কৃষি মন্ত্ৰালয়
২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি সঞ্চালন
যোৱা বৰ্ষতকৈ ২৪.৯১% অধিক ধান ক্ৰয়
কেএমএছ ক্ৰয় সঞ্চালনৰপৰা প্ৰায় ৮৪৯২৮.১০ কোটি টকাৰ এমএছপি মূল্যৰে ৫৫.৪৯ লাখ ধান কৃষক লাভান্বিত হৈছে
प्रविष्टि तिथि:
26 DEC 2020 6:16PM by PIB Guwahati
অব্যাহত থকা খাৰিফ বিপণন বৰ্ষ (KMS)- ২০২০-২১ ত, বৰ্তমানে প্ৰচলিত এমএছপি আঁচনি অনুসৰি চৰকাৰখনে কৃষকসকলৰপৰা এমএছপিত খাৰিফ ২০২০-২১ শস্য ক্ৰয় অব্যাহত ৰাখিছে।
খাৰিফ ২০২০-২১ ৰ অৰ্থে ধান ক্ৰয় সুচলতাৰে অব্যাহত থকা ৰাজ্য ও কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিল নাডু, চণ্ডীগড়, জম্মু-কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, চত্তীশগড়, উৰিষ্যা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ। ইয়াৰপৰা ২৫-১২-২০২০ লৈকে ৪৪৯.৮৩ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হয়। যোৱা বৰ্ষত একে সময়ত ক্ৰয়ৰ পৰিমাণ আছিল ৩৬০.০৯ লাখ মেট্ৰিক টন। যোৱা বৰ্ষৰ তুলনাত ক্ৰয়ৰ বৃদ্ধি হাৰ হৈছে ২৪.৯১%। মুঠ ক্ৰয় কৰা ৪৪৯.৮৩ লাখ মেট্ৰিক টনৰ ভিতৰত, পঞ্জাৱৰপৰা ২০২.৭৭ লাখ মেট্ৰিক টন ক্ৰয় কৰা হয় যাৰ হাৰ হৈছে মুঠ ক্ৰয়ৰ ৪৫.০৭%।
অব্যাহত থকা কেএমএছ ক্ৰয় সঞ্চালনৰপৰা প্ৰায় ৮৪৯২৮.১০ কোটি টকাৰ এমএছপি মূল্যৰে ইতিমধ্যে প্ৰায় ৫৫.৪৯ লাখ কৃষক লাভান্বিত হৈছে।
তদুপৰি, ৰাজ্যসমূহৰপৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত, মূল্য সমৰ্থন আঁচনি (PSS)ৰ অধীনত তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ অৰ্থে খাৰিফ বিপণন বৰ্ষ ২০২০ ত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয়ত অনুমোদন জনোৱা হৈছে। তদুপৰি, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ অৰ্থে ১.২৩ লাখ মেট্ৰিক টন ডাৱ (বহুবৰ্ষজীৱী ফচল) ক্ৰয়ত অনুমোদন জনোৱা হৈছে।
***
APS/SB
(रिलीज़ आईडी: 1683945)
आगंतुक पटल : 122