰ ৰূপায়ণ প্ৰক্ৰিয়া তদাৰকী কৰাৰ উদ্দেশ্যে এটা যুটীয়া কৰ্ম গোট গঠন কৰা হব।

 

গুৰুত্বপূৰ্ণ প্ৰভাৱ:

সহযোগিতা চুক্তিখনে দুয়োখন দেশৰ নাগৰিকসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ হাৰ অধিক কৰাৰ লগতে কৰ্মীসকলৰ লগতে দক্ষতা সম্পন্ন পেছাদাৰী ব্যক্তিৰ ভাৰতৰ পৰা জাপানলৈ গতিশীলতা বৃদ্ধি কৰিব।

হিতাধিকাৰীসকল:

নাৰ্ছিং-শুশ্ৰূষা, ভৱন পৰিষ্কৰণ, সামগ্ৰী সংসাধন উদ্যোগ, ঔদ্যোগিক যন্ত্ৰ নিৰ্মাণ উদ্যোগ, বৈদ্যুতিক আৰু বৈদ্যুতিন তথ্য সম্পৰ্কীয় উদ্যোগ, নিৰ্মাণ, জাহাজ নিৰ্মাণ আৰু জাহাজ সম্পৰ্কীয় উদ্যোগ, যান-বাহণ তদাৰকী, বিমান পৰিবহণ, অস্থায়ী আবাস, কৃষি, মীন পালন, খাদ্য আৰু পানীয় প্ৰস্তুতকৰণ উদ্যোগ আদিকে ধৰি ১৪টা খণ্ডৰ দক্ষতা সম্পন্ন কৰ্মীদলৰ বাবে জাপানত নিয়োগৰ সম্ভাৱনা বৃদ্ধি পাব। 

********

 

DS/KB


(Release ID: 1686679)