প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

আত্মনিৰ্ভৰ ভাৰত অভিযানত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ আহ্বান প্ৰধানমন্ত্ৰীৰ

দেশৰ চাহিদাৰ সৈতে তেওঁলোকৰ কেৰিয়াৰক জড়িত কৰিবলৈ আইআইএমৰ ছাত্ৰ-ছাত্ৰীসকললৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ

Posted On: 02 JAN 2021 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালনিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত কয় যে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদটো ওড়িশাৰ সংস্কৃতি আৰু সম্পদৰ নিদৰ্শন হিচাপে গঢ় লৈ উঠিব, তাৰ লগে লগে মেনেজমেন্ট বিষয়ত ৰাজ্যখনক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰিব। তেওঁ লগতে কয়, সম্প্ৰতি দেশত ভালেমান ভাৰতীয় বহুজাতিক সংস্থা দেখা গৈছে, ইয়াৰ পূৰ্বে ভাৰতলৈ বিদেশৰ পৰা বহুজাতিক সংস্থা আহিছিল। সম্প্ৰতি সমস্যা জৰ্জৰিত সময়ত ভাৰতৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰবোৰত ষ্টাৰ্ট-আপ সংস্থা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, কৃষিক্ষেত্ৰতো দ্ৰুত সংস্কাৰ হৈছে। এই পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলক দেশৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। নতুন এই দশকত ব্ৰেণ্ড ইণ্ডিয়াক আন্তৰ্জাতিক স্বীকৃতি আনি দিয়াৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীসকলৰ বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে স্থানীয় সংস্থাবোৰক আন্তৰ্জাতিক মানৰ কৰি তোলাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকাৰ কথা উল্লেখ কৰে। চম্বলপুৰ অঞ্চলত যথেষ্ট সম্ভাৱনা থকাত কিদৰে ইয়াত পৰ্যটন শিল্পৰ প্ৰসাৰ ঘটাব পৰা যায় তাক লৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। স্থানীয় হস্তশিল্প, বস্ত্ৰ আৰু জনজাতিসকলৰ শিল্পকলাৰো যথেষ্ঠ সম্ভাৱনা আছে। এইবোৰক লৈ তেওঁ কাম কৰাৰো আহ্বান জনায়।  শ্ৰী মোদীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানত ভূমিকা পালন কৰিবৰ বাবে এই অঞ্চলৰ প্ৰচুৰ খনিজ সম্পদ আৰু অন্যান্য সম্পদৰ যথাযথ ব্যৱহাৰক লৈ কাম কৰাৰ বাবেও পৰামৰ্শ দিছে আইআইএমৰ ছাত্ৰ-ছাত্ৰীসকলক। তেওঁ কয়, আত্মনিৰ্ভৰ অভিযান, স্থানীয় পণ্য আৰু আন্তৰ্জাতিক সহযোগিতাৰ মাজেৰে তেওঁলোকে সেঁতুবন্ধৰ কাম কৰিব লাগিব, যাতে স্থানীয় পণ্যক আন্তৰ্জাতিক স্তৰত পৰিচয় কৰাই দিয়াৰ বাবে উদ্ভাৱনীমূলক বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব পৰা যায়। শ্ৰী মোদীয়ে কয়, ‘উদ্ভাৱন, সমন্বয় আৰু বিশুদ্ধতাৰ মন্ত্ৰেৰে আপোনালোকে মেনেজমেন্টৰ দক্ষতা দেখুৱাব লাগিব

প্ৰধানমন্ত্ৰীয়ে সংযোজিত মুদ্ৰণ, উৎপাদন প্ৰক্ৰিয়াৰ প্ৰযুক্তিৰ পৰিবৰ্তন, লজিষ্টিক্স আৰু সৰবৰাহ শৃঙ্খল ব্যৱস্থাপনাৰ নতুন ধাৰাৰ দৰে মেনেজমেন্টৰ চূড়ান্ত ধাৰাক লৈ আলোচনা কৰিছে। এই প্ৰযুক্তিবোৰে ডিজিটেল সংযোগৰ সৈতে জড়িত আৰু বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা এতিয়া কাম কৰাৰ যি সুবিধা সৃষ্টি হৈছে তাত সমগ্ৰ পৃথিবীয়ে এক গ্লোবেল ভিলেজত পৰিণত হৈছে। ভাৰতত সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত দ্ৰুত সংস্কাৰ সাধন কৰা হৈছে আৰু পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি চলাৰ সমান্তৰালকৈ ভৱিষ্যতে কি বলৈ আগবাঢ়িছে সেই বিষয়ে ধাৰণা কৰি পূৰ্বৰে পৰাই প্ৰয়োজনীয় উদ্যোগ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, বৰ্তমান পৰিৱৰ্তিত কৰ্মধাৰাত মেনেজমেন্টৰ দক্ষতাৰ ক্ষেত্ৰতো পৰিবৰ্তন আহিছে। এতিয়া ওপৰৰ পৰা তললৈ অথবা উৰ্ধ্বতন মহলত যথেষ্ট পৰিমাণৰ মেনেজমেন্টত দক্ষ লোকসকল থকাৰ পৰিৱৰ্তে সহযোগী, উদ্ভাৱনমূলক আৰু সংস্কাৰমুখী মেনেজমেন্টৰ ধাৰণা গ্ৰহণ কৰা হৈছে। বৰ্তমান নিম্ন স্তৰত কাৰিকৰী ক্ষেত্ৰত মেনেজমেন্টক হিউমেন মেনেজমেন্টকো সমানেই গুৰুত্ব দিয়া হৈছে।

যিদৰে ভাৰতত উদ্ভাৱনমূলক উদ্যোগত সহযোগিতাৰ মাধ্যমেৰে ভিড পৰিস্থিতিৰ মোকাবিলা কৰা হৈছে তাক লৈ শ্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক গৱেষণাৰ আহ্বান জনাইছে। কিদৰে অতি কম সময়ৰ ভিতৰতে দক্ষতা আৰু ক্ষমতাৰ প্ৰসাৰ ঘটোৱা সম্ভৱ হৈছে সেই বিষয়ক লৈও তেওঁ গৱেষণা কৰিবলৈ কয়। দেশে বৰ্তমান বিভিন্ন সমস্যাৰ সমাধানৰ বাবে স্বল্পম্যাদী উদ্যোগৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী সমাধানৰ দিশেৰে কাম কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰিছে। এই প্ৰসঙ্গত জনধন একাউন্ট আৰু ৰন্ধন গেছৰ সংযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ চনত মাত্ৰ ৫৫ শতাংশ লোকেহে ৰন্ধন গেছ ব্যৱহাৰ কৰিছিল, আজি সেয়া বৃদ্ধি পাই ৯৮ শতাংশ হৈছে। বিপুলভাৱে উদ্ভাৱন, পৰিকল্পনা আৰু বাস্তৱায়নৰ ফলতেই এয়া সম্ভৱ হৈছে। তেওঁ কয়, ‘মেনেজমেন্টৰ অৰ্থ কেৱল বৃহৎ সংস্থাবোৰৰ কাম-কাজ পৰিচালনা কৰাই নহয়, মেনেজমেন্টৰ সাহায্যৰে মানুহৰ জীৱনো ৰক্ষা কৰিব পাৰিব লাগিব

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ভাল মেনেজাৰ বলৈ লে দেশৰ সমূখত যিবোৰ প্ৰত্যাহ্বান আছে, সেইবোৰ বুজিব লাগিব। ইয়াৰ বাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে কেৱল বিশেষ এটা দিশেই গুৰুত্ব দিলে নহ, ইয়াৰ বাবে বিপুল পৰিমাণৰ সুযোগ গঢ়ি তুলিব লাগিব। দীৰ্ঘ দিন ধৰি পেছাদাৰী শিক্ষাৰ এক বিশেষ ক্ষেত্ৰতেই আৱৰ্তিত হৈ থকাৰ বিষয়টোৰ পৰা ওলাই অহাৰ বাবেই ৰাষ্ট্ৰীয় শিক্ষা নীতিত বৃহত্তৰ, বহু বিষয়ক সৰ্বাঙ্গীণ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

 

******

DS/RD



(Release ID: 1685923) Visitor Counter : 144