গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত এমএছপিৰ অভিযান

Posted On: 04 JAN 2021 7:55PM by PIB Guwahati

বিগত বৰ্ষসমূহৰ দৰে চলিত খাৰিফ বিপণন ঋতু ২০২০-২১তো চৰকাৰে ন্যূনতম সহায়ক মূল্য(এমএছপি)আঁচনি অনুসৰি কৃষকৰ পৰা খাৰিফ ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে।

 

 

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত এমএছপিৰ আধাৰত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জন্মু-কাশ্মীৰ, কেৰালা গুজৰাট, অন্ধ্ৰ প্ৰদেশ, চত্তীশগড়, ওড়িশা মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম আৰু পশ্চিম বংগৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ধান সংগ্ৰহৰ কাম পূৰ্ণগতিত অব্যাহত আছে। জানুৱাৰী, ২০২ পৰ্যন্ত ৫০০.০৭ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই পৰিমাণ আছিল ৪০১.৭৬লাখ মেট্ৰিক টন। এয়া হল যোৱা বছৰৰ তুলনাত ২৪.৪৭ শতাংশ অধিক। মুঠ ৫০০.০৭ লাখ মেট্ৰিক টন ক্ৰয়ৰ পঞ্জাৱে অকলে ২০২.৭৭ লাখ মেট্ৰিক টনৰ অৰিহণা আগবঢ়াইছে। এই পৰিমাণ দেশৰ মুঠ সংগ্ৰহৰ ৪০.৫৪ শতাংশ।

 

ইয়াৰ ফলত ইতিমধ্যে ৩২.৯২ লাখ কৃষক উপকৃত হৈছে। এই ক্ৰয়ৰ ন্যূনতম সহায়ক মূল্য(এমএছপি)৬৩৫৬৩.৭৯ কোটি টকা

 

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত সম্পন্ন হোৱাএমএছপিঅভিযানত ৯৪৪১৪.৮০ কোটি টকা পৰিমাণৰ এমএছপি আদায়ৰে ইতিমধ্যে প্ৰায় ৬৪.২৫ লাখ কৃষক উপকৃত হৈছে।

 

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈল বীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। মূল্য সমৰ্থন আঁচনিৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগনা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে এই সামগ্ৰী ক্ৰয় কৰা হব। একেদৰে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বাবে ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে।

 

 

জানুৱাৰী, ২০২ পৰ্যন্ত চৰকাৰে নোডেল এজেন্সীৰ জৰিয়তে ২৬৭০২০.৮৬ মেট্ৰিক টন মগু, উড়দ, মাটিমাহ, চিনাবাদাম আৰু চয়াবিন ক্ৰয় কৰিছে। ইয়াৰ ন্যূনতম সহায়ক মূল্য(এমএছপি) ১৪২৮.৬৫ কোটি টকাই তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৪৩২৫৮গৰাকী কৃষকক উপকৃত কৰিছে।

 

একেদৰে, ৩ জানুৱাৰী, ২০২ পৰ্যন্ত ৫০৮৯ মেট্ৰিক টন লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰা হৈছে, যাৰ মূল্য ৫২.৪০ কোটি টকা আৰু কৰ্ণাটক আৰু তামিলনাডুৰ ৩৯৬১ গৰাকী কৃষক উপকৃত হৈছে। যোৱা বছৰ ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিক টন।

 

 

ন্যূনতম সহায়ক মূল্য(এমএছপি) অধীনত পঞ্জা, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু কৰ্ণাটকৰ পৰা কপাহ বীজ ক্ৰয় প্ৰক্ৰিয়া পূৰ্ণ গতিত অব্যাহত আছে। ৩ জানুৱাৰী, ২০২ পৰ্যন্ত ২২৪১০.৫৪ কোটি টকা মূল্যৰ ৭৬৬০৮৮৬ কপাহৰ মুঠা ক্ৰয় কৰা হৈছে আৰু ১৪৮২৬৫৭ গৰাকী কৃষক উপকৃত হৈছে। 

   

 **********

 

APS /MS/KG

 



(Release ID: 1686199) Visitor Counter : 100